পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

দেশৰ সংকুচিত জৈৱগেছ খণ্ডৰ বিকাশ ত্বৰান্বিত কৰাৰ লক্ষ্য

গোবৰ-জৈৱ আৱৰ্জনাৰ পৰা শক্তি উৎপাদনৰ লক্ষ্যৰে ‘গোবৰ্ধন’ আঁচনি মুকলি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

পোষ্ট কৰা হৈছে: 01 OCT 2026 8:27PM by PIB Guwahati

কৃষিৰ অৱশিষ্ট, গোবৰ আৰু অন্যান্য জৈৱিক আৱৰ্জনাক পৰিষ্কাৰ শক্তিলৈ ৰূপান্তৰ কৰি দেশৰ সংকুচিত জৈৱগেছ খণ্ডৰ বিকাশত নতুন গতি দিয়াৰ লক্ষ্যৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ১ অক্টোবৰত ‘গোবৰ্ধন’ আঁচনিখন মুকলি কৰে।

কেন্দ্ৰীয় মন্ত্ৰীসভাই চলিত বৰ্ষৰ ৬ আগষ্টত অনুমোদন জনোৱা এই কেন্দ্ৰীয় আঁচনিখনৰ বাবে ২৩,৭৩১ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। ২০২৬–২৭ৰ পৰা ২০৩৫–৩৬ বিত্তীয় বৰ্ষলৈ দহ বছৰীয়া সময়ছোৱাত ৰূপায়ণ হ’বলগীয়া আঁচনিখনৰ লক্ষ্য হৈছে দেশীয় সংকুচিত জৈৱগেছ (CBG) উৎপাদন প্ৰায় ১০ গুণ বৃদ্ধি কৰি দৈনিক প্ৰায় ৫ MMSCMDলৈ উন্নীত কৰা।

‘গোবৰ্ধন’ আঁচনিৰ জৰিয়তে CBG খণ্ডৰ বাবে নিশ্চিত ক্ৰয়, সুস্থিৰ মূল্য, মূলধনী সাহায্য, পাইপলাইন সংযোগ, ঋণ নিশ্চয়তা আৰু পৰিৱেশতন্ত্ৰৰ বিকাশ—এই সকলো ব্যৱস্থাক এটা সংহত কাঠামোৰ অধীনলৈ অনা হৈছে।

আঁচনিখনৰ শুভাৰম্ভ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ লগতে চি বি জি প্ৰকল্প নিৰ্মাতা, তেল আৰু গেছ কোম্পানী, চিটি গেছ বিতৰণ সংস্থা, বিত্তীয় প্ৰতিষ্ঠান, সমবায়, প্ৰযুক্তি প্ৰতিষ্ঠানকে ধৰি সংশ্লিষ্ট বিভিন্ন পক্ষই অংশগ্ৰহণ কৰে।

মুকলি হ’ল ‘গোবৰ্ধন হেণ্ডবুক’ আৰু একক প’ৰ্টেল

অনুষ্ঠানত ‘গোবৰ্ধন হেণ্ডবুক’ উন্মোচন কৰা হয়। আঁচনিখনৰ বিভিন্ন সুবিধা আৰু নিয়ম-কানুন বুজিবলৈ প্ৰকল্প নিৰ্মাতা, ৰাজ্য চৰকাৰ, বিত্তীয় প্ৰতিষ্ঠান আৰু অন্যান্য অংশীদাৰৰ বাবে হেণ্ডবুকখন সহায়ক হ’ব।

ইয়াৰ লগতে মুকলি কৰা হয় ‘ইউনিফাইড গোবৰ্ধন প’ৰ্টেল’। কেন্দ্ৰীভূত এই ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে আবেদন প্ৰক্ৰিয়া সৰল কৰা, বিভিন্ন মাধ্যমত পৃথকে আবেদন কৰাৰ প্ৰয়োজনীয়তা দূৰ কৰা আৰু আঁচনি ৰূপায়ণত অধিক স্বচ্ছতা নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে।

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে ভাৰতৰ ক্ৰমবৰ্ধমান শক্তিৰ চাহিদা পূৰণৰ বাবে শক্তিৰ উপলব্ধতা, সুলভতা আৰু বহনক্ষমতা—এই তিনিটা দিশত একেলগে গুৰুত্ব দিব লাগিব। দেশৰ ভিতৰতে উপলব্ধ শক্তিৰ উৎসসমূহৰ অধিক বিকাশৰ ওপৰতো গুৰুত্ব দিব লাগিব বুলি তেওঁ কয়।

তেওঁ কয় যে ভাৰতৰ বাবে চি বি জি অৰ্থাৎ সংকুচিত জৈৱিক গেছৰ বিশেষ গুৰুত্ব আছে, কিয়নো ইয়াৰ জৰিয়তে কৃষিৰ অৱশিষ্ট, পশুৰ গোবৰ আৰু অন্যান্য জৈৱিক সম্পদক পৰিষ্কাৰ দেশীয় শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি। একে সময়তে উৎপাদন কৰিব পাৰি জৈৱিক সাৰ আৰু সৃষ্টি কৰিব পাৰি গ্ৰামাঞ্চলত নতুন অৰ্থনৈতিক সুযোগ।

কৃষক, সমবায় সমিতি, গোশালা আৰু স্থানীয় উদ্যোগীসকলে কেঁচামাল সংগ্ৰহ, একত্ৰীকৰণ, পৰিবহণ আৰু প্ৰক্ৰিয়াকৰণৰ বিভিন্ন পৰ্যায়ত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ ফলত কৃষি আৰু শক্তিৰ মাজত এক চক্ৰীয় সম্পৰ্ক অধিক শক্তিশালী হ’ব।

দেশৰ শক্তি সুৰক্ষা আৰু গ্ৰামীণ সমৃদ্ধি বৃদ্ধি কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ Waste to Wealth আৰু Annadata to Urjadataৰ দৃষ্টিভংগীক আগুৱাই নিবলৈ উদ্যোগ, বিত্তীয় প্ৰতিষ্ঠান, ৰাজ্য চৰকাৰ, সমবায়, প্ৰযুক্তি প্ৰতিষ্ঠান আৰু অন্যান্য অংশীদাৰক একেলগে কাম কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

দেশৰ প্ৰাকৃতিক গেছৰ প্ৰয়োজনীয়তাৰ আধা আমদানিৰ ওপৰত নিৰ্ভৰশীল

অনুষ্ঠানত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিব ড০ নীৰজ মিট্টালে কয় যে বৰ্তমান ভাৰতে প্ৰাকৃতিক গেছৰ মুঠ প্ৰয়োজনীয়তাৰ প্ৰায় আধা অংশ আমদানিৰ জৰিয়তে পূৰণ কৰে।

সেয়ে দেশৰ জৈৱিক আৱৰ্জনাক দেশীয় গেছৰ সম্পদলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত CBGয়ে এক গুৰুত্বপূৰ্ণ সুযোগ সৃষ্টি কৰিছে বুলি তেওঁ কয়।

তেওঁ কয় যে CBG খণ্ডত অস্থিৰ ৰাজহ, বিচ্ছিন্ন চৰকাৰী সহায়, দীৰ্ঘম্যাদী নীতিৰ অনিশ্চয়তা, কেঁচামালৰ যোগান, জৈৱিক সাৰৰ ক্ৰয় আৰু বিত্তীয় সাহায্য লাভৰ ক্ষেত্ৰত বিভিন্ন বাধা আছে।

‘গোবৰ্ধন’ আঁচনিয়ে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ক একক ন’ডেল মন্ত্ৰালয় হিচাপে দায়িত্ব, পূৰ্বানুমানযোগ্য মূল্য নিৰ্ধাৰণ, গেছ ক্ৰয়ৰ অধিক নিশ্চয়তা, উন্নত মূলধনী সাহায্য, সংহত প্ৰক্ৰিয়া আৰু ডিজিটেল নিৰীক্ষণৰ জৰিয়তে এই সমস্যাসমূহ সমাধানৰ লক্ষ্য লৈছে।

ৰাষ্ট্ৰীয় পৰিকাঠামোক মাটিৰ পৰ্যায়ত প্ৰকল্পলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলিও সচিবগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ ভিতৰত ৰাজ্যিক CBG নীতি প্ৰস্তুত কৰা, কেঁচামালৰ মূল্যায়ন, উপযুক্ত ভূমি বেংক, দ্ৰুত অনুমোদন আৰু আন্তঃগাঁথনিৰ সহায় আদি অন্তৰ্ভুক্ত।

CBG খণ্ডৰ বাবে ছটা মূল ব্যৱস্থা

‘গোবৰ্ধন’ আঁচনিত CBG খণ্ডৰ বাবে ছটা প্ৰধান ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে—

১. CBG ক্ৰয়ৰ নিশ্চয়তা

 ২. CBG মূল্য নিৰ্ধাৰণ কাঠামো

 ৩. CBG প্ৰকল্পলৈ মূলধনী সাহায্য

 ৪. পাইপলাইন আন্তঃগাঁথনিৰ বিকাশ

 ৫. ঋণ নিশ্চয়তা সহায়

 ৬. CBG ইক’ছিচেষ্টম চেলেঞ্জ ফাণ্ড

ক্ৰয়ৰ নিশ্চয়তা ব্যৱস্থাৰ অধীনত CBG প্ৰকল্পসমূহক নিৰ্দিষ্ট চিটী গেছ বিতৰণ (CGD) এলেকা অথবা CBG ক্লাষ্টাৰৰ সৈতে সংযোগ কৰা হ’ব। ইয়াৰ ফলত উৎপাদকসকলে বজাৰলৈ গেছ যোগানৰ এক নিৰ্ভৰযোগ্য পথ লাভ কৰিব।

CBG Obligation (CBO) অনুসৰি CBG ক্ৰয়ৰ দায়িত্ব চিটী গেছ বিতৰণ সংস্থাসমূহৰ ওপৰত থাকিব। CNG (পৰিবহন) আৰু PNG (ঘৰুৱা ) খণ্ডৰ বাবে CBG ক্ৰয়ৰ বাধ্যবাধকতা ২০২৬–২৭ বিত্তীয় বৰ্ষত ৩ শতাংশ, ২০২৭–২৮ত ৪ শতাংশ আৰু ২০২৮–২৯ৰ পৰা ৫ শতাংশ নিৰ্ধাৰণ কৰা হৈছে।

প্ৰতি MMBtuত ২,১১০ টকা CBGৰ মূল্য

আঁচনিখনৰ অধীনত CBGৰ প্ৰশাসিত মূল্য প্ৰতি MMBtuত ২,১১০ টকা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ ফলত উৎপাদকসকলে ৰাজহৰ ক্ষেত্ৰত অধিক নিশ্চয়তা লাভ কৰিব।

যোগ্য সেউজ প্ৰকল্পসমূহে স্থাপিত CBG উৎপাদন ক্ষমতাৰ প্ৰতি TPDৰ বিপৰীতে সৰ্বাধিক ২ কোটি টকা পৰ্যন্ত মূলধনী সাহায্য লাভ কৰিব পাৰিব।

এই সাহায্যৰ ভিতৰত প্ৰকল্পৰ যন্ত্ৰপাতি, কেঁচামাল সংগ্ৰহ, FOM/LFOM প্ৰক্ৰিয়াকৰণ আৰু জৈৱিক সাৰৰ মূল্য সংযোজনৰ সঁজুলিৰ বাবেও সহায় থাকিব।

গেছ পৰিবহণৰ সমস্যা সমাধানৰ বাবে CBG ক্লাষ্টাৰৰ পৰা মূল পাইপলাইন নেটৱৰ্কলৈ সংযোগ স্থাপনৰ ক্ষেত্ৰত যোগ্য মূলধনী ব্যয়ৰ ৮০ শতাংশ পৰ্যন্ত আৰু স্বতন্ত্ৰ প্ৰকল্পৰ পৰা CGD নেটৱৰ্কলৈ সংযোগৰ ক্ষেত্ৰত ৫০ শতাংশ পৰ্যন্ত সাহায্য আগবঢ়োৱা হ’ব।

মহিলা উদ্যোগীৰ বাবে ২৫ কোটি টকা পৰ্যন্ত ঋণ নিশ্চয়তা

যোগ্য ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (MSME) ভিত্তিক CBG প্ৰকল্পৰ বাবে বিশেষ ঋণ নিশ্চয়তা ব্যৱস্থা কৰা হৈছে। ঋণ পৰিশোধত ব্যৰ্থ হ’লে নিৰ্ধাৰিত চৰ্ত অনুসৰি বকেয়া ধনৰ ৮৫ শতাংশ পৰ্যন্ত নিশ্চয়তা প্ৰদান কৰা হ’ব।

সাধাৰণ MSME প্ৰকল্পৰ বাবে প্ৰতি প্ৰকল্পত সৰ্বাধিক ২০ কোটি টকা আৰু মহিলা উদ্যোগীৰ নেতৃত্বত চলা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ প্ৰকল্পৰ বাবে ২৫ কোটি টকা পৰ্যন্ত নিশ্চয়তাৰ সীমা নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰ ফলত CBG খণ্ডত মহিলা উদ্যোগীসকলক অধিক সহায় লাভৰ সুযোগ সৃষ্টি হ’ব।

ইফালে, CBG ইক’ছিচেষ্টম চেলেঞ্জ ফাণ্ডৰ জৰিয়তে প্ৰযুক্তিৰ বিকাশ, দক্ষতা বৃদ্ধি, কেঁচামালৰ মূল্যায়ন আৰু সংগ্ৰহ, জিলা পৰ্যায়ত CBG পৰিৱেশতন্ত্ৰৰ বিকাশ আৰু জৈৱিক সাৰৰ মূল্য সংযোজনৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা হ’ব।

২১৭টাতকৈ অধিক CBG প্ৰকল্প ইতিমধ্যে কাৰ্যক্ষম

২০২৬ চনৰ আগষ্টলৈ দেশত ২১৭টাতকৈ অধিক CBG প্ৰকল্প কাৰ্যক্ষম হৈছে। এই প্ৰকল্পসমূহৰ মুঠ স্থাপিত উৎপাদন ক্ষমতা দৈনিক ১,৭০০ টনতকৈ অধিক।

আগন্তুক দহ বছৰীয়া ৰূপায়ণকালত দেশীয় CBG উৎপাদন প্ৰায় ১০ গুণ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ মতে, ‘গোবৰ্ধন’ আঁচনিয়ে দেশৰ অৰ্থনীতি আৰু পৰিৱেশ—দুয়োটা ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ লাভ কঢ়িয়াই আনিব পাৰে। আঁচনিখনৰ জৰিয়তে ৪০ হাজাৰ কোটি টকাৰো অধিক বৈদেশিক মুদ্ৰা সঞ্চয়, ৭৫ হাজাৰ কোটি টকাৰো অধিক জিডিপিত সংযোজন আৰু ১.৫ লাখৰো অধিক কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ উপৰি ১ কোটি টন জীৱাশ্ম ইন্ধনৰ পৰিৱৰ্তে পৰিষ্কাৰ গেছৰ ব্যৱহাৰ, ৪ কোটি টনতকৈ অধিক কাৰ্বন-ডাই-অক্সাইড নিৰ্গমন হ্ৰাস আৰু ২৫ কোটি টন জৈৱিক সাৰ উৎপাদনত আঁচনিখনে সহায় কৰিব বুলি আশা কৰা হৈছে।

অৰ্থাৎ, গোবৰ আৰু জৈৱিক আৱৰ্জনাক কেৱল পেলনীয়া সামগ্ৰী হিচাপে নহয়, দেশৰ শক্তি, কৃষি আৰু গ্ৰামীণ অৰ্থনীতিৰ নতুন সম্পদ হিচাপে ব্যৱহাৰ কৰাৰ দিশত ‘গোবৰ্ধন’ আঁচনিয়ে এক সংহত কাঠামো আগবঢ়াইছে।

***

 

SJ/PB


(ৰিলিজ আই ডি : 2318264) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी , Bengali , Gujarati , Tamil , Telugu