ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
৩০ লাখ কাৰিকৰৰ পঞ্জীয়নেৰে তিনি বছৰ সম্পূৰ্ণ পিএম বিশ্বকৰ্মা আঁচনিৰ
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰীয়ে পৰম্পৰাগত কাৰিকৰসকলক সবল কৰাৰ বাবে দোঁহাৰিলে প্ৰতিশ্ৰুতি
পিএম বিশ্বকৰ্মাৰ অধীনত ৩০ লাখ হিতাধিকাৰীয়ে পঞ্জীয়ন কৰিছে; প্ৰায় ২৪.৫০ লাখে লাভ কৰিছে মৌলিক দক্ষতা প্ৰশিক্ষণ: কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জীতন ৰাম মাঝি
মহিলা উদ্যমীসকলক সবল কৰাটোৱেই হৈছে শক্তিশালী পৰিয়াল, সমাজ আৰু এক সমৃদ্ধিশালী 'বিকশিত ভাৰত' গঢ়াৰ মূল চাবি-কাঠি: কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শোভা কৰন্দলাজে
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে পশ্চিমবংগৰ কলকাতাৰ ধন ধান্য প্ৰেক্ষাগৃহত উদযাপন কৰিলে এই বিশেষ ক্ষণ
পোষ্ট কৰা হৈছে:
18 SEP 2026 1:00AM by PIB Guwahati
ভাৰত চৰকাৰৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এমএছএমই) মন্ত্ৰালয়ে পশ্চিমবংগৰ কলকাতাৰ ধন ধান্য প্ৰেক্ষাগৃহত ‘পিএম বিশ্বকৰ্মা’ৰ তৃতীয় বাৰ্ষিকী উদযাপন কৰে। এই অনুষ্ঠানে আঁচনিখন ৰূপায়ণৰ তিনি বছৰ চিহ্নিত কৰাৰ লগতে পৰম্পৰাগত কাৰিকৰ তথা শিল্পকৰ্মীসকলৰ জীৱিকা, দক্ষতা আৰু উদ্যোগী ক্ষমতাসমূহ শক্তিশালী কৰাৰ বাবে চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাক প্ৰতিফলি কৰিছে।
পশ্চিমবংগই ২০২৬ চনৰ মে' মাহত পিএম বিশ্বকৰ্মা আঁচনি ৰূপায়ণ আৰম্ভ কৰে, যিটো ৰাজ্যখনৰ পৰম্পৰাগত কাৰিকৰ আৰু শিল্পকৰ্মীসকললৈ ব্যাপক সমৰ্থন সম্প্ৰসাৰণ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল। কলকাতাৰ এই অনুষ্ঠানে দক্ষতা প্ৰশিক্ষণ, আধুনিক সঁজুলি, প্ৰতিষ্ঠানিক ঋণ আৰু বজাৰ সংযোগৰ মাধ্যমেৰে বিশ্বকৰ্মাসকলক সবল কৰাৰ ক্ষেত্ৰত আঁচনিখনৰ গুৰুত্ব প্ৰকাশ কৰিলে।

পিএম বিশ্বকৰ্মাৰ তৃতীয় বাৰ্ষিকী উপলক্ষে বিশ্বকৰ্মা কাৰিকৰসকলৰ চহকী পৰম্পৰাগত কলা আৰু শিল্প প্ৰদৰ্শন কৰা এখন প্ৰদৰ্শনী উদ্বোধন কৰে কেন্দ্ৰীয় এমএছএমই মন্ত্ৰী শ্ৰী জীতন ৰাম মাঝি, এমএছএমই বিভাগৰ ৰাজ্যিক মন্ত্ৰী সুশ্ৰী শোভা কৰন্দলাজে, পশ্চিমবংগ চৰকাৰৰ এমএছএমই আৰু বস্ত্ৰশিল্প মন্ত্ৰী শ্ৰী দীপক বৰ্মন আৰু পশ্চিমবংগ চৰকাৰৰ এমএছএমই আৰু বস্ত্ৰশিল্প ৰাজ্যিক মন্ত্ৰী শ্ৰী অশোক দিন্দাই। এই প্ৰদৰ্শনীয়ে পশ্চিমবংগৰ বিশ্বকৰ্মাসকলক তেওঁলোকৰ পৰম্পৰাগত শিল্পকলা আৰু উদ্যোগী দক্ষতা প্ৰদৰ্শন কৰাৰ এক মঞ্চ প্ৰদান কৰে।

উপস্থিত সমবেত ৰাইজক সম্বোধন কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনৰ পৰম্পৰাগত কাৰিকৰ আৰু শিল্পকৰ্মীসকললৈ দক্ষতা প্ৰশিক্ষণ আৰু ঋণৰ সুবিধা সম্প্ৰসাৰিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ পিএম বিশ্বকৰ্মাৰ আঁৰৰ পৰিৱৰ্তনকাৰী দৃষ্টিভংগীৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে আৰু সমগ্ৰ দেশৰ কাৰিকৰ আৰু শিল্পকৰ্মীসকলৰ জীৱিকা শক্তিশালী কৰাত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা স্বীকাৰ কৰে। পশ্চিমবংগত পিএম বিশ্বকৰ্মাৰ অগ্ৰগতিৰ ৰূপৰেখা দাঙি ধৰি তেওঁ উল্লেখ কৰে যে এই আঁচনিৰ অধীনত ৭ লাখৰো অধিক আবেদন লাভ কৰা হৈছে। তেওঁ লগতে জনায় যে বিশ্বকৰ্মাসকলে যাতে আঁচনিখনৰ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে পশ্চিমবংগ চৰকাৰে সহায়কাৰী সমৰ্থন প্ৰদানৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব। মুখ্যমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ এমএছএমই মন্ত্ৰালয়ৰ সহযোগত সমগ্ৰ পশ্চিমবংগত পিএম বিশ্বকৰ্মাৰ ফলপ্ৰসূ আৰু সময়োপযোগী ৰূপায়ণৰ বাবে ৰাজ্যৰ ফালৰ পৰা সমন্বিত প্ৰচেষ্টাৰ আশ্বাস দিয়ে। আঁচনিখনৰ সুবিধা যাতে প্ৰতিজন যোগ্য কাৰিকৰ আৰু শিল্পকৰ্মীৰ ওচৰ পায়গৈ, তাৰ বাবে সংপৃক্ত ৰাজ্যিক সংস্থাসমূহক সজাগতা আৰু ৰূপায়ণ বৃদ্ধি কৰিবলৈ তেওঁ আহ্বান জনায়।

তেওঁ পশ্চিমবংগত এমএছএমই মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি আৰু উদ্যোগসমূহৰ ৰূপায়ণক প্ৰশংসা কৰে, যিবোৰে ঔদ্যোগীকৰণ প্ৰসাৰ, নিযুক্তি সৃষ্টি, উদ্যোগ উন্নয়নত সমৰ্থন আৰু ৰাজ্যখনত এমএছএমই পৰিৱেশ শক্তিশালী কৰাত অৰিহণা যোগাইছে বুলি উল্লেখ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে এই উদ্যোগসমূহৰ ফলপ্ৰসূ ৰূপায়ণে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰত’ৰ সপোন বাস্তৱায়িত কৰাত অৰিহণা যোগাব।

কেন্দ্ৰীয় এমএছএমই মন্ত্ৰী শ্ৰী জীতন ৰাম মাঝিয়ে ২০২৩ চনৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষতা প্ৰশিক্ষণ, আধুনিক সঁজুলি প্ৰদান, ঋণ আৰু বজাৰ সমৰ্থনৰ জৰিয়তে পৰম্পৰাগত কাৰিকৰ আৰু শিল্পকৰ্মীসকলক সবল কৰাৰ উদ্দেশ্যে শুভাৰম্ভ কৰা পিএম বিশ্বকৰ্মাৰ সাফল্যসমূহ অৱগত কৰে। তেওঁ জনায় যে পিএম বিশ্বকৰ্মাৰ অধীনত ইতিপূৰ্বে ৩০ লাখ হিতাধিকাৰীয়ে পঞ্জীয়ন কৰিছে, যাৰ ভিতৰত প্ৰায় ২৪.৫০ লাখে মৌলিক দক্ষতা প্ৰশিক্ষণ লাভ কৰিছে। ইণ্ডিয়া প’ষ্টৰ জৰিয়তে ১৮.১৫ লাখ আধুনিক সঁজুলি বিতৰণ কৰা হৈছে, আনহাতে ৬.১৮ লাখ বিশ্বকৰ্মাই বাৰ্ষিক ৫% ৰেহাই সুতৰ হাৰত ১ লাখ টকালৈকে ঋণ লাভ কৰিছে, যাৰ মুঠ পৰিমাণ ৫,২৯৭ কোটি টকা।

কেন্দ্ৰীয় এমএছএমই ৰাজ্যিক মন্ত্ৰী সুশ্ৰী শোভা কৰন্দলাজে পিএম বিশ্বকৰ্মাৰ তৃতীয় বাৰ্ষিকী উদযাপনত উপস্থিত থকা হিতাধিকাৰীসকলক অভিনন্দন জনায় আৰু তেওঁলোকৰ উদ্যোগী যাত্ৰাৰ বাবে শুভকামনা জনায়। তেওঁ হিতাধিকাৰীসকলক পিএম বিশ্বকৰ্মাৰ অধীনত উপলব্ধ সুযোগ আৰু সমৰ্থনসমূহৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ আৰু সফল উদ্যমী হোৱাৰ দিশত চেষ্টা কৰিবলৈ উৎসাহিত কৰে। তেওঁ উল্লেখ কৰে যে এই অনুষ্ঠানটো পশ্চিমবংগৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ, যিয়ে শেহতীয়াকৈ পিএম বিশ্বকৰ্মাত যোগদান কৰিছে, যিটো ৰাজ্যখনত এই আঁচনিৰ অধীনত এমএছএমই মন্ত্ৰালয়ৰ প্ৰথমটো কাৰ্যসূচী। মহিলা উদ্যমীসকলক সবল কৰিলে শক্তিশালী পৰিয়াল, সমাজ আৰু এক সমৃদ্ধিশালী বিকশিত ভাৰত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ জোৰ দিয়ে।

পশ্চিমবংগ চৰকাৰৰ এমএছএমই আৰু বস্ত্ৰশিল্প মন্ত্ৰী শ্ৰী দীপক বৰ্মনে কয় যে পিএম বিশ্বকৰ্মা পৰম্পৰাগত কাৰিকৰ আৰু শিল্পকৰ্মীসকলৰ বাবে এক যুগান্তকাৰী পদক্ষেপ হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে তেওঁলোকক বহনক্ষম জীৱিকা আৰু শক্তিশালী উদ্যোগ গঢ়ি তোলাৰ দিশত সক্ষম কৰি তুলিছে। ভাৰতৰ সমৃদ্ধিশালী শিল্প ঐতিহ্য সংৰক্ষণ কৰাৰ লগতে কাৰিকৰসকলৰ উন্নতি আৰু অৰ্থনৈতিক বৃদ্ধিত অৰিহণা যোগোৱাৰ নতুন পথ সৃষ্টি কৰাৰ বাবে ভাৰত চৰকাৰৰ প্ৰচেষ্টাক তেওঁ প্ৰশংসা কৰে।

সমবেত ৰাইজক উদ্দেশ্যি ভাৰত চৰকাৰৰ এমএছএমই মন্ত্ৰালয়ৰ সচিব শ্ৰী ভাৰত খেৰাই বিগত তিনি বছৰত আঁচনিখনৰ উল্লেখযোগ্য সফলতাৰ কথা অৱগত কৰাৰ লগতে দক্ষতা প্ৰশিক্ষণ, আধুনিক সঁজুলি যোগান, সুলভ ঋণ আৰু বজাৰ সংযোগৰ জৰিয়তে পৰম্পৰাগত কাৰিকৰ আৰু শিল্পকৰ্মীসকলক সবল কৰাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। তেওঁ প্ৰতিযোগিতা বৃদ্ধি আৰু এমএছএমই ৰ বাবে অধিক সুযোগ সৃষ্টিৰ উদ্দেশ্যে খণ্ডটোক শক্তিশালী কৰিবলৈ এমএছএমই মন্ত্ৰালয়ৰ আঁচনিসমূহৰ অগ্ৰগতি আৰু শেহতীয়া সংস্কাৰসমূহৰ ৰূপৰেখা দাঙি ধৰে। পশ্চিমবংগৰ কৌশলগত গুৰুত্ব তুলি ধৰি তেওঁ কয় যে ৰাজ্যখন পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ আৰু বিকাশৰ এক মূল চালিকা শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে এমএছএমই ৰ বিকাশৰ বাবে অপৰিসীম সম্ভাৱনা কঢ়িয়াই আনিছে।

ভাৰত চৰকাৰৰ এমএছএমই মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব তথা উন্নয়ন আয়ুক্ত ড° ৰজনীশে পিএম বিশ্বকৰ্মাৰ মূল বৈশিষ্ট্য, সাফল্য আৰু দক্ষতা প্ৰশিক্ষণ, আধুনিক টুলকিট, ঋণ আৰু বজাৰ সংযোগৰ জৰিয়তে পৰম্পৰাগত কাৰিকৰ তথা শিল্পকৰ্মীসকললৈ আগবঢ়োৱা সামগ্ৰিক সমৰ্থনৰ ওপৰত এক উপস্থাপন দাঙি ধৰে। তেওঁ উল্লেখ কৰে যে ২০২৩ চনৰ ১৭ ছেপ্টেম্বৰত আৰম্ভ হোৱাৰ পৰা সমগ্ৰ দেশজুৰি ৩০ লাখ হিতাধিকাৰীয়ে ইতিপূৰ্বে এই আঁচনিৰ অধীনত সুবিধা লাভ কৰিছে আৰু এতিয়া পশ্চিমবংগ অন্তৰ্ভুক্ত হোৱাৰ লগে লগে এমএছএমই মন্ত্ৰালয়ে ৰাজ্যখনত এই আঁচনি সম্পূৰ্ণ পৰিসৰত কাৰ্যকৰী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

তৃতীয় বাৰ্ষিকী উদযাপন অনুষ্ঠানৰ সময়ত পশ্চিমবংগৰ বিশ্বকৰ্মাসকলৰ মাজত পিএম বিশ্বকৰ্মা পৰিচয় পত্ৰ/প্ৰমাণপত্ৰ, সঁজুলি আৰু ১ লাখ টকাকৈ চেক বিতৰণ কৰা হয়।

অনুষ্ঠানত পশ্চিমবংগ চৰকাৰৰ এমএছএমই আৰু বস্ত্ৰশিল্প ৰাজ্যিক মন্ত্ৰী শ্ৰী অশোক দিন্দা, পশ্চিমবংগ চৰকাৰৰ মুখ্য সচিব শ্ৰী মনোজ কুমাৰ আগৰৱাল আৰু পশ্চিমবংগ চৰকাৰৰ এমএছএমই ৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী অনুপ কুমাৰ আগৰৱাল উপস্থিত থাকে। পশ্চিমবংগৰ বিভিন্ন জিলাৰ ২০০০ তকৈও অধিক বিশ্বকৰ্মা আৰু পঞ্চায়ত প্ৰতিনিধিৰ লগতে ভাৰত চৰকাৰৰ এমএছএমই মন্ত্ৰালয়, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়, বিত্তীয় সেৱা বিভাগ, বিত্ত মন্ত্ৰালয়, বেংক, ইণ্ডিয়া প'ষ্ট আৰু পশ্চিমবংগ চৰকাৰৰ মূল বিষয়াসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
পিএম বিশ্বকৰ্মাৰ তৃতীয় বাৰ্ষিকী উদযাপনে কাৰিকৰ আৰু শিল্পকৰ্মীসকলক গ্ৰাম্য উদ্যমীৰ পৰা নিজা উদ্যোগ প্ৰতিষ্ঠা কৰাৰ দিশত সহজ কৰি তোলাৰ চৰকাৰী প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰে। এই অনুষ্ঠানে পিএম বিশ্বকৰ্মাৰ মূল আদৰ্শ অৰ্থাৎ "সন্মান, সামৰ্থ্য আৰু সমৃদ্ধি"ক উদযাপন কৰে।


***
Sunil Kumar Tiwari/DB
(ৰিলিজ আই ডি : 2312119)
অতিথি কক্ষ : 3