পোষ্ট কৰা হৈছে:
19 OCT 2026 10:07PM by PIB Guwahati
এছিয়ান পেৰা গেমছ ২০২৬ত মহিলাৰ জে ২ - ৫২ কিলোগ্ৰাম শাখাৰ জুডো প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰা কোকিলাক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পূৰ্বৰ এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ পিছত এইবাৰ নতুন শাখাত ৰূপৰ পদক অৰ্জন কৰালৈকে কোকিলাৰ এই যাত্ৰাই তেওঁৰ অসাধাৰণ অধ্যৱসায়, নিষ্ঠা আৰু দৃঢ় সংকল্পৰ পৰিচয় দাঙি ধৰিছে। আগন্তুক বছৰবোৰতো তেওঁ যাতে ধাৰাবাহিকভাৱে সফলতা অৰ্জন কৰি যাব পাৰে তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জনায়।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম ‘এক্স’ত এইদৰে প্ৰকাশ কৰিছে—
“এছিয়ান পেৰা গেমছ ২০২৬ত মহিলাৰ জে ২- ৫২ কিলোগ্ৰাম শাখাৰ জুডো প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰা কোকিলাক অভিনন্দন জনাইছোঁ! পূৰ্বৰ এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ পৰা এইবাৰ নতুন শাখাত ৰূপৰ পদক লাভ কৰালৈকে তেওঁৰ যাত্ৰাই অসাধাৰণ অধ্যৱসায়, নিষ্ঠা আৰু দৃঢ় সংকল্পৰ পৰিচয় দাঙি ধৰিছে।আগন্তুক বছৰবোৰতো তেওঁৰ ধাৰাবাহিক সফলতা কামনা কৰিলোঁ।”
@narendramodi”
****
MJPS/SS/ST/DM