বিত্ত মন্ত্ৰালয়
‘অপাৰেচন ডিপ মেনিফেষ্ট’ৰ অধীনত ৩৬২ মেট্ৰিক টনতকৈও অধিক পাকিস্তানী মূলৰ শুকান খেজুৰ জব্দ ডি আৰ আইৰ
পোষ্ট কৰা হৈছে:
14 SEP 2026 12:23PM by PIB Guwahati
পাকিস্তানৰ পৰা আমদানিৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা প্ৰতিহত কৰা প্ৰচেষ্টাৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (ডি আৰ আই) ৩৬২ মেট্ৰিক টনতকৈও অধিক পাকিস্তানী শুকান খেজুৰ জব্দ কৰিছে।
নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত ডি আৰ আইৰ বিষয়াসকলে মুম্বাইৰ এটা প্ৰতিষ্ঠানে আমদানি কৰা শুকান খেজুৰৰ ১৩ টা কণ্টেইনাৰ নাছিকৰ চি এফ এছ আম্বাডত জব্দ কৰে। ইউ এ ইক মূল দেশ বুলি ঘোষণা কৰা আমদানি নথি-পত্ৰৰ সৈতে এই সামগ্ৰীসমূহ দেশখনৰ জেবেল আলীৰ পৰা আহিছিল।


প্ৰাথমিক অনুসন্ধানত পাকিস্তানী সামগ্ৰীবোৰ লুকুৱাই ৰাখিবলৈ ডিজাইন কৰা এক সংগঠিত ট্ৰেন্সশ্বিপমেণ্ট ব্যৱস্থাৰ কথা প্ৰকাশ পাইছিল। শুকান খেজুৰবোৰ প্ৰথমতে পাকিস্তানৰ কৰাচী বন্দৰৰ পৰা ইউ এ ইৰ জেবেল আলী বন্দৰলৈ এখন জাহাজৰ এটা কণ্টেইনাৰৰ জৰিয়তে প্ৰেৰণ কৰা হৈছিল। জেবেল আলী বন্দৰত সামগ্ৰীসমূহ কেৱল প্ৰেৰণ কৰি আন এটা ছেটৰ কণ্টেইনাৰলৈ স্থানান্তৰ কৰা হৈছিল আৰু পাকিস্তানী নাগৰিকৰ দ্বাৰা পৰিচালিত সংস্থাসমূহৰ জৰিয়তে ভাৰতলৈ প্ৰেৰণ কৰাৰ বাবে আন এখন জাহাজত উঠোৱা হৈছিল।
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত ২০২৫ চনৰ ২ মে’ৰ পৰা পাকিস্তানত উৎপাদিত বা তাৰ পৰা ৰপ্তানি হোৱা সকলো সামগ্ৰীৰ প্ৰত্যক্ষ-পৰোক্ষ আমদানি বা পৰিবহণত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত ডি আৰ আয়ে ‘অপাৰেচন ডিপ মেনিফেষ্ট’ৰ অধীনত তৃতীয় দেশৰ মাধ্যমেৰে ভাৰতলৈ আমদানি কৰাৰ চেষ্টা কৰা পাকিস্তানী সামগ্ৰীসমূহ নিৰন্তৰভাৱে চিনাক্ত কৰি সেইসমূহ জব্দ কৰি আহিছে।
জব্দ কৰা প্ৰক্ৰিয়াটোৱে ট্ৰেন্সশ্বিপমেণ্ট আৰু নথি-পত্ৰৰ হেৰফেৰৰ জৰিয়তে বাণিজ্যিক নিষেধাজ্ঞা প্ৰতিহত কৰিবলৈ বিচৰা অত্যাধুনিক নেটৱৰ্ক চিনাক্ত কৰা, ব্যাহত কৰা আৰু ধ্বংস কৰাৰ বাবে ডি আৰ আইৰ ধাৰাবাহিক সংকল্পক গুৰুত্ব প্ৰদান কৰে, যাৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত হয় আৰু যোগান শৃংখলৰ অখণ্ডতা ৰক্ষা হয়।
****
SR/KMN/NB
(ৰিলিজ আই ডি : 2309998)
অতিথি কক্ষ : 4