প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে বিশাখাপট্টনমত প্ৰথমখন ফ্লীট ছাপৰ্ট জাহাজ এফএছএছ১ মুকলি কৰিব, এফএছএছ৫-ৰ তলি স্থাপন কৰিব আৰু উন্নীতকৃত শ্লিপৱে’-৪ তথা ৩০০ টন ক্ষমতাসম্পন্ন গোলিয়াথ ক্ৰেন উদ্বোধন কৰিব

পোষ্ট কৰা হৈছে: 05 OCT 2026 4:10PM by PIB Guwahati

ভাৰতৰ থলুৱা জাহাজ নিৰ্মাণ ক্ষমতাৰ এক গুৰুত্বপূৰ্ণ প্ৰদৰ্শন হিচাপে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ০৬ অক্টোবৰ ২০২৬ তাৰিখে বিশাখাপট্টনমৰ হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেডত প্ৰথমখন ফ্লীট ছাপৰ্ট জাহাজ এফএছএছ১ মুকলি কৰিব তথা পঞ্চমখন ফ্লীট ছাপৰ্ট জাহাজ এফএছএছ৫-ৰ তলি স্থাপন কৰিব আৰু লগতে উন্নীতকৃত শ্লিপৱে’-৪ তথা ৩০০ টন ক্ষমতাসম্পন্ন গোলিয়াথ ক্ৰেন উদ্বোধন কৰিব।

উন্নত ভাৰবহন ক্ষমতা আৰু বৰ্ধিত দৈৰ্ঘ্যৰে সজ্জিত উন্নীতকৃত শ্লিপৱে’-৪ আৰু ৩০০ টন ক্ষমতাসম্পন্ন গোলিয়াথ ক্ৰেনে শ্বিপয়াৰ্ডখনক ৪৫,০০০ ডিডব্লিউটিলৈকে ওজনৰ জাহাজ নিৰ্মাণ আৰু মুকলি কৰাত সহায় কৰিব, যাৰ ফলত বৃহৎ তথা জটিল জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত ইয়াৰ ক্ষমতা যথেষ্ট পৰিমাণে বৃদ্ধি পাব।

ভাৰতীয় নৌসেনাৰ বাবে নিৰ্মাণ কৰি থকা পাঁচখন ফ্লীট ছাপৰ্ট জাহাজৰ ভিতৰত প্ৰথমখন জাহাজ এফএছএছ১ ষ্টীল কটাৰ মাত্ৰ ১৮ মাহৰ পাছতেই বংগোপসাগৰৰ পানীত নামিব। ৪৩,৫০০ টন ওজনৰ এই জাহাজসমূহে সাগৰত যুঁজাৰু জাহাজসমূহত প্ৰয়োজনীয় সামগ্ৰী পুনৰ যোগান ধৰিব, যাৰ ফলত ভাৰত মহাসাগৰীয় অঞ্চলত নৌসেনাৰ স্থায়িত্ব আৰু শক্তিৰ পৰিসৰ বৃদ্ধি পাব। এফএছএছ৫-ৰ তলি স্থাপনৰ জৰিয়তে এই কাৰ্যসূচী ধাৰাবাহিক উৎপাদনৰ দিশে অগ্ৰসৰ হোৱাটো প্ৰতিফলিত হ'ব।

এই অনুষ্ঠানত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডু, নৌসেনা প্ৰধান এডমিৰেল কৃষ্ণা স্বামীনাথন আৰু প্ৰতিৰক্ষা উৎপাদন দপ্তৰৰ সচিব শ্ৰী সঞ্জীৱ কুমাৰকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব।

 

***

SR/PS/MM
 


(ৰিলিজ আই ডি : 2319455) অতিথি কক্ষ : 4