উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

কৌমাৰকন-২০২৬ উদ্বোধন আৰু সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ ডিজিটেল পদক্ষেপৰ শুভাৰম্ভ উপ-ৰাষ্ট্ৰপতিৰ

“এইমছৰ সমপৰ্যায়ত এআইআইএক বিকশিত কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী সফল হৈ উঠিছে”: উপ-ৰাষ্ট্ৰপতি

“আন্তৰ্জাতিক গ্ৰহণযোগ্যতাৰ বাবে পৰম্পৰাগত স্বাস্থ্যসেৱা পদ্ধতিৰ বৈজ্ঞানিক ভিত্তি গৱেষণাৰ জৰিয়তে প্ৰতিষ্ঠিত হ’ব লাগিব”: উপ-ৰাষ্ট্ৰপতি

“স্বাস্থ্যসেৱা খণ্ডৰ উন্নত ফলাফলৰ বাবে বৈজ্ঞানিক গৱেষণাৰ সৈতে পৰম্পৰাগত জ্ঞানক একত্ৰিত কৰা”: উপ-ৰাষ্ট্ৰপতি

“ভাৰতৰ স্বাস্থ্যসেৱাৰ অগ্ৰাধিকাৰৰ ক্ষেত্ৰত শিশু স্বাস্থ্য আটাইতকৈ গুৰুত্বপূৰ্ণ”: উপ-ৰাষ্ট্ৰপতি

পোষ্ট কৰা হৈছে: 15 OCT 2026 2:01PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে আজি পৰম্পৰাগত স্বাস্থ্যসেৱা পদ্ধতিৰ কাৰ্যকাৰিতা প্ৰতিষ্ঠা, ৰোগীৰ আত্মবিশ্বাস শক্তিশালী আৰু ভাৰতৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ আন্তৰ্জাতিক গ্ৰহণযোগ্যতা বৃদ্ধিৰ বাবে আয়ুৰ্বেদৰ  অধিক বৈজ্ঞানিক গৱেষণাৰ আহ্বান জনায়। তেওঁ নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদ (AIIA)ৰ উদ্যোগত আয়োজন কৰা কৌমাৰভৃত্য সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন কৌমাৰকন-২০২৬ৰ তৃতীয় সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিয়ে।

 

আজি অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদ (AIIA), নতুন দিল্লীৰ উদ্যোগত কৌমাৰভৃত্য সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন, কৌমাৰকন-২০২৬ৰ তৃতীয় সংস্কৰণত উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে অংশগ্ৰহণ কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে পৰম্পৰাগত স্বাস্থ্যসেৱা পদ্ধতিৰ কাৰ্যকাৰিতা প্ৰতিষ্ঠা, ৰোগীৰ আত্মবিশ্বাস শক্তিশালী আৰু ভাৰতৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ আন্তৰ্জাতিক গ্ৰহণযোগ্যতা বৃদ্ধিৰ বাবে আয়ুৰ্বেদৰ অধিক বৈজ্ঞানিক গৱেষণাৰ আহ্বান জনায়।

— ভাৰতৰ উপ-ৰাষ্ট্ৰপতি (@VPIndia) October 15, 2026

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এইমছৰ সমপৰ্যায়ত সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান গঢ়ি তোলাৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰতিষ্ঠানটোৱে এই দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আগবাঢ়িছে। এআইআইএক দশম প্ৰতিষ্ঠা দিৱসত অভিনন্দন জনাই তেওঁ প্ৰতিষ্ঠানটোৰ স্থান আৰু অধিক শক্তিশালী কৰাৰ বাবে গৱেষণা, উদ্ভাৱন আৰু শৈক্ষিক উৎকৰ্ষতাৰ ক্ষেত্ৰত স্থায়ী প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে ভাৰতৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাই ইয়াৰ সভ্যতাবাদী প্ৰজ্ঞা আৰু শতিকা পুৰণি জ্ঞান পৰম্পৰাত শিপাই থকা এক মূল্যৱান উত্তৰাধিকাৰক প্ৰতিনিধিত্ব কৰে।  ২০১৪ চনত আয়ুষৰ এক সুকীয়া মন্ত্ৰালয় স্থাপন কৰাৰ লগতে শিক্ষা শক্তিশালী, স্বাস্থ্যসেৱা সেৱা সম্প্ৰসাৰণ আৰু বৈজ্ঞানিক গৱেষণাৰ প্ৰসাৰৰ বাবে মন্ত্ৰালয়ৰ প্ৰচেষ্টাৰ ওপৰত তেওঁ আলোকপাত কৰে। আয়ুষ মন্ত্ৰালয় আৰু আইচিএমআৰ, চিএছআইআৰ, ডিবিটি, ডিএছটি আৰু এইমছৰ দৰে প্ৰতিষ্ঠানৰ মাজত আন্তঃশাখা সহযোগিতাৰ কথাও তেওঁ উল্লেখ কৰে।

 

প্ৰধান চিকিৎসা প্ৰতিষ্ঠানসমূহত আয়ুষ সেৱাসমূহৰ একত্ৰীকৰণৰ কথা উল্লেখ কৰি শ্ৰী চি পি ৰাধাকৃষ্ণনে কয় যে এনে পদক্ষেপে চিকিৎসা বিজ্ঞানৰ পৰম্পৰাগত ব্যৱস্থা আৰু আধুনিক স্বাস্থ্যসেৱাৰ মাজত আলোচনা তথা সহযোগিতাৰ সুযোগ সৃষ্টি কৰে। তেওঁ যোগৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আৰু জামনগৰত ডব্লিউ এইচ অ’ গ্ল’বেল চেণ্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিন স্থাপনক ভাৰতৰ পৰম্পৰাগত জ্ঞান বিশ্বৰ সৈতে বিনিময় কৰাৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলিও উল্লেখ কৰে।

 

 

শিশু স্বাস্থ্যসেৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে “শিশু স্বাস্থ্যৰ ভৱিষ্যত গঢ় দিয়া: কৌমাৰভৃত্যত গোলকীয় দৃষ্টিভ্ংগী, গৱেষণা উদ্ভাৱন আৰু  চিকিৎসাখণ্ডৰ আগশাৰীৰ দিশ সমূহ,” শীৰ্ষক সন্মিলনখনৰ বিষয়বস্তুৰ জৰিয়তে প্ৰতিটো শিশুৱে যাতে সুস্থ আৰ উপযুক্ত পৰিৱেশত ডাঙৰ দীঘল হোৱাৰ সুযোগ   পায় তাৰ বাবে প্ৰয়োজনীয় দায়িত্ব প্ৰতিফলিত হৈছে। শিশুৰ পুষ্টি, বৃদ্ধি, বিকাশ, ৰোগ প্ৰতিৰোধ আৰু আৱেগিক সুস্থতাৰ প্ৰতি বিশেষ মনোযোগৰ প্ৰয়োজন বুলিও তেওঁ গুৰুত্বসহ উল্লেখ কৰে।

 

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ বাবেও শিশুৰ স্বাস্থ্য আৰু মানসম্পন্ন মানৱ সম্পদৰ প্ৰতি স্থায়ী মনোযোগৰ প্ৰয়োজন। তেওঁ গৱেষক আৰু অনুশীলনকাৰীসকলক পৰম্পৰাগত প্ৰজ্ঞা সংৰক্ষণ কৰাৰ লগতে বৈজ্ঞানিক বৈধতাৰ জৰিয়তে ইয়াক শক্তিশালী কৰিবলৈ আৰু শিশুৰ স্বাস্থ্যক তেওঁলোকৰ প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দুত ৰাখিবলৈ আহ্বান জনায়।

এই অনুষ্ঠানৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আয়ুছ ষ্টাৰ্ট-আপ পৰ্টেল, এআইআইএ–আইচিএইন ৱেবছাইট আৰু আয়ুৰ্বেদ ডিজিটেল ইনোভেচন এণ্ড ভেঞ্চাৰ এক্সিলেৰেশ্যন ফেচিলিটি (আয়ুডিভা) উদ্বোধন কৰে। ইয়াৰ উপৰি তেওঁ বামন এপ আৰু পঞ্চকৰ্ম মূল্যায়ন এপ মুকলি কৰে। তেওঁৰ উপস্থিতিত আমেৰিকাৰ মহৰ্ষি আন্তৰ্জাতিক বিশ্ববিদ্যালয় (এম আই ইউ) আৰু নতুন দিল্লীৰ এ আই আই এৰ মাজতো এখন আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

 

ইয়াৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এআইআইএ আৰু ধনন্ত্বৰী বাটিকাৰ চিকিৎসালয়ৰ সুবিধাসমূহ পৰিদৰ্শন কৰি জনস্বাস্থ্যৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ অৱদান আৰ বাটিকাত প্ৰদৰ্শিত বিভিন্ন ঔষধি উদ্ভিদ, বনৌষধি আৰু শিলৰ আয়ুৰ্বেদিক তাৎপৰ্যৰ অভিজ্ঞতা লয়।

 

উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে এ আই আই এ আৰু ধনন্ত্বৰী বাটিকাৰ চিকিৎসালয়ৰ সুবিধাসমূহ পৰিদৰ্শন কৰি জনস্বাস্থ্যৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ অৱদান আৰু বাটিকাত প্ৰদৰ্শিত বিভিন্ন ঔষধি উদ্ভিদ, বনৌষধি আৰু শিলৰ আয়ুৰ্বেদিক তাৎপৰ্যৰ বিষয়ে অৱগত কৰে। @moayush

— ভাৰতৰ উপ-ৰাষ্ট্ৰপতি (@VPIndia) ১৫ অক্টোবৰ, ২০২৬

 

এই অনুষ্ঠানত আয়ুষ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যত মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱ; আয়ুষ মন্ত্ৰালয়ৰ সচিব শ্ৰী বৈদ্য ৰাজেশ কোটেচা; ভাৰতীয় চিকিৎসা ব্যৱস্থাৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষ ডাঃ মনিষা উপেন্দ্ৰ; নতুন দিল্লীৰ এআইআইএৰ সঞ্চালক অধ্যাপক পি কে প্ৰজাপতি আৰু অন্যান্য গণ্যমান্য ব্যক্তি, গৱেষক, অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

 

*****

PR/ASM/VMJ/DD


(ৰিলিজ আই ডি : 2323939) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil , Telugu , Malayalam