শক্তি মন্ত্ৰালয়
নেপাললৈ বিদ্যুৎ ৰপ্তানিৰ অনুমোদন
পোষ্ট কৰা হৈছে:
14 SEP 2026 1:38PM by PIB Guwahati
ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ে ১৩ ছেপ্টেম্বৰ, ২০২৬ৰ পৰা ৩১ ডিচেম্বৰ, ২০২৬লৈ প্ৰতিদিনে ১৮ ঘণ্টা অৰ্থাৎ নিশা ১২ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ নেপাল বিদ্যুৎ প্ৰাধিকৰণলৈ বিদ্যুৎ ৰপ্তানিত অনুমোদন জনাইছে।
মুজাফ্ফৰপুৰ–ঢালকেবৰ ৪০০ কিলোভল্ট দ্বৈত পৰিক্ৰমা সংযোগী বিদ্যুৎ পৰিবাহী পথেৰে সৰ্বাধিক ৬০০ মেগাৱাট আৰু টনকপুৰ–মহেন্দ্ৰনগৰ ১৩২ কিলোভল্ট একক পৰিক্ৰমা সংযোগী বিদ্যুৎ পৰিবাহী পথেৰে সৰ্বাধিক ৫৪ মেগাৱাট বিদ্যুৎ ৰপ্তানিত অনুমোদন জনোৱা হৈছে।২০২৭ চনৰ জানুৱাৰীৰ পৰা কিমান পৰিমাণৰ বিদ্যুৎ ৰপ্তানি কৰা হ’ব, সেই সন্দৰ্ভত ২০২৬ চনৰ ডিচেম্বৰ মাহত পুনৰ পৰ্যালোচনা কৰা হ’ব।
শেহতীয়া বানপানীয়ে নেপালৰ জলবিদ্যুৎ আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতিসাধন কৰাৰ ফলত দেশখনৰ নিজা বিদ্যুৎ উৎপাদন ক্ষমতা হ্ৰাস পাইছে আৰু অতিৰিক্ত বিদ্যুতৰ প্ৰয়োজনীয়তা সৃষ্টি হৈছে। এই অনুমোদনে কঠিন পৰিস্থিতিৰ সময়ছোৱাত নেপালৰ বিদ্যুতৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰাৰ লগতে ভাৰত আৰু নেপালৰ মাজত দীৰ্ঘদিনীয়া ঘনিষ্ঠ শক্তি সহযোগিতা অধিক শক্তিশালী কৰিব।শক্তি খণ্ডত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ লগতে নেপালক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতে নিজৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখিছে।
*****
NR/AP/DM
(ৰিলিজ আই ডি : 2310296)
অতিথি কক্ষ : 6