প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

স্কিটৰ মিক্সড দলীয় শিতানত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে পৰিনাজ ধালিৱাল আৰু অনন্তজিৎ সিং নাৰুকাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 24 SEP 2026 7:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত স্কিটৰ মিক্সড দলীয় শিতানত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে পৰিনাজ ধালিৱাল আৰু অনন্তজিৎ সিং নাৰুকাক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ কৃতিত্বই এছিয়ান গেমছৰ এই শিতানত ভাৰতৰ প্ৰথমটো পদক চিহ্নিত কৰিছে।

শ্ৰী মোদীয়ে দুয়োকে শুভেচ্ছা জনাই আশা প্ৰকাশ কৰে যে এই সফলতাই অনাগত সময়ত আৰু বহুতো মাইলৰ খুঁটি গঢ়িব।

 

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ

‘এছিয়ান গেমছত স্কিটৰ মিক্সড দলীয় শিতানত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে পৰিনাজ ধালিৱাল আৰু অনন্তজিৎ সিং নাৰুকাক অভিনন্দন জনাইছো। তেওঁলোকৰ কৃতিত্বই এছিয়ান গেমছত এই শিতানত ভাৰতৰ প্ৰথমটো পদক চিহ্নিত কৰিছে। দুয়োজনকে অলেখ শুভেচ্ছা! এই সফলতাই অনাগত সময়ত আৰু বহুতো মাইলৰ খুঁটি গঢ়িবলৈ অনুপ্ৰাণিত কৰকঃ প্ৰধানমন্ত্ৰী @narendramodi’

 

*****

MJPS/SS/PRK/MK


(ৰিলিজ আই ডি : 2314654) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Gujarati , Tamil , Malayalam