প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহামান্য শ্বেখ আহমেদ বিন ৰছিদ অল মাকতুমৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 21 SEP 2026 7:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামান্য শ্বেখ আহমেদ বিন ৰছিদ অল মাকতুমৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। ৰাজপৰিয়াল আৰু ডুবাইৰ জনসাধাৰণৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি শ্ৰী মোদীয়ে কয় যে বাবে মহামান্য শ্বেখ আহমেদ বিন ৰছিদ আল মাকটুমৰ সমাজ সেৱাৰ প্ৰচেষ্টাক অনাগত প্ৰজন্মই প্ৰশংসা কৰিব।

 

শ্ৰী মোদীয়ে এক্স-ত পোষ্ট কৰিছেঃ

 

মহামান্য শ্বেইখ আহমেদ বিন ৰছিদ অল মাকতুমৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। সমাজ সেৱাৰ বাবে তেওঁ কৰা প্ৰচেষ্টাক অনাগত প্ৰজন্মই প্ৰশংসা কৰিব।

মই ৰাজপৰিয়াল আৰু ডুবাইৰ জনসাধাৰণৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।

@HHShkMohd

****

MJPS/SS/VJ/MK


(ৰিলিজ আই ডি : 2313278) অতিথি কক্ষ : 5