ৰেল মন্ত্ৰালয়
ভাৰতীয় ৰে’লৱেৰ ৩,৫৪৮টা স্নাতক পৰ্যায়ৰ এনটিপিচি খালী পদৰ ঘোষণা; উচ্চাকাংক্ষী যুৱক-যুৱতীসকলৰ বাবে মুকলি হ’ল কেৰিয়াৰৰ নতুন সুযোগ
২,৭৫০টা পদৰ সৈতে তালিকাত শীৰ্ষত গুডছ ট্ৰেইন মেনেজাৰ
যোগ্য প্ৰাৰ্থীৰ বাবে বয়সৰ ৰেহাই, সংৰক্ষণৰ সুবিধা আৰু পৰীক্ষাৰ মাচুল ঘূৰাই দিয়াৰ ব্যৱস্থাসহ মেধাভিত্তিক বাছনি
অনলাইন আবেদন প্ৰক্ৰিয়া ২০২৬ চনৰ ৬ নৱেম্বৰলৈকে খোলা থাকিব
পোষ্ট কৰা হৈছে:
11 OCT 2026 11:16AM by PIB Guwahati
ৰে’লৱে নিযুক্তি ব’ৰ্ডসমূহ (আৰআৰবি)-এ জাৰি কৰা কেন্দ্ৰীয় নিয়োগ অধিসূচনা (চিইএন) নং ০৬/২০২৬ৰ জৰিয়তে নন-টেকনিকেল পপুলাৰ কেটেগৰীজ (এনটিপিচি–স্নাতক)ৰ অধীনত ৩,৫৪৮টা স্নাতক পৰ্যায়ৰ পদ খালী হোৱাৰ কথা ঘোষণা কৰিছে ভাৰতীয় ৰে’লৱেই। এই নিযুক্তিয়ে যোগ্য স্নাতকসকলক ভাৰতীয় ৰে’লৱেত নিজৰ কেৰিয়াৰ গঢ়াৰ লগতে দেশৰ অন্যতম বৃহৎ ৰাজহুৱা সেৱা প্ৰতিষ্ঠানখনৰ কাৰ্যপ্ৰণালীত অৱদান যোগোৱাৰ এক সুবৰ্ণ সুযোগ প্ৰদান কৰিছে।
এই নিযুক্তি প্ৰক্ৰিয়াই চাৰিটা শ্ৰেণীৰ পদ সামৰি লৈছে, যাৰ ভিতৰত আছে চীফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ, গুডছ ট্ৰেইন মেনেজাৰ, জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট কাম টাইপিষ্ট আৰু ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট। এই পদসমূহে বাণিজ্যিক সেৱা, ৰে’ল পৰিচালনা, একাউণ্টছ আৰু প্ৰশাসন বিভাগত কেৰিয়াৰৰ সুযোগ সৃষ্টি কৰি দেশজুৰি ৰে’ল সেৱা সুচাৰুৰূপে চলোৱাত সহায় কৰিব।
মুঠ ৩,৫৪৮টা পদৰ ভিতৰত ২,৭৫০টা পদ গুডছ ট্ৰেইন মেনেজাৰৰ বাবে, ইয়াৰ পিছতে ৩৭১টা পদ ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, ৩০০টা পদ জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট কাম টাইপিষ্ট আৰু ১২৭টা পদ চীফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰৰ । এই খালী পদসমূহে স্নাতক উত্তীৰ্ণসকলক ৰে’ল পৰিচালনা আৰু প্ৰশাসনৰ বিভিন্ন বিভাগত কাম কৰাৰ সুযোগ প্ৰদান কৰিব।
সপ্তম কেন্দ্ৰীয় বেতন আয়োগৰ অধীনত এই পদসমূহৰ প্ৰাৰম্ভিক মূল বেতন নিৰ্ধাৰণ কৰা হৈছে। পে’ লেভেল ৬ৰ অধীনত চীফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ পদৰ মাহেকীয়া প্ৰাৰম্ভিক মূল বেতন ৩৫,৪০০ টকা, আনহাতে পে’ লেভেল ৫ৰ অধীনৰ বাকী তিনিটা শ্ৰেণীৰ পদৰ মাহেকীয়া প্ৰাৰম্ভিক মূল বেতন হৈছে ২৯,২০০ টকা। তদুপৰি অন্যান্য প্ৰযোজ্য ভাট্টা আৰু সেৱাৰ চৰ্তসমূহ ৰে’লৱেৰ প্ৰাসংগিক নিয়ম অনুসৰি প্ৰদান কৰা হ’ব।
গুৰুত্বপূৰ্ণ তাৰিখ আৰু যোগ্যতাৰ মাপকাঠি
অনলাইন আবেদন প্ৰক্ৰিয়া ২০২৬ চনৰ ৮ অক্টোবৰৰ পৰা আৰম্ভ হৈছে আৰু যোগ্য প্ৰাৰ্থীসকলে ২০২৬ চনৰ ৬ নৱেম্বৰৰ নিশা ১১:৫৯ বজালৈকে নিজৰ আবেদন দাখিল কৰিব পাৰিব। পৰীক্ষাৰ মাচুল পৰিশোধৰ অন্তিম তাৰিখ হৈছে ৮ নৱেম্বৰ ২০২৬, আনহাতে আবেদন পত্ৰ সংশোধনৰ সময়সীমা ৯ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰ ২০২৬লৈ নিৰ্ধাৰণ কৰা হৈছে।
প্ৰাৰ্থীসকলে কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী বা সমপৰ্যায়ৰ অৰ্হতাসম্পন্ন হোৱাৰ লগতে পদভিত্তিক নিৰ্ধাৰিত অন্যান্য যোগ্যতাসমূহ পূৰণ কৰিব লাগিব। ২০২৭ চনৰ ১ জানুৱাৰীত প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ৩৩ বছৰৰ ভিতৰত হ’ব লাগিব আৰু নিৰ্ধাৰিত নিয়ম অনুসৰি যোগ্য শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে বয়সৰ ৰেহাই প্ৰযোজ্য হ’ব।
যোগ্য স্নাতক প্ৰাৰ্থীসকলক সবিশেষ অধিসূচনাখন পৰীক্ষা কৰি, নিজৰ পছন্দৰ পদসমূহৰ বাবে প্ৰয়োজনীয় চৰ্তসমূহ চাই নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
মেধাভিত্তিক বাছনি আৰু যোগ্য প্ৰাৰ্থীসকলৰ বাবে বিশেষ ব্যৱস্থা
বাছনি প্ৰক্ৰিয়াটোত প্ৰথম পৰ্যায়ৰ কম্পিউটাৰ ভিত্তিক পৰীক্ষা (চিবিটি), দ্বিতীয় পৰ্যায়ৰ চিবিটি আৰু প্ৰযোজ্য অনুসৰি নথি-পত্ৰ পৰীক্ষণ তথা স্ৱাস্থ্য পৰীক্ষা অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰাৰ্থীৰ মেধা আৰু নিৰ্ধাৰিত যোগ্যতাৰ চৰ্তসমূহ পূৰণৰ ভিত্তিত এই বাছনি সম্পন্ন কৰা হ’ব। নিযুক্তি প্ৰক্ৰিয়াৰ নিয়ম অনুসৰি যোগ্য প্ৰাৰ্থীসকলৰ বাবে প্ৰযোজ্য সংৰক্ষণ আৰু বয়সৰ ৰেহাইৰ সুবিধা থকাৰ লগতে বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলৰ বাবে স্ক্ৰাইব সহায় আৰু ক্ষতিপূৰক সময়ৰ সুবিধাও প্ৰদান কৰা হৈছে।
চিইএন নং ০৬/২০২৬ৰ অধীনত আন এক উল্লেখযোগ্য ব্যৱস্থা হৈছে জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট কাম টাইপিষ্ট আৰু ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট পদৰ বাবে কম্পিউটাৰভিত্তিক টাইপিং দক্ষতা পৰীক্ষা (চিবিটিএছটি) বাতিল কৰা হৈছে। তথাপি প্ৰাৰ্থীসকলৰ কম্পিউটাৰ আৰু টাইপিং সম্পৰ্কীয় মৌলিক জ্ঞান থকাটো প্ৰত্যাশিত, যি অধিসূচনাত উল্লেখ থকা অনুসৰি চাকৰিত যোগদান কৰাৰ পাছত নিৰূপণ কৰা হ’ব।
নিযুক্তি সম্পৰ্কীয় তথ্য লাভৰ বাবে অফিচিয়েল ডিজিটেল প্লেটফৰ্মসমূহ
প্ৰাৰ্থীসকলে ৰে’লৱে নিযুক্তি ব’ৰ্ (আৰআৰবি)ৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে সবিশেষ অধিসূচনা, পদসমূহৰ বিতৰণ, যোগ্যতাৰ মাপকাঠি আৰু নিযুক্তি সম্পৰ্কীয় শেহতীয়া তথ্য লাভ কৰিব পাৰিব:
প্ৰাৰ্থীসকলক নিযুক্তি সম্পৰ্কীয় নিৰ্ভৰযোগ্য তথ্য আৰু শেহতীয়া জাননীৰ বাবে কেৱল এই অফিচিয়েল প্লেটফৰ্মসমূহ চাবলৈ পৰামৰ্শ দিয়া হৈছে।
*****
Dharmendra Tewari/ Dr. Nayan Solanki/ Ritu Raj/MM
(ৰিলিজ আই ডি : 2321931)
অতিথি কক্ষ : 4