আয়ুষ
একাদশ আয়ুৰ্বেদ দিৱস উদযাপনত পৰিলক্ষিত ব্যাপক অংশগ্ৰহণ
১.৩২ কোটিৰো অধিক নাগৰিকৰ সমৰ্থনেৰে আয়ুৰ্বেদৰ হকে একত্ৰিত ভাৰত
দেশজুৰি প্ৰকাশিত ২২,০০০ কাৰ্যকলাপৰ প্ৰতিবেদন, ১৩ লাখতকৈও অধিক অংশগ্ৰহণকাৰীৰ পঞ্জীয়ন
বিশ্বজুৰি ৩৮খনৰো অধিক দেশত পালন ২০২৬ চনৰ আয়ুৰ্বেদ দিৱস
পোষ্ট কৰা হৈছে:
25 SEP 2026 1:30PM by PIB Guwahati
২৩ ছেপ্টেম্বৰত সমগ্ৰ ভাৰত আৰু বিশ্বজুৰি "স্বাস্থ্যকৰ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ" বিষয়বস্তুৰ অধীনত উদযাপিত একাদশ আয়ুৰ্বেদ দিৱসত আনুষ্ঠানিক আয়ুৰ্বেদ দিৱসৰ ৱেবছাইটৰ জৰিয়তে ২২,০০০কাৰ্যকলাপৰ প্ৰতিবেদনৰ সৈতে ব্যাপক ৰাজহুৱা অংশগ্ৰহণ পৰিলক্ষিত হয়।
দেশজোৰা উদযাপনৰ অংশ হিচাপে মুঠ ১৩,১০,৬৯০গৰাকী অংশগ্ৰহণকাৰীয়ে পঞ্জীয়ন কৰাৰ লগতে ১,৩২,৪৭,৩১১ গৰাকী নাগৰিকে চৰকাৰী আয়ুৰ্বেদ দিৱস ডিজিটেল মঞ্চৰ জৰিয়তে আয়ুৰ্বেদৰ হকে সমৰ্থন আগবঢ়ায়।উদযাপনৰ কাৰ্য্যকলাপ আৰু জনসাধাৰণৰ অংশগ্ৰহণ প্ৰতিফলিত কৰি ৯০,০০০ হাজাৰৰো অধিক আলোকচিত্ৰ তোলা হয়।
আয়ুৰ্বেদ দিৱস ২০২৬ (ayurvedaday.org.in) ডিজিটেল মঞ্চই নাগৰিক, প্ৰতিষ্ঠান, সম্প্ৰদায় আৰু সংগঠনসমূহক তেওঁলোকৰ অংশগ্ৰহণ পঞ্জীয়ন কৰাৰ লগতে উদযাপনৰ অংশ হিচাপে অনুষ্ঠিত কাৰ্যকলাপৰ সবিশেষ প্ৰকাশ কৰিবলৈ এক উমৈহতীয়া ব্যৱস্থা প্ৰদান কৰে।

মহাৰাষ্ট্ৰ, উৰিষ্যা আৰু উত্তৰ প্ৰদেশকে ধৰি ৰাজ্যসমূহে আয়ুৰ্বেদৰ বিষয়ে সজাগতা আৰু বোধগম্যতা বৃদ্ধিৰ বাবে বিভিন্ন সম্প্ৰদায় আৰু প্ৰতিষ্ঠানসমূহত আয়োজিত কাৰ্যকলাপসমূহত ব্যাপক অংশগ্ৰহণ পৰিলক্ষিত হয়।
একাদশ আয়ুৰ্বেদ দিৱসত ৩৮ খনৰো অধিক দেশৰ আয়ুৰ্বেদ দিৱসৰ কাৰ্যকলাপৰ প্ৰতিবেদনৰ সৈতে আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণো পৰিলক্ষিত হয়। ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, জাপান, ফিনলেণ্ড, আফগানিস্তান, ঘানা, নিউজিলেণ্ড, ৰাছিয়া, জৰ্জিয়া আৰু আলবেনিয়াকে ধৰি কেইবাখনো দেশত একাদশ আয়ুৰ্বেদ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অংশগ্ৰহণৰ জৰিয়তে আয়ুৰ্বেদ দিৱসৰ সম্প্ৰসাৰিত আন্তৰ্জাতিক প্ৰসাৰ আৰু আয়ুৰ্বেদ সজাগতা তথা কল্যাণকামী কাৰ্যকলাপত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সম্প্ৰদায় আৰু সংগঠনসমূহৰ অংশগ্ৰহণ প্ৰতিফলিত হয়।
এই উদযাপনত আয়ুৰ্বেদ সজাগতা কাৰ্যসূচী, স্বাস্থ্য আৰু কল্যাণ শিবিৰ, ৰাজহুৱা প্ৰসাৰৰ পদক্ষেপ, শৈক্ষিক কাৰ্যসূচী, ঔষধি উদ্ভিদ ৰোপণ আৰু সংৰক্ষণ অভিযান, আয়ুৰ্বেদ আহাৰ আৰু স্বাস্থ্যকৰ খাদ্যাভ্যাস তথা নাগৰিকৰ অংশগ্ৰহণ অভিযানকে ধৰি বিভিন্ন কাৰ্যকলাপ আয়োজিত হয়।
একাদশ আয়ুৰ্বেদ দিৱস উদযাপনত দেশজোৰা আৰু আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণে আয়ুৰ্বেদৰ সৈতে জনসাধাৰণৰ অংশগ্ৰহণৰ বৰ্ধিত পৰিসৰ আৰু এক স্বাস্থ্যকৰ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদৰ সজাগতা বৃদ্ধিৰ দিশত প্ৰতিষ্ঠান, সংস্থা আৰু নাগৰিকৰ সামূহিক প্ৰচেষ্টাক প্ৰতিফলিত হয়।
***
SR/SV/SG/DD
(ৰিলিজ আই ডি : 2314966)
অতিথি কক্ষ : 9