বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ এআই যাত্ৰাক আগুৱাই নিবলৈ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলৰ যুৱক-যুৱতীসকললৈ আহ্বান

স্থিতিস্থাপক যোগান শৃংখল আৰু ন্যায্য বাণিজ্য পদ্ধতিৰ জৰিয়তে শক্তিশালী হৈছে গোলকীয় বিনিয়োগস্থলী হিচাপে ভাৰতৰ স্থান: শ্ৰী গোৱেল

ভাৰতৰ যুৱক-যুৱতীসকলে ভৱিষ্যতৰ নিয়োগৰ সুযোগৰ বাবে প্ৰস্তুত হ’বলৈ শেহতীয়া প্ৰযুক্তি, চাইবাৰ সুৰক্ষা আৰু আজীৱন শিক্ষাগ্ৰহণত গুৰুত্ব দিব লাগিব: শ্ৰী গোৱেল

পোষ্ট কৰা হৈছে: 15 OCT 2026 3:06PM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ  গোৱেলে ভাৰতীয় যুৱক-যুৱতীসকলক শেহতীয়া প্ৰযুক্তিসমূহ আকোৱালি তেওঁলোকৰ দক্ষতাৰ নিৰন্তৰ  উত্তৰণৰ জৰিয়তে ২০৪৭ চনৰ ভিতৰত ভাৰতৰ বিকশিত ৰাষ্ট্ৰত পৰিণত হোৱাৰ যাত্ৰাত অৰিহণা যোগাবলৈ আহ্বান জনায়। “বিকশিত ভাৰতৰ পথ” বিষয়ক এছ আৰ চি চি শতবাৰ্ষিকী সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি তেওঁ উৎপাদন, প্ৰযুক্তি গ্ৰহণ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত বিনিয়োগে ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে সুযোগ সৃষ্টি কৰাৰ লগতে বিশ্ব অৰ্থনীতিত দেশৰ স্থিতি শক্তিশালী কৰিব বুলি মন্তব্য কৰে ।

 

শ্ৰী গোৱেলে কয় যে ৰাজনৈতিক সুস্থিৰতা, স্থিতিস্থাপক যোগান শৃংখল আৰু ন্যায্য তথা স্বচ্ছ বাণিজ্যিক পদ্ধতিৰ ভিত্তিত দেশসমূহক উৎপাদন আৰু বিনিয়োগৰ গন্তব্যস্থান হিচাপে ক্ৰমান্বয়ে মূল্যায়ন কৰা হৈছে। তেওঁ উল্লেখ কৰে যে কৰ্মসংস্থাপন সৃষ্টি আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ভাৰতত বিনিয়োগ আকৰ্ষণ, উৎপাদন সম্প্ৰসাৰণ আৰু উত্তৰ তথা উত্তৰ-পূব ভাৰতকে ধৰি বহু স্থানত নতুন প্ৰযুক্তি গ্ৰহণৰ সুযোগ আছে।

 

তেওঁ যুৱক-যুৱতীসকলক এআই, চাইবাৰ সুৰক্ষা আৰু শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰিক প্ৰয়োগৰ দক্ষতা বিকাশ কৰি পৰিৱৰ্তিত নিয়োগৰ পৰিৱেশৰ বাবে সাজু হ’বলৈ আহ্বান জনায়। শ্ৰী গোৱেলে কয় যে বৃহৎ ভাষাৰ আৰ্হি(large language model) আৰু অন্যান্য এআই ব্যৱস্থাক ব্যৱসায়িক আৰু সাধাৰণ নাগৰিকে ব্যৱহাৰ কৰিব পৰা ব্যৱহাৰিক সঁজুলি হিচাপে গঢ়ি তোলাৰ প্ৰয়োজন হ’ব। নব্বৈ আৰু ২০০০ চনৰ সময়ছোৱাত তথ্য প্ৰযুক্তি খণ্ডত ভাৰতৰ উন্নয়নৰ সমান্তৰালকৈ তেওঁ যুৱক-যুৱতীসকলক নতুন প্ৰযুক্তিৰ বিকাশ আৰু প্ৰয়োগৰ ক্ষেত্ৰত আগশাৰীৰ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

 

শ্ৰী গোৱেলে নিৰন্তৰ শিক্ষাগ্ৰহন আৰু ব্যক্তিগত বিকাশৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক দক্ষতা বৃদ্ধিক আজীৱন দায়িত্ব হিচাপে গ্ৰহণ কৰাৰ লগতে ব্যৱসায় বৃদ্ধি, ব্যৱসায়িক তথা জীৱন-যাপনৰ সুচলতাত অৰিহণা যোগোৱাত সহায় কৰিব পৰা শেহতীয়া সুযোগসমূহ চিনাক্ত কৰিবলৈ উৎসাহিত কৰে। তেওঁ কয় যে ভাৰতৰ যুৱক-যুৱতীসকলে প্ৰযুক্তিগত অগ্ৰগতিক বিভিন্ন খণ্ডত ব্যৱহাৰিক সমাধানলৈ ৰূপান্তৰিত কৰাত উল্লেখযোগ্য ভূমিকা ল’ব পাৰে।

 

২০৪৭ চনৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰি শ্ৰী গোৱেলে কয় যে স্বাধীনতাৰ শতবাৰ্ষিকীৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰত পৰিণত হোৱাৰ  বাবে ভাৰতৰ লক্ষ্যই ১.৪ বিলিয়ন ভাৰতীয়ৰ সামূহিক প্ৰতিশ্ৰুতিক প্ৰতিনিধিত্ব কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামে হীনমন্যতা আৰু পৰাজয়বাদী চিন্তাধাৰাক অতিক্ৰম কৰাৰ বাবে জনোৱা আহ্বানৰ প্ৰস্ংগেৰে তেওঁ আত্মবিশ্বাস, উচ্চাকাংক্ষা আৰু ইতিবাচক জাতীয় দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

তেওঁ দেশৰ ভৱিষ্যত গঢ় দিয়াত ভাৰতৰ সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যৰ ভূমিকাৰ কথাও উল্লেখ কৰি, নাগৰিকৰ মাজত সামূহিক প্ৰচেষ্টা আৰু কৰ্তব্যবোধৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। শ্ৰী গোৱেলে ছাত্ৰ-ছাত্ৰীসকলক অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আৰু তেওঁলোকৰ ব্যক্তিগত আকাংক্ষাক সংজ্ঞায়িত কৰিবলৈ উৎসাহিত কৰি কয় যে নাগৰিকসকলৰ সংযুক্ত প্ৰচেষ্টাই ভাৰতক এক আগশাৰীৰ বিশ্ব শক্তি হিচাপে উত্থানত অৰিহণা যোগাব পাৰে।

 

শ্ৰী গোৱেলে বিশেষকৈ বিপদাশ্ংকা মূৰ পাতি প্ৰত্যাহ্বানৰ মুখমুখি হৈ আগবাঢ়ি থকা ষ্টাৰ্টআপ প্ৰতিষ্ঠাপকসকল আৰু উদ্ভাৱনীমূলক সমাধানৰ সন্ধানত ভাৰতীয় যুৱক-যুৱতীসকলৰ উদ্যোগী মনোভাৱৰ প্ৰশ্ংসা কৰে। তেওঁ কয় যে যুৱ উদ্যোগীসকলৰ শক্তি, দৃঢ়তা আৰু উচ্চাকাংক্ষাই ভাৰতৰ পৰিৱৰ্তিত আকাংক্ষাক প্ৰতিফলিত কৰাৰ লগতে বিশ্ব অৰ্থনীতিৰ সৈতে দেশৰ ক্ৰমবৰ্ধমান সংযোগত অৰিহণা যোগায়।

 

ভাৰতৰ যুৱ জনসংখ্যা, জনগাঁথনিগত লভ্যাংশ, বৃহৎ ঘৰুৱা বজাৰ আৰু উদ্যোগীকৰণৰ বলত  অহা ২০–২৫ বছৰত ভাৰত অন্যতম দ্ৰুতগতিত ত্বৰান্বিত হোৱা বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ’ব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে ভাৰতীয় পেছাদাৰীসকলে আন্তৰ্জাতিক ব্যৱসায়, প্ৰযুক্তিগত বিকাশ আৰু বৈজ্ঞানিক গৱেষণাত যোগোৱা অৰিহণাই বিশ্ব অৰ্থনৈতিক আৰু প্ৰযুক্তিৰ পৰিৱেশ গঢ় দিয়াত ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকাক প্ৰতিফলিত কৰিছে।

 

মুক্ত বাণিজ্য চুক্তিৰ সন্দৰ্ভত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, “আমেৰিকাৰ দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰথমটো অংশ চূড়ান্ত কৰা হৈছে আৰু আইনী খচৰা প্ৰস্তুতৰ মাজেৰে আগবাঢ়িছে।”

 

ভাষণৰ সামৰণিত শ্ৰী গোৱেলে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ শিক্ষাগ্ৰহনৰ দায়িত্ব ল’বলৈ, শেহতীয়া  প্ৰযুক্তিৰ সৈতে খাপ খুৱাবলৈ আৰু দেশৰ উন্নয়নত অৰিহণা যোগাবলৈ আহ্বান জনায়। তেওঁ কয় যে স্থায়ী প্ৰচেষ্টা, অভিলাষী লক্ষ্য আৰু নতুন প্ৰত্যাহ্বান গ্ৰহণৰ ইচ্ছাই ভাৰতীয় যুৱক-যুৱতীসকলক বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীত অৰিহণা যোগাবলৈ সক্ষম কৰি তোলাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে উন্নত সুযোগ সৃষ্টি কৰাত সহায় কৰিব।

 

***

Abhishek Dayal/ Abhijith Narayanan/Anushka Pandey/DD


(ৰিলিজ আই ডি : 2324211) অতিথি কক্ষ : 8