যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

মাই ভাৰত(MY Bharat)–এন এছ এছ(NSS)ৰ উদ্যোগত নিচামুক্ত যুৱ অভিযানৰ প্ৰথম মাহৰ সামৰণি; দেশজুৰি ‘যুৱ সংবাদ মেলা’ৰ জৰিয়তে ১.০৬ লাখৰো অধিক লোকক সামৰি লোৱা হয়

পোষ্ট কৰা হৈছে: 10 OCT 2026 4:35PM by PIB Guwahati

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে মাই ভাৰত(MY Bharat)আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি(NSS)ৰ জৰিয়তে ৯ অক্টোবৰত দেশজুৰি ‘যুৱ সংবাদ মেলা’ সফলতাৰে আয়োজন কৰে। ‘মোৰ স্বাস্থ্য, মোৰ গৌৰৱ’ শীৰ্ষক বিষয়বস্তুৰে ৰূপায়ণ কৰা ১০০ সপ্তাহজোৰা সংকল্প অভিযানৰ প্ৰথম মাহৰ সামৰণি উপলক্ষে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়।

নিৰ্ধাৰিত ২০০খন প্ৰতিষ্ঠান আৰু সেই প্ৰতিষ্ঠানসমূহে গ্ৰহণ কৰা গাঁওসমূহত অনুষ্ঠিত এই পদক্ষেপৰ জৰিয়তে মুঠ ১,০৬,৮৫৫ গৰাকী অংশগ্ৰহণকাৰীক সামৰি লোৱা হয়। এই কাৰ্যসূচীত যুৱক-যুৱতী আৰু সমাজৰ প্ৰতিনিধিসকলে একেলগে অংশগ্ৰহণ কৰি নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ প্ৰতিৰোধৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ লগতে এখন অধিক সুস্থ আৰু নিচামুক্ত সমাজ গঢ়ি তোলাৰ প্ৰচেষ্টাক শক্তিশালী কৰে।

এন এছ এছ(NSS)ৰ  ১৫টা আঞ্চলিক সঞ্চালকালয়ৰ অধীনত ৰূপায়ণ কৰা চতুৰ্থ সপ্তাহৰ এই কাৰ্যসূচী ২০০খন প্ৰতিষ্ঠানৰ লক্ষ্যৰ বিপৰীতে ১০০ শতাংশ সফলতাৰে ৰূপায়ণ কৰা হয়। এই পদক্ষেপত ৯৩,৬৬২ গৰাকী যুৱ অংশগ্ৰহণকাৰী জড়িত হোৱাৰ লগতে গাঁও আৰু বস্তি অঞ্চলত বিশেষ সজাগতা কাৰ্যসূচীৰ জৰিয়তে অতিৰিক্তভাৱে ১৩,১৯৩ গৰাকী নাগৰিকক সামৰি লোৱা হয়।

পৰম্পৰাগত শপত গ্ৰহণ কাৰ্যসূচীৰ পৰিসৰ অতিক্ৰম কৰি ‘যুৱ সংবাদ মেলা’ত নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে তথ্যভিত্তিক আলোচনা উৎসাহিত কৰাৰ বাবে পাৰস্পৰিক মত বিনিময়, ৰাজহুৱা সজাগতা আৰু সাংস্কৃতিক প্ৰকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

দেশজুৰি ৰূপায়ণ কৰা এই পদক্ষেপৰ তিনিটা প্ৰধান উপাদান আছিল— যুৱ সংলাপ, সজাগতা বিপণী আৰু সাংস্কৃতিক অনুষ্ঠান।

যুৱ সংলাপ (সংবাদ) কাৰ্যসূচীৰ অধীনত ৫০৯খন পাৰস্পৰিক আলোচনামূলক আলোচনা-চক্ৰ আৰু মুকলি মঞ্চৰ আয়োজন কৰা হয়। এই অনুষ্ঠানসমূহত ৩৬,০৮৬ গৰাকী যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰি নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ মূল কাৰণ, সমনীয়াৰ হেঁচা আৰু সম্প্ৰদায়ৰ নেতৃত্বত গ্ৰহণ কৰিব পৰা প্ৰতিৰোধমূলক কৌশলসমূহৰ বিষয়ে আলোচনা কৰে। এই আলোচনাসমূহত শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় নেতাসকলেও অংশগ্ৰহণ কৰে।

সজাগতা কাৰ্যসূচীৰ অধীনত এন এছ এছ(NSS)ৰ   স্বেচ্ছাসেৱকসকলে নিচাসক্তিৰ শাৰীৰিক আৰু মানসিক পৰিণতিৰ বিষয়ে তথ্য প্ৰচাৰ কৰাৰ লগতে উপলব্ধ পৰামৰ্শদানৰ সুবিধাসমূহৰ বিষয়ে অংশগ্ৰহণকাৰীসকলক অৱগত কৰিবলৈ ৩৯৬খন তথ্যভিত্তিক বিপণী আৰু কিয়স্ক স্থাপন কৰে। এই কাৰ্যসূচীসমূহৰ জৰিয়তে ৩২,৯০৯ গৰাকী অংশগ্ৰহণকাৰীক সামৰি লোৱা হয়।

এই প্ৰচেষ্টাসমূহৰ পৰিপূৰক হিচাপে বাটৰ নাট, চুটি নাট আৰু সংগীতানুষ্ঠানকে ধৰি ৫৮৭টা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। সৃষ্টিশীল আৰু স্থানীয় পৰিৱেশৰ সৈতে সংগতি থকা মাধ্যম ব্যৱহাৰ কৰি এই অনুষ্ঠানসমূহৰ জৰিয়তে ২৪,৯৪৪ গৰাকী লোকৰ মাজলৈ নিচামুক্ত ভাৰতৰ বাৰ্তা প্ৰেৰণ কৰা হয়।

এই অভিযানত সকলো লিংগৰ লোকৰ উল্লেখযোগ্য অংশগ্ৰহণো পৰিলক্ষিত হয়। প্ৰকাশিত তথ্য অনুসৰি, যুৱ অংশগ্ৰহণকাৰীসকলৰ ভিতৰত ৪৮,২৬৯ গৰাকী মহিলা আৰু ৪৫,৬১৮ গৰাকী পুৰুষ আছিল। ইয়াৰ দ্বাৰা দেশজুৰি ৰূপায়ণ কৰা এই সজাগতা অভিযানত যুৱতীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰতিফলন ঘটিছে।

তেওঁলোকৰ অংশগ্ৰহণৰ জৰিয়তে এন এছ এছ(NSS)ৰ    স্বেচ্ছাসেৱক আৰু যুৱক-যুৱতীসকলে স্বাস্থ্য, কল্যাণ আৰু সামূহিক দায়বদ্ধতাৰ বাৰ্তা শিক্ষানুষ্ঠান আৰু ইয়াৰ চৌপাশৰ সম্প্ৰদায়সমূহৰ মাজলৈ লৈ যোৱাত সহায় কৰে।

তৃণমূল পৰ্যায়ত গঢ়ি তোলা এই জনসজাগতা অভিযান ডিজিটেল মাধ্যমৰ জৰিয়তেও অধিক শক্তিশালী কৰা হয়। যুৱ দূতসকলে #NashaMuktYuva হেশ্বটেগ ব্যৱহাৰ কৰি সামাজিক মাধ্যমত ৯৩৫টা পোষ্ট প্ৰকাশ কৰে। এই ডিজিটেল প্ৰচেষ্টাসমূহে স্থানীয় কাৰ্যসূচীসমূহৰ দৃশ্যমানতা বৃদ্ধি কৰাৰ লগতে বৃহত্তৰ জনসমষ্টিৰ মাজত অভিযানৰ বাৰ্তা অধিক শক্তিশালী কৰাত সহায় কৰে।

প্ৰথম মাহৰ সফল সামৰণিয়ে ১০০ সপ্তাহীয়া সংকল্প অভিযানৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে। দ্বিতীয় মাহত ‘সুস্থ-সবল যুৱ, নিচামুক্ত যুৱ’ শীৰ্ষক বিষয়বস্তুৰ অধীনত শাৰীৰিক সক্ষমতা আৰু ক্ৰীড়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। এই পৰ্যায়ত যুৱক-যুৱতীসকলক সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লগতে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ প্ৰতিৰোধৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে শাৰীৰিক কাৰ্যকলাপৰ গুৰুত্ব উপলব্ধি কৰিবলৈ আহ্বান জনোৱা হ’ব।

মাই ভাৰত(MY Bharat),এন এছ এছ(NSS), শিক্ষানুষ্ঠান আৰু স্থানীয় সম্প্ৰদায়সমূহৰ নিৰন্তৰ অংশগ্ৰহণৰ জৰিয়তে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে যুৱ নেতৃত্বাধীন সজাগতা, সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু সামূহিক পদক্ষেপক অধিক শক্তিশালী কৰি আহিছে। ইয়াৰ লক্ষ্য হৈছে এখন অধিক সুস্থ, সৱল আৰু নিচামুক্ত ভাৰত গঢ়ি তোলা।

****

Pawan Singh Faujdar/PB


(ৰিলিজ আই ডি : 2321850) অতিথি কক্ষ : 6