গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে পঞ্জাৱে আজি ড্ৰাগছ, গেংষ্টাৰৰাজ আৰু সংগঠিত অপৰাধৰ ভাবুকিৰ সৈতে যুঁজি আছে
পঞ্জাৱ চৰকাৰৰ সন্মুখত আটাইতকৈ ডাঙৰ প্রশ্নটো হ’ল- পঞ্জাৱৰ জনসাধাৰণৰ নিৰাপত্তাৰ দায়িত্ব শেষত কোনে ল’ব৷
ডিৰবাত হেঁচাৰ সন্মুখীন হৈ বিষ সেৱন কৰা পিতৃ আৰু মানছাত ড্ৰাগছৰ বিৰুদ্ধে মাত মাতি অহা পাৰবিন্দৰ সিং ঝোটাক দিনৰ পোহৰতে কৰা হত্যাই পঞ্জাৱৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ বিষয়ত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে
পাৰবিন্দৰৰ পিতৃয়ে পঞ্জাৱ চৰকাৰ আৰু তেওঁলোকৰ বিধায়কৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে; এই দুয়োটা ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা প্ৰত্যুত্তৰ বিচাৰিব গৃহ মন্ত্ৰালয়ে
পঞ্জাৱত ড্ৰাগছৰ ব্যৱসায় সম্প্ৰসাৰিত হৈছে, সংগঠিত অপৰাধৰ ভাবুকি বৃদ্ধি পাইছে, ড্ৰাগছৰ বিৰুদ্ধে মাত মাতিব পৰাসকলৰ সুৰক্ষাৰ বিষয়ত প্ৰশ্ন উত্থাপন হৈছে
ড্ৰাগছ নেটৱৰ্কৰ বিৰুদ্ধে কঠোৰ অভিযান চলাব লাগিব আৰু অপৰাধীক দি থকা যিকোনো ৰাজনৈতিক পৃষ্ঠপোষকতা প্ৰদান কৰাৰ নিৰপেক্ষ তদন্ত হ’ব লাগে
আমাৰ লক্ষ্য স্পষ্ট – ড্ৰাগছৰ বিৰুদ্ধে অভিযান , আমাৰ যুৱক-যুৱতীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰা , অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু ভয়মুক্ত পঞ্জাৱ গঢ়ি তোলা
পোষ্ট কৰা হৈছে:
16 OCT 2026 5:07PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে বৰ্তমান পঞ্জাৱে ড্ৰাগছ, গেংষ্টাৰাজ আৰু সংগঠিত অপৰাধৰ বৰ্ধিত ভাবুকিৰ সৈতে যুঁজিবলগীয়া হৈছে।কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে সামাজিক মাধ্যম ‘এক্স’ত দিয়া এটা পোষ্টত কয় যে বৰ্তমান পঞ্জাৱে ড্ৰাগছ, গেংষ্টাৰৰাজ আৰু সংগঠিত অপৰাধৰ বৰ্ধিত ভাবুকিৰ সৈতে যুঁজিবলগীয়া হৈছে। পঞ্জাৱ চৰকাৰৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল—ৰাজ্যখনৰ জনসাধাৰণৰ নিৰাপত্তাৰ দায়িত্ব অৱশেষত কোনে গ্ৰহণ কৰিব? ডিৰবাত হেঁচাৰ সন্মুখীন হৈ এগৰাকী পিতৃয়ে বিষপান কৰা ঘটনা আৰু মানছাত ড্ৰাগছৰ বিৰুদ্ধে মাত মাতি অহা পাৰবিন্দৰ সিং ঝোটাক দিন-দুপৰতে হত্যা কৰাৰ ঘটনাই পঞ্জাৱৰ আইন-শৃংখলা পৰিস্থিতিক লৈ গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে। পাৰবিন্দৰৰ পিতৃয়ে পঞ্জাৱ চৰকাৰ আৰু ৰাজ্যখনৰ এগৰাকী বিধায়কৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই দুয়োটা ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়েও পঞ্জাৱ চৰকাৰৰ পৰা উত্তৰ বিচাৰিব। পঞ্জাৱত ড্ৰাগছৰ ব্যৱসায় ব্যাপকভাৱে বৃদ্ধি পাইছে, সংগঠিত অপৰাধৰ ভাবুকি ক্ৰমাৎ বাঢ়িছে আৰু ড্ৰাগছৰ বিৰুদ্ধে মাত মতা লোকসকলৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি শ্ৰী অমিত শ্বাহে কয় যে পঞ্জাৱৰ জনসাধাৰণে প্ৰচাৰ নিবিচাৰে, তেওঁলোকে বিচাৰে প্ৰশ্নৰ উত্তৰ; কেৱল ঘোষণা নহয়, তেওঁলোকে বিচাৰে কাৰ্যকৰী ফলাফল। তেওঁ ড্ৰাগছৰ নেটৱৰ্কৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱা আৰু অপৰাধীসকলক প্ৰদান কৰা যিকোনো ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বিষয়ে নিৰপেক্ষ তদন্ত কৰাৰো আহ্বান জনায়। তেওঁ কয় যে আমাৰ লক্ষ্য স্পষ্ট—ড্ৰাগছৰ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱা, যুৱপ্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষিত কৰা, অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু এনে এক আইন-শৃংখলা ব্যৱস্থা প্ৰতিষ্ঠা কৰা, য’ত কোনো নাগৰিকে ভয়ৰ মাজত জীৱন কটাবলগীয়া নহয়।
****
RK/RR/AM/PS/PR/DM
(ৰিলিজ আই ডি : 2324632)
অতিথি কক্ষ : 11