প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ব্লুমবাৰ্গৰ ভাৰতত উপস্থিতিৰ সম্প্ৰসাৰণৰ পৰিকল্পনাক আদৰণি প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু গোলকীয় পৰ্যায়ৰ নেতৃত্বলৈ উত্থানক স্বীকৃতি মাইক ব্লুমবাৰ্গৰ

পোষ্ট কৰা হৈছে: 13 OCT 2026 10:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্লুমবাৰ্গৰ ভাৰতত ইয়াৰ উপস্থিতিৰ সম্প্ৰসাৰণ আৰু দেশৰ অৰ্থনীতি, বজাৰ আৰু জনসাধাৰণৰ সৈতে ইয়াৰ সম্পৰ্ক গভীৰ কৰাৰ পৰিকল্পনাক আদৰণি জনাইছে।

এক্সৰ এটা পোষ্টত মাইক ব্লুমবাৰ্গে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ‘ধাৰাবাহিকভাৱে ভাৰতৰ দীৰ্ঘতম কালৰ বাবে কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী’ বুলি বৰ্ণনা কৰে আৰু ভাৰতৰ দ্ৰুত অৰ্থনৈতিক বিকাশ আৰু গোলকীয় পৰ্যায়ৰ নেতৃত্বলৈ ইয়াৰ উত্থানক স্বীকৃতি দিয়ে। তেওঁ ভাৰতৰ ভৱিষ্যতৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ কথাও উল্লেখ কৰে আৰু ভাৰতত ব্লুমবাৰ্গৰ ৩০ সংখ্যক বৰ্ষপূৰ্তি তথা দেশত ইয়াৰ সম্প্ৰসাৰণৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে।

এক্সত মাইক ব্লুমবাৰ্গৰ পোষ্টৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে তেওঁক সাক্ষাৎ কৰি আনন্দিত হোৱা বুলি কয় আৰু ভাৰতত ৩০ বছৰ সম্পূৰ্ণ কৰাৰ বাবে ব্লুমবাৰ্গক অভিনন্দন জনায়।

শ্ৰী মোদীয়ে ব্লুমবাৰ্গৰ ভাৰতত ইয়াৰ উপস্থিতি সম্প্ৰসাৰণ কৰা আৰু দেশৰ অৰ্থনীতি, বজাৰ আৰু জনসাধাৰণৰ সৈতে ইয়াৰ সম্পৰ্ক গভীৰ কৰাৰ পৰিকল্পনাক আদৰণি জনায়। তেওঁ লগতে ভাৰতৰ বিকাশৰ কাহিনীৰ দ্বাৰা বিভিন্ন খণ্ডত সৃষ্টি হোৱা অপৰিসীম সুযোগৰ ওপৰতো আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘আজি পুৱা আপোনাৰ লগত মিলিত হৈ আনন্দিত হৈছো।

ভাৰতত ৩০ বছৰ সম্পূৰ্ণ কৰাৰ বাবে ব্লুমবাৰ্গক অভিনন্দন জনাইছো। আমি ব্লুমবাৰ্গৰ ভাৰতত ইয়াৰ উপস্থিতিৰ সম্প্ৰসাৰণ আৰু আমাৰ অৰ্থনীতি, বজাৰ তথা জনসাধাৰণৰ সৈতে ইয়াৰ সম্পৰ্ক গভীৰ কৰাৰ পৰিকল্পনাক আদৰণি জনাইছো।

ভাৰতৰ বিকাশৰ কাহিনীয়ে ধাৰাবাহিকভাৱে বিভিন্ন খণ্ডত অপৰিসীম সুযোগ সৃষ্টি কৰি আছে।’

 

*****

MJPS/SS/ST/HS


(ৰিলিজ আই ডি : 2323145) অতিথি কক্ষ : 4