স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰসংঘৰ উচ্চ-পৰ্য্যায়ৰ বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য সচিব পুণ্য সলিলা শ্ৰীবাস্তৱে বিশ্ব মহামাৰী প্ৰস্তুতি আৰু সঁহাৰিক সুদৃঢ়কৰণৰ বাবে ভাৰতৰ অংগীকাৰৰ কথা দোহাৰে

শ্ৰীমতী শ্ৰীবাস্তৱে ডব্লিউএইচঅ’ মহামাৰী চুক্তিৰ অধীনত ন্যায্য পেথ’জেন একচেছ আৰু লাভালাভৰ আদান-প্ৰদানৰ আহ্বান জনায়

ভাৰতে ক’ভিড-১৯ ৰ সময়ত প্ৰায় ১০০ খন দেশলৈ ৩০০ নিযুত পালি ভেকচিন যোগান ধৰাৰ লগতে ১৫০ খনৰো অধিক দেশলৈ চিকিৎসা সাহায্য আগবঢ়াইছিলঃ শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱ

শ্ৰীমতী শ্ৰীবাস্তৱে কয় যে মহামাৰী প্ৰস্তুতি এক উমৈহতীয়া দায়িত্ব, ইয়াৰ আধাৰ হৈছে সমতা আৰু বিশ্বব্যাপী সংহতি

ডব্লিউএইচঅ’-ৰ সঞ্চালক-প্ৰধান টেড্ৰ'ছ গাব্ৰেয়েছুছে বিশ্ব মহামাৰী প্ৰস্তুতিক সুদৃঢ়কৰণৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়

পোষ্ট কৰা হৈছে: 26 SEP 2026 9:16AM by PIB Guwahati

২৫ ছেপ্টেম্বৰত নিউয়ৰ্কত অনুষ্ঠিত ‘মহামাৰী প্ৰতিৰোধ, প্ৰস্তুতি আৰু সঁহাৰি’ শীৰ্ষক ৰাষ্ট্ৰসংঘৰ উচ্চ-পৰ্য্যায়ৰ বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব পুণ্য সলিলা শ্ৰীবাস্তৱে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে বিশ্ব স্বাস্থ্য সুৰক্ষা সুদৃঢ় কৰাৰ বাবে ৰাষ্ট্ৰৰ অংগীকাৰৰ কথা দোহাৰে। তেওঁ ক’ভিড-১৯ মহামাৰীৰ অভিজ্ঞতাসমূহক স্থায়ী বিনিয়োগ, প্ৰতিষ্ঠানিক ক্ষমতা আৰু স্থিতিস্থাপক স্বাস্থ্য ব্যৱস্থালৈ ৰূপান্তৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত বৈঠকখনিত ভাষণ প্ৰদান কৰি শ্ৰীমতী শ্ৰীবাস্তৱে সমগ্ৰ চৰকাৰ আৰু সমাজত মহামাৰী প্ৰতিৰোধ আৰু সঁহাৰিৰ ক্ষেত্ৰত ভাৰতৰ সমন্বিত পদ্ধতিৰ ৰূপৰেখা দাঙি ধৰে। এই পদ্ধতিয়ে সম্ভাৱ্য স্বাস্থ্য জৰুৰীকালীন পৰিস্থিতিৰ বিস্তৃত পৰিসৰক সামৰি লৈছে। তেওঁ দেশৰ পৰীক্ষাগাৰ নেটৱৰ্ক, জৰুৰীকালীন সমন্বয়, স্বাস্থ্য কৰ্মশক্তি, ষ্টকপাইল আৰু ক্লিনিকেল কেয়াৰ ক্ষমতা সম্প্ৰসাৰণৰ প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰে। তেওঁ এনে প্ৰচেষ্টা গ্ৰহণৰ জৰিয়তে স্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ প্ৰতি ফলপ্ৰসূভাৱে সঁহাৰি জনাবলৈ ব্যৱস্থাসমূহক সজ্জিত কৰাটো নিশ্চিত কৰিব পাৰি বুলি কয়।

তেওঁ উল্লেখ কৰে যে এই প্ৰচেষ্টাসমূহ ৰাষ্ট্ৰীয় স্বাস্থ্য ব্যৱস্থা, উন্নয়ন পৰিকল্পনা আৰু ঘৰুৱা বিত্তীয় সাহায্যৰে বদ্ধমূল হোৱাটো প্ৰয়োজনীয়। তেওঁ আন্তঃৰাষ্ট্ৰীয় সাহায্যক ৰাষ্ট্ৰীয় দায়বদ্ধতাৰ পৰিপূৰক বুলি অভিহিত কৰে।

ক’ভিড-১৯ ৰ সময়ত ভাৰতৰ অভিজ্ঞতাৰ আধাৰত শ্ৰীমতী শ্ৰীবাস্তৱে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিক বিশ্বব্যাপী ৰাজহুৱা মংগল ব্যৱস্থা হিচাপে স্বীকৃতি জনাবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে মহামাৰীৰ সময়ত চোৱাচিতা, টিকাকৰণ, বিপদাশংকা যোগাযোগ, যোগান শৃংখল আৰু স্বাস্থ্য সেৱাৰ ধাৰাবাহিকতাত ডিজিটেল সমাধানে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

তেওঁ সংহতি আৰু অত্যাৱশ্যকীয় স্বাস্থ্য সামগ্ৰীৰ ন্যায্য একচেছৰ ওপৰতো আলোকপাত কৰে। ক’ভিড-১৯ মহামাৰীৰ সময়ত ভাৰতে প্ৰায় ১০০ খন দেশ আৰু ৰাষ্ট্ৰসংঘৰ দুই প্ৰতিষ্ঠানলৈ ৩০০ নিযুত পালি ভেকচিন যোগান ধৰিছিল। একে সময়তে ১৫০ খনৰো অধিক দেশলৈ চিকিৎসা সাহায্য আগবঢ়াইছিল। ইয়াৰ জৰিয়তে ভাৰতৰ “এক বিশ্ব, এক স্বাস্থ্য” নীতিৰ প্ৰতি আৰু গ্ল’বেল চাউথৰ প্ৰতি দায়বদ্ধতাৰ মনোভাৱ প্ৰতিফলিত হৈছিল বুলিও তেওঁ কয়।

২০২৫-ৰ মে’-ত গ্ৰহণ কৰা ডব্লিউএইচঅ’ মহামাৰী চুক্তিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিবে ইয়াক এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰি কয় যে ইয়াৰ বিশ্বাসযোগ্যতা এক ন্যায্য পেথ’জেন একচেছ আৰু বেনিফিট শ্বেয়াৰিং (PABS) ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁ কয় যে ৰোগ পেথ’জেন আৰু জৈৱিক সম্পদৰ সূচনা কৰা দেশসমূহে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বক সন্মান জনোৱাৰ লগতে ভেকচিন, ডায়েগন’ষ্টিক, থেৰাপিটিক, প্ৰযুক্তি আৰু আন-আন সুবিধাসমূহ সময়মতে লাভ কৰিব লাগিব।

শ্ৰীমতী শ্ৰীবাস্তৱে আৰু কয় যে ৰাজনৈতিক ঘোষণাই পিএবিএছ পৰিশিষ্টৰ ওপৰত অব্যাহত আলোচনাৰ পূৰ্ববিচাৰ কৰিব নালাগে তথা ৰাষ্ট্ৰীয় পৰিস্থিতি আৰু সামৰ্থ্য অনুসৰি ইয়াক কাৰ্য্যকৰী কৰিব লাগে। ‘এক স্বাস্থ্য’ পদ্ধতিৰ পৰিপ্ৰেক্ষিতত তেওঁ ইয়াক যথোপযুক্তভাৱে ঘৰুৱা আইন, আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰীয় পৰিস্থিতি অনুসৰি কাৰ্য্যকৰী কৰাৰ আহ্বান জনায়।

তেওঁ মহামাৰী প্ৰতিৰোধ, প্ৰস্তুতি আৰু সঁহাৰি আহিলা, মূল্যায়ন আৰু তথ্যসমূহ পৰ্য্যালোচনা আৰু একত্ৰিত কৰাৰ ক্ষেত্ৰত সদস্য ৰাষ্ট্ৰসমূহৰ ভূমিকাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰি কয় যে সদস্য ৰাষ্ট্ৰসমূহৰ নীতিগত প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি এনে প্ৰক্ৰিয়াসমূহ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে আলোচনা কৰি গ্ৰহণ কৰা উচিত।

ভাষণৰ সামৰণিত শ্ৰীমতী শ্ৰীবাস্তৱে কয় যে প্ৰস্তুতি এক উমৈহতীয়া দায়িত্ব আৰু ভৱিষ্যতে মহামাৰী তথা প্ৰাদুৰ্ভাৱৰ সৈতে মোকাবিলা কৰাৰ প্ৰচেষ্টাত সমতা আধাৰ হৈ থাকিব লাগিব। “কাৰ্য্যৰ জৰিয়তে গোলকীয় সংহতি প্ৰদৰ্শন কৰিব লাগিব” বুলিও তেওঁ কয়।

ডব্লিউএইচঅ’-ৰ সঞ্চালক-প্ৰধান ডাঃ টেড্ৰ'ছ আথানাম গাব্ৰেয়েছুছে ক’ভিড-১৯ পৰৱৰ্তী বিশ্ব স্বাস্থ্য সুৰক্ষা ব্যৱস্থাক সুদৃঢ় কৰাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতি সম্পৰ্কে উল্লেখ কৰে। ইয়াত ডব্লিউএইচঅ’ মহামাৰী চুক্তি আৰু আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য অধিনিয়মৰ সংশোধনীও অন্তৰ্ভুক্ত হৈছে। তেওঁ পিএবিএছ ব্যৱস্থাৰ আলোচনা সমাপ্ত কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ইয়াত পলম হ’লে ভৱিষ্যতে মহামাৰীৰ প্ৰতি সঁহাৰি জনোৱাৰ ক্ষেত্ৰত বিশ্বৰ ক্ষমতাত প্ৰভাৱ পেলাব পাৰে।

ৰাষ্ট্ৰসংঘৰ উপ সচিব-প্ৰধান আমিনা মহম্মদে ক’ভিড-১৯ পৰৱৰ্তী আত্ম-সন্তুষ্টিৰ বিৰুদ্ধে সতৰ্ক কৰি দি বিষয়টোৰ প্ৰতি ৰাজনৈতিক মনোযোগ অব্যাহত ৰাখিবলৈ আহ্বান জনায়। তেওঁ আগতীয়াকৈ ধৰা পেলোৱা, চোৱাচিতা কৰা আৰু যোগাযোগৰ বাবে সমাজ-ভিত্তিক ব্যৱস্থা গ্ৰহণৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। ইয়াৰ জৰিয়তে উদীয়মান প্ৰাদুৰ্ভাৱসমূহৰ প্ৰাৰম্ভিক পৰ্য্যায়তে চিনাক্তকৰণ আৰু নিয়ন্ত্ৰণ সম্ভৱ হৈ উঠিব বুলি তেওঁ কয়।

উচ্চ-পৰ্য্যায়ৰ বৈঠকখনে সদস্য ৰাষ্ট্ৰ আৰু অংশীদাৰসকলক অগ্ৰগতি অনুসৰণ, প্ৰত্যাহ্বান চিনাক্তকৰণ আৰু ভৱিষ্যতৰ স্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ বাবে স্থিতিস্থাপক, সমতাপূৰ্ণ তথা বহনক্ষম ব্যৱস্থাক সুদৃঢ়কৰণৰ প্ৰচেষ্টা সম্পৰ্কে নতুনকৈ চিন্তা-চৰ্চা কৰাৰ সুযোগ প্ৰদান কৰে।

 

*****

SR/SB

HFW/ Union Health Secretary at UN High-Level Meeting/26 September 2026/I/SB


(ৰিলিজ আই ডি : 2315872) অতিথি কক্ষ : 5