প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছত মহিলাৰ কুৰাশৰ ৭৮ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে পিংকচি বলহাৰাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
28 SEP 2026 7:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত মহিলাৰ কুৰাশৰ ৭৮ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে পিংকচি বলহাৰাক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ গোটেই প্ৰতিযোগিতাখনত অসাধাৰণ দৃঢ়তা আৰু সংকল্প প্ৰদৰ্শন কৰিছিল। অনাগত সময়ছোৱাত যাতে তেওঁ নতুন উচ্চতা অতিক্ৰম কৰিব পাৰে আৰু অধিক সন্মান অৰ্জন কৰিব পাৰে শ্ৰী মোদীয়ে সেয়াই কামনা কৰে।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ
‘এছিয়ান গেমছত মহিলাৰ কুৰাশৰ ৭৮ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে পিংকচি বালহাৰাক অভিনন্দন জনাইছো। তেওঁ গোটেই সময়ছোৱাত অপৰিসীম ধৈৰ্য্য আৰু সংকল্প প্ৰদৰ্শন কৰিছিল। তেওঁ নতুন উচ্চতা অতিক্ৰম কৰক আৰু অনাগত সময়ত অধিক সন্মান অৰ্জন কৰকঃ প্ৰধানমন্ত্ৰী @narendramodi’
****
MJPS/SS/PRK/MK
(ৰিলিজ আই ডি : 2316325)
অতিথি কক্ষ : 4