পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
azadi ka amrit mahotsav

চণ্ডীগড়ৰ সুখনা জলাশয় (Sukhna Wetland) আৰু উত্তৰ প্ৰদেশৰ সৌজ হ্ৰদ (Sauj Jheel) অন্তৰ্ভুক্ত হোৱাৰ লগে লগে ভাৰতৰ ৰামছাৰ স্থান (Ramsar Sites)ৰ সংখ্যা ১০৩ লৈ বৃদ্ধি

পোষ্ট কৰা হৈছে: 15 OCT 2026 8:41PM by PIB Guwahati

চণ্ডীগড়ৰ সুখনা জলাশয় আৰু উত্তৰ প্ৰদেশৰ সৌজ হ্ৰদক তালিকাত শেহতীয়াকৈ সংযোজন কৰাৰ লগে লগে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্র যাদৱে আজি ভাৰতৰ ৰামছাৰ স্থানৰ সংখ্যা ১০৩লৈ বৃদ্ধি হোৱা বুলি ঘোষণা কৰে ।

সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী যাদৱে কয় যে আৰ্দ্ৰভূমি সংৰক্ষণৰ প্ৰতি ভাৰতে নিজৰ দায়বদ্ধতা শক্তিশালী কৰি আহিছে। তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে জলাশয়সমূহক বিশেষকৈ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, পানী আৰু জলবায়ু সুৰক্ষা বৃদ্ধি তথা স্থানীয় জীৱিকা বৰ্তাই ৰখাৰ বাবে আগবঢ়োৱা গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়া সংযোজনসমূহৰ জৰিয়তে দেশৰ সমৃদ্ধ জলাশয় পৰিৱেশ তন্ত্ৰ সংৰক্ষণ আৰু এইসমূহৰ পৰা সৃষ্ট পৰিৱেশ, জলবায়ু তথা জীৱিকাৰ সুবিধাসমূহ ত্বৰান্বিত কৰাৰ বাবে দেশত অব্যাহত প্ৰচেষ্টা প্ৰতিফলিত হয়। এই কৃতিত্বৰ বাবে উত্তৰ প্ৰদেশ আৰু চণ্ডীগড়ক অভিনন্দন জনাই শ্ৰী যাদৱে পৰ্যটকসকলক সুখনা আৰু সৌজ ভ্ৰমণ কৰি  প্ৰাকৃতিক সৌন্দৰ্য অন্বেষণ কৰিবলৈ আহ্বান জনায়।

 

India’s Ramsar site tally reaches 103 🇮🇳🌿 India continues to strengthen its commitment to wetland conservation, with Sukhna Lake in Chandigarh and Sauj Jheel in Uttar Pradesh becoming the latest additions to the list of Ramsar Sites. This milestone highlights the importance PM Shri @narendramodi ji’s government has been laying on wetlands in conserving biodiversity, enhancing water and climate security, and sustaining local livelihoods. These additions reaffirm India’s ongoing efforts to conserve its rich wetland ecosystems and strengthen the ecological, climatic and livelihood benefits they provide. 🌏💧 I congratulate Uttar Pradesh and Chandigarh for this feat. Dear travellers, do visit Sukhna and Sauj next time you have a couple days at hand. #AmritDharohar

— Bhupender Yadav (@byadavbjp) October 15, 2026

 

*****

VM/DD


(ৰিলিজ আই ডি : 2324195) অতিথি কক্ষ : 23
ত এই ৰিলিজটো পঢ়ক: English , Marathi , हिन्दी , Bengali , Punjabi