প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
থিৰু ভুম্মিডি এথিৰাজৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
21 OCT 2026 3:01PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিৰু ভুম্মিডি এথিৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক অৰ্পণ কৰা ঐতিহাসিক চেংগল নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ২০২৩ চনত নতুন সংসদ ভৱনত চেংগলক সন্মানজনক স্থান প্ৰদান কৰাৰ সময়ত তেওঁৰ সৈতে সাক্ষাৎ কৰাৰ সৌভাগ্য লাভ কৰাৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁৰ জীৱন আৰু কাৰুশিল্পই ভাৰতৰ গৌৰৱোজ্জ্বল পৰম্পৰা তথা ৰাষ্ট্ৰীয় যাত্ৰাৰ মাজত এক উল্লেখযোগ্য সংযোগ স্থাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে।
এক্সত প্ৰকাশ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়—
“থিৰু ভুম্মিডি এথিৰাজৰ মৃত্যুত মই গভীৰভাৱে মৰ্মাহত হৈছোঁ। তামিলনাডুৰ এক সন্মানীয় পৰিয়ালৰ পৰা অহা তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী নেহৰুক অৰ্পণ কৰা ঐতিহাসিক চেংগল নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সদায় স্মৰণীয় হৈ থাকিব।বহু বছৰৰ পাছত, ২০২৩ চনত আমাৰ চৰকাৰে নতুন সংসদ ভৱনত চেংগলক সন্মানজনক স্থান প্ৰদান কৰাৰ সৌভাগ্য লাভ কৰিছিল। সেই সময়তে থিৰু ভুম্মিডি এথিৰাজৰ সৈতে সাক্ষাৎ কৰি আমাৰ দেশ আৰু সংস্কৃতিৰ বাবে তেওঁ আগবঢ়োৱা অৱদানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ সৌভাগ্য মোৰ হৈছিল।তেওঁৰ জীৱন আৰু কাৰুশিল্পই ভাৰতৰ গৌৰৱোজ্জ্বল পৰম্পৰা আৰু আমাৰ ৰাষ্ট্ৰীয় যাত্ৰাৰ মাজত এক উল্লেখযোগ্য সংযোগ প্ৰতিফলিত কৰে।তেওঁৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ।
ঔম শান্তি।”
திரு உம்மிடி எத்திராஜ் அவர்களின் மறைவை அறிந்து மிகவும் வேதனையடைந்தேன். தமிழ்நாட்டை பூர்வீகமாகக் கொண்ட ஒரு பாரம்பரியமிக்க குடும்பத்திலிருந்து வந்த இவர், முன்னாள் பிரதமர் நேருவுக்கு வழங்கப்பட்ட வரலாற்றுச் சிறப்புமிக்க செங்கோலை வடிவமைத்தமைக்காக என்றும் நினைவுகூரப்படுவார். பல ஆண்டுகளுக்குப் பின்பு, 2023-ல், புதிய நாடாளுமன்றக் கட்டடத்தில் அந்த செங்கோலுக்கு உரிய கௌரவத்தை வழங்கி சிறப்பிக்கும் வாய்ப்பு எங்கள் அரசுக்கு கிடைத்தது. அப்போது திரு உம்மிடி எத்திராஜ் அவர்களை சந்தித்து, நமது நாட்டிற்கும் கலாச்சாரத்திற்கும் அவர் ஆற்றிய பங்களிப்பிற்காக நன்றி தெரிவிக்கும் பாக்கியம் எனக்குக் கிடைத்தது. அவரது வாழ்க்கையும், கலைத்திறனும், இந்தியாவின் பெருமைமிக்க வளமான பாரம்பரியத்திற்கும் நமது நாட்டின் வளர்ச்சிப் பயணத்திற்கும் இடையிலான போற்றத்தக்க தொடர்பை பிரதிபலிக்கின்றன. அவரது குடும்பத்தினருக்கும், ஆதரவாளர்களுக்கும் எனது ஆழ்ந்த இரங்கலைத் தெரிவித்துக் கொள்கிறேன். ஓம் சாந்தி."
****
MJPS/SS/PRK/DM
(ৰিলিজ আই ডি : 2326344)
অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam