প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত কেপ্টেইন স্মিত মাচ্ছৰৰ সাহসিকতাৰ প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
01 OCT 2026 4:19PM by PIB Guwahati
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কেপ্টেইন স্মিত মাচ্ছৰে বিশ্বৰ সন্মুখত সাহসিকতাৰ সৰ্বোচ্চ নিদৰ্শন দাঙি ধৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে নিজৰ জীৱনকো তুচ্ছ কৰি কেপ্টেইন মাচ্ছৰে সাহসেৰে যুঁজ দিয়ে আৰু আন এক ৯/১১ৰ দৰে আক্ৰমণ সংঘটিত হোৱাত বাধা প্ৰদান কৰিছিল। শ্ৰী মোদীয়ে কয় যে ১৪০ কোটি ভাৰতীয়ই কেপ্টেইন স্মিত মাচ্ছৰক সন্মান জনাইছে আৰু তেওঁৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত দিয়া বাৰ্তাত কয়—
“কেপ্টেইন স্মিত মাচ্ছৰে বিশ্বৰ সন্মুখত সাহসিকতাৰ সৰ্বোচ্চ নিদৰ্শন দাঙি ধৰিছে। নিজৰ জীৱনৰ প্ৰতি ভয় নকৰি তেওঁ সাহসেৰে যুঁজ দিয়ে আৰু আন এক ৯/১১ৰ দৰে আক্ৰমণ সংঘটিত হোৱাত বাধা প্ৰদান কৰিছিল।১৪০ কোটি ভাৰতীয়ই কেপ্টেইন স্মিতক সন্মান জনাইছে আৰু তেওঁৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।”
****
MJPS/SS/ST/DM
(ৰিলিজ আই ডি : 2318294)
অতিথি কক্ষ : 10