প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৱিনা পেটেলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 20 OCT 2026 6:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছ ২০২৬ -ত মহিলাৰ ব্যক্তিগত শ্ৰেণীৰ ৪-৫ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰা ভাৱিনা পেটেলক অভিনন্দন জনাইছে।

খেলুৱৈগৰাকীৰ বাবে এয়া আন এক পদক আৰু আন এক মাইলৰ খুঁটি বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে বছৰ বছৰ ধৰি তেওঁৰ ধাৰাবাহিকতা আৰু ক্ৰীড়া উৎকৃষ্টতাৰ প্ৰতি অটল দায়বদ্ধতা সঁচাকৈয়ে প্ৰশংসনীয়। প্ৰধানমন্ত্ৰীয়ে ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।

সামজিক মাধ্যম এক্স -ত এটা পোষ্টযোগে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰে:

‘আন এটা পদক, আন এক মাইলৰ খুঁটি!

এছিয়ান পেৰা গেমছ ২০২৬ -ত মহিলাৰ ব্যক্তিগত শ্ৰেণী ৪-৫ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে @BhavinaOfficial ক অভিনন্দন জনাইছো। বছৰ বছৰ ধৰি তেওঁৰ ধাৰাবাহিকতা আৰু ক্ৰীড়া উৎকৃষ্টতাৰ প্ৰতি তেওঁৰ অটল প্ৰতিশ্ৰুতি সঁচাকৈয়ে প্ৰশংসনীয়। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে মোৰ শুভেচ্ছা জনালোঃ প্ৰধানমন্ত্ৰী @narendramodi’

*****

MJPS/SS/VJ/PRK/MK


(ৰিলিজ আই ডি : 2325635) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil , Malayalam