পাৰমাণৱিক শক্তি বিভাগ
azadi ka amrit mahotsav

ভাৰতত ইউৰেনিয়াম খনন আৰু সংসাধনৰ ছয় দশক পূৰ্তি উপলক্ষ্যে ইউ চি আই এলৰ হীৰক জয়ন্তী উদযাপন

পোষ্ট কৰা হৈছে: 05 OCT 2026 8:31AM by PIB Guwahati
  • পাৰমাণৱিক শক্তি বিভাগৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ উদ্যোগ ভাৰতীয় ইউৰেনিয়াম নিগম লিমিটেডে হীৰক জয়ন্তী বৰ্ষ পালন কৰে। ১৯৬৭ চনৰ ৪ অক্টোবৰত প্ৰতিষ্ঠাৰ ছয় দশক উকলি যোৱা উপলক্ষে আৰু ভাৰতৰ পাৰমাণৱিক শক্তি কাৰ্যসূচীলৈ ইয়াৰ অৱদানৰ চিনস্বৰূপে এই অনুষ্ঠান উদযাপন কৰা হয়।
  • জাদুগুড়াত অনুষ্ঠিত অনুষ্ঠানেটাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পাৰমাণৱিক শক্তি আয়োগৰ সদস্য-বিত্ত শ্ৰীমতী সীমা জৈন। তেওঁ ডি এ ইৰ দ্বাৰা সাহাৰ্যপ্ৰাপ্ত সাহা পাৰমাণৱিক পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰস্তাৱিত ডাৰ্ক মেটাৰ লেব’ৰেটৰীৰ নতুন স্থান আৰু প্ৰযুক্তি প্ৰদৰ্শন পাইলট প্ৰকল্প পৰিদৰ্শন কৰে।
  • সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ বাবে এখন কৰ্মশালাৰ জৰিয়তে ইউচিআইএলৰ কাম-কাজ সন্দৰ্ভত অভিজ্ঞতা লাভৰ সুযোগ প্ৰদান কৰা হয়।
  • বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন বিশেষ ডি এ ই প্ৰযুক্তি প্ৰদৰ্শনীত পাৰমাণৱিক শক্তিৰ ঔদ্যোগিক আৰু সামাজিক প্ৰয়োগ প্ৰদৰ্শন কৰা হয়।
  • উদযাপন অনুষ্ঠানত ইউ চি আই এলৰ ইউৰেনিয়াম খনন আৰু প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত বিকশিত সামৰ্থ্য প্ৰদৰ্শন কৰা হয়। লগতে ভাৰতৰ পাৰমাণৱিক শক্তি কাৰ্যসূচীত ইয়াৰ ঐতিহাসিক আৰু অবিৰত অৱদানৰ বিষয়টো আলোকপাত কৰা হয়।

পাৰমাণৱিক শক্তি বিভাগৰ (ডিএই) অধীনস্থ ৰাজহুৱা খণ্ডৰ উদ্যোগ ভাৰতীয় ইউৰেনিয়াম নিগম লিমিটেডে (ইউচিআইএল) ইউৰেনিয়াম খনন আৰু প্ৰক্ৰিয়াকৰণৰ যাত্ৰাৰ ছয় দশক আৰু ভাৰতৰ পাৰমাণৱিক শক্তি কাৰ্যসূচীত বিশেষ অৱদানৰ ৬টা দশক উপলক্ষে ২০২৬ চনৰ ৪ অক্টোবৰত হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰে।

জাদুগুড়াত হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ সময়ত জ্যেষ্ঠ বিষয়া, বিজ্ঞানী, অভিযন্তা, কাৰিকৰী কৰ্মচাৰী, অন্যান্য কৰ্মচাৰী, সংবাদ মাধ্যমৰ ব্যক্তি আৰু অন্যান্য অংশীদাৰসকলে ইউ চি আই এলৰ প্ৰতিষ্ঠানিক যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্মৰণ কৰাৰ লগতে ভৱিষ্যতৰ সুযোগ আৰু অংশীদাৰী দায়িত্বসমূহৰ প্ৰতি লক্ষ্য ৰাখি একত্ৰিত হয়।

 

হীৰক জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল পাৰমাণৱিক শক্তি আয়োগৰ বিত্ত বিভাগৰ সদস্য শ্ৰীমতী সীমা জৈন। কাৰ্যসূচীৰ সময়ত, তেওঁ জাদুগুড়াৰ চি, আৰ এণ্ড ডি- প্ৰযুক্তি প্ৰদৰ্শন পাইলট প্ৰকল্প টি ডি পি পি আৰু জাদুগুড়াত ভূগৰ্ভস্থ খনিৰ ৮১৫ মিটাৰ স্তৰত ডাৰ্ক মেটাৰ গৱেষণাগাৰৰ প্ৰস্তাৱিত নতুন স্থান পৰিদৰ্শন কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি পাৰমাণৱিক শক্তি আয়োগৰ সদস্য- বিত্ত শ্ৰীমতী সীমা জৈনে কয়, "ইউ চি আই এলৰ হীৰক জয়ন্তী বৰ্ষ হৈছে ছয় দশকৰ বৈজ্ঞানিক সামৰ্থ্য, প্ৰতিষ্ঠানিক অভিজ্ঞতা আৰু ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত সেৱাৰ উদযাপন। ড০ হোমি জাহাঙ্গীৰ ভাৱা আৰু ভাৰতৰ ইউৰেনিয়াম খনন আৰু সংসাধন ক্ষমতাৰ ভেটি স্থাপন কৰা পথপ্ৰদৰ্শকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰো এইটো এক উপলক্ষ। পৃথিৱীৰ গভীৰৰ পৰা বৃহত্তৰ পাৰমাণৱিক শক্তি কাৰ্যসূচীলৈকে ইউ চি আই এলে ইউৰেনিয়াম খনন আৰু সংসাধনত থলুৱা সামৰ্থ্য গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ আৰু দায়িত্বশীল ভূমিকা পালন কৰিছে। এই ছয় দশকৰ ভিতৰত, ইউ চি আই এলৰ প্ৰজন্মই এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় প্ৰচেষ্টা বজাই ৰাখিবলৈ প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতি আৰু পৰিৱেশত কাম কৰি উল্লেখযোগ্য নিষ্ঠা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে। ভাৰতে পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ দিশত লক্ষ্য ৰখাৰ লগতে এই যাত্ৰাটো অব্যাহত ৰখা আৰু আত্মবিশ্বাসৰে আগবাঢ়ি গৈ জনসাধাৰণ, প্ৰযুক্তি আৰু ব্যৱস্থাসমূহক স্বীকৃতি দিয়াৰ এক সুযোগ।"

পাৰমাণৱিক শক্তি বিভাগৰ সচিব তথা পাৰমাণৱিক শক্তি আয়োগৰ অধ্যক্ষ ড০ অজিত কুমাৰ মোহন্তীয়ে এই উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয়, "হীৰক জয়ন্তী বৰ্ষ হৈছে ইউ চি আই এলৰ অৱদানক স্বীকৃতি দিয়া আৰু ভাৰতে পাৰমাণৱিক শক্তি অভিযানত আগবাঢ়ি যোৱাৰ লগে লগে অব্যাহত উদ্ভাৱন আৰু সামৰ্থ্য নিৰ্মাণৰ গুৰুত্ব পুনৰ নিশ্চিত কৰাৰ এক উপলক্ষ।"

হীৰক জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল নাৰৱাপাহাৰৰ তথ্য কেন্দ্ৰত আয়োজিত সাংবাদিকৰ কৰ্মশালা আৰু লগতে ডি এ ই প্ৰযুক্তি প্ৰদৰ্শনী, যত ডি এ ইৰ গোট আৰু প্ৰতিষ্ঠানসমূহৰ পৰা উদ্ভাৱন হোৱা প্ৰযুক্তি আৰু প্ৰয়োগসমূহ প্ৰদৰ্শন কৰা হয়।

কৰ্মশালাটোৱে অংশগ্ৰহণকাৰী সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক ভাৰতৰ পাৰমাণৱিক শক্তি কাৰ্যসূচীৰ আঁৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জনসাধাৰণৰ ওচৰ চপাই নিয়ে। ই সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক বিজ্ঞানী, অভিযন্তা আৰু কাৰিকৰী বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰে আৰু বিস্তৃত পাৰমাণৱিক আৰু বিকিৰণ প্ৰযুক্তি পৰিৱেশতন্ত্ৰ গঠন কৰা প্ৰযুক্তি, প্ৰণালী আৰু প্ৰয়োগসমূহৰ বিষয়ে গভীৰভাৱে বুজাৰ সুযোগ প্ৰদান কৰে।

সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলে ইউ চি আই এলৰ ইউৰেনিয়াম খনন আৰু গুড়িকৰণৰ সুবিধা পৰিদৰ্শন কৰে, খনন কাৰ্য্যকলাপ, আকৰিক পৰিচালনা আৰু প্ৰক্ৰিয়াকৰণ প্ৰণালীৰ লগতে কাৰ্য্যকৰী স্থানসমূহত গ্ৰহণ কৰা প্ৰযুক্তি আৰু অনুশীলনৰ প্ৰত্যক্ষ সংস্পৰ্শ লাভ কৰে।

ইউ চি আই এলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ কাচাম আনন্দ ৰাওৱে কয়ঃ হীৰক জয়ন্তী বৰ্ষ ইউ চি আই এল পৰিয়ালৰ প্ৰতিজন সদস্যৰ বাবে এক গৌৰৱজনক মাইলৰ খুঁটি। ছয় দশকৰো অধিক সময় ধৰি ইউ চি আই এলে ইউৰেনিয়াম খনন আৰু সংসাধনৰ ক্ষেত্ৰত নিপুণতা আৰু আন্তঃগাঁথনি নিৰন্তৰভাৱে নিৰ্মাণ কৰি আহিছে, লগতে প্ৰযুক্তি, সুৰক্ষা আৰু পৰিৱেশ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ইয়াৰ সামৰ্থ্য শক্তিশালী কৰিছে। এই উপলক্ষে সংবাদ মাধ্যমৰ বাবে আমাৰ কাৰ্য্যকলাপ আৰু সুবিধাসমূহ মুকলি কৰি আমি বিশেষভাৱে আনন্দিত হৈছো। সাংবাদিকৰ কৰ্মশালা আৰু ডি এ ই প্ৰযুক্তি প্ৰদৰ্শনীয়ে বিজ্ঞান, প্ৰযুক্তি আৰু আমাৰ কাৰ্য্যকলাপৰ আঁৰৰ লোকসকলৰ সৈতে আৰু ডি এ ইৰ ব্যাপক অৱদানৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ সুযোগ প্ৰদান কৰিছে।"

 

 

১৯৬৭ চনত স্থাপিত ইউ চি আই এল ভাৰতৰ থলুৱা ইউৰেনিয়াম খনন আৰু সংসাধন ক্ষমতাৰ বিকাশৰ এক অবিচ্ছেদ্য অংশ হৈ আহিছে, যিয়ে ভাৰতৰ পাৰমাণৱিক শক্তি কাৰ্যসূচীৰ বাবে অত্যাৱশ্যকীয় সম্পদৰ আধাৰ প্ৰদান কৰিছে। হীৰক জয়ন্তী বৰ্ষ উদযাপনত ভূগৰ্ভস্থ আৰু মুকলি খনিৰ পৰা আৰম্ভ কৰি আকৰিক সংসাধন, প্ৰযুক্তিৰ বিকাশ, বৃত্তিগত সুৰক্ষা, বিকিৰণ সুৰক্ষা আৰু পৰিৱেশ ব্যৱস্থাপনালৈকে এক বিশেষ ৰাষ্ট্ৰীয় সামৰ্থ্যৰ বিকাশ চিহ্নিত কৰিছে।

ছয় দশকৰ অভিজ্ঞতা, সামৰ্থ্যৰ প্ৰতি এক অবিৰত প্ৰতিশ্ৰুতি আৰু ভাৰতৰ পাৰমাণৱিক শক্তি কাৰ্যসূচীৰ ভৱিষ্যতৰ দিশত এক নতুন যাত্ৰা। ইউৰেনিয়ামে পথ দেখুৱায়।

 

******

NKR/NM/US


(ৰিলিজ আই ডি : 2319046) অতিথি কক্ষ : 6