আয়ুষ
২৩ ছেপ্টেম্বৰত সমগ্ৰ ভাৰত তথা বিশ্বজুৰি উদযাপন কৰা হ’ব ১১তম আয়ুৰ্বেদ দিৱস এক সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ: প্ৰমাণ, গৱেষণা, উদ্ভাৱন আৰু সম্প্ৰদায়ৰ কল্যাণৰ ওপৰত বিশেষ গুৰুত্ব
আয়ুৰ্বেদ দিৱসত উন্মোচন হ’ব সুৰক্ষা সম্পৰ্কীয় নথিপত্ৰ, নীতি-নিৰ্দেশনা, প্ৰতিবেদন আৰু CCRAS-AGNI ৱেব প’ৰ্টেল
আয়ুৰ্বেদ দিৱসত প্ৰথমবাৰৰ বাবে মুকলি কৰা হ’ব আয়ুস সেৱা খণ্ডৰ প্ৰতিবেদন
২০৪৭ চনলৈ আয়ুৰ্বেদৰ অগ্ৰগতি আৰু অসংক্ৰামক ৰোগৰ বোজা হ্ৰাস কৰা সন্দৰ্ভত বৈজ্ঞানিক অধিবেশনত আলোচনা অনুষ্ঠিত হ’ব
পোষ্ট কৰা হৈছে:
22 SEP 2026 6:55PM by PIB Guwahati
আয়ুস মন্ত্ৰালয়ে কাইলৈ নাগপুৰত “এক সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ (स्वस्थ भविष्य के लिए आयुर्वेद)” শীৰ্ষক বিষয়বস্তুৰ আধাৰত ১১তম আয়ুৰ্বেদ দিৱস উদযাপনৰ আয়োজন কৰিব। সমগ্ৰ ভাৰত তথা বিশ্বজুৰি আয়ুৰ্বেদ প্ৰতিষ্ঠান, চিকিৎসক আৰু অংশীদাৰসকলে এই উদযাপনত অংশগ্ৰহণ কৰিব।
নাগপুৰৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত ‘ৰিচাৰ্চ এণ্ড ইনফৰ্মেচন চিষ্টেম ফৰ ডেভেলপমেণ্ট কাণ্ট্ৰিজ’-ৰ দ্বাৰা প্ৰস্তুত কৰা তথা আয়ুস সেৱা খণ্ডৰ এক মূল্যায়ন দাঙি ধৰা “আয়ুস সেৱা খণ্ড” সম্পৰ্কীয় সৰ্বপ্ৰথম প্ৰতিবেদনখন উন্মোচন কৰা হ’ব। এই অনুষ্ঠানত গোক্ষুৰ (Gokshura - Tribulus terrestris) আৰু চন্দ্ৰশূৰ (Chandrasura - Lepidium sativum)-ৰ সুৰক্ষা সম্পৰ্কীয় নথিপত্ৰ, চৰ্মৰোগৰ মানক চিকিৎসা নিৰ্দেশনাৱলী, আৰু আয়ুৰ্বেদত প্ৰমাণ, গৱেষণা, উদ্ভাৱন তথা সম্প্ৰদায়ৰ কল্যাণক সুদৃঢ় কৰাৰ উদ্দেশ্যে অন্যান্য পদক্ষেপ আৰু প্ৰকাশনসমূহো মুকলি কৰা হ’ব।
এই কাৰ্যসূচীত “ফ্ৰম ট্ৰেডিচনেল ৱিজডম টু গ্ল’বেল লিডাৰশ্বিপ: আয়ুস ভিজন ২০৩০” প্ৰতিবেদন, ভাৰতত আয়ুস সম্পৰ্কীয় উদ্ভাৱনৰ স্থিতি প্ৰতিবেদন, আৰু CCRAS–AGNI (Central Council for Research in Ayurvedic Sciences – Ayurveda Gyan Naipunya Initiative) মূল্যায়ন স্কেল ৱেব প’ৰ্টেলো মুকলি কৰা হ’ব।
অনুষ্ঠানটিত দুখন বৈজ্ঞানিক অধিৱেশন অনুষ্ঠিত হ’ব। প্ৰথমখন বৈজ্ঞানিক অধিৱেশনৰ শীৰ্ষক হৈছে “শাশ্বতমৰ পৰা বিশ্বাসলৈ - এক সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ আৰু ২০৪৭ চনৰ দিশত অগ্ৰগতি”, আৰু দ্বিতীয়খন বৈজ্ঞানিক অধিৱেশনৰ শীৰ্ষক হৈছে “২০২৭ চনৰ ভিতৰত অসংক্ৰামক ৰোগৰ বোজা হ্ৰাস কৰিবলৈ সমন্বিত চিকিৎসা পদ্ধতিৰ প্ৰয়োজনীয়তা”।
অনুষ্ঠানত আয়ুস মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল, পৰিষদসমূহৰ প্ৰতিনিধি আৰু বিভিন্ন আয়ুস প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল উপস্থিত থাকিব। এই উদযাপনে আয়ুৰ্বেদ খণ্ডৰ প্ৰধান অংশীদাৰসকলক একত্ৰিত কৰি জ্ঞানৰ আদান-প্ৰদান আৰু ব্যাপক অংশগ্ৰহণৰ এক মঞ্চ প্ৰদান কৰিব।
১১তম আয়ুৰ্বেদ দিৱসৰ উদযাপনে আয়ুৰ্বেদক শক্তিশালী কৰাৰ লগতে সম্প্ৰদায়ৰ কল্যাণ সাধনত প্ৰমাণ, গৱেষণা আৰু উদ্ভাৱনৰ গুৰুত্বক উজ্জ্বল কৰি তুলিব। সমগ্ৰ দেশ তথা বিশ্বজুৰি এই উদযাপনে এক সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদৰ প্ৰাসংগিকতাক পুনৰ দৃঢ় কৰি তুলিব।
***
SR/SV/SG/RD
(ৰিলিজ আই ডি : 2313973)
অতিথি কক্ষ : 6