প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছত পুৰুষৰ ছিংগল স্কোৱাছত ৰূপৰ পদক লাভ কৰাৰ বাবে অভয় সিঙক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
27 SEP 2026 8:24PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত পুৰুষৰ ছিংগল স্কোৱাছত ৰূপৰ পদক জয় কৰা অভয় সিঙক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ দক্ষতা আৰু দৃঢ় সংকল্পই ভাৰতক গৌৰৱান্বিত কৰিছে। তেওঁ উল্লেখ কৰে যে এই সাফল্যই বছৰ বছৰ ধৰি তেওঁ কৰা কঠোৰ পৰিশ্ৰমৰ প্ৰতিফলন ঘটাইছে।শ্ৰী মোদীয়ে লগতে আগন্তুক যাত্ৰাৰ বাবে অভয় সিঙক শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত প্ৰকাশ কৰা এক বাৰ্তাত কয়—
“এছিয়ান গেমছত পুৰুষৰ ছিংগল স্কোৱাছত ৰূপৰ পদক জয় কৰাৰ বাবে অভয় সিঙলৈ অভিনন্দন! তেওঁৰ দক্ষতা আৰু দৃঢ় সংকল্পই ভাৰতক গৌৰৱান্বিত কৰিছে। এই সাফল্যই বছৰ বছৰ ধৰি তেওঁ কৰা কঠোৰ পৰিশ্ৰমৰ প্ৰতিফলন ঘটাইছে। আগন্তুক যাত্ৰাৰ বাবে তেওঁলৈ শুভেচ্ছা জনালোঁ।”
PM @narendramodi"
***
MJPS/SS/PRK/DM
(ৰিলিজ আই ডি : 2315770)
অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam