ৰাজ্যসভা সচিবালয়
তাঞ্জানিয়াৰ আৰুছাত অনুষ্ঠিত আন্তঃসংসদীয় সংঘৰ ১৫৩সংখ্যক অধিৱেশনৰ পঞ্চম আৰু অন্তিম দিনৰ কাৰ্যসূচীত ভাৰতীয় সংসদীয় প্ৰতিনিধি দলৰ অংশগ্ৰহণ
ৰাজ্যসভাৰ উপাধ্যক্ষ শ্ৰী হৰিবংশৰ নেতৃত্বত ভাৰতীয় সংসদীয় প্ৰতিনিধি দলৰ ৯ অক্টোবৰত তাঞ্জানিয়াৰ আৰুছাত অনুষ্ঠিত আন্তঃসংসদীয় সংঘৰ ১৫৩সংখ্যক অধিৱেশনত অংশগ্ৰহণ
পোষ্ট কৰা হৈছে:
10 OCT 2026 1:10PM by PIB Guwahati
শ্ৰী হৰিবংশ আৰু প্ৰতিনিধি দলৰ সদস্যসকলে আন্তঃসংসদীয় সংঘৰ (আই পি ইউ) পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত আন্তঃসংসদীয় সংঘৰ সভাপতি নিৰ্বাচন আৰু বিশেষ বৈঠকসমূহৰ প্ৰতিবেদনকে ধৰি বাকী থকা কাৰ্যসূচীৰ বিষয়সমূহ আলোচনা কৰা হয়।
ৰাজ্যসভাৰ উপাধ্যক্ষ শ্ৰী হৰিবংশ, লোকসভাৰ সাংসদ শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু লোকসভাৰ সাংসদ শ্ৰীমতী কমলজিৎ ছেহৰাৱটে আন্তঃসংসদীয় সংঘৰ সভাপতি নিৰ্বাচনত ভাৰতৰ বাবে নিৰ্ধাৰিত তিনিটা ভোটদান কৰে।
গোপন বেলটৰ জৰিয়তে অনুষ্ঠিত নিৰ্বাচনৰ পিছত আন্তঃসংসদীয় সংঘৰ বিদায়ী সভাপতিগৰাকীয়ে অষ্ট্ৰেলিয়াৰ হাউছ অব ৰিপ্ৰেজেনটেটিভছৰ অধ্যক্ষ মিল্টন ডিক আই পি ইউৰ পৰৱৰ্তী সভাপতি নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে। নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ লগে লগে শ্ৰী হৰিবংশ আৰু ভাৰতীয় সংসদীয় প্ৰতিনিধি দলৰ আন সদস্যসকলে ব্যক্তিগতভাৱে ডিকক অভিনন্দন জনায় আৰু আই পি ইউৰ সভাপতি হিচাপে তেওঁৰ কাৰ্যকাল সফল হোৱাৰ কামনা কৰে।
ইয়াৰ পিছতে ৰাজ্যসভাৰ সাংসদ ড০ সস্মিত পাত্ৰই লোকসভাৰ মাননীয় অধ্যক্ষৰ তৰফৰ পৰা মিল্টন ডিকক এখন অভিনন্দন-পত্ৰ প্ৰদান কৰে। পৰিচালনা পৰিষদৰ বৈঠক সমাপ্ত হোৱাৰ পিছত অধিৱেশনৰ বৈঠকসমূহ অনুষ্ঠিত হয়। এই বৈঠকসমূহত আৰুছা ঘোষণাপত্ৰ গ্ৰহণ কৰা হয়; গণতন্ত্ৰ আৰু মানৱ অধিকাৰ বিষয়ক স্থায়ী সমিতিয়ে দাখিল কৰা “সকলোৰে বাবে অন্তৰ্ভুক্তিমূলক সামাজিক উন্নয়ন: প্ৰতিবন্ধী ব্যক্তিসকলৰ অধিকাৰ আৰু সৱলীকৰণৰ প্ৰসাৰৰ বাবে সংসদীয় কৌশল” শীৰ্ষক প্ৰস্তাৱ গ্ৰহণ কৰা হয়; আৰু জৰুৰী বিষয় হিচাপে দাখিল কৰা “জলবায়ুজনিত দুৰ্যোগৰে মোকাবিলা আৰু হিমালয় অঞ্চল তথা অন্যান্য বিপদাপন্ন অঞ্চলসমূহৰ সহনশীলতা শক্তিশালী কৰাৰ বাবে জৰুৰী সংসদীয় পদক্ষেপ” শীৰ্ষক প্ৰস্তাৱটোও গ্ৰহণ কৰা হয়। ইয়াৰ পিছতে তাঞ্জানিয়াৰ সংসদৰ অধ্যক্ষ তথা অধিৱেশনৰ সভাপতি মুছা আজ্জান জুংগুৱে অধিৱেশনৰ সামৰণি ঘোষণা কৰে। ৰাজ্যসভাৰ উপাধ্যক্ষ শ্ৰী হৰিবংশৰ নেতৃত্বত ভাৰতীয় সংসদীয় প্ৰতিনিধি দলটোৱে ৫ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ তাঞ্জানিয়াৰ আৰুছাত অনুষ্ঠিত আন্তঃসংসদীয় সংঘৰ ১৫৩সংখ্যক অধিৱেশনত অংশগ্ৰহণ কৰে। প্ৰতিনিধি দলটোৰ অংশগ্ৰহণ আছিল ফলপ্ৰসূ। দলটোৱে আন্তঃসংসদীয় সংঘৰ অধিৱেশনৰ প্ৰস্তাৱসমূহ আৰু অন্যান্য পদক্ষেপতো বৰঙনি আগবঢ়ায়।

*******
RKK/PB
(ৰিলিজ আই ডি : 2321770)
অতিথি কক্ষ : 12