গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ ‘প্ৰহাৰ-চিটি নীতি আৰু কৌশল’ শীৰ্ষক সন্মিলন উদ্বোধন

সন্মিলনখনত প্ৰতিৰোধ, সঁহাৰি, আভ্যন্তৰীণ ক্ষমতা একত্ৰিত কৰা, মানৱ অধিকাৰ, সন্ত্ৰাসবাদৰ বাবে পৰিস্থিতি ত্বৰান্বিত কৰা, আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টা একত্ৰিত কৰা আৰু সমগ্ৰ সমাজৰ দৃষ্টিভংগীৰ জৰিয়তে পুনৰুদ্ধাৰ আৰু স্থিতিস্থাপকতা আদি প্ৰহাৰৰ সাতটা স্তম্ভৰ ওপৰত আলোচনা অনুষ্ঠিত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সন্ত্ৰাসবাদৰ সকলো প্ৰকাৰ আৰু প্ৰকাশৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ নীতি গ্ৰহণ ভাৰত চৰকাৰৰ

সন্ত্ৰাসবাদী ঘটনাৰ নিৰন্তৰ বিশ্লেষণ আৰু পৰৱৰ্তী ১০ বছৰৰ বাবে এক শক্তিশালী আৰু দৃঢ় 'প্ৰহাৰ' ব্যৱস্থা স্থাপনৰ জৰিয়তে 'প্ৰহাৰ' ৰণনীতি শক্তিশালী কৰাৰ বাবে ধাৰাবাহিক প্ৰচেষ্টাৰ প্ৰয়োজন

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ আৰক্ষী থানা পৰ্যায়লৈকে ইয়াৰ ৰূপায়ণ নিশ্চিত কৰিবলৈ 'প্ৰহাৰ’পদক্ষেপৰ প্ৰতিটো দিশৰ প্ৰতি এক সক্ৰিয় দৃষ্টিভংগী গ্ৰহণ কৰাত গুৰুত্ব আৰোপ

‘প্ৰহাৰ’ পৰিকাঠামোৰ প্ৰতিটো পৰ্যায়তে স্বয়ংক্ৰিয় সন্ত্ৰাসবাদ বিৰোধী সঁহাৰি প্ৰতিষ্ঠানিক কৰাৰ প্ৰয়োজন আছে

কাৰ্য্যত যিকোনো বিলম্ব প্ৰতিৰোধ কৰিবলৈ আৰু 'প্ৰহাৰ' ৰ প্ৰতিটো স্তম্ভ ফলাফলমুখী হোৱাটো নিশ্চিত কৰিবলৈ সকলো অংশীদাৰৰ মাজত উন্নত সমন্বয় অত্যাৱশ্যকীয়

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে এক নতুন প্ৰত্যাৰ্পন প’ৰ্টেল মুকলি কৰে, যি বিদেশৰ পৰা পলায়নকাৰীসকলক ঘূৰাই অনাৰ প্ৰচেষ্টাক সমন্বয় আৰু ত্বৰান্বিত কৰিব

২০১৯ চনৰ পৰা ২০২৬ চনলৈকে মোদী চৰকাৰে সফলতাৰে ৩৬ খন দেশৰ পৰা ২৮৮ জন পলাতক অপৰাধীক ভাৰতলৈ ঘূৰাই আনে

সংস্থাসমূহৰ মাজত উন্নত সমন্বয়ৰ ফলস্বৰূপে, অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক আৰু মাদক দ্ৰব্যৰ সীমান্তৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ ৪০ টাতকৈও অধিক মডিউলৰ গোচৰ ৰুজু কৰা হৈছিল, ১৫ খন ৰাজ্যত ১০০ টাতকৈও অধিক এজাহাৰ পঞ্জীয়ন কৰা হৈছিল আৰু ৩৫০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল

একে সময়তে মোদী চৰকাৰে শ্বাহজাদ ভাট্টি নেটৱৰ্কক ইউএপিএৰ অধীনত সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল

ৰাজ্যিক আৰক্ষী বাহিনীয়ে বিদেশৰ পৰা পলায়নকাৰীসকলক ঘূৰাই আনিবলৈ কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে কাম কৰিবলৈ সমৰ্পিত দল গঠন কৰিব লাগে

পোষ্ট কৰা হৈছে: 28 SEP 2026 6:57PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত 'প্ৰহাৰ-চিটি নীতি আৰু কৌশল’ শীৰ্ষক সন্মিলন উদ্বোধন কৰে। সন্মিলনখনত প্ৰতিৰোধ, সঁহাৰি, আভ্যন্তৰীণ ক্ষমতা একত্ৰিত কৰা, মানৱ অধিকাৰ, সন্ত্ৰাসবাদৰ বাবে পৰিস্থিতি ত্বৰান্বিত কৰা, আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টা একত্ৰিত কৰা আৰু সমগ্ৰ সমাজৰ দৃষ্টিভংগীৰ জৰিয়তে পুনৰুদ্ধাৰ আৰু স্থিতিস্থাপকতা আদি প্ৰহাৰৰ সাতটা স্তম্ভৰ ওপৰত আলোচনা কৰা হয়। এই সন্মিলনত কেন্দ্ৰীয় গৃহ সচিব, বৈদেশিক সচিব, চি এ পি এফ/চি পি অ’ -ৰ মুৰব্বী, ১৫ খন ৰাজ্যৰ ডি জি এছ পি, সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ এ টি এছ মুৰব্বীসকলে ব্যক্তিগতভাৱে অংশগ্ৰহণ কৰাৰ বিপৰীতে আন ৰাজ্যৰ ডি জি এছ পি আৰু অত্যাধুনিক আৰক্ষী বিষয়াসকলে ভাৰ্চুৱেলভাৱে এই সন্মিলনত অংশগ্ৰহণ কৰে।

তেওঁৰ ভাষণত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে সন্ত্ৰাসবাদৰ সকলো প্ৰকাৰ আৰু প্ৰকাশৰ বিৰুদ্ধে 'শূন্য-সহনশীলতা' নীতি গ্ৰহণ কৰিছে। তেওঁ সন্ত্ৰাসবাদী ঘটনাৰ নিৰন্তৰ বিশ্লেষণ আৰু পৰৱৰ্তী ১০ বছৰৰ বাবে এক শক্তিশালী আৰু দৃঢ় প্ৰহাৰ ব্যৱস্থা স্থাপনৰ জৰিয়তে প্ৰহাৰ ৰণনীতি শক্তিশালী তথা উন্নত কৰাৰ বাবে ধাৰাবাহিক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। থানা পৰ্যায়লৈকে প্ৰহাৰৰ নীতিসমূহৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ প্ৰহাৰ পদক্ষেপৰ প্ৰতিটো দিশৰ প্ৰতি এক সক্ৰিয় দৃষ্টিভংগী গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰে। সন্ত্ৰাসবাদীৰ ভাবুকি হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ পৰিকাঠামোৰ প্ৰতিটো পৰ্যায়ত স্বয়ংক্ৰিয় সন্ত্ৰাসবাদ বিৰোধী সঁহাৰি প্ৰতিষ্ঠানিক কৰাৰ পোষকতা কৰে।

প্ৰহাৰৰ প্ৰতিটো স্তম্ভৰ প্ৰতি ফলাফলমুখী দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ পদক্ষেপ লোৱাত হোৱা যিকোনো বিলম্ব প্ৰতিহত কৰিবলৈ অংশীদাৰসকলৰ মাজত সমন্বয়ৰ আহ্বান জনায়। কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ২০১৯ চনৰ পৰা ২০২৬ চনলৈকে মোদী চৰকাৰে সফলতাৰে ৩৬ খন দেশৰ পৰা ২৮৮ জন পলাতক অপৰাধীক ভাৰতলৈ ঘূৰাই আনে। সংস্থাসমূহৰ মাজত উন্নত সমন্বয়ৰ ফলস্বৰূপে, অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক আৰু মাদক দ্ৰব্যৰ সীমান্তৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ ৪০ টাতকৈও অধিক মডিউল উদ্ঘাটন কৰা হৈছিল, ১৫  খন ৰাজ্যত ১০০ টাতকৈও অধিক এজাহাৰ পঞ্জীয়ন কৰা হৈছিল আৰু ৩৫০  জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ কয় যে একে সময়তে মোদী চৰকাৰে শ্বাহজাদ ভাট্টি নেটৱৰ্কক ইউএপিএৰ অধীনত সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে এক নতুন প্ৰত্যাৰ্পন পৰ্টেলো মুকলি কৰে, যি বিদেশৰ পৰা পলায়নকাৰীসকলক ঘূৰাই অনাৰ প্ৰচেষ্টাক সমন্বয় আৰু ত্বৰান্বিত কৰিব। তেওঁ ৰাজ্যিক আৰক্ষী বাহিনীক বিদেশৰ পৰা পলায়নকাৰীসকলক ঘূৰাই আনিবলৈ কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে মিলি কাম কৰাৰ বাবে সমৰ্পিত দল গঠন কৰিবলৈ আহ্বান জনায়।

 

*****

RK/RR/PS/PR/MK


(ৰিলিজ আই ডি : 2316322) অতিথি কক্ষ : 8