প্ৰতিৰক্ষা মন্ত্ৰালয়
লেহৰ পৰা ভাৰতীয় বায়ুসেনাৰ জৰুৰীকালীন অসুস্থ ব্যক্তি উদ্ধাৰ
পোষ্ট কৰা হৈছে:
18 OCT 2026 6:18PM by PIB Guwahati
ভাৰতীয় বায়ুসেনা (আইএএফ)ৰ এখন চি-১৩০জে বিমানে গভীৰ নিশা জৰুৰীভাৱে তাৎক্ষণিক জাননীৰ ভিত্তিত এক উদ্ধাৰ অভিযান চলাই উন্নত চিকিৎসাৰ বাবে লেহৰ পৰা পালামলৈ সংকটজনকভাৱে অসুস্থ এগৰাকী ৩০ বছৰীয়া অসামৰিক ৰোগীক আকাশী মাৰ্গেৰে স্থানান্তৰ কৰে।
ঘোৰ অন্ধকাৰ আৰু প্ৰতিকূল বতৰৰ মাজতেই এই অভিযান সম্পন্ন কৰা হৈছিল, যাৰ বাবে প্ৰয়োজন হৈছিল উচ্চ পৰ্যায়ৰ কাৰ্যকৰী প্ৰস্তুতি, পেচাদাৰী সমন্বয় আৰু সঠিক সময়ত ক্ষিপ্ৰ পদক্ষেপ। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ৰোগীগৰাকীক সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)লৈ প্ৰেৰণ কৰা হয়।
এই অভিযানে প্ৰতিকূল পৰিস্থিতিৰ মাজতো চিকিৎসা সেৱাজনিত উদ্ধাৰকে ধৰি জৰুৰী মানৱীয় প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত ভাৰতীয় বায়ুসেনাৰ কাৰ্যকৰী তৎপৰতা আৰু তাৎক্ষণিক সঁহাৰি জনোৱাৰ দক্ষতাক প্ৰতিফলিত কৰিছে।



***
JS/PC/CV/MM
(ৰিলিজ আই ডি : 2324996)
অতিথি কক্ষ : 9