ৰাজ্যসভা সচিবালয়
azadi ka amrit mahotsav

শ্ৰী হৰিবংশৰ নেতৃত্বত ভাৰতীয় সংসদীয় প্ৰতিনিধি দলৰ তাঞ্জানিয়াত ১৫৩ সংখ্যক আন্তঃ সংসদীয় অধিৱেশনত অংশগ্ৰহণ

পোষ্ট কৰা হৈছে: 03 OCT 2026 12:56PM by PIB Guwahati

ৰাজ্যসভাৰ মাননীয় উপাধ্যক্ষ শ্ৰী হৰিবংশৰ নেতৃত্বত ভাৰতৰ এটা সংসদীয় প্ৰতিনিধি দল তাঞ্জানিয়া যুক্তৰাষ্ট্ৰৰ আৰুশালৈ ৰাওনা হৈছে। অহা ৫ৰ পৰা ৯ অক্টোবৰলৈ হ’বলগীয়া আন্তঃ সংসদীয় সংঘ (IPU)-ৰ ১৫৩সংখ্যক অধিৱেশন আৰু ইয়াৰ সৈতে সম্পৰ্কিত বৈঠকসমূহত প্ৰতিনিধি দলটোৱে অংশগ্ৰহণ কৰিব।

আইপিইউৰ এই অধিৱেশনে সমগ্ৰ বিশ্বৰ সাংসদসকলক একত্ৰিত কৰি ‘অন্তৰ্ভুক্তি, আস্থা আৰু সকলোৰে বাবে সমান সুযোগ নিশ্চিত কৰাৰ জৰিয়তে সুশাসন সুদৃঢ় কৰা আৰু সমাজৰ সবলীকৰণ’ শীৰ্ষক বিষয়ত আলোচনাৰ বাবে এখন উমৈহতীয়া মঞ্চ প্ৰদান কৰিব।

ভাৰতীয় প্ৰতিনিধি দলটোত আছে—ৰাজ্যসভাৰ মাননীয় উপাধ্যক্ষ শ্ৰী হৰিবংশ(প্ৰতিনিধি দলটোৰ নেতা), লোকসভাৰ সাংসদ শ্ৰী অনুৰাগ সিং ঠাকুৰ, লোকসভাৰ সাংসদ শ্ৰীমতী অপৰাজিতা সাৰংগী, ৰাজ্যসভাৰ সাংসদ ড° স্মিত পাত্ৰ, লোকসভাৰ সাংসদ ড° সঞ্জয় জয়ছোৱাল, লোকসভাৰ সাংসদ শ্ৰীমতী কমলজিত ছেহৰাৱত, লোকসভাৰ সাংসদ ড° লতা ৱানখেড়ে, লোকসভাৰ সাংসদ শ্ৰীমতী বিজুলী কলিতা মেধি আৰু লোকসভাৰ সাংসদ শ্ৰী এন কে প্ৰেমচন্দ্ৰন।

প্ৰতিনিধি দলটোৱে সমসাময়িক বিশ্বৰ প্ৰাসংগিক বিভিন্ন বিষয়ক লৈ বহল পৰিসৰৰ বৈঠক, পেনেল আলোচনা আৰু কৰ্মশালাত অংশগ্ৰহণ কৰাৰ লগতে এনে বিষয়সমূহৰ সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী দাঙি ধৰিব।

শ্ৰী হৰিবংশে পৰিচালনা পৰিষদৰ বৈঠক আৰু সাধাৰণ বিতৰ্কৰ লগতে জৰুৰী বিষয় সন্দৰ্ভত অনুষ্ঠিত বিতৰ্ক আৰু আই পি ইউৰ সভাপতি পদৰ প্ৰাৰ্থীসকলৰ সৈতে অনুষ্ঠিত শুনানিতো অংশগ্ৰহণ কৰিব।

ভাৰতীয় প্ৰতিনিধি দলৰ সদস্যসকলে গণতন্ত্ৰ আৰু মানৱ অধিকাৰ, শান্তি আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা, বহনক্ষম উন্নয়ন, নাৰীৰ অংশগ্ৰহণ, বিজ্ঞান আৰু প্ৰযুক্তি, সন্ত্ৰাসবাদ প্ৰতিৰোধ, স্বাস্থ্য, মানসিক স্বাস্থ্য, গুৰুত্বপূৰ্ণ খনিজ সম্পদ, কৃত্ৰিম বুদ্ধিমত্তা আৰু কৰ্মৰ ভৱিষ্যৎ, সামুদ্ৰিক নিৰাপত্তা, জলবায়ু পৰিৱৰ্তন আৰু পৰ্বত তথা মহাসাগৰীয় পৰিস্থিতিতন্ত্ৰৰ সুৰক্ষাকে ধৰি বিভিন্ন বিষয়ৰ আলোচনাত অংশগ্ৰহণ কৰিব।

ভাৰতীয় সংসদীয় প্ৰতিনিধিদলৰ এই অংশগ্ৰহণে আইপিইউৰ সৈতে ভাৰতৰ অবিৰত সম্পৰ্ক আৰু সংসদীয় গণতন্ত্ৰ, বহুপাক্ষিক আলোচনাৰ লগতে বিশ্ব শান্তি, উন্নয়ন, গণতন্ত্ৰ আৰু বিভিন্ন সম্প্ৰদায়ৰ সবলীকৰণৰ সৈতে জড়িত বিষয়সমূহক লৈ ভিন ভিন সংসদৰ মাজত সহযোগিতাৰ লেখিয়া বিষয়ৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে।

***

UD


(ৰিলিজ আই ডি : 2318800) অতিথি কক্ষ : 11