গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত ভাৰতে নতুন দিল্লীত বিমষ্টেক গৃহ মন্ত্ৰীসকলৰ প্ৰথমখন বৈঠক আয়োজন কৰে

গৃহ মন্ত্ৰীসকলৰ প্ৰথমখন বিমষ্টেক মন্ত্ৰী পৰ্যায়ৰ বৈঠক আয়োজন কৰাটো ভাৰতৰ বাবে অতি গৌৰৱৰ বিষয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে ‘বিশ্বমিত্র’ৰ ভাৱধাৰাৰে আগবাঢ়ি আহিছে আৰু সদায় শান্তি, সহাৱস্থান আৰু মানৱ কল্যাণৰ প্ৰতি দায়বদ্ধ হৈ আহিছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি, গৃহ মন্ত্ৰী হিচাপে বিমষ্টেকক সামগ্ৰিক উন্নয়ন আৰু নিৰাপত্তাৰ আদৰ্শ হিচাপে গঢ়ি তোলাটো আমাৰ দায়িত্ব

আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ, আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধ আৰু অবৈধ ড্ৰাগছ সৰবৰাহৰ দৰে প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰাত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে 'বিমষ্টেক চুক্তি'ৰ (BIMSTEC Convention) সম্পূৰ্ণ ৰূপায়ণৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ নীতি আছে

অঞ্চলটোৰ কোনো অংশই যাতে সন্ত্ৰাসবাদী নেটৱৰ্কসমূহক আশ্ৰয় বিচৰা, সদস্য নিযুক্তি দিয়া, প্ৰশিক্ষণ লোৱা, পুঁজি সংগ্ৰহ কৰা বা চুবুৰীয়া দেশসমূহৰ বিৰুদ্ধে কাৰ্যকলাপ চলোৱাৰ কোনো সুযোগ নিদিয়ে সেয়া আমাৰ অংশীদাৰী সংকল্প হ’ব লাগিব

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে সহযোগিতাৰ পাঁচটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ ওপৰত আলোকপাত কৰেঃ ড্ৰাগছ নিয়ন্ত্ৰণ, সন্ত্ৰাসবাদ বিৰোধী আৰু আইনী সহযোগিতা, পলাতক অপৰাধীসকলৰ প্ৰত্যৰ্পণ, চাইবাৰ সুৰক্ষা আৰু চাইবা অপৰাধৰ তদন্ত, প্ৰতিষ্ঠানিক সহযোগিতা আৰু দক্ষতা বৃদ্ধি

ড্ৰাগছ সৰবৰাহ হৈছে এক প্ৰকাৰৰ 'মৃত্যু সৰবৰাহ', ড্ৰাগছ সৰবৰাহৰ বিষয়ে 'সোণালী' একো নাই

এয়া কেৱল ড্ৰাগছৰ ব্যৱসায় নহয়; ই আমাৰ যুৱ প্ৰজন্মৰ জীৱন, আমাৰ সমাজ, আমাৰ সংস্কৃতি আৰু আমাৰ অনাগত প্ৰজন্মৰ ভৱিষ্যতৰ ওপৰত আক্ৰমণ

ড্ৰাগছৰ সমস্যাৰ সন্মুখীন হ’বলৈ আমি ‘সামগ্ৰিক অঞ্চল’ ৰ দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব

এখন সদস্য ৰাষ্ট্ৰৰ নিৰাপত্তাই সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তা শক্তিশালী কৰে, এই নীতিৰ দ্বাৰা পৰিচালিত হৈ ভাৰত এক শান্তিপূৰ্ণ, সুৰক্ষিত আৰু সমৃদ্ধিশালী বংগোপসাগৰীয় অঞ্চলৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ

পোষ্ট কৰা হৈছে: 13 OCT 2026 6:44PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত ভাৰতে আজি নতুন দিল্লীত বিমষ্টেকৰ গৃহ মন্ত্ৰীসকলৰ প্ৰথমখন বৈঠক আয়োজন কৰে। বৈঠকত বংগোপসাগৰ অঞ্চলত আঞ্চলিক নিৰাপত্তা, বিশ্বাস আৰু সহযোগিতা শক্তিশালী কৰাৰ বাবে বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰসমূহৰ অংশীদাৰী দায়বদ্ধতাক পুনৰ নিশ্চিত কৰা হয়।

 ভাষণত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰথম বিমষ্টেক গৃহ মন্ত্ৰীসকলৰ বৈঠক আয়োজন কৰাটো ভাৰতৰ বাবে এক অপৰিসীম গৌৰৱ আৰু উল্লেখনীয় বিষয়। তেওঁ কয় যে বিমষ্টেক আঞ্চলিক একত্ৰীকৰণ, অৰ্থনৈতিক সহযোগিতা আৰু সামূহিক নিৰাপত্তাৰ বাবে এক অত্যাৱশ্যকীয় মঞ্চ হৈ পৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে শান্তি, সহাৱস্থান আৰু মানৱ কল্যাণৰ প্ৰতি দায়বদ্ধ হৈ  'বিশ্বমিত্ৰ’ৰ ভাৱধাৰাৰে আগবাঢ়ি গৈ আছে।

শ্ৰী অমিত শ্বাহে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এপ্ৰিল মাহত বেংককত অনুষ্ঠিত ষষ্ঠ বিমষ্টেক সন্মিলনত কৈছিল, ‘আমাৰ বাবে বিমষ্টেক কেৱল এটা আঞ্চলিক সংগঠন নহয়। ই আমাৰ অন্তৰ্ভুক্তিমূলক উন্নয়ন আৰু নিৰাপত্তাৰ বাবে এক আদৰ্শ৷” শ্ৰী শ্বাহে লগতে কয়, এই দৃষ্টিভংগীক আগুৱাই নিবলৈ আজি আমাৰ দায়িত্ব এই যে গৃহ মন্ত্ৰী হিচাপে আমাৰ সহযোগিতাক ব্যৱহাৰিক প্ৰণালীলৈ ৰূপান্তৰিত কৰিব লাগিব যিয়ে আমাৰ নাগৰিকৰ সুৰক্ষা আৰু আমাৰ সংস্থাসমূহৰ সামৰ্থ্য শক্তিশালী কৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ 'শূন্য সহনশীলতা' নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু সন্ত্ৰাসবাদ, সীমান্তৰে হোৱা সংগঠিত অপৰাধ, ড্ৰাগছ সৰবৰাহ, মানৱ সৰবৰাহ আৰু নতুন চাইবাৰ ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ সহযোগিতা বৃদ্ধিৰ আহ্বান জনায়। তেওঁ অপৰাধী আৰু সন্ত্ৰাসবাদীক বিচাৰৰ সন্মুখীন কৰাটো নিশ্চিত কৰিবলৈ সময়মতে চোৰাংচোৱাৰ তথ্যৰ আদান-প্ৰদান, বিত্তীয় তদন্ত, পাৰস্পৰিক আইনী সহায় আৰু প্ৰত্যৰ্পণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে সন্ত্ৰাসবাদী নেটৱৰ্কসমূহে যাতে সুৰক্ষিত আশ্ৰয়স্থল বিচাৰি উলিয়াবলৈ, সদস্য নিয়োগ কৰিবলৈ, প্ৰশিক্ষণ প্ৰদান কৰিবলৈ, পুঁজি সংগ্ৰহ কৰিবলৈ বা অঞ্চলটোৰ যিকোনো অংশৰ পৰা চুবুৰীয়া দেশসমূহৰ বিৰুদ্ধে কাৰ্যকলাপ চলাব নোৱাৰে সেয়া নিশ্চিত কৰাটো আমাৰ যৌথ সংকল্প হ’ব লাগে। শ্ৰী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰীয় আইন আৰু প্ৰযোজ্য চুক্তি অনুসৰি পাৰস্পৰিক আইনী সহায় তথা প্ৰত্যৰ্পণৰ ক্ষেত্ৰত সহযোগিতাই অপৰাধীসকলক বিচাৰৰ সন্মুখীন কৰাৰ বাবে আমাৰ প্ৰচেষ্টাক শক্তিশালী কৰিব পাৰে।

গৃহ মন্ত্ৰীসকলে সহযোগিতাৰ পাঁচটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ ওপৰত আলোকপাত কৰেঃ ড্ৰাগছ নিয়ন্ত্ৰণ, সন্ত্ৰাসবাদ বিৰোধী আৰু আইনী সহযোগিতা, পলাতক অপৰাধীসকলৰ প্ৰত্যৰ্পণ, চাইবাৰ সুৰক্ষা আৰু চাইবাৰ অপৰাধৰ তদন্ত  আৰু প্ৰতিষ্ঠানিক সহযোগিতা তথা  দক্ষতা বৃদ্ধি । তেওঁ অবৈধ বিত্তীয় লেনদেন আৰু সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ বিৰুদ্ধে যুঁজিবলৈ এক সমন্বিত আঞ্চলিক দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ আইন প্ৰৱৰ্তনকাৰী সংস্থা, চোৰাংচোৱা সংস্থা আৰু সীমান্ত ব্যৱস্থাপনা সংস্থাৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

শ্ৰী অমিত শ্বাহে কয়, “ভাৰতে বিশ্বাস কৰে যে ড্ৰাগছ সৰবৰাহ মূলতঃ 'মৃত্যু সৰবৰাহ’৷” এই মনোভাৱেৰে তেওঁ পুনৰ কয় যে মাদক দ্ৰব্যৰ সৰবৰাহৰ ক্ষেত্ৰত 'সোণালী' একো নাই। তেওঁ কয় যে এয়া কেৱল ড্ৰাগছৰ ব্যৱসায় নহয়, ই আমাৰ যুৱক-যুৱতী, সমাজ, সংস্কৃতি আৰু অনাগত প্ৰজন্মৰ ভৱিষ্যতৰ ওপৰত আক্ৰমণ। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয়, কেৱল এখন দেশৰ প্ৰচেষ্টাই ইয়াক প্ৰতিহত কৰিব নোৱাৰে। আমি 'সামগ্ৰিক অঞ্চল’ ৰ দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব। শ্ৰী শ্বাহে কয় যে ড্ৰাগছৰ পৰা পোৱা অবৈধ উপাৰ্জনে সংগঠিত অপৰাধক বিত্তীয় শক্তি প্ৰদান কৰে আৰু ই সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ বাবেও ব্যৱহাৰ হ’ব পাৰে। তেওঁ কয় যে প্ৰাথমিক ৰাসায়নিক উপাদানৰ পৰিৱৰ্তন আৰু ডাৰ্ক ৱেবৰ জৰিয়তে কৰা লেনদেনসমূহে এই প্ৰত্যাহ্বানটোক আৰু জটিল কৰি তুলিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে সমগ্ৰ বিমষ্টেক অঞ্চলত দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহযোগিতা তেওঁৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ ভিতৰত অন্যতম। তেওঁ স্মৰণ কৰে যে ষষ্ঠ বিমষ্টেক সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত ‘বিমষ্টেক দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰ’ স্থাপনৰ প্ৰস্তাৱ দিছিল। এই কেন্দ্ৰটো গুজৰাটৰ জামনগৰত স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী শ্বাহে আনন্দ প্ৰকাশ কৰে। এই পদক্ষেপে সমগ্ৰ অঞ্চলটোত দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত 'প্ৰথম সঁহাৰি' হিচাপে ভাৰতৰ দৃষ্টান্তমূলক ভূমিকাক গুৰুত্ব দিয়ে। তেওঁ সদস্য ৰাষ্ট্ৰসমূহক প্ৰস্তাৱিত কেন্দ্ৰটো কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

শ্ৰী অমিত শ্বাহে কয়, ‘এখন সদস্য ৰাষ্ট্ৰৰ নিৰাপত্তাই সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তা শক্তিশালী কৰে। তেওঁ কয়, এটা শান্তিপূৰ্ণ, সুৰক্ষিত আৰু সমৃদ্ধিশালী বংগোপসাগৰীয় অঞ্চলৰ বাবে সকলো সদস্য ৰাষ্ট্ৰৰ সৈতে বিশ্বাস, সন্মান আৰু সহযোগিতা বৃদ্ধি কৰিবলৈ আৰু এই বৈঠকৰ পৰা দৃঢ় ফলাফল লাভ কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ৷’

বিমষ্টেকৰ গৃহ মন্ত্ৰীসকলৰ বৈঠকত ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিয়ে, আনহাতে কেন্দ্ৰীয় গৃহ সচিবে জ্যেষ্ঠ বিষয়াসকলৰ বৈঠকত নেতৃত্ব দিয়ে। বাংলাদেশ, ভূটান, ভাৰত, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু থাইলেণ্ড, এই সকলো বিমষ্টেক সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে এই বৈঠকত অংশগ্ৰহণ কৰে।

জ্যেষ্ঠ বিষয়াসকলৰ বৈঠকৰ পাছত অনুষ্ঠিত বিমষ্টেকৰ গৃহ মন্ত্ৰীসকলৰ এই প্ৰথমখন বৈঠকত নিৰাপত্তা খণ্ডত বিমষ্টেকৰ দ্বাৰা গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ পৰ্যালোচনা কৰাৰ লগতে নতুন নিৰাপত্তা ভাবুকিৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত আঞ্চলিক সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে ভৱিষ্যতৰ পদক্ষেপ প্ৰস্তুত কৰাৰ এক মূল্যৱান সুযোগ প্ৰদান কৰা হয়।

বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰসমূহৰ গৃহ মন্ত্ৰীসকলে তলত উল্লেখ কৰা বিষয়সমূহত অনুমোদন জনাইছেঃ

 

১. মানৱ সৰবৰাহ ৰোধ, এই অপৰাধক অপৰাধীকৰণ, আৰু মানৱ সৰবৰাহৰ বলি হোৱা ভুক্তভোগীসকলৰ সুৰক্ষা আৰু পুনৰসংস্থাপনৰ ক্ষেত্ৰত সদস্য দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে 'মানৱ সৰবৰাহ বিৰোধী বিমষ্টেক চুক্তি' (BIMSTEC Convention against Trafficking in Persons)

     ২. নাৰ্কোটিক ড্ৰাগছ, চাইক’ট্ৰপিক পদাৰ্থ আৰু প্ৰিকাৰ্চৰ কেমিকেলৰ অবৈধ সৰবৰাহৰে মোকাবিলা কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা ড্ৰাগছ নিয়ন্ত্ৰণ সংক্ৰান্তীয় 'বিমষ্টেক কাৰ্যপন্থা' (BIMSTEC Plan of Action on Drug Control)

    ৩. ধনৰ অবৈধ লেনদেন আৰু সন্ত্ৰাসবাদত বিত্তীয় সাহায্য প্ৰদানৰ বিৰুদ্ধে যুঁজ দিবলৈ বিমষ্টেক  দেশসমূহৰ মাজত ক্ষমতা বিকাশ সম্পৰ্কীয় বুজাবুজিৰ চুক্তি (MoU), যিয়ে বিশেষজ্ঞসকলৰ প্ৰশিক্ষণ, উৎকৃষ্ট কাৰ্যপদ্ধতিৰ আদান-প্ৰদান, আৰু বিত্তীয় অপৰাধ, বিত্তীয় চোৱাংচোৱা তথ্য, তদন্ত, সম্পত্তি বাজেয়াপ্তকৰণ (Asset Recovery), মানি লণ্ডাৰিং বিৰোধী ব্যৱস্থা, সন্ত্ৰাসবাদৰ বিত্তীয় যোগান ৰোধ, আৰু গণবিধ্বংসী অস্ত্ৰৰ বিস্তাৰত বিত্তীয় যোগান ৰোধ কৰাৰ ক্ষেত্ৰত ব্যাপক সহযোগিতাৰ সুযোগ প্ৰদান কৰে

৪. অবৈধ বিত্তীয় প্ৰৱাহ আৰু সেইবোৰৰ প্ৰতিৰোধৰ বাবে বিমষ্টেকৰ কাৰ্য্য পৰিকল্পনা, যাৰ লক্ষ্য হৈছে বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অবৈধ বিত্তীয় প্ৰৱাহৰ উৎস, বিপদ আৰু পথ চিনাক্ত কৰা।

৫. বংগোপসাগৰীয় অঞ্চলত প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱাৰ বাবে প্ৰস্তুতি আৰু সমন্বয় বৃদ্ধিৰ বাবে এক কাৰ্য্য পৰিকল্পনা, আঞ্চলিক বিপদাশংকা পৰিকল্পনা, যুটীয়া অনুশীলন, আগতীয়া  সতৰ্কবাণী প্ৰণালী, দুৰ্যোগ মেপিং, প্ৰশিক্ষণ কেন্দ্ৰ, তথ্যৰ আদান-প্ৰদান, গৱেষণা, প্ৰযুক্তিগত উদ্ভাৱন আৰু ছুনামিৰ বিপদাশংকা হ্ৰাসৰ ক্ষেত্ৰত সদস্য দেশসমূহৰ সমন্বিত প্ৰচেষ্টাৰ প্ৰস্তাৱ।

বিমষ্টেকৰ গৃহ মন্ত্ৰীসকলৰ প্ৰথমখন বৈঠকত দিল্লী ঘোষণাপত্ৰও গ্ৰহণ কৰা হয়, য’ত বিমষ্টেকৰ অধীনত নিৰাপত্তা সহযোগিতাৰ পথ প্ৰদৰ্শন কৰা বিভিন্ন নীতিৰ ৰূপাঙ্কণ কৰা হৈছে। বিমষ্টেকৰ প্ৰথম গৃহ মন্ত্ৰীসকলৰ বৈঠকত গ্ৰহণ কৰা দিল্লী ঘোষণাপত্ৰত সদস্য ৰাষ্ট্ৰসমূহে আঞ্চলিক শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ বাবে সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে। ঘোষণাপত্ৰখনত সীমান্তৰ সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদৰ বিত্তীয় যোগান, মৌলবাদ, ড্ৰাগছ সৰবৰাহ, মানৱ সৰবৰাহ, চাইবাৰ অপৰাধ আৰু সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ই তথ্যৰ আদান-প্ৰদান, পাৰস্পৰিক আইনী সহায়, প্ৰত্যৰ্পন,দক্ষতা বৃদ্ধি আৰু বিদ্যমান চুক্তি তথা কাৰ্য্য পৰিকল্পনাৰ ফলপ্ৰসূ ৰূপায়ণক অগ্ৰাধিকাৰ দিছে। ই মানৱ সৰবৰাহৰ ভুক্তভোগীসকলৰ সুৰক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। ঘোষণাপত্ৰখনত আঞ্চলিক নিৰাপত্তা সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বক প্ৰশংসা কৰা হয়।

ভাৰতে আৰক্ষী প্ৰশিক্ষণ, সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু ফৰেনচিক তদন্তত নিজৰ দক্ষতা শ্বেয়াৰ কৰাৰ প্ৰতিশ্ৰুতি  দোহাৰে। বৈঠকত গুজৰাটৰ জামনগৰত প্ৰস্তাৱিত বিআইএমএছটিইচি দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰকে ধৰি দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

এই বৈঠকখন বিমষ্টেক অঞ্চলক সুৰক্ষিত আৰু অধিক সমৃদ্ধিশালী কৰি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল।

বাংলাদেশ, ভূটান, ভাৰত, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু থাইলেণ্ডৰ মাজত বহুমাত্ৰিক সহযোগিতা, সামূহিক নিৰাপত্তা আৰু অৰ্থনৈতিক অংশীদাৰিত্বৰ প্ৰচাৰ কৰি দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ উপ-অঞ্চলসমূহৰ মাজত এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানিক যোগসূত্ৰ হিচাপে বে অৱ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি-ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কো-অপাৰেচন (বিআইএমএছটিইচি)-এ কাম কৰে।

২০১৮ চনত অনুষ্ঠিত চতুৰ্থ বিমষ্টেক সন্মিলনৰ সময়ত সহযোগিতা আৰু সমন্বয় শক্তিশালী কৰাৰ বাবে বিমষ্টেকৰ গৃহ মন্ত্ৰীসকলৰ পৰ্যায়ত বৈঠক আহ্বান কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। আঞ্চলিক নিৰাপত্তা সহযোগিতা অধিক সুদৃঢ় কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপেৰে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ষষ্ঠ বিমষ্টেক সন্মিলনৰ সময়ত লোৱা এই পদক্ষেপৰ প্ৰতি  ভাৰতৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল আৰু বিমষ্টেকৰ গৃহ মন্ত্ৰীসকলৰ প্ৰথমখন বৈঠক আয়োজন কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছিল।

 

***

RK/RR/AM/PR/PS/MK


(ৰিলিজ আই ডি : 2323034) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , Gujarati , Odia , Tamil , Kannada , Malayalam