যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াৰ নেতৃত্বত যুৱপ্ৰজন্মৰ ফিটনেছ কাৰ্যসূচী, ড্ৰাগছ বিৰোধী শপত আৰু ৫.৫ কিলোমিটাৰ জোৰা চাইকেল ৰেলী

বাৰাণসীত ৯৪ সংখ্যক ‘ফিট ইণ্ডিয়া ছানডেজ অন চাইকেল’ৰ জৰিয়তে ‘বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱপ্ৰজন্ম’ৰ বাৰ্তা প্ৰচাৰ

পোষ্ট কৰা হৈছে: 11 OCT 2026 1:37PM by PIB Guwahati

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই বাৰাণসীত ৯৪ সংখ্যক ‘ফিট ইণ্ডিয়া ছানডেজ অন চাইকেল’ৰ নেতৃত্ব দিয়ে। ড্ৰাগছমুক্ত যুৱপ্ৰজন্ম আৰু এখন সুস্থ ভাৰতৰ বাৰ্তা প্ৰচাৰৰ উদ্দেশ্যে আয়োজিত এই কাৰ্যসূচীত ৫০০ তকৈ অধিক চাইকেল আৰোহী আৰু ১,০০০ ৰো অধিক লোকে অংশগ্ৰহণ কৰে। ‘বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱপ্ৰজন্ম’ শীৰ্ষক মূল বিষয়বস্তুৰে অনুষ্ঠিত এই কাৰ্যসূচীত ২০২৬ চনৰ আইচি-নাগোয়া এছিয়ান গেমছৰ পদক বিজয়ী শ্ৰীমতী প্ৰাচী চৌধুৰী, শ্ৰীমতী পাৰুল চৌধুৰী, শ্ৰী জয় কুমাৰ আৰু শ্ৰী ৰাজ কুমাৰ পালকে ধৰি আন কেইবাজনো বিশিষ্ট খেলুৱৈয়ে অংশ লয়।

পুৱা ৬:০০ বজাত নমো ঘাটত হায়দৰাবাদৰ কানহা শান্তিবনমৰ হাৰ্টফুলনেছ ইনষ্টিটিউটৰ যুৱ পৰিক্ৰমা বিভাগৰ সঞ্চালক ড০ নিবেদিতা শ্ৰেয়াঞ্চৰ নেতৃত্বত অনুষ্ঠিত ধ্যান সত্ৰৰে এই অনুষ্ঠানৰ শুভাৰম্ভ হয়।ইয়াত এক সুস্থ জীৱন-যাপনৰ বাবে শাৰীৰিক সুস্থতাৰ সমান্তৰালকৈ মানসিক সুস্থতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। ইয়াৰ পিছতে এক আকৰ্ষণীয় কথক নৃত্য পৰিৱেশন আৰু উৎসাহপূৰ্ণ জুম্বা সত্ৰ অনুষ্ঠিত হয় ৷ ইয়াত সামগ্ৰিক সুস্থতাক উৎসাহিত কৰাৰ লক্ষ্যৰে সাংস্কৃতিক প্ৰকাশভংগী, শাৰীৰিক কচৰৎ আৰু সামূহিক অংশগ্ৰহণক একত্ৰিত কৰা হয়।

উপস্থিত সমাৱেশক সম্বোধন কৰি ড০ মাণ্ডৱিয়াই যুৱপ্ৰজন্মক শাৰীৰিক সুস্থতাক দৈনিক জীৱনৰ অংশ কৰি ল’বলৈ আৰু এক স্বাস্থ্যকৰ জীৱনশৈলী আঁকোৱালি ল’বলৈ আহ্বান জনায়। নিচামুক্ত সমাজ এখনৰ গুৰুত্বৰ ওপৰত জোৰ দি মন্ত্ৰীগৰাকীৰ লগতে অংশগ্ৰহণকাৰীসকলে নিচামুক্ত ভাৰতৰ শপত গ্ৰহণ কৰে আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ প্ৰতিহত কৰি এক ড্ৰাগছমুক্ত প্ৰজন্ম গঢ়ি তোলাৰ সামূহিক সংকল্প পুনৰ দোহাৰে। ভাষণৰ অন্তত ড০ মাণ্ডৱিয়াই বাৰাণসীৰ ৰাজপথেৰে ‘বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱপ্ৰজন্ম’ৰ বাৰ্তা লৈ নমো ঘাটৰ পৰা সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়লৈ চাইকেল ৰেলীৰ নেতৃত্ব দিয়ে।

এই অনুষ্ঠানত ২০২৬ চনৰ আইচি-নাগোয়া এছিয়ান গেমছৰ বিশিষ্ট পদক বিজয়ীসকলক সম্বৰ্ধনা জনাই ভাৰতৰ ক্ৰীড়া সাফল্যকো উদযাপন কৰা হয়। সম্বৰ্ধিত খেলুৱৈসকলৰ ভিতৰত আছিল মহিলাৰ ৪০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক বিজয়ী শ্ৰীমতী প্ৰাচী চৌধুৰী; মহিলাৰ ৩০০০ মিটাৰ ষ্টিপলচেজ আৰু ৫০০০ মিটাৰ দৌৰত দুটাকৈ ব্ৰঞ্জৰ পদক বিজয়ী শ্ৰীমতী পাৰুল চৌধুৰী; মিক্সড ৪×৪০০ মিটাৰ ৰিলেত ৰূপ আৰু পুৰুষৰ ৪×৪০০ মিটাৰ ৰিলেত ব্ৰঞ্জৰ পদক বিজয়ী শ্ৰী জয় কুমাৰ; আৰু ভাৰতীয় পুৰুষ হকী দলৰ হৈ সোণৰ পদক অৰ্জন কৰা শ্ৰী ৰাজ কুমাৰ পাল।

তেওঁলোকৰ উপস্থিতিয়ে অনুশাসন, অধ্যৱসায় আৰু নিষ্ঠাৰ  মূল্যবোধসমূহ তুলি ধৰে, যিয়ে ক্ৰীড়া ক্ষেত্ৰত উৎকৃষ্টতাৰ মূল ভেটি গঢ়ে; লগতে যুৱ অংশগ্ৰহণকাৰীসকলক সুস্থতা বজাই ৰাখিবলৈ আৰু স্বাস্থ্যকৰ জীৱনশৈলী বাছি ল’বলৈ অনুপ্ৰাণিত কৰে।

এই চাইকেল ৰেলীয়ে শাৰীৰিক সুস্থতাৰ বাৰ্তাক এক সামূহিক পদক্ষেপলৈ ৰূপান্তৰ কৰে, যিয়ে নাগৰিকসকলক সক্ৰিয় জীৱনশৈলী বাছি ল’বলৈ আৰু নিচামুক্ত সমাজৰ বাৰ্তাবাহক হ’বলৈ উৎসাহিত কৰে। সফল খেলুৱৈসকলক সাধাৰণ সমাজৰ কাষ চপাই আনি ‘ফিট ইণ্ডিয়া ছানডেজ অন চাইকেল’ কাৰ্যসূচীয়ে যুৱপ্ৰজন্মক এনে ক্ৰীড়া আদৰ্শসকলৰ সৈতে মত বিনিময় কৰাৰ আৰু তেওঁলোকৰ সংগ্ৰামী যাত্ৰাৰ পৰা অনুপ্ৰেৰণা লাভ কৰাৰ এক সুযোগো প্ৰদান কৰে।

এই ৯৪ সংখ্যক সংস্কৰণে এই বাৰ্তা পুনৰ স্পষ্ট কৰি দিয়ে যে সুস্থতা কেৱল শাৰীৰিক কচৰতৰ মাজতেই সীমাবদ্ধ নহয়; ই এনে এক জীৱনধাৰা যিয়ে অনুশাসন, মানসিক সুস্থতা আৰু দায়িত্বশীল সিদ্ধান্ত গ্ৰহণক উৎসাহিত কৰে। চাইকেল চলোৱা, সাংস্কৃতিক প্ৰকাশভংগী, ধ্যান আৰু নিচামুক্ত ভাৰতৰ শপতৰ সমন্বিত বাৰ্তাৰে এই কাৰ্যসূচীত যুৱপ্ৰজন্মক নিচাযুক্ত দ্ৰব্য পৰিহাৰ কৰিবলৈ, স্বাস্থ্যকৰ অভ্যাস গঢ়ি তুলিবলৈ আৰু ‘বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱপ্ৰজন্ম’ গঢ়াত সক্ৰিয় ভূমিকা পালন কৰিবলৈ আহ্বান জনোৱা হয়।

*****

Ayushman Kumar/MM


(ৰিলিজ আই ডি : 2322043) অতিথি কক্ষ : 14