কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

প্রতিকূল বতৰতো উন্নত প্ৰজাতিৰ ছয়াবিন এন আৰ চি ২৬৮ আৰু এন আৰ চি ২৭০-ৰ প্ৰতি হেক্টৰত ২০ কুইণ্টল উৎপাদনৰ আশাব্যঞ্জক লক্ষণ

ভৱিষ্যতৰ উৎপাদনশীলতা লাভৰ মূল্যায়ন কৰাত সহায় কৰে উৎপাদন তথ্যৰ সংকলনেঃ ড° এম. এল. জাট

ইন্দোৰৰ আই চি এ আৰ-ৰাষ্ট্ৰীয় ছয়াবিন গৱেষণা প্ৰতিষ্ঠানৰ আয়োজনত ছয়াবিন শস্য চপোৱা দিৱস; উৎপাদনশীলতা বৃদ্ধিৰ সম্ভাৱনা মূল্যায়ন কৰিবলৈ উৎপাদন তথ্যৰ বৈজ্ঞানিক বিশ্লেষণ

পোষ্ট কৰা হৈছে: 13 OCT 2026 3:12PM by PIB Guwahati

ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আই চি এ আৰ) ৰ অধীনত ইন্দোৰৰ আই চি এ আৰ-ৰাষ্ট্ৰীয় ছয়াবিন গৱেষণা প্ৰতিষ্ঠানে ২০২৬ চনৰ ৯ অক্টোবৰত ছয়াবিন শস্য চপোৱা দিৱসৰ আয়োজন কৰে। এই উপলক্ষে প্ৰতিষ্ঠানটোৱে বিকশিত কৰা উন্নত ছয়াবিন প্ৰজাতি এন আৰ চি ২৬৮ আৰু এন আৰ চি ২৭০-ৰ উৎপাদন সম্ভাৱনাৰ মূল্যায়ন কৰা হয়। দুয়োটা প্ৰজাতিৰ এক একৰ মাটিৰ শস্য চপোৱাৰ পিছত প্ৰাপ্ত প্ৰাৰম্ভিক তথ্যই প্ৰতি হেক্টৰত প্ৰায় ২০ কুইণ্টল পৰিমাণৰ উৎসাহজনক উৎপাদনৰ ইংগিত দিয়ে। প্ৰতিকূল পৰিস্থিতিত উন্নত প্ৰজাতিৰ প্ৰদৰ্শনৰ বুজ ল’বলৈ আৰু দেশত ছয়াবিনৰ উৎপাদনশীলতা বৃদ্ধিৰ সম্ভাৱনাৰ মূল্যায়নৰ বাবে এই পদক্ষেপ গুৰুত্বপূৰ্ণ। বৰ্তমান ভাৰতত ছয়াবিনৰ গড় উৎপাদনশীলতা প্ৰতি হেক্টৰত প্ৰায় ১০-১১ কুইণ্টল।

 

আইচিএআৰ-ৰাষ্ট্ৰীয় ছয়াবিন গৱেষণা প্ৰতিষ্ঠান আৰু ছয়াবিনৰ সৰ্বভাৰতীয় সমন্বিত গৱেষণা প্ৰকল্পৰ অধীনত সমগ্ৰ দেশতে কৰা গৱেষণা আৰু পৰীক্ষাই ইংগিত দিয়ে যে উন্নত প্ৰকাৰ আৰু উপযুক্ত উৎপাদন প্ৰযুক্তি গ্ৰহণ কৰি প্ৰতি হেক্টৰত ১৫-২০ কুইণ্টল উৎপাদন লাভ কৰিব পাৰি। অনুকূল পৰিস্থিতিত, উৎপাদন সম্ভৱতঃ প্ৰতি হেক্টৰত প্ৰায় ২২-২৫ কুইণ্টল  হ’ব পাৰে। এই প্ৰাথমিক ফলাফলসমূহৰ প্ৰশংসা কৰি কৃষি গৱেষণা আৰু শিক্ষা বিভাগৰ সচিব তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ড° এম এল জাটে কয় যে উন্নত প্ৰকাৰ আৰু বৈজ্ঞানিক উৎপাদন প্ৰযুক্তিয়ে দেশত ছয়াবিনৰ উৎপাদনশীলতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে এই বছৰ প্রতিকূল বতৰৰ পৰিস্থিতি সত্ত্বেও এন আৰ চি ২৬৮ আৰু এন আৰ চি ২৭০ ৰ পৰা প্ৰতি হেক্টৰত প্ৰায় ২০ কুইণ্টল উৎপাদনৰ ইংগিত অত্যন্ত উৎসাহজনক ।তেওঁ লগতে উল্লেখ কৰে যে এই তথ্যসমূহৰ বৈজ্ঞানিক বিশ্লেষণে ছয়াবিনৰ উৎপাদনশীলতা বৃদ্ধিৰ লক্ষ্যৰে ভৱিষ্যতৰ গৱেষণা কৌশলসমূহৰ পথ প্ৰদৰ্শনত সহায় কৰিব।

 

ইন্দোৰৰ আই চি এ আৰ-ৰাষ্ট্ৰীয় ছয়াবিন  গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালকগৰাকীয়ে কয় যে ছয়াবিন  শস্য চপোৱা দিৱসৰ সময়ত সংগ্ৰহ কৰা তথ্যৰ গুৰুত্ব এটা বছৰৰ উৎপাদনৰ মূল্যায়নৰ পৰিধিৰ বাহিৰলৈ বিস্তৃত। কেইবা বছৰ ধৰি তথ্যৰ পদ্ধতিগত সংগ্ৰহ আৰু বিশ্লেষণে বিভিন্ন অঞ্চল, প্ৰকাৰ আৰু উৎপাদন পৰিস্থিতিত উৎপাদনশীলতাৰ পৰিৱৰ্তন বুজি পোৱাত সহায় কৰিব। ই উৎপাদনশীলতাৰ বাৰ্ষিক উন্নতিৰ মূল্যায়ন আৰু ভৱিষ্যতৰ উৎপাদন বৃদ্ধিৰ সম্ভাৱনাৰ অনুমানৰ বাবে এক বৈজ্ঞানিক ভিত্তি প্ৰদান কৰিব। দীৰ্ঘম্যাদী তথ্য গৱেষণা আৰু প্ৰযুক্তিৰ প্ৰচাৰৰ প্ৰচেষ্টাৰ ফলপ্ৰসূতাৰ মূল্যায়ন কৰিবলৈও এই পদক্ষেপ উপযোগী হ'ব।

প্ৰতিষ্ঠানখনে নিয়মীয়াভাৱে বিভিন্ন ছয়াবিন প্ৰজাতিৰ প্ৰকৃত উৎপাদন সম্ভাৱনা মূল্যায়ন কৰিবলৈ, উন্নত প্ৰযুক্তিৰ প্ৰভাৱ বুজিবলৈ আৰু কৃষকসকলক উচ্চ উৎপাদনশীল প্ৰজাতি তথা বৈজ্ঞানিক উৎপাদন পদ্ধতিৰ বিষয়ে তথ্য প্ৰচাৰ কৰিবলৈ এনে অনুষ্ঠানৰ আয়োজন কৰে। এই পদক্ষেপে ছয়াবিন গৱেষণা, কৃষি সম্প্ৰসাৰণ সেৱা আৰু কৃষকসকলৰ মাজত বৈজ্ঞানিক জ্ঞানৰ প্ৰচাৰৰ মাজত সমন্বয় শক্তিশালী কৰাত সহায় কৰিব। ছয়াবিন শস্য চপোৱা দিৱসৰ প্ৰাথমিক উদ্দেশ্য আছিল উন্নত প্ৰকাৰৰ উৎপাদন সম্ভাৱনাৰ মূল্যায়ন কৰা আৰু উৎপাদন তথ্যৰ পদ্ধতিগত সংগ্ৰহৰ জৰিয়তে উৎপাদনশীলতা বৃদ্ধিৰ বাবে এক বৈজ্ঞানিক ভিত্তি স্থাপন কৰা। বিভিন্ন ধৰণৰ প্ৰদৰ্শন আৰু বিভিন্ন উৎপাদন পৰিস্থিতিৰ প্ৰভাৱৰ বিষয়ে ভালদৰে বুজ ল’বলৈ শস্য চপোৱাৰ পৰা পোৱা তথ্যসমূহৰ অধিক বিশ্লেষণ কৰা হ’ব ।

*****

SS/MS/DD


(ৰিলিজ আই ডি : 2323032) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Telugu