প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছত ৰিকাৰ্ভ মিক্সড দলীয় শিতানত ৰূপৰ পদক জয় কৰাৰ বাবে ধীৰাজ বোম্মাদেৱৰা আৰু কুমকুম অনিল মহদোক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
02 OCT 2026 1:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত ৰিকাৰ্ভ মিক্সড দলীয় শিতানত ৰূপৰ পদক লাভ কৰাৰ বাবে ধীৰাজ বোম্মাদেৱৰা আৰু কুমকুম অনিল মহদোক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দক্ষতাপূৰ্ণ আৰু উদ্যমী প্ৰদৰ্শন কৰি এছিয়ান গেমছৰ এই শিতানত ভাৰতক প্ৰথমবাৰৰ বাবে ৰূপৰ পদক প্ৰদান কৰে।
শ্ৰী মোদীয়ে এই স্মৰণীয় কৃতিত্বৰ বাবে দুয়োগৰাকী ধনুৰ্বিদক অভিনন্দন জনায় আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়;
‘এক সুন্দৰ ৰূপ!
এছিয়ান গেমছত ৰিকাৰ্ভ মিক্সড দলীয় শিতানত ৰূপৰ পদক লাভ কৰাৰ বাবে ধীৰাজ বোম্মাদেৱৰা আৰু কুমকুম অনিল মহোদক লৈ গৌৰৱান্বিত।
তেওঁলোকে উল্লেখযোগ্য দক্ষতা আৰু উদ্যম প্ৰদৰ্শন কৰি এছিয়ান গেমছৰ এই শিতানত আমাৰ দেশক প্ৰথমবাৰৰ বাবে ৰূপৰ পদক প্ৰদান কৰিলে।
এই স্মৰণীয় কৃতিত্বৰ বাবে আমাৰ দুয়োগৰাকী ধনুৰ্বিদক অভিনন্দন জনাইছো আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছোঃ প্ৰধানমন্ত্ৰী
MJPS/SS/ST/MK
(ৰিলিজ আই ডি : 2318287)
অতিথি কক্ষ : 3