জল শক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

স্বচ্ছ ভাৰত দিৱসত কেন্দ্ৰীয় জল শক্তি দপ্তৰৰ মন্ত্ৰীৰ বিশেষ গাঁওসভাত অংশগ্ৰহণ

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিশেষ গাঁওসভাত ডি ডি ডব্লিউ এছৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ অংশগ্ৰহণ

পোষ্ট কৰা হৈছে: 03 OCT 2026 2:32PM by PIB Guwahati

স্বচ্ছ ভাৰত দিৱস উপলক্ষে ২ অক্টোবৰত গুজৰাটৰ নৱচাৰী জিলাৰ চিকলী ব্লকৰ মাজিগাম গাঁৱত অনুষ্ঠিত বিশেষ গাঁও সভাত কেন্দ্ৰীয় জল শক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী চি. আৰ. পাটিলে অংশগ্ৰহণ কৰে। সভাত গুজৰাট চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰী নৰেশ পেটেল, স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)-ৰ যুটীয়া সচিব তথা মিছন সঞ্চালক, জিলা উপায়ুক্ত আৰু জিলা উন্নয়ন বিষয়াৰ লগতে ৰাজ্য আৰু জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

বিশেষ গাঁও সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অনাময় কৰ্মীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতাক কেৱল এদিনীয়া অভিযান হিচাপে নলৈ দৈনন্দিন জীৱন, আচৰণ আৰু সামূহিক দায়িত্বৰ অবিচ্ছেদ্য অংশ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ সকলোকে এই বুলি সংকল্প ল’বলৈ আহ্বান জনায়, যে নিজেও আৱৰ্জনা নেপেলাব আৰু আনকো পেলাবলৈ নিদিব।

ভাষণত শ্ৰী পাটিলে মহাত্মা গান্ধীয়ে পৰিচ্ছন্নতাৰ সৈতে ‘স্বতন্ত্ৰতা’কো সমান গুৰুত্ব দিয়াৰ কথা স্মৰণ কৰে। তেওঁ কয় যে স্বাধীনতাৰ পিছত পৰিচ্ছন্নতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গ্ৰহণ কৰা হৈছে। স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে আৰম্ভ হোৱা সৰ্বভাৰতীয় জন আন্দোলনে গ্ৰাম্য অনাময় ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন আনিছে বুলি তেওঁ উল্লেখ কৰে। তৃণমূল পৰ্যায়ত জনসাধাৰণৰ অংশগ্ৰহণে এই অভিযানক অব্যাহতভাৱে শক্তিশালী কৰি আহিছে।

সভাত স্বচ্ছতাই সেৱা, ২০২৬ৰ সাফল্য, কঠিন আৱৰ্জনা ব্যৱস্থাপনা বিধি, ২০২৬ আৰু স্বচ্ছ সেৱা আংকলন সম্পৰ্কে আলোচনা কৰা হয়। স্বচ্ছ সেৱা আংকলন হৈছে গ্ৰাম পঞ্চায়ত পৰ্যায়ত বছৰি কৰা ডিজিটেল স্ব-মূল্যায়ন ব্যৱস্থা। এই সন্দৰ্ভত যুটীয়া সচিব তথা মিছন সঞ্চালকে উপস্থাপনাও আগবঢ়ায়।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গাঁও পঞ্চায়তখনত স্থাপন কৰা ‘Waste of Art’ প্ৰদৰ্শনী পৰিদৰ্শন কৰে। পৰিত্যক্ত সামগ্ৰীৰ সৃজনশীল পুনঃব্যৱহাৰৰ জৰিয়তে দায়িত্বশীল আৱৰ্জনা ব্যৱস্থাপনা সম্পৰ্কে জনসচেতনতা সৃষ্টিৰ লক্ষ্যৰে এই প্ৰদৰ্শনী আয়োজন কৰা হয়। ‘এক পেয় মা কে নাম’ কাৰ্যসূচীৰ অধীনত অনুষ্ঠিত গছপুলি ৰোপণ কাৰ্যসূচীত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী চি. আৰ. পাটিল আৰু স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)-ৰ যুটীয়া সচিব তথা মিছন সঞ্চালকে গছপুলি ৰোপণ কৰে। অনুষ্ঠানৰ শেষত বিশিষ্ট ব্যক্তি আৰু গাঁও সভাৰ অংশগ্ৰহণকাৰীসকলে একেলগে পৰিচ্ছন্নতাৰ শপত গ্ৰহণ কৰে।

২ অক্টোবৰত সমগ্ৰ গ্ৰাম্য ভাৰতত স্বচ্ছতাই সেৱা ২০২৬ ৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী হিচাপে বিশেষ গাঁও সভা অনুষ্ঠিত কৰা হয়। এই সভাসমূহত গ্ৰাম পঞ্চায়ত আৰু স্থানীয় ৰাইজে নিজৰ অঞ্চলৰ অনাময় আৰু আৱৰ্জনা ব্যৱস্থাপনা ব্যৱস্থা পৰ্যালোচনা কৰে। লগতে স্বচ্ছতাই সেৱা ২০২৬ ৰ ফলাফল, কঠিন আৱৰ্জনা ব্যৱস্থাপনা বিধি, ২০২৬ অনুসৰি উৎসস্থলতে চাৰিধৰণে আৱৰ্জনা পৃথকীকৰণৰ অগ্ৰগতি, বৃহৎ পৰিমাণৰ আৱৰ্জনা উৎপাদনকাৰীসকলৰ চিনাক্তকৰণ আৰু পঞ্জীয়ন, আৰু  অ’ ডি এফ প্লাছ (মডেল) গাঁও পঞ্চায়তত স্বচ্ছ সেৱা আংকলন সম্পৰ্কে আলোচনা কৰা হয়।

বিশেষ গাঁও সভাসমূহে স্থানীয় পৰ্যায়ত থকা অভাৱসমূহ চিনাক্ত কৰি সেই অনুসৰি প্ৰয়োজনীয় পদক্ষেপ পঞ্চায়ত উন্নয়ন পৰিকল্পনা, বিশেষকৈ গাঁও পঞ্চায়ত উন্নয়ন আচঁনিত অন্তৰ্ভুক্ত কৰাৰ সুযোগো প্ৰদান কৰে। ইয়াৰ জৰিয়তে তৃণমূল পৰ্যায়ত বিভিন্ন কাৰ্যসূচীৰ সমন্বিত ৰূপায়ণৰ ওপৰত গুৰুত্ব দিয়া হয়।

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বিশেষ গাঁওসভা

দাদৰা আৰু নগৰ হাৱেলী: খোৱাপানী আৰু অনাময় বিভাগৰ উপ-সচিবে ছায়লী গ্ৰাম পঞ্চায়তত অনুষ্ঠিত বিশেষ গাঁও সভাত অংশগ্ৰহণ কৰে। সভাত স্বচ্ছতাই সেৱা ২০২৬ আৰু কঠিন আৱৰ্জনা ব্যৱস্থাপনা বিধি, ২০২৬ সম্পৰ্কে আলোচনা কৰাৰ লগতে স্বচ্ছতাৰ শপত গ্ৰহণ আৰু অনাময় কৰ্মীসকলক সম্বৰ্ধনা জনোৱা হয়। তেওঁ এটা এছ টি পি পৰিদৰ্শন কৰাৰ লগতে ‘এক পেড় মা কে নাম’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত গছপুলি ৰোপণতো অংশগ্ৰহণ কৰে।

ঝাৰখণ্ড: খোৱাপানী আৰু অনাময় বিভাগৰ উপ-সচিবে ৰাঁচী জিলাৰ নামকুম ব্লকৰ ছিথিয়ো গ্ৰাম পঞ্চায়তৰ পিণ্ডাৰকোম গাঁৱত অনুষ্ঠিত বিশেষ গাঁও সভাত অংশগ্ৰহণ কৰে। সভাত স্বচ্ছ সেৱা আংকলনৰ খচৰা আৰু চিনাক্ত হোৱা অভাৱসমূহ পূৰণৰ প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰা হয়। অনাময় কৰ্মীসকলক সম্বৰ্ধনা, স্বচ্ছতাৰ শপত গ্ৰহণ, ‘এক পেড় মা কে নাম’ৰ অধীনত গছপুলি ৰোপণ আৰু অনাময় সম্পদসমূহ পৰিদৰ্শনো কাৰ্যসূচীৰ অংশ আছিল।

হাৰিয়ানা: খোৱাপানী আৰু অনাময় বিভাগৰ উপ-সচিবে পালৱাল জিলাৰ পালৱাল ব্লকৰ ৰতিপুৰ গাঁৱত অনুষ্ঠিত বিশেষ গাঁও সভাত অংশগ্ৰহণ কৰে। ইয়াত গছপুলি ৰোপণ কাৰ্যসূচী আৰু আৱৰ্জনা পৃথকীকৰণ শ্বেড পৰিদৰ্শনৰ লগতে স্বচ্ছ সেৱা আংকলন, কঠিন আৱৰ্জনা ব্যৱস্থাপনা বিধি, ২০২৬ আৰু স্থানীয় অনাময় ব্যৱস্থাৰ বিষয়ে ৰাইজৰ সৈতে মত-বিনিময় কৰা হয়।

মধ্য প্ৰদেশ: খোৱাপানী আৰু অনাময় বিভাগৰ সহায়ক পৰামৰ্শদাতাই ভূপাল জিলাৰ ফাণ্ডা ব্লকৰ মুগালিয়া হাট আৰু ঝিৰনিয়া গ্ৰাম পঞ্চায়তত অনুষ্ঠিত বিশেষ গাঁও সভাত অংশগ্ৰহণ কৰে। সভাত অংশগ্ৰহণকাৰীসকলে স্বচ্ছতাৰ শপত গ্ৰহণ কৰাৰ লগতে স্বচ্ছতাই সেৱা ২০২৬, কঠিন আৱৰ্জনা ব্যৱস্থাপনা বিধি, ২০২৬ আৰু স্বচ্ছ সেৱা আংকলন সম্পৰ্কে আলোচনা কৰে। ভ্ৰমণৰ সময়ত গছপুলি ৰোপণ কাৰ্যসূচী আৰু এটা আৱৰ্জনা পৃথকীকৰণ শ্বেডো পৰিদৰ্শন কৰা হয়।

***

PS/AK/UD


(ৰিলিজ আই ডি : 2318772) অতিথি কক্ষ : 10