তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ভাৰতৰ পৰৱৰ্তী প্ৰগতিৰ সীমান্ত হিচাপে সৃষ্টিশীল অৰ্থনীতিৰ উথ্থান ঘটিছে, ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে প্ৰদান কৰিছে নতুন সুযোগ: ড° এল মুৰুগন
এভিজিচি খণ্ড-ত ২০৩০ চনৰ ভিতৰত প্ৰায় ২০ লাখ দক্ষ পেছাদাৰীৰ প্ৰয়োজন হ’ব বুলি আশা কৰা হৈছে, যুৱক-যুৱতীসকলৰ বাবে নতুন পথ মুকলি
যুৱক-যুৱতীসকলক ভৱিষ্যতৰ বাবে সাজু দক্ষতাৰে সজ্জিত কৰিবলৈ ভাৰতীয় সৃষ্টিশীল প্ৰযুক্তি প্ৰতিষ্ঠান আৰু এভিজিচি ক্ৰিয়েটৰ লেব-ক চৰকাৰে আগবঢ়াইছে সহযোগিতা
পোষ্ট কৰা হৈছে:
18 SEP 2026 2:39PM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী আৰু সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগনে আজি অ’ পি জিন্দাল গ্ল’বেল ইউনিভাৰ্চিটীত “আইন, নীতি, আৰু সৃষ্টিশীল অৰ্থনীতি” বিষয়ক জিন্দাল নীতি সন্মিলনৰ মুকলি অধিৱেশনত উদ্বোধনী ভাষণ প্ৰদান কৰে।

যুৱ অংশগ্ৰহণকাৰীসকলক ভাষণ দি ড০ মুৰুগনে ধাৰণা, কল্পনা, সংস্কৃতি, উদ্ভাৱন আৰু বৌদ্ধিক সম্পত্তিৰ দ্বাৰা পৰিচালিত ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিৰ দ্ৰুত বিকাশৰ প্ৰসংগত আলোকপাত কৰে। তেওঁ কয় যে চলচ্চিত্ৰ, সংগীত, গেমিং, এনিমেশ্যন, আৰ্হি, প্ৰকাশন, বিজ্ঞাপন আৰু ডিজিটেল কন্টেন্টকে ধৰি খণ্ডসমূহে নিয়োগ আৰু উদ্যোগীকৰণৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে।

ড০ মুৰুগনে উল্লেখ কৰে যে সৃষ্টিশীল অৰ্থনীতিয়ে বিশ্বৰ জিডিপিত ৩.১ শতাংশ আৰু বিশ্বৰ নিয়োগৰ ৬.২ শতাংশ অৰিহণা যোগায়, ইতিমধ্যে প্ৰায় ৫.৭ কোটি ভাৰতীয়ই সাংস্কৃতিক আৰু সৃষ্টিশীল বৃত্তিত কাম কৰি আছে। ভাৰতৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ অৰ্থনীতিৰ মূল্যমান হৈছে ২.৫ ট্ৰিলিয়ন টকা।
ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে সুযোগসমূহত আলোকপাত কৰি তেওঁ কয় যে কেৱল এভিজিচি খণ্ডতে ২০৩০ চনৰ ভিতৰত প্ৰায় ২০ লাখ দক্ষ পেছাদাৰী ব্যক্তিৰ প্ৰয়োজন হ’ব বুলি আশা কৰা হৈছে। উদীয়মান সুযোগৰ বাবে যুৱক-যুৱতীসকলক প্ৰস্তুত কৰিবলৈ ১৫ হাজাৰ বিদ্যালয় আৰু ৫০০খন মহাবিদ্যালয়ত ভাৰতীয় সৃষ্টিশীল প্ৰযুক্তি প্ৰতিষ্ঠান আৰু এভিজিচি ক্ৰিয়েটৰ লেবলৈ চৰকাৰে সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।
ড° মুৰুগনে লগতে জোৰ দি কয় যে সৃষ্টিশীল অৰ্থনীতিৰ বিকাশৰ বাবে কপিৰাইট সুৰক্ষা, নিৰ্মাতাসকলৰ বাবে ন্যায্য ক্ষতিপূৰণ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দায়িত্বশীল ব্যৱহাৰকে ধৰি উপযুক্ত আইনী আৰু নীতিগত কাঠামোৰ দ্বাৰা সমৰ্থিত হ’ব লাগিব। তেওঁ যুৱক-যুৱতীসকলক সন্মান, যুক্তি আৰু প্ৰমাণেৰে অনুমান আৰু প্ৰতিষ্ঠানসমূহক ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত নিজৰ ধাৰণা আৰু দক্ষতা অৱদান আগবঢ়াবলৈ আহ্বান জনায়।

*****
Mahesh Kumar/ Aparajita Priyadarshini/KB
(ৰিলিজ আই ডি : 2312660)
অতিথি কক্ষ : 7