পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
ভাৰতত জন্মগ্ৰহণ কৰা চিতাই কুনো ৰাষ্ট্ৰীয় উদ্যানত জন্ম দিয়ে ৫টা স্বাস্থ্যকৰ সন্তান; ভাৰতৰ চিতাৰ সংখ্যা হ’লগৈ ৬০টা
ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ চিতাৰ সংখ্যাৰ বৃদ্ধিত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিঃ শ্ৰী ভূপেন্দ্র যাদৱ
পোষ্ট কৰা হৈছে:
05 OCT 2026 2:43PM by PIB Guwahati
প্ৰকল্প চিতাৰ বাবে আন এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন হ’ল, ভাৰতত জন্মগ্ৰহণ কৰা ৩২ মহীয়া চিতা কে জে পি ২১-এ আজি কুনো ৰাষ্ট্ৰীয় উদ্যানত পাঁচটা সুস্থ সন্তানৰ জন্ম দিয়ে, যাৰ ফলত ভাৰতত মুঠ চিতাৰ সংখ্যা ৬০টালৈ বৃদ্ধি পাইছে, যত ৪১টা ভাৰতত জন্মগ্ৰহণ কৰা চিতাও আছে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম 'এক্স’ত এটা পোষ্টত এই কথা প্ৰকাশ কৰি কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্র যাদৱে কয় যে কে জে পি-২১ হৈছে মুখী আৰু কে জি পি-১২ৰ পাছত ভাৰতত জন্মগ্ৰহণ কৰা তৃতীয়জনী মাইকী চিতা যিয়ে এটি সন্তান জন্ম দিয়ে। তেওঁ কয় যে ইয়ে ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ চিতাৰ সংখ্যা বৃদ্ধিত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে।
শ্ৰী যাদৱে কয় যে পাঁচটা চিতা পোৱালিৰ জন্মই ভাৰতত বটছৱানা বংশৰ আৰম্ভণিও চিহ্নিত কৰে, কিয়নো সিহঁতৰ পিতৃ এজন বটছৱানাা পুৰুষ চিতা। তেওঁ কয় যে ই ভাৰতৰ বৰ্ধিত চিতাৰ সংখ্যাত এক নতুন আনুবংশিক বংশ যোগ কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই উন্নয়নক ভাৰতৰ মাটিত জন্ম লোৱা চিতাৰ আন এটা প্ৰজন্ম বুলি বৰ্ণনা কৰি ভাৰতত চিতাৰ পুনৰ উত্থানৰ কাহিনীত এক নতুন অধ্যায় যোগ হোৱা বুলি কয়।
শ্ৰী যাদৱে পশু চিকিৎসক, ক্ষেত্ৰ কৰ্মচাৰী, ব্যৱস্থাপক আৰু প্ৰকল্প চিতাৰ সৈতে জড়িত সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে, যাৰ সমৰ্পণ, প্ৰতিশ্ৰুতি আৰু অক্লান্ত প্ৰচেষ্টাই এই উন্নয়ন সম্ভৱ কৰি তুলিছে।
VM/GS/US
(ৰিলিজ আই ডি : 2319451)
অতিথি কক্ষ : 5