পোষ্ট কৰা হৈছে:
20 OCT 2026 9:25PM by PIB Guwahati
এছিয়ান পেৰা গেমছ ২০২৬-ত পুৰুষৰ ডিছকাছ থ্ৰ’ এফ৫১/৫২/৫৩ ইভেণ্টত অভিলেখ ভংগকাৰী থ্ৰ’ৰে স্বৰ্ণ পদক জয় কৰি প্ৰণৱ সুৰমাক তেওঁৰ ব্যতিক্ৰমী প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জনাইছে।
নতুন এছিয়ান অভিলেখ স্থাপনেৰে এই সন্মানীয় পদক অৰ্জন তথা সাফল্যক আৰু অধিক অসাধাৰণ কৰি তুলিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে প্ৰণৱৰ সামৰ্থ্য, সংকল্প আৰু প্ৰতিযোগিতামূলক মনোভাৱ হৈছে এক অনুপ্ৰেৰণা । এই ঐতিহাসিক সফলতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁক অভিনন্দন জ্ঞাপন কৰে।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ
"এক সন্মানীয় পদক আৰু এছিয়ান গেমছত অভিলেখ!
প্ৰণৱ সুৰমাই এছিয়ান পেৰা গেমছ ২০২৬-ত এক ব্যতিক্ৰমী প্ৰদৰ্শন দাঙি ধৰি পুৰুষৰ ডিছকাছ থ্ৰ’ এফ ৫১/৫২/৫৩ ইভেণ্টত অভিলেখ ভংগকাৰী থ্ৰ’ৰে সোণৰ পদক লাভ কৰিছে। নতুন এছিয়ান অভিলেখ স্থাপনে এই বিজয়ক আৰু অধিক অসাধাৰণ কৰি তুলিছে। প্ৰণৱৰ সামৰ্থ্য, সংকল্প আৰু প্ৰতিযোগিতামূলক মনোভাৱ হৈছে এক অনুপ্ৰেৰণা। এই ঐতিহাসিক সাফল্যৰ বাবে তেওঁক অভিনন্দন জনাইছোঃ প্ৰধানমন্ত্ৰী
***
MJPS/SS/VJ/PRK/HS