কয়লা মন্ত্ৰালয়
শক্তি প্ৰকল্পলৈ কয়লাৰ যোগান অক্টোবৰত বৃদ্ধি
পোষ্ট কৰা হৈছে:
09 OCT 2026 10:54AM by PIB Guwahati
একাংশ সংবাদ মাধ্যমে শেহতীয়াভাৱে প্ৰকাশ কৰা প্ৰতিবেদনত ভাৰতত বিদ্যুতৰ নাটনিৰ বৰ্ধিত শংকাৰ কথা উল্লেখ কৰিছে। কিয়নো শক্তি প্ৰকল্পসমূহত কয়লাৰ পৰিমান হ্ৰাস পাইছে। এই সন্দৰ্ভত কয়লা মন্ত্ৰালয়ে কেতবোৰ বিষয় স্পষ্ট কৰিব বিচাৰিছে। মন্ত্ৰালয়ে কৈছে যে ‘ক্ৰিটিকেল ষ্টক’ টেগ হৈছে এটা নিয়মাৱলী-আধাৰিত ট্ৰিগাৰ (ষ্টক নিৰ্ধাৰিত সীমাতকৈ কম মজুত থকা উদ্যোগ) আৰু ইয়াক প্ৰকৃত ইন্ধনৰ অভাৱ বা উৎপাদনত লোকচান হোৱাৰ বহু আগতে, প্ৰকল্পসমূহক আগতীয়াকৈ চিহ্নিত কৰিবলৈ প্ৰস্তুত কৰা হৈছে। এই তালিকাত এটা প্ৰকল্পৰ নাম থকা মানে আগতীয়া সতৰ্কবাণী দিয়াহে; ই কয়লা শেষ হোৱা বা যোগান বন্ধ হোৱাৰ আসন্ন বিপদাশংকাৰ ইংগিত নহয়।
ছেপ্টেম্বৰ মাহৰ পৰা যোগানৰ ক্ষেত্ৰত হোৱা উন্নতিৰ সমান্তৰালভাৱে কয়লা মজুতৰ স্থিতিও চাব লাগিব। বিদ্যুৎ খণ্ডলৈ দৈনিক কয়লাৰ যোগান ছেপ্টেম্বৰৰ নূন্যতম পৰ্যায়ৰ পৰা প্ৰায় ৩৬ শতাংশ বৃদ্ধি পাইছে। এই বৃদ্ধি ছেপ্টেম্বৰৰ গড়তকৈ প্ৰায় ৯ শতাংশ অধিক। এই সময়ছোৱাত মজুত হ্ৰাসৰ হাৰো উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। একেৰাহে তিনি দিনত ৪৭০ ৰেক কয়লা যোগানৰ লক্ষ্যত উপনীত হ’বলৈ অক্টোবৰত প্ৰতিদিনে গড়ে ৪৬৫ ৰেকেৰে ৰেল লোডিং ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। পথ পৰিবহনকে ধৰি অন্যান্য মাধ্যমৰ জৰিয়তেও কয়লা যোগান উন্নত হৈছে।
মজুত হ্ৰাসৰ পৰিমাণ তীব্ৰভাৱে দৈনিক ছেপ্টেম্বৰত প্ৰতিদিনে ০.২৪৩ মেট্ৰিকটনৰ পৰা অক্টোবৰত প্ৰতিদিনে ০.১১৬ মেট্ৰিকটনলৈ হ্ৰাস পাইছে। সেয়েহে নতুন মজুত আৰম্ভ নোহোৱাকৈয়ে ইয়াৰ পৰিমাণ স্থিৰ হৈ আছে। নিৰবিচ্ছিন্ন বিদ্যুৎ উৎপাদন আৰু কয়লাৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰিবলৈ প্ৰয়োজন সাপেক্ষে কেতবোৰ শক্তি উৎপাদন উদ্যোগত কয়লাৰ পুনৰ বিতৰণৰ ব্যৱস্থা নিবিড়ভাৱে নিৰীক্ষণ কৰা হৈছে। বাৰিষা যাবলৈ ধৰাৰ লগে লগে, অক্টোবৰৰ মাজভাগৰ ভিতৰত (পৰম্পৰাগত প্ৰৱণতা অনুসৰি) সৰ্বাধিক চাহিদা মজলীয়া হ’ব বুলি আশা কৰাৰ লগে লগে প্ৰতিদিনে ৪৬৫-৪৭৫ ৰেক কয়লাৰ ধাৰাবাহিক যোগানে উৎপাদন স্থিৰ কৰিব আৰু উৎসৱ, শীতকাল আৰু পৰৱৰ্তী গ্ৰীষ্মকালীন চাহিদাৰ সময়ৰ পূৰ্বৰ মজুত পুনৰ সুস্থিৰ কৰি তোলাত সহায় কৰিব। ইয়াৰ ফলত সংকটাপন্ন শ্ৰেণীৰ বিদ্যুৎ উৎপাদন প্ৰকল্পৰ সংখ্যা হ্ৰাস পাব। কয়লা মন্ত্ৰালয়ে ৰেল মন্ত্ৰালয় আৰু শক্তি মন্ত্ৰালয়ৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক স্থাপনেৰে দেশৰ ক' তো বিদ্যুৎ উৎপাদনত বাধা নোহোৱাটো নিশ্চিত কৰিবলৈ কয়লাৰ যোগান আৰু অন্যান্য দিশবোৰ সক্ৰিয়ভাৱে নিৰীক্ষণ কৰি আছে।


***
Shuhaib T/PK
(ৰিলিজ আই ডি : 2321419)
অতিথি কক্ষ : 2