ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

৬ৰ পৰা ৮ অক্টোবৰলৈ হিমাচল প্ৰদেশ ভ্ৰমণ কৰিব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে

পোষ্ট কৰা হৈছে: 05 OCT 2026 8:00PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ২০২৬ চনৰ ৬ৰ পৰা ৮ অক্টোবৰলৈ হিমাচল প্ৰদেশ ভ্ৰমণ কৰিব ৷৬ অক্টোবৰত ৰাষ্ট্ৰপতিগৰাকীয়ে হিমাচল প্ৰদেশৰ বিলাসপুৰত অৱস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, বিলাসপুৰৰ প্ৰথমখন সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৷৭ অক্টোবৰত ৰাষ্ট্ৰপতিগৰাকীয়ে লাহৌল-স্পীতি জিলাৰ ৰোহটাংস্থিত অটল সুৰংগ পৰিদৰ্শন কৰিব ৷

 

***

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2319457) অতিথি কক্ষ : 4