প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰৱীণ শৰ্মাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
20 OCT 2026 7:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত পুৰুষৰ শ্বটপুটৰ F11 শিতানত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰৱীণ শৰ্মাক অভিনন্দন জনাইছে।
এই সাফল্যক তেওঁৰ সাহস, প্ৰস্তুতি আৰু নিষ্ঠাৰ প্ৰতিফলন বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে তেওঁক ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে শ্বেয়াৰ কৰিছেঃ
‘পুৰুষৰ শ্বটপুটৰ F11 শিতানত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে প্ৰৱীণ শৰ্মাক অভিনন্দন জনাইছো। এই সাফল্য তেওঁৰ সাহস, প্ৰস্তুতি আৰু নিষ্ঠাৰ প্ৰতিফলন। ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে মোৰ শুভেচ্ছা জনালোঃ প্ৰধানমন্ত্ৰী @narendramodi’
****
MJPS/SS/VJ/PRK/MK
(ৰিলিজ আই ডি : 2325624)
অতিথি কক্ষ : 4