তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
আইআইএমচিত ‘স্বচ্ছতা হি সেৱা’ কাৰ্যসূচীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানৰ অংশগ্ৰহণ
আইআইএমচিত ‘স্বচ্ছতা হি সেৱা’ কাৰ্যসূচীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানৰ অংশগ্ৰহণ
মন্ত্ৰীয়ে স্বচ্ছতাৰ শপত গ্ৰহণ কৰোৱাৰ লগতে বৃক্ষৰোপণ আৰু শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে
প্ৰতিষ্ঠান আৰু ৰাজহুৱা স্থানত স্বচ্ছতা অভিযানত অৰিহণা যোগাবলৈ ছাত্ৰ-ছাত্ৰী আৰু বিষয়াসকলক আহ্বান
‘স্বচ্ছতা হি সেৱা’ৰ অধীনত আইআইএমচিৰ কাৰ্যসূচীয়ে সামূহিক দায়বদ্ধতাৰ মনোভাৱ প্ৰতিফলিত কৰে
পোষ্ট কৰা হৈছে:
01 OCT 2026 4:09PM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে আজি নতুন দিল্লীৰ ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আইআইএমচি)-ত ‘স্বচ্ছতা হি সেৱা’ অভিযানৰ অধীনত আয়োজিত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ছাত্ৰ-ছাত্ৰী, বিষয়া আৰু কৰ্মচাৰীসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে স্মৰণ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত দেশত স্বচ্ছতাক জন-আন্দোলনৰ ৰূপ দিয়াৰ লক্ষ্যৰে স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভ কৰিছিল।

“প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত স্বচ্ছতা অভিযানৰ শুভাৰম্ভ কৰাৰ পিছত সমগ্ৰ দেশৰ জনসাধাৰণ এই আন্দোলনৰ অংশীদাৰ হৈ পৰিছিল। কাৰ্যালয় আৰু প্ৰতিষ্ঠানসমূহতো স্বচ্ছতা অভিযান গ্ৰহণ কৰা হৈছিল। আজি আইআইএমচিৰ ছাত্ৰ-ছাত্ৰী আৰু বিষয়াসকলৰ সৈতে আমি স্বচ্ছতাৰ শপত গ্ৰহণ কৰিছোঁ। আমি য’তেই সম্ভৱ, তাতেই স্বচ্ছতা সেৱাৰ জৰিয়তে অৰিহণা যোগাব লাগে—সেয়া অংগনৱাড়ী কেন্দ্ৰ, মন্দিৰ, প্ৰতিষ্ঠান বা অন্যান্য ৰাজহুৱা স্থানেই হওক। ১৭ ছেপ্টেম্বৰৰ পৰা আমি স্বচ্ছতা অভিযান আগুৱাই লৈ আহিছোঁ। আমাৰ দেশ, প্ৰতিষ্ঠান আৰু কাৰ্যালয়সমূহ পৰিষ্কাৰ কৰি ৰখাটো আমাৰ সামূহিক দায়বদ্ধতা,” মন্ত্ৰীগৰাকীয়ে কয়।

প্ৰতিষ্ঠানত স্বচ্ছতাৰ শপত গ্ৰহণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হয়। এই কাৰ্যসূচীত অধ্যাপক-অধ্যাপিকা, বিষয়া, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু ভাৰতীয় তথ্য সেৱাৰ প্ৰশিক্ষণাৰ্থীসকলে অংশগ্ৰহণ কৰে।
মন্ত্ৰীগৰাকীয়ে আইআইএমচি চৌহদত এটা পুলি ৰোপণ কৰি ‘এক পেড় মা কে নাম’ উদ্যোগতো অংশগ্ৰহণ কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি কেৱল গছপুলি ৰোপণ কৰাই নহয়, সেই গছপুলিসমূহৰ নিয়মীয়াকৈ যত্ন আৰু সংৰক্ষণ নিশ্চিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

কাৰ্যসূচীৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা, বিষয়া আৰু কৰ্মচাৰীসকলৰ সৈতে আইআইএমচিত এঘণ্টীয়া শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে। স্বচ্ছতা অভিযানৰ অংশ হিচাপে এই কাৰ্যসূচীত অঞ্চলটোৰ পৰা আৱৰ্জনা আৰু নিৰ্মাণ সামগ্ৰী আঁতৰোৱাৰ কাম কৰা হয়।
ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে নতুনকৈ নিৰ্মাণ কৰা শ্ৰেণীকোঠাসমূহৰ লগতে অন্যান্য শৈক্ষিক আৰু আন্তঃগাঁথনিগত সুবিধাসমূহ পৰিদৰ্শন কৰে। ইয়াৰ ভিতৰত শিক্ষণ ভৱন, নিৰ্মীয়মাণ ছাত্ৰাৱাস আৰু পুনৰ নিৰ্মাণ কৰা পুথিভঁৰাল অন্যতম। তেওঁ প্ৰতিষ্ঠানখনৰ বিভিন্ন ৰাজ্য আৰু বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও মত বিনিময় কৰে।
মন্ত্ৰীগৰাকীয়ে প্ৰতিষ্ঠানটোৰ নেতৃত্বৰ অধীনত আইআইএমচিয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ শলাগ লয়। বিশেষকৈ স্বচ্ছতা, পৰিৱেশ সজাগতা, চৌহদৰ উন্নয়ন আৰু ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ তেওঁ প্ৰশংসা কৰে।
কাৰ্যসূচীত আইআইএমচিৰ উপাচাৰ্য ড° প্ৰজ্ঞা পালিৱাল গৌৰ, পঞ্জীয়ক তথা প্ৰশিক্ষণৰ সঞ্চালক প্ৰধান শ্ৰী এল. মধু নাগ আৰু জ্যেষ্ঠ অৰ্থনৈতিক উপদেষ্টা শ্ৰী আৰ. কে. জেনাৰ লগতে প্ৰতিষ্ঠানখনৰ অধ্যাপক-অধ্যাপিকা, বিষয়া, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু বিষয়া প্ৰশিক্ষণাৰ্থীসকল উপস্থিত থাকে।
‘স্বচ্ছতা হি সেৱা’ অভিযানৰ অধীনত আইআইএমচিয়ে গ্ৰহণ কৰা কাৰ্যসূচীসমূহৰ অংশ হিচাপে এই অনুষ্ঠান আয়োজন কৰা হয়। এই কাৰ্যসূচীসমূহৰ লক্ষ্য হৈছে স্বচ্ছতা, পৰিৱেশ সংৰক্ষণ আৰু দায়িত্বশীল নাগৰিকত্বৰ ক্ষেত্ৰত সামূহিক অংশগ্ৰহণক উৎসাহিত কৰা।
*****
Mahesh Kumar/ Aparajita Priyadrashini/AA
(ৰিলিজ আই ডি : 2317782)
অতিথি কক্ষ : 4