গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সেৱা আৰু সমৰ্পনৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে চলি থকা ‘সেৱা সংকল্প অভিযান’ৰ অধীনত নক্সালৰ হিংসাত ক্ষতিগ্ৰস্তসকলকে ধৰি দিব্যাংগসকলক সহায়ক সঁজুলি বিতৰণৰ অনুষ্ঠানত ভাষণ দিয়ে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী হিচাপে ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ সময়তে সমগ্ৰ দেশতে এনে ‘সেৱা সংকল্প অভিযান’ অনুষ্ঠিত হৈ আছে
এই অভিযানত কেৱল বাস্তাৰৰ পৰাই ১৫৭০ জনতকৈ অধিক হিতাধিকাৰী সংযুক্ত হৈছে
ভাৰতবৰ্ষক নক্সালমুক্ত কৰাৰ পিছত এতিয়া ইয়াৰ বাবে দেশখনে ভুগি থকা ঘাঁবোৰ নিৰাময় কৰা আৰু প্ৰতিজন ভুক্তভোগীয়ে যাতে মৰ্যাদাৰে জীৱন যাপন কৰিব পাৰে তাৰ ব্যৱস্থা সুনিশ্চিত কৰাটো প্ৰয়োজনীয় হৈ পৰিছে
নক্সালে ৰাজনৈতিক উদ্দেশ্যত আই ই ডি বিস্ফোৰণ ঘটাই নিৰীহ লোকক দিব্যাংগ কৰি তুলিলে; ইয়াতকৈ ডাঙৰ মানৱ অধিকাৰ উলংঘন আৰু একো হ’ব নোৱাৰে
মোদী চৰকাৰ প্ৰতিজন দিব্যাংগ আৰু ভুক্তভোগীক পুনৰ্বাসনৰ সুযোগ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ
নক্সালবাদ যেনেকৈ নাইকিয়া হৈছে, ইয়াৰ প্ৰতিটো ইতিহাসো মচি পেলাব লাগিব
বিৰোধীৰ শাসনৰ অধীনত পাঁচ দশক ধৰি মৌলিক সেৱাও নোপোৱা বাস্তাৰত আজি নিয়াদ নেলনাৰ আঁচনিৰ অধীনত মৌলিক আন্তঃগাঁথনিৰ সুবিধাসমূহ মানুহেৈ লাভৱ কৰিছে।
ছত্তীশগড় চৰকাৰে বাস্তাৰ অলিম্পিক, বাষ্টাৰ পাণ্ডুম, নিয়াদ নেলানাৰ আৰু চিএম কালেকটিভ বাছ আঁচনিৰ জৰিয়তে বাস্তাৰক আকৌ এবাৰ সজীৱ স্থান হিচাপে গঢ়ি তোলাৰ দিশত প্ৰচেষ্টা চলাইছে
আগতে য’ত বন্দুকৰ গুলী আৰু বোমা বিস্ফোৰণৰ শব্দ শুনা গৈছিল আৰু ভয়ৰ পৰিৱেশে বিৰাজ কৰিছিল, তাত আজি হাজাৰ হাজাৰ যুৱকে ক্ৰীড়াত অংশগ্ৰহণ কৰি নিজৰ পৰম্পৰাক জীয়াই ৰাখিছে
বাস্তাৰ পাণ্ডুমৰ জৰিয়তে জনজাতীয় শিল্প-সংস্কৃতিক পুনৰুজ্জীৱিত কৰাৰ বাবে এক অতি উল্লেখযোগ্য প্ৰচেষ্টা চলোৱা হৈছে
পূৰ্বৰ ৫০০ৰো অধিক নিৰাপত্তা বাহিনীৰ শিবিৰৰ ভিতৰত ২০০ৰো অধিক নিৰাপত্তা শিবিৰক শ্বহীদ বীৰ গুণ্ডাধুৰ সেৱা ডেৰালৈ ৰূপান্তৰিত কৰা হ’ব
এসময়ত জোৱানসকলে বাস কৰি ৰাইজক ৰক্ষা কৰা শিবিৰত আজি চৰকাৰৰ বিষয়াসকলে ৰাইজক ৰক্ষা কৰিছে।
পোষ্ট কৰা হৈছে:
15 OCT 2026 4:23PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সেৱা আৰু সমৰ্পনৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে আয়োজন কৰা‘সেৱা সংকল্প অভিযান’ৰ অধীনত নক্সালৰ হিংসাত ক্ষতিগ্ৰস্ত লোককে ধৰি দিব্যাংগসকলৰ বাবে সহায়ক সঁজুলি বিতৰণ অনুষ্ঠানত ভাষণ দিয়ে।
সভাত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ‘সেৱা সংকল্প অভিযান’ৰ অংশ হিচাপে আজি দ্বিতীয় পৰ্যায়ৰ দিব্যাং সেৱা শিবিৰৰ শুভাৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘সেৱা’ আৰু ‘সমৰ্পণ’ৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে দেশজুৰি এই অভিযানৰ অধীনত উদ্যোগসমূহৰ আয়োজন কৰা হৈছে, প্ৰথমে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে আৰু পৰৱৰ্তী সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে। এই অভিযানৰ অধীনত নক্সাল হিংসাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বিশেষভাৱে সক্ষম জনজাতীয় ব্যক্তিসকলৰ জীৱন সহজ কৰি তুলিবলৈ ছত্তীশগড়ত সহায়ক কৃত্ৰিম যন্ত্ৰৰ ব্যৱস্থা কৰা হৈছে।
শ্ৰী অমিত শ্বাহে কয় যে ২০২৬ চনৰ ৫ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ জগদালপুৰত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত ৩,৬০০ৰো অধিক বিশেষভাৱে সক্ষম ব্যক্তি উপকৃত হৈছে। ১৫৭০ জনতকৈ অধিক হিতাধিকাৰী কেৱল বাষ্টাৰৰ পৰাই আছিল, যিটো পৰিসংখ্যাই অঞ্চলটোৰ দুখ-কষ্টৰ পৰিসৰ প্ৰতিফলিত কৰে। তেওঁ কয় যে পাঁচ দশক ধৰি নক্সালবাদে বাস্তাৰৰ দৰিদ্ৰ জনজাতীয় লোকসকলৰ ওপৰত অপৰিসীম দুখ-কষ্টৰ সৃষ্টি কৰিছিল। ৰাজনৈতিক উদ্দেশ্য সাধন কৰি নিৰীহ সাধাৰণ নাগৰিকৰ ওপৰত অক্ষমতা সৃষ্টিৰ বাবে আই ই ডি ব্যৱহাৰ কৰাটো মানৱ অধিকাৰৰ আটাইতকৈ গুৰুতৰ উলংঘা বুলিও তেওঁ কয়। শ্ৰী শ্বাহে কয় যে মোদী চৰকাৰে ২০২৬ চনৰ ৩১ মাৰ্চৰ পূৰ্বে সমগ্ৰ দেশৰ পৰা নক্সালবাদ নিৰ্মূল কৰাৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ আছিল, আৰু এতিয়া নক্সালবাদ নিৰ্মূল কৰা হৈছে। কিন্তু তেওঁ লগতে কয় যে কেৱল নক্সালবাদৰ অন্ত পৰিলেই পাঁচ দশকৰ দুখ-কষ্ট মচি পেলাব নোৱাৰে। আমি এই দুখ-কষ্টৰ ফলত হোৱা ঘাঁবোৰ নিৰাময় কৰিব লাগিব, ভুক্তভোগীসকলক পুনৰ ভৰিৰ ওপৰত থিয় হোৱাত সহায় কৰিব লাগিব আৰু তেওঁলোকে মৰ্যাদা আৰু সন্মানেৰে জীয়াই থাকিব পৰাটো নিশ্চিত কৰিব লাগিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে এই উদাৰ প্ৰচেষ্টাত ছত্তীশগড় চৰকাৰ, জিলা প্ৰশাসন, ৰাজ্যিক সমাজ কল্যাণ বিভাগ, ভগৱান মহাবীৰ বিকলং সহায়তা সমিতি, জয়পুৰ, ভাৰতীয় জৈন সংঘটনাকে ধৰি কেইবাখনো সংগঠনে অৰিহণা যোগাইছে। তেওঁ কয় যে মোদী চৰকাৰে প্ৰতিজন বিশেষভাৱে সক্ষম ব্যক্তি আৰু প্ৰতিজন ভুক্তভোগীক পুনৰ্বাসনৰ সুযোগ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে কয় যে ভাৰত চৰকাৰে এই প্ৰচেষ্টাসমূহৰ সমৰ্থনত ছত্তীশগড় চৰকাৰৰ কাষত দৃঢ়তাৰে থিয় দিছে। শ্ৰী অমিত শ্বাহে কয় যে নক্সালবাদৰ প্ৰতিটো লেখ-জোখ নাইকিয়া কৰিব লাগিব আৰু বাস্তাৰ আকৌ এবাৰ এক সজীৱ আৰু সমৃদ্ধিশালী অঞ্চল হ’ব লাগিব। ইতিমধ্যে এই দিশত উল্লেখযোগ্য কাম হাতত লোৱা হৈছে বুলি উল্লেখ কৰি বস্তৰ অঞ্চলৰ পৰম্পৰাগত জনজাতীয় নেতৃত্বই ডাঙৰ অৱদান আগবঢ়াইছে বুলি উল্লেখ কৰে৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰায় ৮,৫২৬জন নক্সালে আত্মসমৰ্পণ কৰিছে। ইয়াৰ ভিতৰত পূৰ্বে বেংক একাউণ্ট নথকা ৭,৩২৮জনৰ বাবে বেংক একাউণ্ট খোলা হৈছে। মুঠ ১,৬২০জনক পুৰস্কাৰৰ ধন প্ৰদান কৰা হৈছে, ৭,৮৮২জনে আৰ্থিক উদগনিমূলক সাহায্য লাভ কৰিছে, ৪৫৫জনক কৰ্মসংস্থাপন দিয়া হৈছে আৰু ১২৯জনক ভূমি আৱণ্টন কৰা হৈছে।
ইয়াৰ উপৰি, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৪,০১৪জন হিতাধিকাৰীক গৃহ প্ৰদান কৰা হৈছে আৰু ২,৩০৮জনতকৈও অধিক জনজাতীয় লোকক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়া হৈছে।
তেওঁ লগতে কয় যে ৬,৭৬৩খন নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে আৰু ২,৮০৮টা পৰিয়ালক বিনামূলীয়া বিদ্যুৎ সংযোগ দিয়া হৈছে। নতুনকৈ ৩৭২টা পথ নিৰ্মাণ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে। ইয়াৰ উপৰি, ৬৭০খন সৰু দলং নিৰ্মাণৰ কাম চলি আছে, ৪৮,৫২৬জন লোকক আধাৰ কাৰ্ড প্ৰদান কৰা হৈছে আৰু ৪৪খন গাঁও পঞ্চায়তক ‘ইলৱাড পঞ্চায়ত বঁটা’ৰ অধীনত স্বীকৃতি দিয়া হৈছে।
অমিত শ্বাহে কয় যে অঞ্চলটোত ৫০০ৰো অধিক নিৰাপত্তা শিবিৰ স্থাপন কৰা হৈছে। ইয়াৰে ২০০ৰো অধিক শিবিৰক ‘শ্বহীদ বীৰ গুণ্ডাধুৰ সেৱা ডেৰা’লৈ ৰূপান্তৰ কৰা হ’ব।
তেওঁ কয় যে যিবোৰ শিবিৰত এসময়ত নিৰাপত্তাৰক্ষীসকলে বহি জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিছিল, সেই একেবোৰ শিবিৰৰ পৰাই এতিয়া ভাৰত চৰকাৰ আৰু ছত্তীশগড় চৰকাৰৰ বিষয়াসকলে কাম কৰিব। এই শিবিৰসমূহৰ পৰাই উন্নত বাস্তাৰ নিৰ্মাণৰ ভেটি স্থাপন কৰা হ’ব।এই জনসেৱা কেন্দ্ৰসমূহে উন্নত বস্তাৰ গঢ়ি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা লক্ষ্য বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ উল্লেখ কৰে।
*****
RK/RR/AM/PR/PS/DM
(ৰিলিজ আই ডি : 2324208)
অতিথি কক্ষ : 10