প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছ ২০২৬ত ব্ৰঞ্জৰ পদক জয় কৰা ভাৰতীয় মহিলা স্কোৱাছ দলক প্ৰধানমন্ত্ৰীয়ে জনালে অভিনন্দন
পোষ্ট কৰা হৈছে:
01 OCT 2026 4:37PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছ ২০২৬ত ব্ৰঞ্জৰ পদক জয় কৰা ভাৰতীয় মহিলা স্কোৱাছ দলক অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে দলটোৰ উদ্যমী প্ৰচেষ্টাৰ প্ৰশংসা কৰি কয় যে খেলুৱৈসকলে দৃঢ় সংকল্পৰে খেলি পদক জয়ৰ মঞ্চত তেওঁলোকৰ প্ৰাপ্য স্থান নিশ্চিত কৰিছে।শ্ৰী মোদীয়ে কয় যে এই সফলতাই ভাৰতত ক্ৰমাৎ জনপ্ৰিয় হৈ অহা স্কোৱাছ খেলৰ প্ৰতি যুৱ প্ৰজন্মকো অধিক উৎসাহিত কৰিব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত দিয়া এক পোষ্টত কয়—
“এছিয়ান গেমছ ২০২৬ত ব্ৰঞ্জৰ পদক জয় কৰা ভাৰতীয় মহিলা স্কোৱাছ দলটোৰ বাবে গৌৰৱান্বিত।
তেওঁলোকৰ উদ্যমী প্ৰচেষ্টাৰ বাবে অভিনন্দন।তেওঁলোকে অতি দৃঢ় সংকল্পৰে খেলি পদক জয়ৰ মঞ্চত তেওঁলোকৰ প্ৰাপ্য স্থান নিশ্চিত কৰিছে।এই সফলতাই ভাৰতত ক্ৰমাৎ জনপ্ৰিয় হৈ অহা স্কোৱাছ খেলৰ প্ৰতি যুৱ প্ৰজন্মকো উৎসাহিত কৰিব।”
PM @narendramodi”
***
MJPS/SS/ST/DM
(ৰিলিজ আই ডি : 2318054)
অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Malayalam