প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা জীক প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা জ্ঞাপন

পোষ্ট কৰা হৈছে: 17 SEP 2026 8:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ  বাবে মাননীয় লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা জীক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে কোটি কোটি দেশবাসীৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ শক্তিৰ ওপৰত ভৰসা কৰি দেশে আজি উন্নয়নৰ ক্ষেত্ৰত নিতৌ নতুন মান নিৰূপন কৰিছে। লগতে তেওঁ ভাৰতক আৰু অধিক শক্তিশালী, সমৃদ্ধিশালী তথা আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে সংকল্পবদ্ধ বুলি উল্লেখ কৰে।

শ্ৰী মোদীয়ে ‘এক্স’ত  এনেদৰে পোষ্ট কৰে—

“আপোনাৰ স্নেহপূৰ্ণ বাৰ্তাৰ বাবে হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, মাননীয় লোকসভাৰ অধ্যক্ষ ওম বিৰলা জী। আপুনি প্ৰকাশ কৰা অনুভূতিসমূহ মোৰ বাবে অতি মূল্যৱান।

কোটি কোটি দেশবাসীৰ প্ৰতিভা আৰু পৰিশ্ৰমৰ শক্তিৰ ওপৰত ভৰসা কৰি দেশে আজি উন্নয়নৰ ক্ষেত্ৰত নিতৌ নতুন নতুন মান  নিৰূপন  কৰি আছে। তেওঁলোকৰ সহযোগিতা আৰু আশীৰ্বাদত আমি সম্পূৰ্ণ নিষ্ঠাৰে ভাৰতক আৰু অধিক শক্তিশালী, সমৃদ্ধিশালী তথা আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে সংকল্পবদ্ধ।”

@ombirlakota

 

****

MJPS/SS/VJ/DM


(ৰিলিজ আই ডি : 2311735) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Gujarati , Malayalam