প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছত মহিলাৰ ৰিকাৰ্ভ দলীয় শিতানত ঐতিহাসিক স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে অংকিতা ভকত, কুমকুম অনিল মহোদ আৰু কীৰ্তিক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
02 OCT 2026 1:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত মহিলাৰ ৰিকাৰ্ভ দলীয় শিতানত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক জয় কৰাৰ বাবে অংকিতা ভকত, কুমকুম অনিল মহোদ আৰু কীৰ্তিক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ ফাইনেল খেলখনত তেওঁলোকৰ ধৈৰ্য্য আৰু নিখুঁততা উল্লেখযোগ্য আছিল। তেওঁ কয় যে এই যুগান্তকাৰী বিজয়ে সমগ্ৰ দেশতে যুৱ ধনুৰ্বিদসকলক অনুপ্ৰাণিত কৰিব।
শ্ৰী মোদীয়ে কয় যে ভাৰত ইয়াৰ চেম্পিয়নসকলক লৈ গৌৰৱান্বিত আৰু ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে অংকিতা ভকত, কুমকুম অনিল মহোদ আৰু কীৰ্তিক তেওঁ শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ পোষ্টত কয়;
‘এক ঐতিহাসিক স্বৰ্ণ যিয়ে সমগ্ৰ দেশক আনন্দিত কৰিছে।
এছিয়ান গেমছত মহিলাৰ ৰিকাৰ্ভ দলীয় শিতানত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক জয় কৰাৰ বাবে অংকিতা ভকত, কুমকুম অনিল মহোদ আৰু কীৰ্তিক অভিনন্দন জনাইছো। তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ ফাইনেল খেলখনত তেওঁলোকৰ ধৈৰ্য্য আৰু নিখুঁততা উল্লেখযোগ্য আছিল। এই যুগান্তকাৰী বিজয়ে সমগ্ৰ দেশৰ যুৱ ধনুৰ্বিদসকলক অনুপ্ৰাণিত কৰিব। ভাৰত আমাৰ চেম্পিয়নসকলক লৈ গৌৰৱান্বিত! তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছো৷
MJPS/SS/ST/MK
(ৰিলিজ আই ডি : 2318284)
অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam