প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ব্ৰিকছ নতুন দিল্লী ঘোষণাঃ স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ বাবে নিৰ্মাণ
পোষ্ট কৰা হৈছে:
12 SEP 2026 6:11PM by PIB Guwahati
1. আমি ব্ৰিকছ দেশসমূহৰ নেতাসকল ভাৰতৰ নতুন দিল্লীত ২০২৬-ৰ ১২-১৩ ছেপ্টেম্বৰত “স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ বাবে নিৰ্মাণ” শীৰ্ষক বিষয়বস্তুৰ অধীনত অনুষ্ঠিত হোৱা XVIII সংখ্যক ব্ৰিকছ সন্মিলনত মিলিত হওঁ।
2. আমি ব্ৰিকছৰ পাৰস্পৰিক সন্মান আৰু বুজাবুজি, সাৰ্বভৌম সমতা, সংহতি, গণতন্ত্ৰ, মুকলি দৃষ্টিভংগী, সৰ্বাংগীনতা, সহযোগিতা আৰু সহমতৰ মনোভাৱৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ কথা দোহাৰো। আমি দুটা দশকত ৰাজনৈতিক আৰু নিৰাপত্তা, অৰ্থনৈতিক আৰু বিত্তীয়, সাংস্কৃতিক আৰু জনসাধাৰণৰ সহযোগিতাৰ তিনিটা স্তম্ভৰ অধীনত সম্প্ৰসাৰিত ব্ৰিকছত সহযোগিতাক সুদৃঢ়কৰণৰ লগতে শান্তি, অধিক প্ৰতিনিধিত্বমূলক, ন্যায্য আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা, পুনৰ সজীৱ আৰু সংস্কাৰ সাধিত বহুপক্ষীয় ব্যৱস্থা, বহনক্ষম উন্নয়ন আৰু সৰ্বাংগীন বিকাশ তথা আমাৰ জনসাধাৰণৰ সুবিধাৰ বাবে আমাৰ কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ অংগীকাৰ কৰিছো।
3. ব্ৰিকছৰ সহযোগিতাৰ ক্ষেত্ৰত অংশীদাৰ দেশসমূহে আগবঢ়োৱা মূল্যৱান বৰঙণিক আমি স্বীকাৰ কৰিছো। আমাৰ দৃঢ় বিশ্বাস এয়ে যে উদীয়মান বজাৰ আৰু উন্নয়নশীল দেশসমূহৰ (EMDC) সৈতে ব্ৰিকছৰ অংশীদাৰিত্বক আগবঢ়াই নিলে সকলোৰে সুবিধাৰ বাবে সংহতি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ মনোভাৱ গভীৰ কৰাত অধিক অৰিহণা যোগাব। আমি অংশীদাৰ দেশসমূহৰ সৈতে অন্তৰ্ভুক্ত, পাৰস্পৰিকভাৱে উপযোগী আৰু উন্নয়নমুখী অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে আমাৰ অংগীকাৰৰ কথা দোহাৰিছো। আমি ব্ৰিকছৰ সংযোগ আৰু উমৈহতীয়া আগ্ৰহৰ ক্ষেত্ৰত ব্যৱহাৰিক সহযোগিতাৰ বাবে বৰ্ধিত অংশগ্ৰহণক উৎসাহিত কৰোঁ।
4. আমি XVIII সংখ্যক ব্ৰিকছ সন্মিলনৰ আউটৰিচ/ব্ৰিকছ প্লাছ ডাইলগ শিতান আয়োজন কৰাৰ বাবে ভাৰতক প্ৰশংসা কৰিছো। এই শিতানে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সংহতিক গভীৰ কৰাৰ ক্ষেত্ৰত নতুন গতি প্ৰদান কৰিছে।
5. ২০২৬-ত ব্ৰিকছত ভাৰতৰ অধ্যক্ষতাৰ অধীনত “স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ বাবে নিৰ্মাণ” বিষয়বস্তুৰে লাভ কৰা উল্লেখযোগ্য অগ্ৰগতি কাৰ্য্যক আমি প্ৰশংসা কৰিছো। এই বিষয়বস্তুৱে সুষম, ব্যৱহাৰিক, কাৰ্য্যকৰী, সৰ্বাংগীন, উন্নয়ন-মুখী আৰু জন-কেন্দ্ৰিক দৃষ্টিভংগীৰে উমৈহতীয়া প্ৰত্যাহ্বানসমূহেৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত ব্ৰিকছৰ সহযোগিতাক গভীৰ কৰিবলৈ আমাৰ উমৈহতীয়া দায়বদ্ধতাক প্ৰতিফলিত কৰে। বিশেষকৈ সামৰ্থ্যক শক্তিশালী কৰা, উদ্ভাৱনক প্ৰসাৰিত কৰা তথা বহনক্ষম উন্নয়ন আৰু স্থিতিস্থাপকতাক আগুৱাই নিয়াৰ জৰিয়তে বিষয়-ভিত্তিক অগ্ৰাধিকাৰসমূহৰ ক্ষেত্ৰত সহযোগিতাক আগবঢ়াই নিবলৈ আমি আমাৰ অংগীকাৰৰ কথা দোহাৰিছো।
6. ব্ৰিকছৰ সহযোগিতা কাঠামোৰ অধীনত সমগ্ৰ ভাৰতৰ ত্ৰিশখন চহৰত মন্ত্ৰী, সাংসদ, সংস্থাৰ মুৰব্বী, বিষয়া, বিশেষজ্ঞ, ব্যৱসায়ী আৰু জনসাধাৰণৰ পৰ্য্যায়ত চাৰিশৰো অধিক বৈঠক আৰু সংযোগৰ আয়োজন কৰা কাৰ্য্যক আমি আদৰণি জনাইছো। এনে ব্যৱস্থাই ব্ৰিকছৰ কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰাত অৰিহণা যোগাইছে। সামূহিক স্থিতিস্থাপকতা বৃদ্ধি, উদ্ভাৱন-চালিত অৰ্থনৈতিক বিকাশৰ প্ৰসাৰ, বহনক্ষম উন্নয়নক আগুৱাই নিয়া, জনসাধাৰণৰ মাজৰ বিনিময় ব্যাপক কৰা আৰু বিশ্ব শাসনত অধিক প্ৰতিনিধিত্বৰ বাবে ব্ৰিকছৰ কণ্ঠ সবল কৰাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিক আমি আদৰণি জনাইছো।
অন্তৰ্ভুক্ত বিশ্ব শাসন আৰু বহুপক্ষীয়তাবাদক সুদৃঢ়কৰণ
7. ব্ৰিকছৰ ২০ বছৰীয়া জয়ন্তী উপলক্ষে আমি ব্যাপক পৰামৰ্শ, যৌথ অৱদান আৰু পাৰস্পৰিক লাভৰ মনোভাৱেৰে অধিক ন্যায্য, সমতাপূৰ্ণ, প্ৰাণোচ্ছল, ফলপ্ৰসূ, কাৰ্য্যক্ষম, সঁহাৰিজনক, প্ৰতিনিধিত্বমূলক, বৈধ, গণতান্ত্ৰিক আৰু দায়বদ্ধ আন্তঃৰাষ্ট্ৰীয় আৰু বহুপক্ষীয় ব্যৱস্থাক প্ৰসাৰিত কৰি বিশ্ব শাসন ব্যৱস্থাৰ সংস্কাৰ সাধন আৰু অগ্ৰগতিৰ বাবে আমাৰ অংগীকাৰৰ কথা দোহাৰিছো। সমসাময়িক বাস্তৱ পৰিস্থিতিক স্পষ্টভাৱে প্ৰতিফলিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বৰ্তমানৰ ব্যৱস্থাক খাপ খুৱাই লোৱাৰ প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি আমি বহুপক্ষীয়তাবাদ আৰু বহুমেৰুত্বক শক্তিশালী কৰাৰ লগতে ৰাষ্ট্ৰসংঘৰ (UN) চনদৰ উদ্দেশ্য আৰু নীতিসমূহক সম্পূৰ্ণৰূপে তথা আন্তঃসংযোগক সুষম আৰু সৰ্বাংগীনভাৱে, ইয়াৰ অপৰিহাৰ্য্য মূল স্তম্ভ হিচাপে আৰু ৰাষ্ট্ৰসংঘৰ কেন্দ্ৰীয় ভূমিকাকে প্ৰমুখ্য কৰি আন্তঃৰাষ্ট্ৰীয় আইনক ৰক্ষা কৰাৰ অংগীকাৰৰ কথা দোহাৰিছো। আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাত সাৰ্বভৌম ৰাষ্ট্ৰসমূহে শান্তি আৰু নিৰাপত্তা অক্ষুণ্ণ ৰাখিবলৈ, বহনক্ষম উন্নয়নক আগুৱাই নিবলৈ, গণতন্ত্ৰ, মানৱ অধিকাৰ আৰু সকলোৰে বাবে মৌলিক স্বাধীনতাৰ প্ৰসাৰ আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ তথা ৰাষ্ট্ৰীয় পৰিস্থিতি, ৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈচিত্ৰ্য আৰু উন্নয়নৰ পথসমূহক সন্মান জনাই সংহতি, পাৰস্পৰিক সন্মান, ন্যায় আৰু সমতাৰ মনোভাৱৰ ওপৰত ভিত্তি কৰি সহযোগিতাক প্ৰসাৰিত কৰে। ইয়াৰ লক্ষ্য হৈছে এক উজ্জ্বল উমৈহতীয়া ভৱিষ্যৎ গঢ়ি তোলা।
8. আমি ইএমডিচি-সমূহৰ লগতে বিশেষকৈ আফ্ৰিকা, এছিয়া আৰু লেটিন আমেৰিকা তথা কেৰিবিয়ানৰ কম উন্নত দেশসমূহৰ (LDC) বিশ্বব্যাপী সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া আৰু গাঁথনিসমূহত অধিক তথা অৰ্থপূৰ্ণ অংশগ্ৰহণ আৰু প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ বাবে আমাৰ অংগীকাৰৰ কথা দোহাৰিছো আৰু সমসাময়িক বাস্তৱ পৰিস্থিতিৰ সৈতে ৰজিতা খুৱাইছো। আমি ৰাষ্ট্ৰসংঘ আৰু আন-আন আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সচিবালয়ত সময়মতে ন্যায্য ভৌগোলিক প্ৰতিনিধিত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। বিশেষকৈ জ্যেষ্ঠ আৰু সিদ্ধান্ত গ্ৰহণকাৰী পৰ্য্যায়কে প্ৰমুখ্য কৰি উন্নয়নশীল দেশসমূহৰ ধাৰাবাহিকভাৱে অ-প্ৰতিনিধিত্বৰ (underrepresentation) সৈতে মোকাবিলা কৰাৰ লগতে এই সংস্থাসমূহৰ নেতৃত্ব আৰু দায়িত্বৰ সকলো স্তৰতে বিশেষকৈ ইএমডিচি-ৰ মহিলাসকলৰ ভূমিকা আৰু অংশ বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। আমি ৰাষ্ট্ৰসংঘৰ কাৰ্য্যবাহী মুৰব্বী আৰু জ্যেষ্ঠ পদসমূহৰ নিৰ্বাচন আৰু নিযুক্তি প্ৰক্ৰিয়াটো স্বচ্ছতা আৰু সৰ্বাংগীনতাৰ নীতিৰ দ্বাৰা পৰিচালিত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ। একেদৰে ৰাষ্ট্ৰসংঘৰ চনদৰ ১০১ নং অনুচ্ছেদৰ সকলো বিধান অনুসৰি সম্পন্ন কৰা, ভৌগোলিক ভিত্তিত যিমান পাৰি ব্যাপকভাৱে ষ্টাফ নিযুক্তি আৰু মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰখাত গুৰুত্ব আৰোপ কৰা হৈছে। মূল্যায়ন কৰা অৱদানসমূহ ইচ্ছাকৃতভাৱে স্তব্ধ কৰি ৰখাকে প্ৰমুখ্য কৰি বিশ্ব বহুপক্ষীয় প্ৰতিষ্ঠানসমূহৰ কাম-কাজক একপক্ষীয়ভাৱে বাধাগ্ৰস্ত কৰাৰ লগতে নিজ-নিজ কাৰ্য্যভাৰ ৰূপায়ণত বাধা দিয়াৰ প্ৰচেষ্টাতো আমি দুখ প্ৰকাশ কৰিছো।
9. ৰাষ্ট্ৰসংঘৰ পৰৱৰ্তী সচিব-প্ৰধানৰ বাছনি প্ৰক্ৰিয়া অব্যাহত থকাৰ প্ৰেক্ষাপটত আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ প্ৰাসংগিক বিধানসমূহ মনত ৰাখি আমি লক্ষ্য কৰিছোঁ যে আজিলৈকে এগৰাকী মহিলা সচিব-প্ৰধানৰ ভূমিকালৈ বাছনি হোৱা নাই আৰু লেটিন আমেৰিকা তথা কেৰিবিয়ানৰ মাত্ৰ এগৰাকী নাগৰিকহে, একেদৰে আফ্ৰিকা আৰু এছিয়াৰ মাত্ৰ দুগৰাকী নাগৰিকহে এই পদত অধিষ্ঠিত হৈছে।
10. আমি এই কথাত ঐক্যমতত উপনীত হওঁ যে বহুমেৰু বিশ্বৰ সমসাময়িক বাস্তৱ পৰিস্থিতিৰ প্ৰেক্ষাপটত উন্নয়নশীল দেশসমূহে অধিক ন্যায্য আৰু সমতাপূৰ্ণ বিশ্ব শাসন তথা ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিকভাৱে উপযোগী সম্পৰ্কৰ বাবে আলোচনা আৰু পৰামৰ্শক প্ৰসাৰিত কৰাৰ বাবে নিজৰ প্ৰচেষ্টা ব্যাপক কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। আমি স্বীকাৰ কৰিছো যে বহুমেৰুতাই ইএমডিচি-সমূহৰ বাবে নিজ-নিজ গঠনমূলক সম্ভাৱনা বৃদ্ধিৰ সুযোগক সম্প্ৰসাৰিত কৰিব পাৰে তথা সাৰ্বজনীনভাৱে উপকাৰী, অন্তৰ্ভুক্ত, বহনক্ষম আৰু সমতাপূৰ্ণ অৰ্থনৈতিক বিশ্বায়ন আৰু সহযোগিতাত উপনীত হ’ব পাৰে। বিশেষকৈ ভূ-ৰাজনৈতিক উত্তেজনা, দ্ৰুত অৰ্থনৈতিক মন্দাৱস্থা আৰু প্ৰযুক্তিগত পৰিৱৰ্তন, সুৰক্ষাবাদী ব্যৱস্থা, প্ৰব্ৰজনকাৰীৰ প্ৰত্যাহ্বান আৰু জলবায়ু পৰিৱৰ্তনকে প্ৰমুখ্য কৰি উল্লেখযোগ্য আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আমি ইতিবাচক পৰিৱৰ্তনৰ চালিকা শক্তি হিচাপে গ্ল’বেল চাউথৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰোঁ। ব্ৰিকছ দেশসমূহে গ্ল’বেল চাউথৰ উদ্বেগ আৰু অগ্ৰাধিকাৰৰাজিৰ প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব, লগতে আন্তঃৰাষ্ট্ৰীয় আইনৰ ওপৰত ভিত্তি কৰি অধিক ন্যায্য, বহনক্ষম, অন্তৰ্ভুক্তি, প্ৰতিনিধিত্বমূলক আৰু সুস্থিৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাক প্ৰসাৰিত কৰিব।
11. ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ (UNGA) ৮০/২৫০ নং প্ৰস্তাৱ গ্ৰহণ কৰা কাৰ্য্যক আমি আদৰণি জনাইছো। ইয়াত দাসত্বত পৰিণত আফ্ৰিকানসকলৰ সৰবৰাহ আৰু আফ্ৰিকানসকলৰ বৰ্ণবাদী দাসত্বক মানৱতাৰ বিৰুদ্ধে আটাইতকৈ গুৰুতৰ অপৰাধ হিচাপে ঘোষণা কৰা হৈছে। আমি ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কাৰ্য্যৰ পোষকতা কৰোঁ। আৰু ঔপনিৱেশিকতাক সকলো ৰূপ আৰু প্ৰকাশৰ পৰা নিৰ্মূল কৰাৰ উদ্দেশ্যে ২০২৪-ৰ ডিচেম্বৰৰ ইউএনজিএ-ৰ ৭৯/১১৫ নং প্ৰস্তাৱক সম্পূৰ্ণৰূপে কাৰ্য্যকৰী কৰাত গুৰুত্ব আৰোপ কৰো।
12. বৰ্ণবাদ, বৰ্ণ বৈষম্য, বিদেশী-বিদ্বেষ (xenophobia) আৰু আনুষংগিক অসহিষ্ণুতাৰ লগতে ধৰ্ম, আস্থা বা বিশ্বাস আৰু ইয়াৰ সমসাময়িক সকলো ৰূপৰ ওপৰত ভিত্তি কৰি বৈষম্যৰ বিৰুদ্ধে যুঁজখন তীব্ৰতৰ কৰাৰ প্ৰয়োজনীয়তাৰ কথা আমি পুনৰবাৰ উল্লেখ কৰিছো। ইয়াত ঘৃণনীয় ভাষণ, ভুল তথ্য আৰু মিছা কথাৰ বৃদ্ধি পোৱা আতংকজনক ধাৰাও অন্তৰ্ভুক্ত হৈছে।
13. ২০২৩-ৰ জোহান্সবাৰ্গ-II নেতা ঘোষণাক স্বীকৃতি জনাই আমি ৰাষ্ট্ৰসংঘক অধিক গণতান্ত্ৰিক, প্ৰতিনিধিত্বমূলক, ফলপ্ৰসূ আৰু কাৰ্য্যক্ষম কৰি তোলাৰ লক্ষ্যৰে ইয়াৰ নিৰাপত্তা পৰিষদকে প্ৰমুখ্য কৰি এক ব্যাপক সংস্কাৰৰ বাবে আমাৰ সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰিছো। একেদৰে পৰিষদৰ সদস্যপদত উন্নয়নশীল দেশসমূহৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰিবলৈ যাতে ই প্ৰচলিত বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহৰ প্ৰতি পৰ্য্যাপ্ত সঁহাৰি জনাব পাৰে আৰু উদীয়মান তথা বৈধ আকাংক্ষাক সমৰ্থন কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ব্ৰিকছ দেশ সমূহকে প্ৰমুখ্য কৰি আফ্ৰিকা, এছিয়া আৰু লেটিন আমেৰিকাৰ উন্নয়নশীল দেশসমূহক নিৰাপত্তা পৰিষদকে প্ৰমুখ্য কৰি ৰাষ্ট্ৰসংঘত আন্তঃৰাষ্ট্ৰীয় বিষয়ত অধিক ভূমিকা পালন কৰিবলৈ সাজু কৰি তোলাত গুৰুত্ব আৰোপ কৰা হৈছে। আমি আফ্ৰিকান দেশসমূহৰ বৈধ আকাংক্ষাক স্বীকৃতি জনাইছো। এই কথা এজুলৱিনী সহমত (Ezulwini Consensus) আৰু ছিৰ্ট ঘোষণাত (Sirte Declaration) প্ৰতিফলিত হৈছে। আমি দোহাৰিছো যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধন কাৰ্য্যই গ্ল’বেল চাউথৰ বৰ্ধিত কণ্ঠৰ সূচনা কৰিব। ২০২২-ৰ বেইজিং আৰু ২০২৩-ৰ জোহান্সবাৰ্গ-II নেতা ঘোষণাৰ কথা মনত ৰাখি চীন আৰু ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ব্ৰাজিল আৰু ভাৰতৰ নিৰাপত্তা পৰিষদকে প্ৰমুখ্য কৰি ৰাষ্ট্ৰসংঘত অধিক ভূমিকা পালন কৰাৰ আকাংক্ষাক পুনৰবাৰ সমৰ্থন আগবঢ়াইছে।
14. ৰাষ্ট্ৰসংঘক ইয়াৰ কাৰ্য্যভাৰ পালন আৰু সুনিৰ্দিষ্ট অগ্ৰগতি লাভ কৰিবলৈ প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱাৰ অংগীকাৰৰ কথা আমি দোহাৰিছো। সাধাৰণ পৰিষদক পুনৰুজ্জীৱিত কৰাৰ লগতে অৰ্থনৈতিক আৰু সামাজিক পৰিষদক শক্তিশালী কৰাৰ কাম আমি অব্যাহত ৰখা উচিত। আমি ২০২৫-ৰ শান্তি স্থাপন স্থাপত্যৰ পৰ্য্যালোচনাৰ সম্পূৰ্ণ ৰূপায়ণৰ বাবে আগ্ৰহী হৈ উঠিছো।
15. আমি ২০৩০-ৰ বহনক্ষম উন্নয়নৰ বাবে কাৰ্য্যসূচী আৰু ইয়াৰ সুদূৰপ্ৰসাৰী তথা জনকেন্দ্ৰিক লক্ষ্য আৰু উদ্দেশ্যসমূহ সুষম আৰু সংহতভাৱে, ৰাষ্ট্ৰীয় নীতি আৰু নিয়মৰ সৈতে সংগতি ৰাখি ৰূপায়ণৰ বাবে অক্লান্তভাৱে কাম কৰাৰ অংগীকাৰৰ কথা দোহাৰিছো। একেদৰে স্বীকাৰ কৰিছো যে চৰম দৰিদ্ৰতাকে প্ৰমুখ্য কৰি ইয়াৰ সকলো ৰূপ আৰু মাত্ৰাত দৰিদ্ৰতা নিৰ্মূল কৰাটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিশ্বব্যাপী প্ৰত্যাহ্বান আৰু ইয়াৰ বাবে এক অপৰিহাৰ্য্য প্ৰয়োজনীয়তা হৈছে বহনক্ষম উন্নয়ন। আমি ২০৩০-ৰ কাৰ্য্যসূচীক উদ্ভাৱনীমূলক, সমন্বিত, পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি, মুকলি আৰু উমৈহতীয়া ধৰণেৰে প্ৰচাৰ কৰাৰ গুৰুত্বক স্বীকাৰ কৰিছো। আমি বিশ্বব্যাপী বৈষম্যৰ ক্ষেত্ৰত অব্যাহত উচ্চ-পৰ্য্যায়ৰ আলোচনাসমূহ লক্ষ্য কৰোঁ আৰু আমি স্বীকাৰ কৰিছো যে দেশসমূহৰ ভিতৰত আৰু দেশসমূহৰ মাজত বৈষম্যই হৈছে ২০৩০-ৰ কাৰ্য্যসূচীয়ে মোকাবিলা কৰা বেছিভাগ প্ৰত্যাহ্বানৰ মূল। ইয়াত অসমতাৰ চালকসমূহক বিশেষভাৱে সম্বোধন কৰা তথা ইয়াৰ সকলো ৰূপ আৰু মাত্ৰাত ইয়াৰ হ্ৰাসক (SDG 10) অগ্ৰাধিকাৰ প্ৰদান কৰা কাৰ্য্য অন্তৰ্ভুক্ত হৈছে। সামূহিকভাৱে কাম কৰাৰ সংকল্প প্ৰকাশ কৰি আৰু বৈষম্যৰ সৈতে মোকাবিলা কৰাৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰি আমি দক্ষিণ আফ্ৰিকা আৰু ব্ৰাজিলে বৈষম্যৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পেনেল স্থাপনৰ প্ৰস্তাৱটো লক্ষ্য কৰিছো। ২০৩০-ৰ পৰৱৰ্তী বহনক্ষম উন্নয়নৰ বাবে বিশ্বব্যাপী কাৰ্য্যসূচী যুগুত কৰাত ব্ৰিকছ দেশসমূহৰ ঘনিষ্ঠ সহযোগিতা আৰু গুৰুত্বপূৰ্ণ অৱদানৰ বাবেও আমি আগ্ৰহী।
16. আমাৰ মনত পৰিছে যে ১৯৫৫-ত ইণ্ডোনেছিয়াৰ বাণ্ডুঙত অনুষ্ঠিত হোৱা এছিয়ান-আফ্ৰিকান সন্মিলনত সমতা, স্বাধীনতা, অ-হস্তক্ষেপ আৰু পাৰস্পৰিক লাভকে প্ৰমুখ্য কৰি সাধাৰণ নীতি ঘোষণা কৰা হৈছিল। আমি কওঁ যে বাণ্ডুং স্পিৰিটে অধিক ন্যায্য, অধিক অন্তৰ্ভুক্ত আৰু প্ৰতিনিধিত্বমূলক বহুপক্ষীয় ব্যৱস্থাৰ অন্বেষণত এক ‘ৰেফাৰেন্স’ হিচাপে কাম কৰিছে।
17. বিশ্বৰ উৎপাদন আৰু বিকাশত ইএমডিই-ৰ ক্ৰমবৰ্ধমান অংশৰ লগে-লগে বিশ্ব অৰ্থনৈতিক শাসনৰ সংস্কাৰ সাধন ব্ৰিকছৰ এক সামঞ্জস্যপূৰ্ণ অগ্ৰাধিকাৰ হৈয়েই আছে। আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানসমূহক অধিক প্ৰতিনিধিত্বমূলক, স্বচ্ছ আৰু দায়বদ্ধ কৰি তুলিবলৈ আমি ব্ৰিকছৰ সদস্য দেশসমূহৰ মাজত সমন্বয় শক্তিশালী কৰি যাম। আমি ব্ৰেটন উডছ প্ৰতিষ্ঠানসমূহৰ (BWI) সংস্কাৰ সাধনেৰে অধিক প্ৰাণোচ্ছল, ফলপ্ৰসূ, বিশ্বাসযোগ্য, অন্তৰ্ভুক্ত, উদ্দেশ্যৰ বাবে উপযুক্ত, নিৰপেক্ষ, দায়বদ্ধ আৰু প্ৰতিনিধিত্বমূলক কৰি তোলাৰ জৰুৰী প্ৰয়োজনীয়তাক পুনৰবাৰ উল্লেখ কৰিছো, যাতে ইয়াৰ বৈধতা বৃদ্ধি পায়। বিডব্লিউআই শাসন গাঁথনি সংস্কাৰ সাধন কৰি ইয়াৰ প্ৰতিষ্ঠাৰ পিছৰে পৰা বিশ্ব অৰ্থনীতিৰ পৰিৱৰ্তন প্ৰতিফলিত কৰিব লাগে। বিডব্লিউআই-ত ইএমডিই-ৰ কণ্ঠ আৰু প্ৰতিনিধিত্বই বিশ্ব অৰ্থনীতিত তেওঁলোকৰ আপেক্ষিক অৱস্থান প্ৰতিফলিত কৰিব লাগিব। আমি উন্নত পৰিচালনা পদ্ধতিৰ বাবেও আমাৰ আহ্বান পুনৰবাৰ উল্লেখ কৰিছো। ইয়াত মেধাভিত্তিক, অন্তৰ্ভুক্ত আৰু স্বচ্ছ নিৰ্বাচন প্ৰক্ৰিয়া উল্লেখযোগ্য যিয়ে আঞ্চলিক বৈচিত্ৰ্য আৰু আইএমএফ তথা বিশ্ব বেংকৰ নেতৃত্বত ইএমডিই-ৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰিব।
18. আমি আইএমএফ-ৰ কোটা আৰু শাসন সংস্কাৰৰ বাবে ব্ৰিকছৰ ৰিঅ’ ডি জেনেৰিঅ’ দৃষ্টিভংগী আৰু ইয়াৰ সদস্যসমূহক, বিশেষকৈ অতি দুৰ্বল দেশসমূহক ফলপ্ৰসূভাৱে সহায় কৰিবলৈ বিশ্বৰ বিত্তীয় সুৰক্ষা নেটৰ কেন্দ্ৰত এক শক্তিশালী, কোটা-ভিত্তিক আৰু পৰ্য্যাপ্ত সম্পদযুক্ত আইএমএফ-ৰ প্ৰয়োজনীয়তাক পুনৰ দৃঢ় কৰিছো। আমি ১৬ সংখ্যক কোটা সাধাৰণ পৰ্য্যালোচনাৰ (GRQ) অধীনত চুক্তিবদ্ধ হোৱা কোটা বৃদ্ধিৰ কাম আৰু কোনো পলম নকৰাকৈ কাৰ্য্যকৰী কৰিবলৈ আহ্বান জনাইছো। একেদৰে ১৭ সংখ্যক জিআৰকিউ-ৰ অধীনত অৰ্থপূৰ্ণ কোটা পুনৰ সংহতিৰ পদ্ধতি অতি সোনকালে বিকশিত কৰাৰ আহ্বান জনাইছো। আমি কোটা আৰু শাসন সংস্কাৰৰ বাবে দিৰিয়াহৰ নিৰ্দেশনামূলক নীতিক আদৰণি জনাইছো আৰু পুনৰ কওঁ যে কোটা পুনৰ সংহতিকৰণে বিশ্ব অৰ্থনীতিত দেশসমূহৰ আপেক্ষিক অৱস্থান প্ৰতিফলিত কৰিব লাগে, ইএমডিই-ৰ কোটা আৰু ভোটদানৰ অংশীদাৰিত্ব বৃদ্ধি কৰিব লাগে আৰু। একে সময়তে নিশ্চিত কৰিব লাগে যে নতুন, সহজ আৰু স্বচ্ছ কোটা সূত্ৰই আটাইতকৈ দৰিদ্ৰ সদস্য দেশসমূহৰ কোটাৰ অংশীদাৰিত্ব সুৰক্ষিত কৰে আৰু তত্বাৱধান কৰে।। আমি এইটোও বিশ্বাস কৰোঁ যে কোনো স্বেচ্ছামূলক আৰ্থিক বৰঙণিয়ে কোটা আবন্টন, শাসন প্ৰতিনিধিত্ব আৰু ভোটদান ক্ষমতাক প্ৰভাৱিত কৰিব নালাগে। আইএমএফ কোটা আৰু শাসন সংস্কাৰৰ বাবে ব্ৰিকছৰ ৰিঅ’ ডি জেনেৰিঅ’ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আমি আইএমএফ-ৰ আন-আন সদস্যসমূহৰ সৈতে গঠনমূলকভাৱে জড়িত হ’বলৈ সাজু হৈ আছো যাতে অৰ্থপূৰ্ণ কোটা অংশীদাৰিত্ব পুনৰ সংহতি আৰু শাসন সংস্কাৰ ১৭ সংখ্যক জিআৰকিউ-ত অন্তৰ্ভুক্ত কৰা হয়।
19. আমি পুনৰ দৃঢ়তাৰে কওঁ যে ২০২৫-ৰ বিশ্ব বেংকৰ শ্বেয়াৰহ’ল্ডিং পৰ্য্যালোচনা বহুপক্ষীয়তাক শক্তিশালী কৰাৰ বাবে আৰু এটা উন্নত, বৃহৎ আৰু অধিক ফলপ্ৰসূ উন্নয়ন বিত্তীয় প্ৰতিষ্ঠান হিচাপে বিশ্ব বেংক গোটৰ বৈধতা বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ আহিলা। লিমা নীতিৰ (Lima Principles) সৈতে সংগতি ৰাখি আমি পুনৰ দৃঢ়তাৰে কওঁ যে ব্ৰিকছ দেশসমূহে উন্নয়নশীল দেশসমূহৰ কণ্ঠ আৰু প্ৰতিনিধিত্ব বৃদ্ধিৰ বাবে পোষকতা কাৰ্য্য অব্যাহত ৰাখিব লাগে। ইয়াৰ ভিত্তি হৈছে তেওঁলোকৰ ঐতিহাসিক অ-প্ৰতিনিধিত্বক সংশোধন কৰা শ্বেয়াৰহ’ল্ডিং পুনৰ সংহতি।
20. ২০২৬-ৰ বহুপক্ষীয় বাণিজ্য ব্যৱস্থা সংৰক্ষণ আৰু পুনৰুজ্জীৱিতকৰণৰ বিবৃতি তথা বিশ্ব বাণিজ্য সংস্থাৰ (WTO) সংস্কাৰ আৰু বহুপক্ষীয় বাণিজ্য ব্যৱস্থাক সুদৃঢ়কৰণৰ ক্ষেত্ৰত ২০২৫-ৰ ব্ৰিকছৰ ঘোষণাৰ কথা মনত পেলাই আমি বিশ্ব বাণিজ্য সংস্থাৰ সংস্কাৰ সাধনৰ বাবে বৈষম্যহীন, মুকলি, সমতাপূৰ্ণ, স্বচ্ছ, ন্যায্য, সৰ্বাংগীন, ভৱিষ্যদ্বাণীযোগ্য, নিয়ম-ভিত্তিক বহুপক্ষীয় বাণিজ্য ব্যৱস্থাৰ পোষকতা কৰোঁ। বিশেষকৈ বিশ্ব বাণিজ্য সংস্থাৰ সংস্কাৰ সম্পৰ্কীয় বিতৰ্কত জেনেভাত বহুপক্ষীয় আলোচনাত সক্ৰিয়ভাৱে অংশগ্ৰহণৰ বাবে আমি অংগীকাৰবদ্ধ হৈ আছো। আমি বিশ্ব বাণিজ্য সংস্থাৰ ফলপ্ৰসূতা আৰু বিশ্বাসযোগ্যতাক ক্ষতিগ্ৰস্ত কৰা প্ৰত্যাহ্বানসমূহ আৰু এই প্ৰত্যাহ্বানসমূহৰ সমাধানৰ ক্ষেত্ৰত ব্ৰিকছৰ অনানুষ্ঠানিক পৰামৰ্শদাতা কাঠামোৰ অধীনত প্ৰচেষ্টাসমূহক আগুৱাই নিম তথা সমন্বয় বৃদ্ধি কৰিম। আমি এমচি১৪-ৰ ফলাফল ৰূপায়ণ নিশ্চিত কৰিম আৰু বাকী থকা সমস্যাসমূহৰ সমাধানৰ দিশত গঠনমূলকভাৱে জড়িত হৈ যাম। আমি বিশ্ব বাণিজ্য সংস্থাৰ কৰ্তৃত্ব, ফলপ্ৰসূতা, অন্তৰ্ভুক্ততা আৰু প্ৰাসংগিকতা বৃদ্ধিৰ বাবে তথা মুক্ত বিশ্ব অৰ্থনীতি গঢ়ি তুলিবলৈ বিশ্ব বাণিজ্য সংস্থাৰ সংস্কাৰ সাধনত গঠনমূলকভাৱে জড়িত হ’ম। এই সন্দৰ্ভত আমি স্বীকাৰ কৰোঁ যে উন্নয়নমুখী বিষয়সমূহকে প্ৰমুখ্য কৰি বিশ্ব বাণিজ্য সংস্থাৰ আইনী কাঠামোত বহুপক্ষীয় পদক্ষেপৰ বাবে উপযুক্ত পথ চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ আৰু বিশ্ব বাণিজ্য সংস্থাত ভৱিষ্যদ্বাণীমূলক নিয়ম প্ৰণয়নৰ বিষয়ে অন্বেষণ কৰাটো গুৰুত্বপূৰ্ণ। আমি সকলো বিশ্ব বাণিজ্য সংস্থাৰ সদস্যৰ বাবে আস্থা আৰু ভৱিষ্যদ্বাণীযোগ্যতাৰ ভেটি হিচাপে এক সুলভ, ফলপ্ৰসূ, সম্পূৰ্ণৰূপে কাৰ্য্যক্ষম, দ্বি-স্তৰীয় বাধ্যতামূলক বিশ্ব বাণিজ্য সংস্থাৰ বিবাদ নিষ্পত্তি ব্যৱস্থাৰ তাৎক্ষণিক পুনৰুদ্ধাৰ তথা অধিক পলম নকৰাকৈ নতুন আপীল সংস্থাৰ সদস্য নিযুক্তি দিয়াৰ বাবে গভীৰ পোষকতা কৰোঁ। আমি বিশ্ব বাণিজ্য সংস্থাৰ মৌলিক নীতিসমূহ ৰক্ষা কৰি আৰু বিশ্ব বাণিজ্য সংস্থাৰ কাঠামোৰ ভিতৰত আলোচনা প্ৰক্ৰিয়াটো সহজ কৰি তোলাৰ লগতে বহুপক্ষীয় বাণিজ্য ব্যৱস্থাৰ বিশ্বাসযোগ্যতা পুনৰুদ্ধাৰ কৰা তথা প্ৰয়োজনীয় সংস্কাৰৰ জৰিয়তে সংস্থাটোক শক্তিশালী কৰাৰ দিশত কাম কৰিবলৈ আগ্ৰহী। বহুপক্ষীয় বাণিজ্য ব্যৱস্থাত সম্পূৰ্ণৰূপে একত্ৰিত হোৱাৰ গ্ল’বেল চাউথৰ আকাংক্ষাৰ কথা দোহাৰি আমি ইথিঅ’পিয়া আৰু ইৰানৰ বিশ্ব বাণিজ্য সংস্থাত যোগদানৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাক গভীৰ সমৰ্থন জনাইছো। আমি চীনৰ পন্থাক স্বীকাৰ কৰিছো যে দেশখনে শূন্য শুল্ক ব্যৱস্থা সম্প্ৰসাৰণ কৰি ৫৩ খন আফ্ৰিকান দেশক সামৰি লৈছে, যাৰ সৈতে ইয়াৰ কূটনৈতিক সম্পৰ্ক আছে।
21. আমি মন কৰিবলগীয়া যে বহুপক্ষীয় বাণিজ্য ব্যৱস্থাটো বহুদিনৰ পৰাই এটা ক্ৰছৰোডতে আছে। বিশ্ব বাণিজ্য সংস্থাৰ নিয়মৰ সৈতে অসঙ্গতিপূৰ্ণ বাণিজ্য নিষেধাজ্ঞামূলক কাৰ্য্যৰ প্ৰসাৰে, সেয়া শুল্ক আৰু অশুল্ক ব্যৱস্থাৰ নিৰ্বিচাৰে বৃদ্ধিৰ ৰূপতেই হওক বা পৰিবেশ লক্ষ্যৰ আৱৰণত সুৰক্ষাবাদৰ ৰূপতেই হওক, বিশ্ব বাণিজ্যক অধিক হ্ৰাস কৰাৰ ভাবুকি কঢ়িয়াই আনিছে, বিশ্বৰ যোগান শৃংখলত ব্যাঘাত জন্মাইছে আৰু আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক তথা বাণিজ্যিক কাৰ্য্যকলাপত অনিশ্চয়তাৰ সৃষ্টি কৰিছে, যিয়ে বৰ্তমানৰ অৰ্থনৈতিক বৈষম্য আৰু বিশ্ব অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাত নেতিবাচক প্ৰভাৱ পেলাইছে। আমি একপক্ষীয় শুল্ক আৰু অশুল্ক ব্যৱস্থাৰ বৃদ্ধিত গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছো যিয়ে বাণিজ্যক বিকৃত কৰে আৰু এয়া বিশ্ব বাণিজ্য সংস্থাৰ নিয়মৰ সৈতে অসঙ্গতিপূৰ্ণ। আমি একেলগে কাম কৰি বাণিজ্যিক বিঘিনি দূৰ কৰিম। একেলগে উদীয়মান বজাৰ আৰু উন্নয়নশীল অৰ্থনীতিৰ (EMDE) প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰৰ প্ৰতি বিশ্ব বাণিজ্য সংস্থাৰ সঁহাৰি বৃদ্ধি কৰাৰ লগতে বাকী থকা বিষয়সমূহৰ ওপৰত আলোচনা আগবঢ়াই নিম। তদুপৰি বহুপক্ষীয় বাণিজ্য ব্যৱস্থাক শক্তিশালী কৰা আৰু ইয়াক বিকশিত বিশ্ব প্ৰত্যাহ্বানসমূহেৰে ফলপ্ৰসূতাৰে মোকাবিলা কৰিবলৈ সক্ষম কৰা সুষম, অন্তৰ্ভুক্ত আৰু সুনিৰ্দিষ্ট ফলাফলক সমৰ্থন কৰিম।
22. আমি আন্তঃৰাষ্ট্ৰীয় আইনৰ বিপৰীত একপক্ষীয় জোৰ-জবৰদস্তি ব্যৱস্থা জাপি দিয়া কাৰ্য্যক গৰিহণা জনাইছো। আমি পুনৰ কওঁ যে একপক্ষীয় অৰ্থনৈতিক নিষেধাজ্ঞা আৰু গৌণ নিষেধাজ্ঞাৰ ৰূপত এনে ব্যৱস্থাই লক্ষ্য ৰাষ্ট্ৰৰ সাধাৰণ জনতাৰ উন্নয়ন, স্বাস্থ্য আৰু খাদ্য সুৰক্ষাৰ অধিকাৰকে প্ৰমুখ্য কৰি মানৱ অধিকাৰৰ ওপৰত সুদূৰপ্ৰসাৰী নেতিবাচক প্ৰভাৱ পেলায়, যিয়ে দৰিদ্ৰ আৰু দুৰ্বল পৰিস্থিতিত থকা লোকসকলক অসমতাপূৰ্ণভাৱে প্ৰভাৱিত কৰে, ডিজিটেল বিভাজন গভীৰ কৰা আৰু পৰিবেশগত প্ৰত্যাহ্বানসমূহক অধিক ভয়াৱহ কৰি তোলে। আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ নীতি তথা উদ্দেশ্যক ক্ষতিগ্ৰস্ত কৰা এনে অবৈধ ব্যৱস্থাসমূহ নিৰ্মূল কৰিবলৈ আমি আহ্বান জনাইছো। আমি অ-ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অনুমোদিত নিষেধাজ্ঞাকে প্ৰমুখ্য কৰি আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ বিপৰীত একপক্ষীয় জোৰ-জবৰদস্তিক পুনৰ বিৰোধিতা কৰিছো।
আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক শান্তি আৰু নিৰাপত্তা
23. আমি মেৰুকৰণ আৰু অবিশ্বাসৰ বৰ্তমানৰ বিশ্বব্যাপী প্ৰেক্ষাপটটো লক্ষ্য কৰিছো। আমি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাক শক্তিশালী কৰাৰ বাবে বিশ্বব্যাপী পদক্ষেপক উৎসাহিত কৰিছো। আমি আন্তঃৰাষ্ট্ৰীয় সমাজক আহ্বান জনাইছো যে সংঘাতৰ সম্ভাৱনা কম কৰিবলৈ ৰাজনৈতিক-কূটনৈতিক ব্যৱস্থাৰ জৰিয়তে এই প্ৰত্যাহ্বান আৰু ইয়াৰ লগত জড়িত নিৰাপত্তাজনিত ভাবুকিৰ প্ৰতি সঁহাৰি জনাওক আৰু সংঘাত প্ৰতিৰোধৰ প্ৰচেষ্টাত জড়িত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। ইয়াত ইয়াৰ মূল কাৰণসমূহৰ সমাধানো অন্তৰ্ভুক্ত কৰা হৈছে। আমি উল্লেখ কৰিছো যে সকলো দেশৰ মাজত নিৰাপত্তা অবিভাজ্য আৰু আলোচনা, পৰামৰ্শ তথা কূটনীতিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ কথা দোহাৰিছো। আমি সংঘাত প্ৰতিৰোধ আৰু সমাধানৰ ক্ষেত্ৰত আঞ্চলিক সংগঠনসমূহৰ সক্ৰিয় ভূমিকাক উৎসাহিত কৰোঁ তথা সংকটৰ শান্তিপূৰ্ণ নিষ্পত্তিৰ বাবে অনুকূল সকলো প্ৰচেষ্টাক সমৰ্থন কৰোঁ। আমি আন্তঃৰাষ্ট্ৰীয় বিবাদৰ প্ৰেক্ষাপটত ৰাষ্ট্ৰসংঘৰ চনদৰ উদ্দেশ্য আৰু নীতি অনুসৰি সংকটৰ পৰা হাত সাৰিবলৈ আৰু ইয়াৰ বৃদ্ধি ৰোধৰ বাবে অপৰিহাৰ্য্য আহিলা হিচাপে সংশ্লিষ্ট পক্ষৰ সন্মতি সাপেক্ষে প্ৰতিৰোধমূলক কূটনীতি আৰু মধ্যস্থতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰোঁ। এই সন্দৰ্ভত আমি সশস্ত্ৰ সংঘাত প্ৰতিৰোধ, ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযান, আফ্ৰিকান ইউনিয়নৰ শান্তি সমৰ্থন অভিযান তথা মধ্যস্থতা আৰু শান্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সহযোগিতাৰ পথ অন্বেষণ কৰিবলৈ সন্মত হওঁ।
24. বিশ্বৰ বহু ঠাইত অব্যাহত সংঘাত আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাত মেৰুকৰণ তথা খণ্ডিতকৰণৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে আমি উদ্বেগ প্ৰকাশ কৰিছো। আমি বৰ্তমানৰ ধাৰাটোৰ প্ৰতি শংকা প্ৰকাশ কৰিছো যিয়ে বিশ্বৰ সামৰিক ব্যয়ৰ ব্যাপক বৃদ্ধি ঘটাইছে। এনে প্ৰেক্ষাপটত উন্নয়নশীল দেশসমূহক উন্নয়নৰ বাবে পৰ্য্যাপ্ত বিত্তীয় সাহায্য প্ৰদান কাৰ্য্য ক্ষতিগ্ৰস্ত হৈছে। আমি বহুপক্ষীয় দৃষ্টিভংগীৰ পোষকতা কৰোঁ যিয়ে বহনক্ষম উন্নয়ন, ক্ষুধা আৰু দৰিদ্ৰতা নিৰ্মূল তথা জলবায়ু পৰিৱৰ্তনৰ প্ৰতি বিশ্বব্যাপী সঁহাৰিত অৰিহণা যোগোৱাকে প্ৰমুখ্য কৰি গুৰুত্বপূৰ্ণ বিশ্বজনীন বিষয়সমূহৰ ওপৰত বৈচিত্ৰ্যপূৰ্ণ ৰাষ্ট্ৰীয় দৃষ্টিভংগী আৰু স্থিতিক সন্মান কৰে, একে সময়তে জলবায়ু পৰিৱৰ্তনৰ কাৰ্য্যসূচীৰ সৈতে নিৰাপত্তাক সংযোগ কৰাৰ প্ৰচেষ্টাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰোঁ।
25. পাৰমাণৱিক বিপদ আৰু সংঘাতৰ ক্ৰমবৰ্ধমান বিপদাশংকাৰ বিষয়ে আমি উদ্বেগ প্ৰকাশ কৰিছো। আমি নিৰস্ত্ৰকৰণ, অস্ত্ৰ নিয়ন্ত্ৰণক সজীৱ কৰি তোলাৰ প্ৰয়োজনীয়তা আৰু বিশ্বৰ সুস্থিৰতা তথা আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা লাভৰ বাবে ইয়াৰ অখণ্ডতা আৰু ফলপ্ৰসূতা অক্ষুণ্ণ ৰখাৰ প্ৰয়োজনীয়তাৰ কথা পুনৰবাৰ উল্লেখ কৰিছো। আমি পাৰমাণৱিক অস্ত্ৰ-প্ৰসাৰণ শাসন ব্যৱস্থা শক্তিশালী কৰাত পাৰমাণৱিক অস্ত্ৰমুক্ত অঞ্চলৰ উল্লেখযোগ্য অৱদানৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ, বৰ্তমানৰ সকলো পাৰমাণৱিক অস্ত্ৰ মুক্ত অঞ্চল আৰু ইয়াৰ সৈতে জড়িত আশ্বাসৰ প্ৰতি আমাৰ সমৰ্থন আৰু সন্মান পুনৰ দৃঢ় কৰোঁ। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সিদ্ধান্ত ৭৩/৫৪৬ প্ৰাসংগিক। আমি সকলো আমন্ত্ৰিত পক্ষকে সদিচ্ছাৰে এই প্ৰচেষ্টাৰ সৈতে গঠনমূলকভাৱে জড়িত হ’বলৈ আহ্বান জনাইছো। আমি লক্ষ্য কৰিছোঁ যে ইউএনজিএ-ৰ ৭৯/২৪১ নং প্ৰস্তাৱ “পাৰমাণৱিক অস্ত্ৰমুক্ত অঞ্চলৰ প্ৰশ্নটোৰ সকলো দিশতে বিস্তৃত অধ্যয়ন” গ্ৰহণ কৰাৰ লগতে অধ্যয়নটোৰ সফল সিদ্ধান্তক গ্ৰহণ কৰা হৈছে।
26. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১৩২৫ নং প্ৰস্তাৱ (২০০০) আৰু পৰৱৰ্তী প্ৰস্তাৱসমূহ সম্পূৰ্ণৰূপে কাৰ্য্যকৰী কৰাৰ লগতে মহিলা, শান্তি আৰু নিৰাপত্তা (WPS) এজেণ্ডাৰ অগ্ৰগতিৰ প্ৰতি আমি আমাৰ দায়বদ্ধতা পুনৰবাৰ প্ৰকাশ কৰিছো। আমি দোহাৰো যে সংঘাত প্ৰতিৰোধ আৰু সমাধান, মানৱীয় সাহায্য, মধ্যস্থতা, শান্তি অভিযান, শান্তি স্থাপন আৰু সংঘাতৰ পিছৰ পুনৰ্গঠন তথা উন্নয়নকে প্ৰমুখ্য কৰি শান্তি আৰু নিৰাপত্তা প্ৰক্ৰিয়াৰ সকলো স্তৰতে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মহিলাসকলৰ সম্পূৰ্ণ, সম, নিৰাপদ আৰু অৰ্থপূৰ্ণ অংশগ্ৰহণ নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ।
27. পাৰস্পৰিক সন্মান, বিবাদৰ শান্তিপূৰ্ণ নিষ্পত্তি আৰু অ-হস্তক্ষেপৰ আধাৰত নিৰ্মিত শান্তিৰ অঞ্চল হিচাপে লেটিন আমেৰিকা আৰু কেৰিবিয়ানৰ চৰিত্ৰত আলোকপাত কৰি আমি দেশখনৰ বিৰুদ্ধে একপক্ষীয় অৱৰোধ ব্যৱস্থা কঠোৰ কৰাৰ বাবে কিউবাৰ সৈতে জড়িত পৰিস্থিতি, কিউবাৰ অৰ্থনীতি, শক্তি যোগান আৰু কিউবাৰ জনসাধাৰণৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ আৰু চিন্তনীয় মানৱীয় প্ৰভাৱৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰিছো। এই সন্দৰ্ভত আমি ইউএনজিএ-ৰ প্ৰস্তাৱ এ/আৰইএছ/৮০/৪ অনুসৰি কিউবাৰ বিৰুদ্ধে অৰ্থনৈতিক, বাণিজ্যিক আৰু বিত্তীয় ব্যৱস্থাৰ অন্ত পেলোৱাৰ প্ৰয়োজনীয়তা পুনৰবাৰ উল্লেখ কৰিছো।
28. মধ্যপ্ৰাচ্য/পশ্চিম এছিয়াত উত্তেজনা অব্যাহত থকাৰ বাবে আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছো আৰু আমাৰ নিজ-নিজ ৰাষ্ট্ৰীয় স্থিতিৰ কথা মনত পেলাই সৰ্বোচ্চ সংযম অক্ষুণ্ণ ৰখাৰ লগতে পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিব পৰা কাৰ্য্যসমূহ এৰাই চলাৰ আহ্বান জনাইছো। তদুপৰি, ৰাষ্ট্ৰসমূহৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি সন্মানকে প্ৰমুখ্য কৰি ৰাষ্ট্ৰসংঘৰ চনদৰ উদ্দেশ্য আৰু নীতিসমূহৰ সম্পূৰ্ণতা আৰু আন্তঃসংযোগ অনুসৰি সাধাৰণ নাগৰিক আৰু অসামৰিক আন্তঃগাঁথনিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমি আহ্বান জনাইছো। আমি আলোচনা আৰু কূটনীতিৰ জৰিয়তে, দীৰ্ঘম্যাদী বুজাবুজিৰ দিশত বৰ্ধিত প্ৰচেষ্টাক উৎসাহিত কৰোঁ যিয়ে অঞ্চলটোত স্থায়ী শান্তি, নিৰাপত্তা আৰু সুস্থিৰতাত অৰিহণা যোগাব। আমি প্ৰযোজ্য আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি, বিশ্ব বাণিজ্য, যোগান শৃংখল আৰু শক্তিৰ মসৃণ প্ৰবাহ অক্ষুণ্ণ ৰাখিবলৈ একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ।
29. আন্তঃৰাষ্ট্ৰীয় আইন আৰু আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ (IAEA) প্ৰাসংগিক প্ৰস্তাৱ উলংঘা কৰি আইএইএ-ৰ সম্পূৰ্ণ সুৰক্ষাৰ অধীনত অসামৰিক আন্তঃগাঁথনি আৰু শান্তিপূৰ্ণ পাৰমাণৱিক সুবিধাসমূহৰ ওপৰত ইচ্ছাকৃতভাৱে আক্ৰমণ চলোৱাৰ বাবে আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছো। জনতা আৰু পৰিবেশক ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ সশস্ত্ৰ সংঘাতকে প্ৰমুখ্য কৰি পাৰমাণৱিক সুৰক্ষা, সুৰক্ষা আৰু নিৰাপত্তা সদায় অক্ষুণ্ণ ৰাখিব লাগিব।
30. আমি ৰাষ্ট্ৰসংঘৰ ২৮০৩ নং প্ৰস্তাৱ গ্ৰহণৰ কথা লক্ষ্য কৰিছোঁ। এই প্ৰেক্ষাপটত আমি ২০২৫-ৰ অক্টোবৰত যুদ্ধবিৰতি চুক্তিৰ পিছতো গাজাত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰিছো। গাজা ষ্ট্ৰিপৰ পৰা পেলেষ্টাইনীসকলক বলপূৰ্বকভাৱে স্থানান্তৰিত কৰাৰ লক্ষ্যৰে যিকোনো নীতি বন্ধ কৰাৰ আহ্বান জনাইছো আৰু পেলেষ্টাইনী জনসাধাৰণৰ অবিচ্ছেদ্য অধিকাৰক ক্ষতিগ্ৰস্ত কৰিব পৰা তথা দখলক বৈধ বা দীঘলীয়া কৰিব পৰা ব্যৱস্থা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছো।
31. আমি পুনৰ দৃঢ়তাৰে কওঁ যে ইজৰাইল-পেলেষ্টাইন সংঘাতৰ ন্যায়সংগত আৰু স্থায়ী সমাধান শান্তিপূৰ্ণ উপায়েৰেহে সম্ভৱ আৰু ই আত্মনিয়ন্ত্ৰণ তথা উভতি অহাৰ অধিকাৰকে প্ৰমুখ্য কৰি পেলেষ্টাইনী জনসাধাৰণৰ বৈধ অধিকাৰ পূৰণৰ ওপৰত নিৰ্ভৰশীল। আমি বহুপক্ষীয় বিত্তীয় প্ৰতিষ্ঠানকে প্ৰমুখ্য কৰি সকলো প্ৰাসংগিক আন্তঃৰাষ্ট্ৰীয় সংস্থাত পেলেষ্টাইনৰ পৰ্য্যাপ্ত প্ৰতিনিধিত্ব আৰু তেওঁলোকৰ সম্পদৰ সুবিধাৰ প্ৰয়োজনীয়তাক দৃঢ়তাৰে আহ্বান জনাইছো। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰাসংগিক আৰু সাধাৰণ পৰিষদৰ প্ৰস্তাৱসমূহকে ধৰি আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি, দুখন ৰাষ্ট্ৰৰ সমাধানৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰ প্ৰেক্ষাপটত আমি ৰাষ্ট্ৰসংঘত পেলেষ্টাইন ৰাষ্ট্ৰৰ পূৰ্ণকালীন সদস্যপদৰ প্ৰতি আমাৰ সমৰ্থন পুনৰ দৃঢ় কৰিছো। একেদৰে আৰৱ শান্তি পদক্ষেপ, য’ত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ১৯৬৭-ৰ সীমান্তৰ ভিতৰত এখন সাৰ্বভৌম, স্বাধীন আৰু কাৰ্য্যক্ষম ৰাষ্ট্ৰ পেলেষ্টাইন স্থাপন কৰাটো অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত অন্তৰ্ভুক্ত আছিল গাজা ষ্ট্ৰিপ আৰু পশ্চিম পাৰ, ইয়াৰ ৰাজধানী হিচাপে পূব জেৰুজালেম, যাতে দুখন ৰাষ্ট্ৰই কাষে-কাষে, শান্তি আৰু নিৰাপত্তাৰে বসবাস কৰাৰ দৃষ্টিভংগীত উপনীত হ’ব পাৰে।
32. আমি দখল কৰা পেলেষ্টাইন ভূখণ্ডৰ পৰা যিকোনো অজুহাতত পেলেষ্টাইনী নাগৰিকৰ এজনকো বলপূৰ্বকভাৱে স্থানান্তৰিত কৰাৰ লগতে গাজা ষ্ট্ৰিপৰ ভূখণ্ডৰ যিকোনো ভৌগোলিক বা জনগাঁথনিগত পৰিৱৰ্তনৰ প্ৰতি আমাৰ দৃঢ় বিৰোধিতা প্ৰকাশ কৰিছো। আমি পুনৰ কওঁ যে আন্তঃৰাষ্ট্ৰীয় আইন আৰু আন্তঃৰাষ্ট্ৰীয় ন্যায়িক সংস্থাসমূহে অবৈধ দখলৰ অন্ত পেলোৱা আৰু আইনী নীতি-নিয়মসমূহক ক্ষতিগ্ৰস্ত কৰা আৰু ন্যায়সংগত আৰু স্থায়ী শান্তিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা সকলো প্ৰথা তৎকালীনভাৱে বন্ধ কৰাৰ দাবী জনাইছে।
33. গাজাৰ মানৱীয় পৰিস্থিতিকে ধৰি দখল কৰা পেলেষ্টাইন ভূখণ্ডৰ পৰিস্থিতিৰ প্ৰতি আমি আমাৰ গুৰুতৰ উদ্বেগ পুনৰবাৰ প্ৰকাশ কৰিছো। আমি আন্তঃৰাষ্ট্ৰীয় আইন, বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন আৰু আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইন মানি চলিবলৈ আহ্বান জনাইছো আৰু ইয়াৰ সকলো উলংঘাক গৰিহণা দিছো, য’ত অনাহাৰক যুদ্ধৰ পদ্ধতি হিচাপে ব্যৱহাৰ কৰা, স্বাস্থ্যসেৱাৰ সুবিধা আৰু অন্যান্য অসামৰিক আন্তঃগাঁথনিকে ধৰি সাধাৰণ নাগৰিক আৰু অসামৰিক ব্যৱস্থাক লক্ষ্য কৰি আক্ৰমণ কৰাৰ লগতে মানৱীয় প্ৰৱেশত অবৈধ বাধা দিয়া আদিও অন্তৰ্ভুক্ত। মানৱীয় সাহায্যক ৰাজনীতিকৰণ বা সামৰিককৰণৰ প্ৰচেষ্টাকো আমি গৰিহণা দিছো। আমি নিকট পূবত পেলেষ্টাইন শৰণাৰ্থীসকলৰ বাবে ৰাষ্ট্ৰসংঘৰ সাহায্য আৰু কৰ্ম সংস্থাৰ (UNRWA) প্ৰতি আমাৰ অটল সমৰ্থন পুনৰ দৃঢ় কৰিছো আৰু ইয়াৰ পাঁচটা কাৰ্য্যকলাপৰ ক্ষেত্ৰত পেলেষ্টাইন শৰণাৰ্থীসকলক মৌলিক সেৱা প্ৰদানৰ বাবে ইউএনজিএ-এ প্ৰদান কৰা আদেশক সম্পূৰ্ণৰূপে সন্মান জনোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। আমি সকলো সংশ্লিষ্ট পক্ষকে আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত নিজৰ বাধ্যবাধকতাক সন্মান কৰিবলৈ আৰু পৰম সংযমেৰে কাম কৰিবলৈ আৰু তীব্ৰতৰ পদক্ষেপ আৰু উত্তেজক ঘোষণাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছো। আমি এই সন্দৰ্ভত লক্ষ্য কৰিছোঁ যে ইজৰাইলৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাই গ্ৰহণ কৰা আইনী প্ৰক্ৰিয়াত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে গ্ৰহণ কৰা সাময়িক ব্যৱস্থাসমূহ, যিয়ে অন্যান্য বিষয়ৰ লগতে গাজাত মানৱীয় সাহায্য প্ৰদান নিশ্চিত কৰাৰ বাবে ইজৰাইলৰ আইনী বাধ্যবাধকতাক পুনৰ দৃঢ় কৰিছিল।
34. দখল কৰা জেৰুজালেমৰ আইনী আৰু ঐতিহাসিক মৰ্যাদা সলনি কৰিব বিচৰা যিকোনো একপক্ষীয় ব্যৱস্থা আমি নাকচ কৰো। মহানগৰৰ সকলো ধৰ্মীয় স্থান আৰু পবিত্ৰ স্থানৰ পবিত্ৰতাৰ প্ৰতি আৰু সকলোৰে প্ৰৱেশৰ অধিকাৰ আৰু বাধা নোহোৱাকৈ নিজৰ ধৰ্মীয় অনুষ্ঠান পালন কৰিবলৈ আমি আহ্বান জনাইছো।
35. আমি লেবাননত যুদ্ধবিৰতিক আদৰণি জনাইছো আৰু সকলো পক্ষকে ইয়াৰ চৰ্তসমূহ কঠোৰভাৱে মানি চলিবলৈ আৰু ৰাষ্ট্ৰসংঘৰ ১৭০১ নং প্ৰস্তাৱ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছো। আমি ইজৰাইলক আহ্বান জনাইছো যে লেবানন চৰকাৰৰ সৈতে চুক্তিবদ্ধ হোৱা চৰ্তসমূহক সন্মান কৰক আৰু লেবাননৰ সকলো ভূখণ্ডৰ পৰা নিজৰ দখলদাৰী বাহিনীক প্ৰত্যাহাৰ কৰিবলৈ কওঁ, যিসমূহ ভূখণ্ডত তেওঁলোক আছে।
36. আমি লেবাননত ৰাষ্ট্ৰসংঘৰ অন্তৱৰ্তীকালীন বাহিনীয়ে (UNIFIL) গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰিছো আৰু ৰাষ্ট্ৰসংঘৰ সকলো কৰ্মী আৰু সঁজুলিৰ সুৰক্ষা, নিৰাপত্তা আৰু চলাচলৰ স্বাধীনতা নিশ্চিত কৰাৰ লগতে ৰাষ্ট্ৰসংঘৰ চৌহদৰ অখণ্ডতাক সন্মান কৰাটো অতি প্ৰয়োজনীয় বুলি ঐক্যমতত উপনীত হওঁ। আমি ইউএনআইএফআইএল ইনষ্টলেচন আৰু কৰ্মীৰ বিৰুদ্ধে হোৱা সকলো আক্ৰমণক গৰিহণা দিছো আৰু জোৰ দি কওঁ যে এনে আক্ৰমণ আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১৭০১ (২০০৬) প্ৰস্তাৱ উলংঘা কৰাৰ প্ৰতিৰূপ। ইউএনআইএফআইএল-ৰ অধীনত সেৱা আগবঢ়োৱা চাৰিজন ইণ্ডোনেছিয়ানৰ লগতে অন্যান্য শান্তিৰক্ষী বাহিনীৰ ক্ষতিৰ বাবেও আমি গভীৰ শোক প্ৰকাশ কৰিছো আৰু ক্ষতিগ্ৰস্ত সকলো ট্ৰুপ কন্ট্ৰিবিউটিং দেশৰ সৈতে সংহতি প্ৰকাশ কৰিছো। আমি এই মৃত্যুৰ কাৰণ হোৱা কাণ্ডসমূহৰ প্ৰতি গৰিহণা প্ৰকাশ কৰিছো। লেবানন চৰকাৰক সমৰ্থন কৰাত আৰু ৰাজনৈতিক সমাধানৰ বাবে স্থান সৃষ্টি কৰাত ইউএনআইএফআইএল-ৰ ভূমিকা আৰু আদেশক সন্মান জনোৱাৰ গুৰুত্বৰ ওপৰত আমি আলোকপাত কৰোঁ। এই সন্দৰ্ভত আমি এই আক্ৰমণৰ বাবে দায়ীসকলক জবাবদিহি কৰিবলৈ আহ্বান জনাইছো আৰু সকলো পক্ষকে ইউএনআইএফআইএল-ৰ কৰ্মী আৰু সম্পত্তিৰ সুৰক্ষা আৰু আহ-যাহৰ স্বাধীনতাৰ লগতে ৰাষ্ট্ৰসংঘৰ চৌহদৰ অলংঘনীয়তাৰ নিশ্চয়তা দিবলৈ আহ্বান জনাইছো।
37. মানৱীয় সংকট আৰু উগ্ৰবাদ আৰু সন্ত্ৰাসবাদৰ প্ৰসাৰৰ ক্ৰমবৰ্ধমান আশংকাকে ধৰি চুডানৰ অৱনতি ঘটা পৰিস্থিতিৰ ওপৰত আমি গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছো। আমি এই সন্দৰ্ভত আমাৰ স্থিতি দোহাৰিছো আৰু তাৎক্ষণিক, স্থায়ী যুদ্ধবিৰতি আৰু আলোচনাৰ জৰিয়তে সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ আহ্বান জনাইছো। আমি চুডানৰ জনসাধাৰণৰ বাবে মানৱীয় সাহায্যৰ স্থায়ী, জৰুৰী আৰু বাধাহীন প্ৰৱেশৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰোঁ আৰু চুডান আৰু চুবুৰীয়া দেশসমূহলৈ মানৱীয় সাহায্য বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰোঁ। আমি পুনৰবাৰ কওঁ যে "আফ্ৰিকান সমস্যাৰ আফ্ৰিকান সমাধান"ৰ নীতিয়ে সংঘাত সমাধানৰ ভিত্তি হিচাপে কাম কৰি থাকিব লাগে আৰু শান্তি প্ৰচেষ্টাৰ মাজত সমন্বিত পন্থাৰ আহ্বান জনাইছো।
38. আমি ছিৰিয়াৰ সাৰ্বভৌমত্ব, স্বাধীনতা, ঐক্য আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিছো আৰু সকলো পক্ষকে শান্তিপূৰ্ণ আৰু সৰ্বাংগীন ৰাজনৈতিক পৰিৱৰ্তন নিশ্চিত কৰিবলৈ আহ্বান জনাইছো, যাতে অসামৰিক জনসাধাৰণৰ নিৰাপত্তা আৰু মংগল নিশ্চিত হয় আৰু সংখ্যালঘুকে ধৰি ছিৰিয়াৰ সমাজৰ সকলো উপাদানৰ অধিকাৰ ৰক্ষা কৰে। আমি আন্তঃৰাষ্ট্ৰীয় সমাজক সংঘাতৰ পিছৰ ছিৰিয়াৰ পুনৰ্গঠন আৰু পুনৰ্বাসনক সমৰ্থন কৰিবলৈ উৎসাহিত কৰিছো। আমি ছিৰিয়াৰ নেতৃত্বত আৰু ছিৰিয়াৰ মালিকানাধীন, ৰাষ্ট্ৰসংঘৰ সুবিধাপ্ৰাপ্ত ৰাজনৈতিক প্ৰক্ৰিয়াৰ বাবে কৰা প্ৰচেষ্টাৰ প্ৰতি আমাৰ অবিৰত সমৰ্থনত গুৰুত্ব আৰোপ কৰোঁ, যিটো বিদেশী হস্তক্ষেপৰ পৰা মুক্ত, ৰাষ্ট্ৰসংঘৰ ২২৫৪ (২০১৫) প্ৰস্তাৱৰ নীতিৰ ওপৰত ভিত্তি কৰি, য’ত ছিৰিয়াৰ সমাজৰ সকলো ৰাজনৈতিক আৰু সামাজিক উপাদান প্ৰতিনিধিত্ব আৰু সুৰক্ষিত। ছিৰিয়া আৰু আঞ্চলিক সুস্থিৰতা আৰু নিৰাপত্তাৰ বাবে বিদেশী সন্ত্ৰাসবাদীয়ে সৃষ্টি কৰা গুৰুতৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি আমি বিদেশী সন্ত্ৰাসবাদীৰ সমস্যাটো সমাধান কৰাৰ জৰুৰী প্ৰয়োজনীয়তাত আলোকপাত কৰিছো। আমি ছিৰিয়াক সকলো ধৰণৰ সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ দৃঢ় বিৰোধিতা কৰিবলৈ আহ্বান জনাইছো আৰু সন্ত্ৰাসবাদৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সমাজৰ উদ্বেগৰ প্ৰতি সঁহাৰি জনাই সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰক। আমি ছিৰিয়াৰ পৰা দখলদাৰী বাহিনী প্ৰত্যাহাৰৰ প্ৰয়োজনীয়তাক পুনৰ দৃঢ়তাৰে কওঁ।
39. আমি বিশ্বজুৰি মানৱীয় সংকটৰ সৈতে মোকাবিলা কৰিবলৈ বহুপক্ষীয় সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো আৰু মানৱীয় কাৰ্য্যৰ বাবে আবন্টিত ধনৰ তীব্ৰ নাটনিকে ধৰি আন্তঃৰাষ্ট্ৰীয় সঁহাৰি কমি অহাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছো আৰু পৰ্যাপ্ত সম্পদৰ জৰুৰী সংগঠিতকৰণৰ আহ্বান জনাইছো। সেই উদ্দেশ্যেৰে বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংহত প্ৰচেষ্টাক উন্নীত কৰাৰ আহ্বান জনাইছো, একে সময়তে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা কেন্দ্ৰীয় ভূমিকাক দৃঢ়তাৰে আদৰণি জনাইছো। সাধাৰণ নাগৰিক আৰু অসামৰিক আন্তঃগাঁথনিৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে আক্ৰমণ কৰাকে ধৰি আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন উলংঘাৰ লগতে মানৱীয় প্ৰৱেশৰ অস্বীকাৰ বা বাধা আৰু মানৱীয় কৰ্মীক লক্ষ্য কৰি লোৱাকে ধৰি সকলো উলংঘাক আমি তীব্ৰভাৱে গৰিহণা দিছো। আমি আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন উলংঘাৰ সকলো জবাবদিহিতাৰ সৈতে মোকাবিলা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰোঁ। আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইনৰ প্ৰতি সন্মান, আনুগত্য আৰু ফলপ্ৰসূ ৰূপায়ণৰ বাবে ব্ৰিকছৰ সদস্যসকলে গ্ৰহণ কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাক আমি স্বীকৃতি দিছো।
40. আমি যিকোনো সন্ত্ৰাসবাদ কাৰ্য্যক অপৰাধমূলক আৰু অযুক্তিকৰ বুলি তীব্ৰ নিন্দা প্ৰকাশ কৰিছো, ইয়াৰ প্ৰেৰণা যিয়েই নহওক কিয়, যেতিয়াই, য’তেই আৰু যিয়েই নহওক কিয়। ২০২৫-ৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক আমি কঠোৰ ভাষাৰে গৰিহণা দিছো, য’ত ২৬ জন লোক নিহত হৈছিল আৰু বহু লোক আহত হৈছিল। সন্ত্ৰাসবাদীৰ সীমান্ত-অতিক্ৰমি চলাচল, সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্য আৰু নিৰাপদ আশ্ৰয়কে ধৰি সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে আমি আমাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো। আমি পুনৰ কওঁ যে সন্ত্ৰাসবাদ কোনো ধৰ্ম, ৰাষ্ট্ৰীয়তা, সভ্যতা বা জনগোষ্ঠীৰ সৈতে জড়িত হ’ব নালাগে আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত সকলোকে প্ৰাসংগিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি জবাবদিহি কৰি ন্যায়ৰ কাষ চাপিব লাগিব। আমি সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা নিশ্চিত কৰিবলৈ আহ্বান জনাইছো আৰু সন্ত্ৰাসবাদ প্ৰতিহত কৰাৰ ক্ষেত্ৰত ডাবল ষ্টেণ্ডাৰ্ড পৰিহাৰ কৰিবলৈ কৈছো। আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ প্ৰাথমিক দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ আৰু সন্ত্ৰাসবাদী ভাবুকি প্ৰতিৰোধ আৰু প্ৰতিহত কৰাৰ বাবে বিশ্বব্যাপী প্ৰচেষ্টাসমূহে ৰাষ্ট্ৰসংঘৰ চনদ, বিশেষকৈ ইয়াৰ উদ্দেশ্য আৰু নীতিসমূহ আৰু প্ৰাসংগিক আন্তঃৰাষ্ট্ৰীয় চুক্তি আৰু প্ৰট’কল, বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইন, আন্তঃৰাষ্ট্ৰীয় শৰণাৰ্থী আইন আৰু আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইনকে ধৰি আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত তেওঁলোকৰ বাধ্যবাধকতাসমূহ সম্পূৰ্ণৰূপে মানি চলিব লাগিব। ব্ৰিকছ সন্ত্ৰাসবাদ বিৰোধী কৌশল, ব্ৰিকছ সন্ত্ৰাসবাদ বিৰোধী কাৰ্য্য পৰিকল্পনা আৰু চিটিডব্লিউজি-ৰ স্থিতি পত্ৰৰ ওপৰত ভিত্তি কৰি ব্ৰিকছৰ সন্ত্ৰাসবাদ বিৰোধী কাৰ্য্যগোষ্ঠী (CTWG) আৰু ইয়াৰ পাঁচটা উপগোটৰ কাৰ্যকলাপক আমি আদৰণি জনাইছো। সন্ত্ৰাসবাদ বিৰোধী সহযোগিতাক অধিক গভীৰ কৰাৰ বাবে আমি আগ্ৰহী। আমি ৰাষ্ট্ৰসংঘৰ কাঠামোত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সম্পৰ্কীয় বিস্তৃত সন্ধিখন ক্ষীপ্ৰতাৰে চূড়ান্ত আৰু গ্ৰহণৰ আহ্বান জনাইছো। আমি ৰাষ্ট্ৰসংঘই চিনাক্ত কৰা সকলো সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে একত্ৰিতভাৱে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছো।
41. আমি বিশেষকৈ নৱ প্ৰজন্মৰ মাজত উগ্ৰবাদক প্ৰতিহত কৰাৰ গুৰুত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰোঁ আৰু ব্ৰিকছ দেশসমূহ আৰু নিজ-নিজ যোগ্য কৰ্তৃপক্ষৰ মাজত সহযোগিতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰোঁ, য’ত উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদানো অন্তৰ্ভুক্ত।
42. আমি সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰিছো। আমি স্বীকাৰ কৰোঁ যে ভাৰ্চুৱেল সম্পত্তিৰ অবৈধ ব্যৱহাৰ আৰু ঘৰুৱা নিয়ন্ত্ৰণ কাঠামো উলংঘাকে ধৰি এই কাৰ্য্যকলাপসমূহে অৰ্থনৈতিক স্থিতিশীলতা, বহনক্ষম উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় বিত্তীয় ব্যৱস্থাৰ অখণ্ডতাত বিৰূপ প্ৰভাৱ পেলাব পাৰে। সীমান্ত-অতিক্ৰমি জালিয়াতিৰ কাৰ্য্যকলাপ আৰু তথাকথিত কেলেংকাৰি কম্পাউণ্ডকে ধৰি সংগঠিত কেলেংকাৰি নেটৱৰ্কৰ প্ৰসাৰক লৈ আমি গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছো, যিয়ে ডিজিটেল প্ৰযুক্তি, পেমেন্ট ব্যৱস্থা আৰু দুৰ্বল পৰিস্থিতিত ব্যক্তিক শোষণ কৰে। আমি এই অবৈধ নেটৱৰ্কসমূহ ভাঙি পেলোৱা, অপৰাধমূলক উপাৰ্জনৰ সন্ধান আৰু উদ্ধাৰ, ভুক্তভোগীক সুৰক্ষা আৰু বৃহৎ পৰিসৰৰ জালিয়াতিৰ বাবে বিত্তীয় প্ৰতিষ্ঠান আৰু উদীয়মান পেমেন্ট পদ্ধতিৰ অপব্যৱহাৰ ৰোধৰ বাবে সমন্বিত আন্তঃৰাষ্ট্ৰীয় পদক্ষেপৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰোঁ। আমি শুল্ক কৰ্তৃপক্ষ, বিত্তীয় চোৰাংচোৱা ইউনিট, আইন প্ৰয়োগকাৰী সংস্থা, কৰ কৰ্তৃপক্ষ আৰু তত্বাৱধায়ক সংস্থাসমূহৰ মাজত সীমান্ত-অতিক্ৰমি সহযোগিতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ, য’ত প্ৰাসংগিক বৰ্তমানৰ ব্ৰিকছ কাৰ্য্যগোষ্ঠীৰ জৰিয়তে আৰু ব্ৰিকছত গ্ৰহণ কৰা প্ৰস্তাৱৰ ভিত্তিত, লগতে উন্নত তথ্য-বিনিময়, বিপদ-ভিত্তিক তথ্য-বিনিময়, টেলিকমিউনিকেচন প্ৰদানকাৰী আৰু প্ৰযুক্তি মঞ্চসমূহৰ জৰিয়তেও অন্তৰ্ভুক্ত তথ্য বিশ্লেষণ আৰু সামৰ্থ্য বিকাশৰ ব্যৱহাৰ, চালান পদ্ধতি, পেছাদাৰী সেৱা আৰু সীমান্ত-অতিক্ৰমি চুক্তিবদ্ধ ব্যৱস্থাৰ অপব্যৱহাৰৰ শোষণ কৰাকে ধৰি সামগ্ৰী আৰু সেৱা উভয়ৰে সৈতে জড়িত ধন সৰবৰাহৰ আঁচনিসমূহ ফলপ্ৰসূভাৱে চিনাক্ত, ধৰা পেলোৱা আৰু বিঘ্নিত কৰা অন্তৰ্ভুক্ত হৈছে। আমি সীমান্ত-অতিক্ৰমি পেমেন্ট ব্যৱস্থাত প্ৰৱঞ্চনা প্ৰতিৰোধকে ধৰি ডিজিটেল বিত্তীয় সুৰক্ষা শক্তিশালী কৰাৰ ক্ষেত্ৰত বৰ্ধিত সহযোগিতাৰ বাবে উৎসাহিত কৰোঁ।
43. দুৰ্নীতি প্ৰতিৰোধ আৰু নিবাৰণৰ ক্ষেত্ৰত ব্ৰিকছৰ সহযোগিতাক প্ৰসাৰিত কৰাৰ লগতে এই সন্দৰ্ভত প্ৰাসংগিক আন্তঃৰাষ্ট্ৰীয় চুক্তিসমূহ, বিশেষকৈ ৰাষ্ট্ৰসংঘৰ দুৰ্নীতি বিৰোধী চুক্তিসমূহ অব্যাহত ৰখাৰ বাবে আমি আমাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো। সেই প্ৰেক্ষাপটত আমি সম্পত্তি উদ্ধাৰ আৰু সীমা অতিক্ৰম কৰা দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্ৰিকছৰ দুৰ্নীতি বিৰোধী কাৰ্য্যগোষ্ঠীৰ অধীনত লাভ কৰা অগ্ৰগতিক স্বীকৃতি দিছো। ফকাচ পইন্ট আৰু বিশেষজ্ঞসকলৰ মাজত সহযোগিতা বৃদ্ধি কৰিবলৈ আৰু নেটৱৰ্কে বিকশিত কৰা ব্যৱহাৰিক সঁজুলিসমূহৰ সক্ৰিয় আৰু ফলপ্ৰসূ ব্যৱহাৰ কৰিবলৈ যোগ্য কৰ্তৃপক্ষক উৎসাহিত কৰিবলৈ আমি সম্পত্তি পুনৰুদ্ধাৰৰ ওপৰত ব্ৰিকছ বিশেষজ্ঞ নেটৱৰ্ক স্থাপনক আদৰণি জনাইছো। দুৰ্নীতিৰ বাবে বিচৰা পলাতক অপৰাধী আৰু প্ৰত্যৰ্পণক সমৰ্থন কৰাৰ বাবে অনানুষ্ঠানিক সহযোগিতাৰ ওপৰত ব্ৰিকছ ৰিপ’জিটৰীকো আমি আদৰণি জনাইছো। আমাৰ নিজ নিজ ঘৰুৱা আইনী কাঠামো অনুসৰি, পলাতক অপৰাধীৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিৰ বাবে আইন প্ৰয়োগকাৰী ব্যৱহাৰকাৰীৰ নেটৱৰ্ক গঢ়ি তোলাৰ প্ৰস্তাৱৰ ওপৰত চলি থকা আলোচনাক আমি স্বীকাৰ কৰিছো। শাসনত স্বচ্ছতা, অখণ্ডতা আৰু জবাবদিহিতা আৰু নৈতিক শাসন আৰু প্ৰযুক্তি-চালিত ব্যৱস্থাৰ সৈতে জড়িত উত্তম পদ্ধতিৰ আদান-প্ৰদানৰ লক্ষ্যৰে ব্ৰিকছ দেশসমূহে গ্ৰহণ কৰা পদক্ষেপকো আমি স্বীকাৰ কৰোঁ। দুৰ্নীতি বিৰোধী কাঠামো আৰু প্ৰতিষ্ঠানিক ক্ষমতা শক্তিশালী কৰাৰ বাবে ব্ৰিকছ দেশসমূহৰ মাজত সহযোগিতা অব্যাহত ৰখাৰ বাবে আমি উৎসাহিত কৰোঁ। আমি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ফলপ্ৰসূ অপৰাধমূলক সম্পত্তি উদ্ধাৰৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ আৰু ইউএনচিএচি আৰু ঘৰুৱা আইন অনুসৰি সম্পত্তি উদ্ধাৰ আৰু ঘূৰাই অনাৰ সুবিধাৰ লক্ষ্যৰে সম্পত্তি অনুসন্ধান নেটৱৰ্ক আৰু অন্যান্য ব্যৱহাৰিক ব্যৱস্থাকে ধৰি সহযোগিতা শক্তিশালী কৰিবলৈ ব্ৰিকছ দেশসমূহক উৎসাহিত কৰোঁ।
44. আমি বিশ্বজুৰি অবৈধ ড্ৰাগছ উৎপাদন, সৰবৰাহ আৰু অপব্যৱহাৰৰ পৰিস্থিতিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছো আৰু স্বীকাৰ কৰোঁ যে ই জনসাধাৰণৰ সুৰক্ষা, স্বাস্থ্য সুৰক্ষা আৰু মানৱ জাতিৰ মংগলৰ বাবে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে আৰু ৰাষ্ট্ৰসমূহৰ বহনক্ষম উন্নয়নক ক্ষতিগ্ৰস্ত কৰিছে। এই সন্দৰ্ভত ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাসমূহৰ মুৰব্বীসকলে জাৰি কৰা গুৱাহাটী ঘোষণাক আমি আদৰণি জনাইছো যিয়ে ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাসমূহৰ মাজত কাৰ্য্যকৰী আৰু কাৰিকৰী সহযোগিতাৰ সুবিধা প্ৰদান কৰিব।
45. বিশ্বৰ প্ৰত্যাহ্বানসমূহেৰে মোকাবিলা আৰু আৰ্থ-সামাজিক উন্নয়নক লাভান্বিত কৰাৰ বাবে মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত ব্ৰিকছ ৰিম’ট চেন্সিং চেটেলাইট কনষ্টেলেচনৰ (RSSC) কৃতিত্বৰ আমি শলাগ লৈছো। মহাকাশ ব্যৱস্থাৰ শান্তিপূৰ্ণ ব্যৱহাৰকে ধৰি মহাকাশৰ শান্তিপূৰ্ণ অন্বেষণ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত আমি আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্বক স্বীকাৰ কৰিছো আৰু ব্ৰিকছ দেশসমূহৰ মাজত মহাকাশ সামৰ্থ্যৰ বিদ্যমান বিষমতা হ্ৰাস কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰিছো। বেংগালুৰুত অনুষ্ঠিত ব্ৰিকছৰ মহাকাশ সংস্থাৰ মুৰব্বীসকলৰ বৈঠকত বহিঃ মহাকাশৰ কাৰ্যকলাপৰ দীৰ্ঘম্যাদী বহনক্ষমতা নিশ্চিত কৰাৰ বাবে মহাকাশৰ ধ্বংসাৱশেষ প্ৰশমনৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা আলোচনাক আমি আদৰণি জনাইছো। নতুন ব্ৰিকছ মহাকাশ সংস্থাসমূহ অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰাৰ বাবে ব্ৰিকছ আৰএছএছচি চুক্তিৰ সংশোধনী চূড়ান্ত কৰাৰ ক্ষেত্ৰত আৰু ব্ৰিকছ মহাকাশ পৰিষদৰ বাবে কাৰ্য্যভাৰৰ চৰ্তৰ খচৰা প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো আমি উল্লেখযোগ্য অগ্ৰগতিৰ শলাগ লৈছো। লগতে ১৯৬১-ৰ ১২ এপ্ৰিলত য়ুৰি গেগেৰিনৰ প্ৰথম মানৱ মহাকাশ উৰণৰ ৬৫ সংখ্যক জয়ন্তীক আমি উষ্ম আদৰণি জনাইছো, যিয়ে সমগ্ৰ মানৱ জাতিৰ বাবে নতুন সীমা মুকলি কৰিছিল।
46. আমি মহাকাশ ব্যৱস্থাৰ ব্যৱহাৰ নিশ্চিত কৰাৰ লগতে মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ কৃতিত্বসমূহ শান্তিপূৰ্ণ উদ্দেশ্যৰ বাবে নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰোঁ। আমি আউটাৰ স্পেচ কাৰ্যকলাপৰ দীৰ্ঘম্যাদী বহনক্ষমতা নিশ্চিত কৰাৰ বাবে আৰু আউটাৰ স্পেচত অস্ত্ৰৰ গতি প্ৰতিৰোধ (PAROS) তথা ইয়াৰ অস্ত্ৰীকৰণৰ প্ৰতিৰোধৰ লগতে আউটাৰ স্পেচ অৱজেক্টৰ বিৰুদ্ধে ভাবুকি বা বল প্ৰয়োগ কাৰ্য্যক প্ৰতিৰোধৰ বাবেও আমাৰ সমৰ্থন পুনৰ দৃঢ় কৰিছো, য’ত বিশ্বৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এক প্ৰাসংগিক আইনী বহুপক্ষীয় আহিলা গ্ৰহণৰ আলোচনাৰ জৰিয়তেও অন্তৰ্ভুক্ত। এই লক্ষ্যৰ দিশত ২০১৪-ত নিৰস্ত্ৰকৰণ সন্মিলনত আউটাৰ স্পেচত অস্ত্ৰ স্থাপন প্ৰতিৰোধ, আউটাৰ স্পেচ অৱজেক্টৰ বিৰুদ্ধে বল প্ৰয়োগৰ ভাবুকি বা ব্যৱহাৰৰ ওপৰত নবীকৃত খচৰা সন্ধি (PPWT) দাখিল কৰাটো আমি স্বীকৃতি দিছো। আমি জোৰ দিওঁ যে স্বচ্ছতা আৰু আত্মবিশ্বাস-গঢ়াৰ ব্যৱস্থা (TCBM) আৰু সাৰ্বজনীনভাৱে সহমতত উপনীত হোৱা নীতি-নিয়ম, বিধান আৰু নীতিৰ দৰে ব্যৱহাৰিক আৰু অবাধ্যতামূলক প্ৰতিশ্ৰুতিসমূহেও পিএআৰঅ’এছ-ত অৰিহণা যোগাব পাৰে। আমি সাধাৰণ পৰিষদত ব্ৰিকছৰ কিছুমান সদস্যই এনে উদ্দেশ্য পূৰণ কৰা সুসংহত, সৰ্বাংগীন আৰু ফলপ্ৰসূ আলোচনা সক্ষম কৰিবলৈ একক মুক্ত-সমাপ্ত কৰ্মগোট গঠন কৰাৰ পদক্ষেপ লক্ষ্য কৰিছো আৰু পিএআৰঅ’এছ-ৰ ওপৰত আইনীভাৱে বাধ্যতামূলক যন্ত্ৰৰ গুৰুত্বপূৰ্ণ উপাদানসমূহকে ধৰি বৰ্তমানৰ কৃতিত্বৰ ভিত্তিত প্ৰক্ৰিয়াটোত গঠনমূলকভাৱে জড়িত হ’বলৈ অংগীকাৰবদ্ধ হৈছে।
47. আমি তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ (ICT) পৰিৱৰ্তনশীল প্ৰভাৱক ব্ৰিকছ দেশসমূহৰ আৰ্থ-সামাজিক বিকাশ আৰু ডিজিটেল ৰূপান্তৰৰ এক মূল চালিকা শক্তি হিচাপে স্বীকৃতি দিছো আৰু প্ৰতিখন দেশৰ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতিৰ ভিত্তিত এই ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো। আমি প্ৰতিখন দেশৰ সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাক সন্মান জনাই মুকলি, নিৰাপদ, সুৰক্ষিত, সুস্থিৰ, সুলভ, শান্তিপূৰ্ণ আৰু আন্তঃকাৰ্য্যকৰী আইচিটি পৰিবেশৰ বাবে আমাৰ সমৰ্থন পুনৰ দৃঢ় কৰিছো আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আইচিটি-ৰ ব্যৱহাৰত দায়িত্বশীল ৰাষ্ট্ৰৰ আচৰণ উন্নত কৰাৰ প্ৰেক্ষাপটত আইচিটি-ৰ ক্ষেত্ৰত উন্নয়নৰ ওপৰত বিশ্বব্যাপী ব্যৱস্থাৰ কাৰ্যকৰীকৰণক আদৰণি জনাইছো। আমি এই ক্ষেত্ৰত এক সাৰ্বজনীন আইনী কাঠামো গঢ়ি তোলাৰ আলোচনা, আইচিটি-ৰ ব্যৱহাৰত ৰাষ্ট্ৰসমূহৰ দায়িত্বশীল আচৰণৰ বাবে সাৰ্বজনীনভাৱে সহমতত উপনীত হোৱা নীতি-নিয়ম, বিধান আৰু নীতিসমূহৰ অধিক পৰ্যবেক্ষণকে ধৰি আইচিটি-ৰ ব্যৱহাৰত নিৰাপত্তাৰ ওপৰত সাধাৰণ বুজাবুজি গঢ়ি তোলাৰ ক্ষেত্ৰত গঠনমূলক আলোচনাৰ পোষকতা কৰাত ৰাষ্ট্ৰসংঘৰ কেন্দ্ৰীয় ভূমিকাত আলোকপাত কৰোঁ। আমি সকলো ৰাষ্ট্ৰকে চাইবাৰ অপৰাধৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ চুক্তিখন ঘৰুৱা আইন, প্ৰক্ৰিয়া আৰু পদ্ধতি অনুসৰি স্বাক্ষৰ আৰু অনুমোদন জনোৱাৰ কথা চিন্তা কৰিবলৈ উৎসাহিত কৰোঁ, যাতে চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিৰ বাবে ইয়াৰ দ্ৰুত বলবৎ হোৱাটো নিশ্চিত কৰিব পৰা যায়। আমি সকলো ৰাষ্ট্ৰকে আহ্বান জনাইছো যে সাধাৰণ পৰিষদৰ প্ৰস্তাৱ ৭৪/২৪৭, ৭৫/২৮২ আৰু ৭৯/২৪৩ অনুসৰি, অন্যান্য বিষয়ৰ লগতে অতিৰিক্ত অপৰাধৰ বিষয়ে আলোচনা কৰা চুক্তিখনৰ পৰিপূৰক প্ৰট’কলৰ আলোচনাৰ লক্ষ্যৰে আৰু ৰাষ্ট্ৰ পক্ষসমূহৰ সন্মিলনৰ বাবে কাৰ্য্যবিধিৰ খচৰা প্ৰস্তুত কৰাৰ লক্ষ্যৰে ইয়াৰ পোষকতা কৰা হৈছে।
48. আইচিটি-ৰ ব্যৱহাৰত নিৰাপত্তা নিশ্চিত কৰাৰ ব্যৱহাৰিক সহযোগিতাৰ ৰোডমেপ আৰু ইয়াৰ অগ্ৰগতিৰ প্ৰতিবেদন অনুসৰি ব্ৰিকছৰ সহযোগিতাক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত আমি স্বীকৃতি জনাইছো। নীতি বিনিময়, কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দলৰ (CERT) মাজত উত্তম পদ্ধতিৰ আদান-প্ৰদান, আইন প্ৰয়োগকাৰী সহযোগিতা আৰু যৌথ গৱেষণা আৰু উন্নয়ন আদি ক্ষেত্ৰত ব্ৰিকছৰ সদস্য দেশসমূহৰ মাজত সহযোগিতা গঢ়ি তোলাৰ ক্ষেত্ৰত আইচিটি-ৰ ব্যৱহাৰৰ ক্ষেত্ৰত ব্ৰিকছৰ নিৰাপত্তা সম্পৰ্কীয় কৰ্মগোটৰ গুৰুত্বপূৰ্ণ ভূমিকাক আমি স্বীকাৰ কৰোঁ। আমি ব্ৰিকছৰ শৈক্ষিক আৰু গৱেষণামূলক বিনিময়ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰোঁ। আমি শান্তিপূৰ্ণ আৰু উন্নয়নমূলক উদ্দেশ্যত আৰু অধিক অন্তৰ্ভুক্ত, সুলভ, বহনক্ষম আৰু আন্তঃকাৰ্য্যকৰীভাৱে আইচিটি-ৰ ব্যৱহাৰক প্ৰসাৰিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰোঁ। একেদৰে ইয়াৰ প্ৰয়োগসমূহ যাতে নাগৰিক-কেন্দ্ৰিক হৈ থাকে, তাত গুৰুত্ব আৰোপ কৰা হয়। আমি ডিজিটেল ক্ষেত্ৰখনৰ পৰা আৰু ইয়াৰ ভিতৰত উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহ যেনে আইচিটি-ৰ ব্যৱহাৰত সুৰক্ষাৰ প্ৰতি ভাবুকি, ক্ষতিকাৰক চফ্টৱেৰ, ডাটা সুৰক্ষা আৰু চাইবাৰ অপৰাধ, ভুল তথ্য, ঘৃণামূলক ভাষণ, মিছা কথা আৰু ডীপফেককে ধৰি প্ৰযুক্তিৰ অপব্যৱহাৰ আদিৰ সৈতে মোকাবিলা কৰিবলৈ একত্ৰিত আৰু অন্তৰ্ভুক্ত প্ৰচেষ্টাৰ আহ্বান জনাইছো। আমি আইচিটি-ৰ সামগ্ৰী আৰু ব্যৱস্থাসমূহৰ বিকাশ আৰু সুৰক্ষাৰ লগতে যোগান শৃংখল সুৰক্ষাৰ বাবে বিশ্বব্যাপী আন্তঃকাৰ্য্যকৰী সাধাৰণ নিয়ম আৰু মানদণ্ডৰ বিকাশ আৰু ৰূপায়ণৰ বাবে এক ব্যাপক, সুষম আৰু বস্তুনিষ্ঠ পদ্ধতিৰ আহ্বান জনাইছো। আমি শান্তি ৰক্ষা আৰু অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে টেলিকমিউনিকেচনৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ ওপৰত আলোকপাত কৰোঁ। যি বহনক্ষম আৰু অন্তৰ্ভুক্ত বিশ্ব অৰ্থনৈতিক বিকাশৰ বাবেও গুৰুত্বপূৰ্ণ।
49. মন কৰিবলগীয়া যে বৰ্তমানৰ বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহ জটিল আৰু আন্তঃসংলগ্ন আৰু ই দেশসমূহৰ অৰ্থনৈতিক বিকাশ আৰু বহনক্ষম উন্নয়নত বাধাৰ সৃষ্টি কৰাৰ লগতে দেশ আৰু অঞ্চলসমূহৰ মাজত স্থায়ী উন্নয়নৰ ব্যৱধান বৃদ্ধি কৰে। আমি স্বীকাৰ কৰোঁ যে ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ, ৰাষ্ট্ৰীয় মালিকীস্বত্ব আৰু উন্নয়নৰ বিভিন্ন পৰ্যায়ৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱহাৰিক আৰু কাৰ্য্যকৰী সঁহাৰি এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ মূল চাবিকাঠি আৰু ৰাষ্ট্ৰসংঘৰ এজেণ্ডাত বহনক্ষম উন্নয়ন আৰু অন্তৰ্ভুক্ত বিকাশৰ বিশেষ গুৰুত্ব পুনৰবাৰ উল্লেখ কৰোঁ। এই প্ৰেক্ষাপটত আমি পুনৰ দৃঢ়তাৰে কওঁ যে ব্ৰিকছ উমৈহতীয়া প্ৰত্যাহ্বানসমূহৰ ব্যৱহাৰিক সমাধান আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আলোচনা, কূটনীতি আৰু সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হৈয়েই আছে।
50. আমি বিশ্ব স্বাস্থ্য পদক্ষেপসমূহত সহযোগিতাৰ ব্যাপকতাক আদৰণি জনাইছো আৰু স্থিতিস্থাপক, অন্তৰ্ভুক্ত তথা নাগৰিক-কেন্দ্ৰিক পদ্ধতিৰ জৰিয়তে সাৰ্বজনীন স্বাস্থ্য কভাৰেজক আগুৱাই নিয়াৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো। আমি ব্ৰিকছৰ সদস্যসকলৰ মাজত অবিৰত সহযোগিতাৰ তাৎপৰ্য্য আৰু সমগ্ৰ ব্ৰিকছ দেশসমূহত স্বাস্থ্যৰ ফলাফল উন্নত কৰাৰ বাবে মূল্যৱান অভিজ্ঞতা, উদ্ভাৱন আৰু উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদান কৰাৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰোঁ। আমি বিশ্ব স্বাস্থ্য সংস্থাৰ গুৰুত্বপূৰ্ণ সমন্বয়ক ভূমিকাক গুৰুত্ব দি স্বাস্থ্যৰ ক্ষেত্ৰত বহুপক্ষীয় সহযোগিতা সংৰক্ষণ আৰু শক্তিশালী কৰিব লাগিব বুলি আমাৰ উমৈহতীয়া বিশ্বাস পুনৰবাৰ উল্লেখ কৰিছো। এই প্ৰেক্ষাপটত ৰাষ্ট্ৰসমূহৰ জৈৱিক সম্পদৰ ওপৰত সাৰ্বভৌম অধিকাৰৰ লগতে ৰাষ্ট্ৰীয় প্ৰৱেশ আৰু সুবিধা-ভাগ-বতৰা আইনকে ধৰি আইন প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ সাৰ্বভৌম অধিকাৰ পুনৰ দৃঢ় কৰাৰ লগতে আমি নিৰাপদ, সমতাপূৰ্ণ, স্বচ্ছ আৰু ফলপ্ৰসূ বহুপক্ষীয় চুক্তিৰ সমৰ্থনত ডব্লিউএইচঅ’ মহামাৰী চুক্তিৰ পেথ’জেন একচেছ বেনিফিট-শ্বেয়াৰিং (PABS) পৰিশিষ্টৰ আলোচনাৰ ওপৰত গঠনমূলক যোগাযোগ অব্যাহত ৰখাক উৎসাহিত কৰোঁ।
51. চণ্ডীগড়ত অনুষ্ঠিত হোৱা ১৬ সংখ্যক ব্ৰিকছৰ স্বাস্থ্যমন্ত্ৰী সভাৰ ফলাফলক আমি আদৰণি জনাইছো। আমি যক্ষ্মা ৰোগক এক জটিল বিশ্বজনীন জনস্বাস্থ্য প্ৰত্যাহ্বান হিচাপে স্বীকৃতি দিছো যাৰ বাবে সমন্বিত ব্যৱস্থা, গৱেষণাৰ ওপৰত স্থায়ী বিনিয়োগ আৰু ক্ৰছ - লাৰ্নিং আৰু উদ্ভাৱনৰ বাবে ফলপ্ৰসূ ব্যৱস্থাৰ প্ৰয়োজন। আমি পুনৰ কওঁ যে টিবি-ৰ অন্ত পেলোৱাৰ পথত ব্যক্তিগত দেশ আৰু প্ৰতিষ্ঠানসমূহৰ মূল ভূমিকা আছে, যিটো পাৰস্পৰিক সহযোগিতা, উমৈহতীয়া প্ৰযুক্তি আৰু টিবি গৱেষণাক লালন-পালনৰ বাবে এক ঐক্যবদ্ধ ফ্ৰন্টৰ জৰিয়তে সম্ভৱ। সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ, জুনোটিক ভাবুকি, এন্টিমাইক্ৰ’বিয়েল প্ৰতিৰোধ ক্ষমতা আৰু অন্যান্য জনস্বাস্থ্য জৰুৰীকালীন অৱস্থাই ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰে আৰু শক্তিশালী আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, সময়মতে তথ্য বিনিময় আৰু সমন্বিত সামূহিক কাৰ্য্যৰ প্ৰয়োজন বুলি স্বীকাৰ কৰি আমি স্থিতিস্থাপক চোৱাচিতা ব্যৱস্থা, ফলপ্ৰসূ আগতীয়া সতৰ্কবাণী ব্যৱস্থা তথা শক্তিশালী প্ৰস্তুতি আৰু সঁহাৰিৰ ক্ষমতাৰ জৰিয়তে বিশ্ব স্বাস্থ্য সুৰক্ষা বৃদ্ধিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰোঁ। বিশ্ব স্বাস্থ্য সংস্থা আৰু সংশোধিত আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য নিয়মৰ (২০০৫) কেন্দ্ৰীয় ভূমিকাক স্বীকাৰ কৰি আমি স্থিতিস্থাপক চোৱাচিতাৰ আগতীয়া সতৰ্কবাণী আৰু দ্ৰুত সঁহাৰি ব্যৱস্থা আৰু সমন্বয়ৰ জৰিয়তে বিশ্ব স্বাস্থ্য বিকাশৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছো। এই সন্দৰ্ভত আমি গণ সংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু সঁহাৰিৰ বাবে ব্ৰিকছ সংহত আগতীয়া সতৰ্কবাণী ব্যৱস্থা আৰু ইয়াৰ কাৰ্য্যসূচীৰ বাবে এক সমৰ্পিত উপ-কাৰ্য্যগোষ্ঠী স্থাপনক আদৰণি জনাইছো।
52. আমি চিকিৎসা সামগ্ৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বৰ্তমানৰ বুজাবুজিৰ পৰিসৰ ব্ৰিকছৰ সকলো সদস্য দেশৰ নিয়ন্ত্ৰণ কৰ্তৃপক্ষলৈ সম্প্ৰসাৰণ কৰি ব্ৰিকছৰ চিকিৎসা সামগ্ৰী নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ মাজত শক্তিশালী সহযোগিতাক উৎসাহিত কৰোঁ। একেদৰে গুণগত, নিৰাপদ আৰু কাৰ্যক্ষম চিকিৎসা সামগ্ৰীৰ অবিৰত উপলব্ধতা আৰু সুলভতা নিশ্চিত কৰিবলৈ সহযোগিতামূলক নিয়ন্ত্ৰণ পদ্ধতি শক্তিশালী কৰাৰ গুৰুত্ব পুনৰবাৰ উল্লেখ কৰোঁ। এই সন্দৰ্ভত আমি ব্ৰিকছ জিxপি শ্বেতপত্ৰ যুগুত কৰাৰ ক্ষেত্ৰত ব্ৰিকছ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ সামূহিক প্ৰচেষ্টাক আদৰণি জনাইছো। এই ক্ষেত্ৰত নিয়ন্ত্ৰণ অভিজ্ঞতা আৰু কাৰিকৰী পদ্ধতিৰ উত্তম পদ্ধতিসমূহ একত্ৰিত কৰাটো আৱশ্যকীয়।
53. আমি নাগৰিক-কেন্দ্ৰিক ডিজিটেল স্বাস্থ্যসেৱা ব্যৱস্থাৰ ওপৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰিছো আৰু দূৰৱৰ্তী অঞ্চলত স্বাস্থ্যসেৱাৰ প্ৰৱেশকে ধৰি যত্নৰ ধাৰাবাহিকতাৰ বাবে ডিজিটেল স্বাস্থ্য স্থাপত্যৰ ওপৰত ব্ৰিকছ কম্পেনডিয়ামক এক মূল্যৱান জ্ঞান সম্পদ হিচাপে আদৰণি জনাইছো।
54. আমি স্বীকাৰ কৰোঁ যে মেদবহুলতা আৰু অসংক্ৰামক ৰোগে (NCD) বিশ্বৰ জনস্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু সমগ্ৰ চৰকাৰ আৰু সমগ্ৰ সমাজৰ দৃষ্টিভংগীৰ জৰিয়তে প্ৰতিৰোধমূলক আৰু প্ৰচাৰমূলক স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো। এই সন্দৰ্ভত আমি স্বাস্থ্যসন্মত জীৱনশৈলীৰ বাবে ব্ৰিকছ মিছন আৰু স্বাস্থ্যসন্মত জীৱনশৈলী প্ৰসাৰৰ যৌথ পদক্ষেপৰ বাবে ব্ৰিকছ ৰোডমেপ (২০২৬–২০২৯) আৰম্ভ কৰাক সমৰ্থন জনাইছো। আমি স্বাস্থ্যসন্মত জীৱনশৈলীৰ ওপৰত প্ৰতিলিপিযোগ্য উত্তম পদ্ধতিৰ সংক্ষিপ্তকৰণকো আদৰণি জনাইছো। আমি মানসিক সুস্থতাৰ প্ৰসাৰক স্বাস্থ্য আৰু বহনক্ষম উন্নয়নৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে স্বীকৃতি দিওঁ আৰু সমন্বয়ক চিঅ’ই হিচাপে ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্ৰতিষ্ঠানৰ (NIMHANS) সৈতে ব্ৰিকছ ট্ৰেইনিং হাব নেটৱৰ্ক আৰু ব্ৰিকছ নেটৱৰ্ক অৱ চেন্টাৰছ অৱ এক্সেলেন্স (CoE) স্থাপনৰ সমৰ্থন কৰোঁ। নেটৱৰ্ক অৱ চিঅ’ই-সমূহে সহযোগিতামূলক গৱেষণা, নীতি আলোচনা, উত্তম পদ্ধতিৰ বিনিময় আৰু সমগ্ৰ ব্ৰিকছ দেশসমূহত প্ৰমাণভিত্তিক মানসিক স্বাস্থ্য প্ৰসাৰ কৌশলৰ সহ-বিকাশৰ সুবিধাৰ বাবেও এখনি মঞ্চ হিচাপে কাম কৰিব পাৰে। প্ৰতিখন ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰৰ পৰা প্ৰতিনিধিৰ এটা নিৰ্দিষ্ট গোটে যৌথভাৱে উৎকৃষ্টতা কেন্দ্ৰ/ চিঅ’ই-ৰ নেটৱৰ্কৰ সমন্বয় পৰিচালনা কৰিব, গভীৰ বৈজ্ঞানিক আৰু কাৰিকৰী সহযোগিতা লাভ কৰিবলৈ সুষম সিদ্ধান্ত গ্ৰহণ আৰু উমৈহতীয়া জবাবদিহিতা নিশ্চিত কৰিব আৰু প্ৰাথমিক স্বাস্থ্যসেৱাত মানসিক সুস্থতাৰ বহনক্ষম আৰু স্কেলেবল একত্ৰীকৰণ নিশ্চিত কৰিব। মানসিক সুস্থতাৰ প্ৰসাৰৰ ওপৰত শ্ৰেষ্ঠ পদ্ধতিৰ সংকলনকো আমি আদৰণি জনাইছো।
55. আমি সংকটৰ মানসিক স্বাস্থ্যৰ পৰিণতিসমূহৰ সৈতে মোকাবিলা কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰোঁ আৰু আক্ৰান্ত লোক, বিশেষকৈ শিশু আৰু কিশোৰ-কিশোৰীকে ধৰি দুৰ্বল পৰিস্থিতিত থকা লোকসকলক সময়মতে, সুলভ আৰু স্থায়ী মানসিক স্বাস্থ্য আৰু মানসিক-সামাজিক (MHPSS) হস্তক্ষেপ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
56. স্বাস্থ্য ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে আৰু ইউনিভাৰ্চেল হেল্থ কভাৰেজৰ (UHC) দিশত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত পৰম্পৰাগত, পৰিপূৰক আৰু সংহত চিকিৎসাৰ (TCIM) ক্ৰমবৰ্ধমান প্ৰাসংগিকতাক আমি স্বীকাৰ কৰোঁ। সদস্য ৰাষ্ট্ৰৰ মাজত আলোচনা, সহযোগিতা আৰু বিনিময়ৰ মঞ্চ হিচাপে ব্ৰিকছ স্বাস্থ্য ট্ৰেকৰ অধীনত টিচিআইএম-ৰ ওপৰত ব্ৰিকছ বিশেষজ্ঞ কৰ্মগোট স্থাপনৰ প্ৰস্তাৱক আমি আদৰণি জনাইছো। আমি ঔষধি উদ্ভিদ আৰু চিকিৎসা আৰু প্ৰতিৰোধমূলক ব্যৱহাৰৰ বনৌষধি প্ৰস্তুতিৰ ওপৰত সমন্বিত গৱেষণাৰ মূল্যৰ ওপৰত আলোকপাত কৰোঁ, যাতে সদস্য দেশসমূহৰ উমৈহতীয়া পৰম্পৰাগত ফাৰ্মাকোপিয়াই নিৰাপদ, ফলপ্ৰসূ আৰু সুলভ চিকিৎসা সামগ্ৰী বিকাশৰ বাবে ভেটি হিচাপে কাম কৰিব পাৰে। আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপট অনুসৰি প্ৰমাণ-অৱগত পদ্ধতি আৰু উপযুক্ত নিয়ন্ত্ৰণ কাঠামোৰ জৰিয়তে টিচিআইএম-ৰ পদ্ধতি আৰু সামগ্ৰীৰ গুণগত মান, সুৰক্ষা আৰু কাৰ্যকাৰিতা নিশ্চিত কৰাৰ গুৰুত্ব পুনৰ দৃঢ় কৰোঁ।
57. উন্নয়নশীল দেশ আৰু অনগ্ৰসৰ দেশসমূহত স্থিতিস্থাপক আৰু উন্নত স্বাস্থ্য ব্যৱস্থা নিশ্চিত কৰিবলৈ আমি স্বাস্থ্য কৰ্মশক্তি শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰোঁ। এই সন্দৰ্ভত আমি অন্যান্যৰ লগতে সামৰ্থ্য বিকাশ, প্ৰশিক্ষণ আৰু গৱেষণাৰ ক্ষেত্ৰত ব্ৰিকছৰ সহযোগিতাৰ সম্প্ৰসাৰণৰ আহ্বান জনাইছো।
58. নীতি নিৰ্দেশনা, কৰ্মশক্তিৰ বিকাশ, ৰোগ নিৰীক্ষণ, প্ৰস্তুতি আৰু সঁহাৰি, জনস্বাস্থ্যসেৱা পৰীক্ষাগাৰ ব্যৱস্থা আৰু প্ৰয়োগমূলক গৱেষণাৰ জৰিয়তে জনস্বাস্থ্যসেৱা ব্যৱস্থাক শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় জনস্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ (NPHI) গুৰুত্বপূৰ্ণ ভূমিকাক আমি স্বীকাৰ কৰোঁ। আমি বহুখণ্ডীয় সহযোগিতা, উত্তম পদ্ধতিৰ বিনিময় আৰু ডিজিটেল স্বাস্থ্যকে ধৰি উদ্ভাৱনীমূলক স্বাস্থ্য প্ৰযুক্তিৰ জৰিয়তে স্বাস্থ্যৰ সামাজিক নিৰ্ণায়কসমূহে (DD-SDH) পৰিচালিত কৰা ৰোগসমূহেৰে মোকাবিলা কৰাৰ গুৰুত্বক স্বীকাৰ কৰোঁ। ইয়াৰ উদ্দেশ্য হৈছে সামূহিক ক্ষমতাক শক্তিশালী কৰা আৰু স্বাস্থ্যৰ ফলাফলত বৈষম্য হ্ৰাস কৰাৰ দিশত অগ্ৰগতিক ত্বৰান্বিত কৰা। আমি, সেয়েহে ব্ৰিকছৰ সদস্য দেশসমূহৰ সামূহিক কাৰ্য্যকলাপক শক্তিশালী কৰিবলৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপট অনুসৰি সহযোগিতামূলক মঞ্চ হিচাপে এনপিএইচআই আৰু ডিডি-এছডিএইচ ৰ ওপৰত “কাৰ্য্যকৰী কাঠামো”ক সমৰ্থন কৰোঁ। আমি ব্ৰিকছ ভেকচিন আৰএণ্ডডি চেন্টাৰৰ কাৰ্য্যকলাপক সমৰ্থন কৰোঁ আৰু আণৱিক চিকিৎসাত সহযোগিতাৰ গুৰুত্বক স্বীকাৰ কৰোঁ। ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ সহযোগিতাক অধিক শক্তিশালী কৰাৰ বাবে আৰু এই ক্ষেত্ৰত অবিৰত সহযোগিতাক আগুৱাই নিয়াৰ বাবে আমি ব্ৰিকছৰ আণৱিক চিকিৎসা কৰ্মগোটৰ কাৰ্য্যকলাপক আদৰণি জনাইছো। আমি ব্ৰিকছৰ কাঠামোৰ ভিতৰত গৱেষণাৰ তথ্য প্ৰচাৰ আৰু বৈজ্ঞানিক সহযোগিতাক প্ৰসাৰিত কৰাৰ বাবে ব্ৰিকছ হেল্থ জাৰ্নেলৰ গুৰুত্ব লক্ষ্য কৰিছো আৰু ইয়াৰ বিকাশত ব্ৰিকছ দেশসমূহৰ অবিৰত অংশগ্ৰহণক উৎসাহিত কৰিছো।
59. আমি স্বাস্থ্য আন্তঃগাঁথনি আৰু চিকিৎসা সামগ্ৰীৰ স্থানীয় উৎপাদনক শক্তিশালী কৰা, শক্তিশালী চোৱাচিতা ব্যৱস্থা, পৰীক্ষাগাৰৰ নেটৱৰ্কৰ জৰিয়তে ভৱিষ্যতৰ স্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ বাবে প্ৰস্তুতি বৃদ্ধি কৰা, ডিজিটেল স্বাস্থ্য প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ উপযোগিতা গ্ৰহণ কৰা, স্বাস্থ্য ব্যৱস্থাত পৰম্পৰাগত চিকিৎসা বিজ্ঞানক একত্ৰিত কৰা, জনস্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ মাজত কাৰিকৰী সহযোগিতা, শক্তিশালী নিয়ন্ত্ৰণ কাঠামো, দক্ষ স্বাস্থ্য কৰ্মশক্তি আৰু সহযোগিতামূলক গৱেষণা আৰু বিকাশ, স্বাস্থ্যসেৱা, ভেকচিন, চিকিৎসা আৰু নিদানৰ সময়মতে, সুলভ আৰু ন্যায্য প্ৰৱেশ নিশ্চিত কৰিবলৈ উন্নয়ন, সামৰ্থ্য বিকাশ আৰু প্ৰশিক্ষণত গুৰুত্ব আৰোপ কৰো।
60. আমি স্বীকাৰ কৰোঁ যে ব্ৰিকছ দেশসমূহ বিশ্ব খাদ্য উৎপাদনৰ মূল চালিকা শক্তি আৰু সেইবাবেই কৃষি উৎপাদনশীলতা আৰু বহনক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত তথা বিশ্বৰ খাদ্য সুৰক্ষা আৰু পুষ্টি নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমি খাদ্য সুৰক্ষা আৰু পুষ্টি নিশ্চিত কৰাৰ লগতে খাদ্যৰ মূল্যৰ ব্যাপক অস্থিৰতাৰ প্ৰভাৱ কমোৱাৰ লগতে সাৰৰ নাটনিকে ধৰি হঠাৎ যোগান সংকটৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ। এই সন্দৰ্ভত আমি ব্ৰিকছৰ ভিতৰত (ব্ৰিকছ শস্য বিনিময়) শস্য ব্যৱসায়ৰ মঞ্চ স্থাপনৰ পদক্ষেপৰ অবিৰত বিশদ বিৱৰণৰ গুৰুত্ব স্বীকাৰ কৰোঁ আৰু ইয়াৰ কাৰ্য্যকলাপৰ পদ্ধতি আৰু ইয়াৰ পৰৱৰ্তী বিকাশৰ ওপৰত অধিক আলোচনাক আদৰণি জনাইছো। ইয়াক অন্যান্য কৃষিজাত সামগ্ৰী আৰু সামগ্ৰীলৈ সম্প্ৰসাৰণৰো পোষকতা কৰা হয়। আমি ৰাষ্ট্ৰীয় নীতিসমূহৰ ওপৰত আৰু আন্তঃৰাষ্ট্ৰীয় সমন্বয়ৰ ওপৰত অধিক আলোচনাক সমৰ্থন কৰোঁ যিয়ে খাদ্যৰ উপলব্ধতা, সুলভতা, ব্যৱহাৰ, স্থিতিশীলতা আৰু ব্যয়সাধ্যতা বৃদ্ধি কৰে, লগতে ব্ৰিকছ আৰু অন্যান্য উন্নয়নশীল দেশসমূহত প্ৰাসংগিক কৃষি আৰু খাদ্য উৎপাদনৰ ইনপুটসমূহকো সমৰ্থন কৰোঁ - যিবোৰে যোগানৰ ব্যাঘাতৰ প্ৰতি সঁহাৰি জনাবলৈ ৰাষ্ট্ৰীয় সামৰ্থ্য শক্তিশালী কৰে, যেনেঃ ৰাষ্ট্ৰীয় খাদ্য সংৰক্ষণ ব্যৱস্থা আৰু খৰাং স্থিতিস্থাপক আৰু জলবায়ুৰ লগত খাপ খোৱা বীজ ব্যৱস্থাসমূহকে ধৰি। খাদ্য সুৰক্ষা আৰু পুষ্টিৰ ওপৰত ডেকান উচ্চ পৰ্যায়ৰ নীতিৰ আধাৰত আমি আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰসাৰৰ বাবে ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে গ্ল’বেল এলায়েন্সক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপেও স্বীকৃতি দিছো। আমি কৃষিজাত সামগ্ৰীৰ ব্ৰিকছৰ ভিতৰৰ বাণিজ্য আৰু কৃষি তথা খাদ্য উৎপাদনৰ ইনপুটসমূহৰ সুবিধা প্ৰদানৰ ওপৰতো আলোচনাৰ বাবে আগ্ৰহী, য’ত স্থিতিস্থাপক আৰু বৈষম্যহীন যোগান শৃংখলক প্ৰসাৰিত কৰাও অন্তৰ্ভুক্ত হৈছে। লগতে মূল্য শৃংখল আৰু বহনক্ষম কৃষি পদ্ধতিৰ অগ্ৰগতি সাধনেও ঠাই পাইছে। আমি এইটোও স্বীকাৰ কৰোঁ যে ক্ষুদ্ৰ খেতিয়ক, পশুপালক আৰু ক্ষুদ্ৰ মাছমৰীয়া আৰু একুৱাকালচাৰ উৎপাদক, খিলঞ্জীয়া আৰু স্থানীয় জনগোষ্ঠী, মহিলা আৰু যুৱক-যুৱতীসকল ৰাষ্ট্ৰীয় আইন অনুসৰি কৃষি আৰু খাদ্য ব্যৱস্থাৰ অপৰিহাৰ্য অংশীদাৰ।
61. ইন্দোৰত অনুষ্ঠিত হোৱা ১৬ সংখ্যক ব্ৰিকছৰ কৃষি মন্ত্ৰী সভাৰ ফলাফলক আমি আদৰণি জনাইছো। আমি প্ৰাসংগিক ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পদ্ধতিৰ ওপৰত ভিত্তি কৰি সহযোগিতামূলক আৰু কৃষক-কেন্দ্ৰিক ব্ৰিকছ এজিআৰআইএন (BRICS AGRIN-কৃষি-ইনপুট, জেনেটিক সম্পদ আৰু তথ্য নেটৱৰ্ক) স্থাপন কৰাত সন্মতি প্ৰকাশ কৰিছো। আমি বীজ ব্যৱস্থাত কৃষকৰ অধিকাৰ সন্দৰ্ভত গ্ল’বেল ফৰাম আৰম্ভ কৰা কাৰ্য্যকো আদৰণি জনাইছো যাতে উমৈহতীয়া প্ৰত্যাহ্বানসমূহেৰে মোকাবিলা কৰিব পাৰি, ফলপ্ৰসূ নীতিসমূহ প্ৰসাৰিত কৰিব পাৰি তথা কৃষি আৰু বীজ ব্যৱস্থাৰ সৈতে জড়িত পৰম্পৰাগত জ্ঞানৰ ডুকুমেন্টেচন আৰু বিনিময়ক উৎসাহিত কৰিব পাৰি।
62. জলবায়ু স্থিতিস্থাপকতা আৰু উৎপাদনশীলতাৰ বাবে কৃষি পৰিস্থিতিতন্ত্ৰ আৰু পুনৰ-উৎপাদনশীল কৃষিৰ উৎকৃষ্টতা কেন্দ্ৰৰ ব্ৰিকছ নেটৱৰ্ক আৰু কৃষি বন, মীন, আৰু একুৱাকালচাৰকে ধৰি ডিজিটেল কৃষিৰ ওপৰত ব্ৰিকছ নেটৱৰ্ক স্থাপনৰ জৰিয়তে কৃষিৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাক আমি আদৰণি জনাইছো। মীন আৰু একুৱাকালচাৰৰ বিকাশৰ ওপৰত ব্ৰিকছৰ আলোচনাৰ অধীনত অধিক সহযোগিতাৰ বাবেও আমি উৎসাহিত কৰোঁ।
63. দীৰ্ঘদিনীয়া বাধ্যতামূলক বিষয়সমূহৰ ওপৰত অগ্ৰগতি লাভ কৰাৰ লক্ষ্যৰে আৰু সেই বিকশিত নীতি আৰু নিয়ন্ত্ৰণমূলক উন্নয়নক ক্ৰমান্বয়ে স্বীকৃতি দিয়াৰ লক্ষ্যৰে আমি বিশ্ব ব্যৱসায় সংস্থাত কৃষি আলোচনা আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো। আমি বিশ্বব্যাপী বহনক্ষম ভিজিটেবল অইল খণ্ডত বহনক্ষমতা, অন্তৰ্ভুক্তি আৰু ন্যায্য বজাৰ প্ৰৱেশৰ প্ৰসাৰৰ বাবে চলি থকা প্ৰচেষ্টাকো আদৰণি জনাইছো।
64. আমি স্বীকাৰ কৰোঁ যে শক্তি সুৰক্ষা সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সকলো ৰাষ্ট্ৰৰ কল্যাণৰ বাবে এক গুৰুত্বপূৰ্ণ ভেটি। আমি শক্তি বজাৰৰ স্থিতিশীলতা নিশ্চিত কৰি আৰু বিভিন্ন উৎসৰ পৰা শক্তিৰ অবিঘ্নিত প্ৰবাহ বজাই ৰাখি, মূল্য শৃংখল শক্তিশালী কৰি, সীমা অতিক্ৰম কৰা আন্তঃগাঁথনিকে ধৰি জটিল শক্তি আন্তঃগাঁথনিৰ স্থিতিস্থাপকতা আৰু সুৰক্ষা নিশ্চিত কৰি শক্তি সুৰক্ষা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰোঁ। আমি স্বীকাৰ কৰোঁ যে জীৱাশ্ম ইন্ধনে বিশ্বৰ শক্তিৰ মিশ্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, বিশেষকৈ উদীয়মান বজাৰ আৰু উন্নয়নশীল অৰ্থনীতিৰ বাবে এয়া গুৰুত্বপূৰ্ণ। ব্ৰিকছ শক্তি গৱেষণা সহযোগিতা মঞ্চৰ (ERCP) কাম আৰু ব্ৰিকছ শক্তি বক্তৃতাত মহিলা আৰু যুৱক-যুৱতীসকলৰ অধিক অংশগ্ৰহণৰ সুবিধাৰ বাবে ব্ৰিকছ যুৱ শক্তি সন্মিলন আহ্বান কৰাক আমি আদৰণি জনাইছো।
65. আমি কৃত্ৰিম বুদ্ধিমত্তা আৰু উন্নত তথ্য বিশ্লেষণৰ দৰে প্ৰযুক্তিকে ধৰি শক্তি ব্যৱস্থাত ডিজিটাইজেচনৰ ক্ৰমবৰ্ধমান ভূমিকাত আলোকপাত কৰো যিয়ে ব্যৱস্থা পৰিকল্পনা, গ্ৰীড ব্যৱস্থাপনা, নবীকৰণযোগ্য সংহতি, কাৰ্য্যকৰী দক্ষতা আৰু শক্তিশালী চাইবাৰ-স্থিতিস্থাপক শক্তি আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনৰ বাবে উল্লেখযোগ্য সম্ভাৱনা প্ৰদৰ্শন কৰে। এই সন্দৰ্ভত আমি স্মাৰ্ট গ্ৰীড আৰু শক্তি সংৰক্ষণৰ ওপৰত ব্ৰিকছৰ নিৰ্দেশনামূলক নীতিক আদৰণি জনাইছো। আমি সহযোগিতাক আগুৱাই নিয়াৰ বাবে এক সক্ষমকাৰী স্বেচ্ছামূলক আলোচনা ব্যৱস্থা হিচাপে ব্ৰিকছ ইআৰচিপি-ৰ স্মাৰ্ট গ্ৰীডছ ৱৰ্কষ্ট্ৰিমৰ অধীনত স্মাৰ্ট গ্ৰীড আৰু শক্তি সংৰক্ষণৰ বাবে ব্ৰিকছ ডিজিটেল চেন্টাৰ অৱ এক্সেলেন্স স্থাপনৰ ওপৰত অধ্যক্ষৰ পদক্ষেপ লক্ষ্য কৰিছো।
66. আমি ৰাষ্ট্ৰীয় পৰিস্থিতিক প্ৰতিফলিত কৰা সুষম আৰু বৈচিত্ৰ্যপূৰ্ণ শক্তি মিশ্ৰণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰোঁ আৰু স্বীকাৰ কৰোঁ যে নবীকৰণযোগ্য শক্তি, জৈৱশক্তি, জীৱাশ্ম ইন্ধন, পাৰমাণৱিক শক্তি, জলবিদ্যুৎ, হাইড্ৰজেন, নিম্ন কাৰ্বন প্ৰযুক্তি, শক্তি সংৰক্ষণ প্ৰযুক্তিকে ধৰি বহল বৈচিত্ৰ্যপূৰ্ণ শক্তিৰ উৎস আৰু প্ৰযুক্তিসমূহে এছডিজি আৰু শক্তি সুৰক্ষা লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি সকলো উপলব্ধ শক্তিৰ উৎস, স্থিতিস্থাপক শক্তি যোগান শৃংখল আৰু শক্তিৰ ট্ৰেকত আলোচনাৰ জৰিয়তে ব্রিকছ দেশসমূহৰ মাজত বৰ্ধিত সহযোগিতাৰ ভূমিকাত আলোকপাত কৰোঁ। এই ক্ষেত্ৰত আমি শূন্য/ নিম্ন নিৰ্গমন হাইড্ৰজেনৰ বাবে আন্তঃকাৰ্য্যকৰী মানদণ্ড আৰু প্ৰমাণীকৰণ কাঠামোৰ ওপৰত ব্ৰিকছৰ সহযোগিতাক উৎসাহিত কৰোঁ আৰু এই ক্ষেত্ৰত হাইড্ৰজেন মূল্য শৃংখলৰ ওপৰত ব্ৰিকছৰ যৌথ প্ৰতিবেদনৰ ওপৰত অব্যাহত কাম-কাজৰ শলাগ লৈছো।
67. আমি সম্পদ সমৃদ্ধ দেশসমূহত লাভৰ ভাগ-বতৰা, মূল্য সংযোজন আৰু অৰ্থনৈতিক বৈচিত্ৰ্যৰ নিশ্চয়তা প্ৰদান কৰিবলৈ জটিল খনিজ পদাৰ্থৰ নিৰ্ভৰযোগ্য, দায়িত্বশীল, বৈচিত্ৰ্যপূৰ্ণ, স্থিতিস্থাপক, ন্যায্য, বহনক্ষম আৰু ন্যায্য যোগান শৃংখলক প্ৰসাৰিত কৰাৰ প্ৰয়োজনীয়তাক দৃঢ়তাৰে কওঁ, একে সময়তে নিজ-নিজ খনিজ সম্পদৰ ওপৰত সাৰ্বভৌম অধিকাৰ সম্পূৰ্ণৰূপে সংৰক্ষণ কৰাৰ লগতে বৈধ ৰাজহুৱা নীতিৰ লক্ষ্যসমূহ গ্ৰহণ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ, অক্ষুণ্ণ ৰখা আৰু বলবৎ কৰাৰ অধিকাৰতো গুৰুত্ব আৰোপ কৰা হয়। আমি শূন্য আৰু নিম্ন নিৰ্গমন শক্তি প্ৰযুক্তি, শক্তি সুৰক্ষা আৰু শক্তি যোগান শৃংখলৰ স্থিতিস্থাপকতাৰ বিকাশৰ বাবে জটিল খনিজ পদাৰ্থৰ মূল ভূমিকাক স্বীকাৰ কৰোঁ।
68. আমি নতুন ঔদ্যোগিক বিপ্লৱৰ অংশীদাৰিত্বৰ (PartNIR) অধীনত সহযোগিতা শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰোঁ যিয়ে দ্ৰুতগতিত বিকশিত ঔদ্যোগিক পৰিবেশত আগ্ৰহ, প্ৰত্যাহ্বান আৰু সুযোগ চিনাক্ত কৰাৰ বাবে এক পথ প্ৰদৰ্শক মঞ্চ হিচাপে কাম কৰে। আমি উদ্ভাৱনক লালন-পালন কৰা, উদ্যোগ ৪.০-ৰ সৈতে জড়িত ক্ষেত্ৰসমূহকে ধৰি প্ৰযুক্তিগত সহযোগিতা আগবঢ়াই নিয়াত আৰু ব্ৰিকছৰ ভিতৰৰ পদক্ষেপ আৰু বিনিময়ৰ জৰিয়তে ষ্টাৰ্ট-আপ তথা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ মাজত গভীৰ সম্পৰ্কক প্ৰসাৰিত কৰাত ব্ৰিকছৰ অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰোঁ। পাৰ্টএনআইআৰ-ৰ কাঠামোৰ অধীনত খণ্ডগত কৰ্মগোটসমূহৰ চলি থকা প্ৰচেষ্টাসমূহৰ প্ৰতি আমি আমাৰ সমৰ্থন পুনৰ দৃঢ় কৰিছো। আমি ব্ৰিকছৰ সদস্য দেশসমূহক পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই নিবলৈ প্ৰতিষ্ঠিত ব্যৱস্থাসমূহৰ আশ্ৰয় গ্ৰহণ কাৰ্য্যক উৎসাহিত কৰোঁ। আমি ২০২৬-ত ব্ৰিকছ পাৰ্টএনআইআৰ উদ্ভাৱন কেন্দ্ৰৰ (BPIC) প্ৰচেষ্টাৰ শলাগ লৈছো। আমি ব্ৰিকছ ইনকিউবেটৰ নেটৱৰ্ক স্থাপন আৰু ব্ৰিকছ ষ্টাৰ্টআপ উদ্ভাৱন পুঁজিৰ অধিক বিবেচনাক আদৰণি জনাইছো, উদ্ভাৱন-চালিত বিকাশৰ বাবে ষ্টাৰ্টআপসমূহক অনুঘটক হিচাপে কাম কৰাৰ সম্ভাৱ্য ব্যৱস্থা হিচাপে চিহ্নিত কৰোঁ। ব্ৰিকছ ষ্টাৰ্টআপ জ্ঞান হাব আৰু ব্ৰিকছ ষ্টাৰ্টআপ ফৰামক শক্তিশালীকৰণৰ বাবেও আমি শলাগ লৈছো।
69. অৰ্থনৈতিক বিকাশ আৰু গাঁথনিগত পৰিৱৰ্তন উপলব্ধি কৰিবলৈ ঔদ্যোগিক খণ্ডৰ মূল ভূমিকাক স্বীকৃতি জনোৱাৰ লগতে আমি উদ্যমিতা আৰু ষ্টাৰ্টআপৰ নেতৃত্বত উদ্ভাৱনক লাভান্বিত কৰিবলৈ সন্মত হওঁ। ইয়াত ঔদ্যোগিক উদ্যানৰ উন্নয়ন আৰু ঔদ্যোগীকৰণৰ বাবে অন্যান্য ৰাষ্ট্ৰীয় পদক্ষেপৰ জৰিয়তে ইনপুট সংযোগৰ সুবিধা, উৎপাদন উদ্যোগৰ ৰপ্তানি বৃদ্ধি, এমএছএমই-ৰ বজাৰ প্ৰৱেশ, প্ৰযুক্তি হস্তান্তৰ আৰু সহযোগিতা, উৎপাদনশীলতা আৰু পৰিৱেশৰ বহনক্ষমতা নিশ্চিত কৰা আদি অন্তৰ্ভুক্ত।
70. ব্ৰিকছ ঔদ্যোগিক সহযোগিতাৰ সাতটা বিশেষ কৰ্মগোটৰ কামক আমি স্বীকাৰ কৰিছো আৰু তেওঁলোকৰ কৃতিত্বৰ প্ৰশংসা কৰিছো। আমি ফটোভল্টিক উদ্যোগ কৰ্মগোটৰ ৰেফাৰেন্স আৰু কাৰ্য্য পৰিকল্পনা গ্ৰহণক আদৰণি জনাইছো আৰু ব্ৰিকছৰ প্ৰতিখন সদস্য দেশক নীতিৰ আপডেট আৰু উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদানৰ বাবে নিজ নিজ জ্ঞান পৰ্টেল প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰিছো। একেদৰে প্ৰযুক্তি সহযোগিতা, বিত্তীয় সাহায্য আৰু সামৰ্থ্য বিকাশৰ বাবে অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰিবলৈ ব্ৰিকছ সৌৰ ফটোভল্টিক সহযোগিতা ৰোডমেপৰ বিকাশত সহায় কৰিছো। স্মাৰ্ট ফেক্টৰী বিকাশ, সমাধানৰ আদান-প্ৰদান, মানক সহযোগিতা আৰু প্ৰতিভাৰ কৰ্ষণৰ ওপৰত পদক্ষেপ চিনাক্ত কৰাৰ বাবে বুদ্ধিমত্তাসম্পন্ন উৎপাদন আৰু ৰবটিক্স কৰ্মগোটে নিজৰ কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰাৰ প্ৰচেষ্টাক আমি স্বীকাৰ কৰোঁ। ব্ৰিকছ দেশসমূহৰ সুবিধাৰ্থে ৰসায়ন উদ্যোগৰ কাৰ্য্যগোষ্ঠীৰ ভিতৰত ৰাসায়নিক উৎপাদন খণ্ডত ডিজিটাইজেচন, বহনক্ষমতা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ গুৰুত্বক আমি স্বীকাৰ কৰোঁ।
71. আমি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ কাৰ্য্যগোষ্ঠীয়ে গ্ৰহণ কৰা পদক্ষেপসমূহক স্বীকৃতি দিছো আৰু আগ্ৰাত উদ্বোধনী ব্ৰিকছ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মঞ্চ আহ্বান কৰাৰ বাবে ভাৰতীয় অধ্যক্ষতা আৰু “ব্ৰিকছত এমএছএমই-ৰ প্ৰতিযোগিতামূলক ক্ষমতাৰ অগ্ৰগতি সাধনঃ বিত্ত আৰু প্ৰযুক্তিৰ প্ৰৱেশ তথা বহনক্ষম বিকাশক সুদৃঢ়কৰণ” শীৰ্ষক প্ৰতিবেদন, সহযোগিতা বৃদ্ধি, উত্তম পদ্ধতিৰ বিনিময় আৰু সৰ্বাংগীনভাৱে ইয়াৰ পৰিসৰক স্বীকৃতি জনাইছো। যিয়ে ব্ৰিকছ দেশসমূহৰ এমএছএমই-সমূহৰ মাজত বিকাশ আৰু দ্বিতীয় ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মঞ্চ আহ্বান কৰাত সহায় কৰে। এই সন্দৰ্ভত আমি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ কৰ্মগোটত সহযোগিতাৰ কাঠামোক আদৰণি জনাইছো।
72. ইউনিড’ৰ (UNIDO) সহযোগত স্থাপিত ব্ৰিকছ চেন্টাৰ ফৰ ইণ্ডাষ্ট্ৰিয়েল কম্পিটেন্সিজৰ কাৰ্যকৰীকৰণ আৰু ব্ৰিকছ দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগকে ধৰি উৎপাদন কোম্পানীসমূহক উদ্যোগ ৪.০ আৰু উন্নত ডিজিটেল উৎপাদন প্ৰযুক্তি গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ আমি শলাগ লৈছো। আমি মন কৰিবলগীয়া যে এই মঞ্চই উপযুক্তভাৱে আৰু প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ অনুসৰি কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি উদীয়মান প্ৰযুক্তিৰ জৰিয়তে নতুন ঔদ্যোগীকৰণৰ ওপৰত লক্ষ্য নিৰ্ধাৰণ কৰি বিনিময়ৰ সুবিধা প্ৰদান কৰে। চীন চেন্টাৰ ফৰ ব্ৰিকছ ইণ্ডাষ্ট্ৰিয়েল কম্পিটেন্সে (CCBIC) ব্ৰিকছ ঔদ্যোগিক সহযোগিতাৰ ওপৰত এখন কম্পেডিয়াম প্ৰকাশৰ পদক্ষেপক আমি লক্ষ্য কৰিছো আৰু ইণ্ডিয়া চেন্টাৰ ফৰ ব্ৰিকছ ইণ্ডাষ্ট্ৰিয়েল কম্পিটেন্সিজ (ICBIC) প্ৰতিষ্ঠাক আদৰণি জনাইছো। আমি বিচিআইচি-ক সকলো ব্ৰিকছ দেশৰ সৈতে নিজৰ সংযোগ শক্তিশালী কৰিবলৈ উৎসাহিত কৰোঁ।
73. আমি বহনক্ষম অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ মূল চালিকা শক্তি হিচাপে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনত (STI) সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰোঁ আৰু এই ক্ষেত্ৰত ১৪ টা বিষয়ভিত্তিক ব্ৰিকছ এছটিআই কৰ্মগোট আৰু ব্ৰিকছ এছটিআই পৰিচালনা সমিতিৰ কামৰ প্ৰশংসা কৰোঁ। আমি বহনক্ষম উন্নয়ন, নতুন গুণগত উৎপাদনশীল শক্তিৰ বিকাশ, অধিক স্থিতিস্থাপক আৰু উচ্চমানৰ বৃদ্ধি, সামাজিক অন্তৰ্ভুক্ততা আৰু সমগ্ৰ ব্ৰিকছ দেশসমূহৰ জনসাধাৰণৰ কল্যাণ আৰু জীৱনৰ মান উন্নত কৰাৰ বাবে অনুঘটক হিচাপে উদ্ভাৱন আৰু প্ৰযুক্তিক প্ৰসাৰিত কৰাৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিছো। আমি আমাৰ এছটিআই মন্ত্ৰীসকলৰ চেন্নাই সহমত যৌথ ঘোষণাক আদৰণি জনাইছো আৰু তথ্য সুৰক্ষা, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ আৰু প্ৰাসংগিক ৰাষ্ট্ৰীয় নীতিসমূহক সন্মান জনাই ব্ৰিকছ দেশসমূহৰ মাজত স্বেচ্ছামূলক ভিত্তিত আৰু ৰাষ্ট্ৰীয় আইন-কানুন অনুসৰি জ্ঞান সংৰক্ষণ আৰু বিনিময়ৰ বাবে এক গাঁথনিগত মঞ্চ হিচাপে কল্পনা কৰা ব্ৰিকছ বিজ্ঞান আৰু গৱেষণা ৰিপ’জিটৰীক স্বীকৃতি দিছো। কোৱান্টাম প্ৰযুক্তিৰ দৰে উদীয়মান ক্ষেত্ৰসমূহতো আমি সহযোগিতাৰ শলাগ লৈছো। গৱেষণা আন্তঃগাঁথনি আৰু মেগাছায়েন্স প্ৰকল্পৰ কাৰ্য্য পৰিকল্পনা গ্ৰহণ কৰা আৰু ব্ৰিকছৰ গ্ল’বেল ৰিচাৰ্চ এডভান্সড ইনফ্ৰাষ্ট্ৰাকচাৰ নেটৱৰ্ক (GRAIN) কেন্দ্ৰ আৰু যৌথ সমন্বয় সমিতি গঠনৰ প্ৰস্তাৱক আমি আদৰণি জনাইছো।
74. আমি স্বীকাৰ কৰোঁ যে ব্ৰিকছ দেশসমূহৰ বাবে চাবমেৰিন কেবল আন্তঃগাঁথনি আন্তঃৰাষ্ট্ৰীয় ডিজিটেল সংযোগ আৰু নেটৱৰ্ক স্থিতিস্থাপকতাৰ বাবে এক গুৰুত্বপূৰ্ণ ভেটি। ২০২৫-ৰ ৰিঅ’ ডি জেনেৰিঅ’ ঘোষণাৰ পিছত, “ব্ৰিকছ কেবলৰ প্ৰয়োজনীয়তাঃ নিৰ্দেশনামূলক চমু নীতি” নথিখনৰ সামৰণি পৰা এটা সমৰ্পিত টাস্ক ফ’ৰ্চৰ সমন্বয়ক আমি শলাগ লৈছো, যিয়ে ব্ৰিকছ দেশসমূহৰ মাজত চাবমেৰিন কেবলৰ জৰিয়তে দ্ৰুতগতিত যোগাযোগ নেটৱৰ্ক স্থাপনৰ বাবে “কাৰিকৰী আৰু অৰ্থনৈতিক সম্ভাৱনীয়তা অধ্যয়ন” গ্ৰহণ কৰাৰ আলোচনাক আদৰণি জনাইছিল। এই সন্দৰ্ভত আমি ৰাষ্ট্ৰীয় পৰিস্থিতি আৰু অগ্ৰাধিকাৰ অনুসৰি ব্ৰিকছ দেশসমূহৰ মাজত স্বেচ্ছামূলকভাৱে আলোচনা আৰু সহযোগিতা অব্যাহত ৰখাক সমৰ্থন কৰোঁ। আমি ব্ৰিকছ এছটিআই পৰিচালনা সমিতিক টাস্ক ফ’ৰ্চৰ ভিতৰত এই আলোচনা অব্যাহত ৰাখিবলৈ আৰু অধিক উৎসাহিত কৰিছো আৰু ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ আৰু নিয়মসমূহক সন্মান জনাই সম্ভাৱনীয়তা অধ্যয়নৰ বাবে পৰৱৰ্তী পদক্ষেপসমূহৰ প্ৰস্তাৱ আগবঢ়াইছো আৰু ব্ৰিকছ আইচিটি ট্ৰেক আৰু এছটিআই ট্ৰেকৰ মাজত বৰ্ধিত সমন্বয়ৰ বাবে আগ্ৰহী আৰু অধিক অগ্ৰগতিৰ বাবে কামৰ ডুপ্লিকেচন ৰোধ কৰিবলৈ আগ্ৰহী হৈ উঠিছো।
75. আমি ব্ৰিকছ এছটিআই ফ্ৰেমৱৰ্ক প্ৰগ্ৰেমৰ দহ বছৰীয়া মাইলৰ খুঁটি উদযাপন কৰিছো, যিয়ে যৌথ বৈজ্ঞানিক গৱেষণাৰ বাবে পুঁজিৰ মূল ব্যৱস্থা হিচাপে কাম কৰে। এই উপলক্ষে ২০২৬-ৰ অক্টোবৰত ৰাছিয়াত অনুষ্ঠিত হোৱা সমৰ্পিত অনুষ্ঠানটো আমি লক্ষ্য কৰিছোঁ। আমি প্ৰথম উদ্ভাৱন আহ্বান, পাইলট ফ্লেগশ্বিপ কল, লগতে গৱেষণা প্ৰকল্পৰ বাবে ৭ম নিয়মীয়া আহ্বানৰ আৰম্ভণিকো আদৰণি জনাইছো আৰু ইয়াৰ ফলাফলৰ বাবে আগ্ৰহী হৈ উঠিছো।
76. উদ্ভাৱনক আগুৱাই নিয়াত যুৱক-যুৱতীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দি আৰু আমাৰ সামূহিক সমৃদ্ধি, অৰ্থনৈতিক বৃদ্ধি আৰু ভৱিষ্যতৰ প্ৰতিযোগিতামূলক ক্ষমতাত অৰিহণা যোগোৱাত আমি ব্ৰিকছৰ সদস্য দেশ সমূহক যুৱ বিজ্ঞানী মঞ্চ আৰু যুৱ উদ্ভাৱক বঁটাকে ধৰি প্ৰতিষ্ঠিত ব্যৱস্থাৰ জৰিয়তে যুৱ গৱেষক আৰু ষ্টাৰ্টআপৰ নিয়োজিততাক প্ৰসাৰিত কৰিবলৈ উৎসাহিত কৰোঁ। ব্ৰিকছৰ যুৱ বিজ্ঞানী আৰু যুৱ উদ্ভাৱকৰ প্ৰাক্তন সকলৰ মাজত নিয়োজিততা আৰু নেটৱৰ্কিং সক্ষম কৰিবলৈ আৰু তেওঁলোকৰ মাজত আলোচনা, নেটৱৰ্কিং আৰু স্বেচ্ছামূলক আদান-প্ৰদানৰ সুবিধাৰ বাবে ব্ৰিকছ যুৱ ষ্টাৰ্টআপৰ বাবে প্ৰস্তাৱিত ভাৰ্চুৱেল প্লেটফৰ্মকে ধৰি উদ্ভাৱন বাতাবৰণক শক্তিশালী কৰা আৰু বহনক্ষম আৰু অন্তৰ্ভুক্ত বৃদ্ধিৰ প্ৰসাৰৰ লক্ষ্যৰে লোৱা পদক্ষেপসমূহকো আমি স্বীকাৰ কৰোঁ।
77. আমি স্বীকাৰ কৰোঁ যে ডিজিটেল আৰু আইচিটি বাতাবৰণ অৰ্থনৈতিক উন্নয়ন, সামাজিক অন্তৰ্ভুক্তি, উন্নত সেৱা-প্ৰদান, বহনক্ষম বৃদ্ধি, স্থিতিস্থাপকতা আৰু উদ্ভাৱনৰ বাবে এক গুৰুত্বপূৰ্ণ ভেটি আৰু সাৰ্বভৌম আৰু আত্মনিৰ্ভৰ ডিজিটেল বাতাবৰণৰ দিশত ব্ৰিকছৰ সহযোগিতা গভীৰ কৰাত গুৰুত্ব আৰোপ কৰোঁ। এই সন্দৰ্ভত আমি ডিজিটেল বাতাবৰণক শক্তিশালী কৰাৰ বাবে আৰু পৰিসৰত সেৱা আগবঢ়াবলৈ আৰু সকলোৰে বাবে সামাজিক আৰু অৰ্থনৈতিক সুযোগ বৃদ্ধি কৰিবলৈ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ আৰু পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি স্থিতিস্থাপক, নিৰাপদ, সুৰক্ষিত, অন্তৰ্ভুক্ত আৰু আন্তঃকাৰ্য্যকৰী ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু ডিজিটেল ৰাজহুৱা সামগ্ৰীৰ পৰিৱৰ্তনশীল সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ। ব্ৰিকছ দেশসমূহৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি ৰিপ’জিটৰী আৰু ব্ৰিকছ দেশসমূহৰ বাবে ডিজিটেল ৰূপান্তৰৰ অৰ্থে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি সমাধানৰ পাইলট প্ৰকল্প আৰম্ভ কৰাৰ প্ৰস্তাৱক আমি লক্ষ্য কৰিছোঁ।
78. আমি স্বীকাৰ কৰোঁ যে ভৱিষ্যতৰ নেটৱৰ্ক গৱেষণা আৰু উন্নয়ন ব্ৰিকছ দেশসমূহৰ মাজত ডিজিটেল ৰূপান্তৰ আৰু সংযোগৰ প্ৰসাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ব্ৰিকছৰ সকলো সদস্যকে বিআইএফএন-ৰ বাবে এটা ৰাষ্ট্ৰীয় শাখা মনোনীত কৰিবলৈ উৎসাহিত কৰোঁ। এই সন্দৰ্ভত আমি প্ৰাসংগিক তথ্য পৰ্টেলৰ প্ৰস্তাৱকে ধৰি ব্ৰিকছ দেশসমূহৰ বাবে ডিজিটেল বাতাবৰণ সহযোগিতা নেটৱৰ্ক স্থাপনৰ প্ৰস্তাৱটো লক্ষ্য কৰিছোঁ।
79. আমি স্কেলেবল, প্ৰসংগ-প্ৰতিক্ৰিয়াশীল আৰু সহযোগিতামূলক পদ্ধতিৰ জৰিয়তে ডিজিটেল দক্ষতা, গৱেষণা সহযোগিতা আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিবলৈ উৎসাহিত কৰোঁ। এই সন্দৰ্ভত আমি ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহৰ বাবে সামৰ্থ্য বিকাশ কেন্দ্ৰৰ প্ৰস্তাৱক ভৱিষ্যতৰ বাবে সাজু কৰ্মশক্তি গঢ়ি তোলাৰ দিশত এক প্ৰশংসনীয় প্ৰচেষ্টা হিচাপে লক্ষ্য কৰিছোঁ। ব্ৰিকছ দেশসমূহৰ সৈতে নীতিগত অভিজ্ঞতাসমূহৰ আদান-প্ৰদান কৰাৰ বাবে সাৰ্বজনীন আৰু স্থিতিস্থাপক ডিজিটেল সংযোগৰ ওপৰত কম্পেডিয়াম প্ৰস্তুত কৰাৰ প্ৰচেষ্টাৰো আমি শলাগ লৈছো। ইয়াৰ উপৰিও আমি ডিজিটেল ব্ৰিকছ ফৰাম, ২০২৬ আহ্বান কৰা কাৰ্য্যক আদৰণি জনাইছো। ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ওপৰত ফকাচ গ্ৰুপৰ বৈঠক অনুষ্ঠিত হোৱাকো আমি লক্ষ্য কৰিছো।
80. আমি শিশুসকলৰ বাবে এক নিৰাপদ ডিজিটেল বাতাবৰণ নিশ্চিত কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতিত গুৰুত্ব দিওঁ, য’ত সক্ৰিয় ব্যৱস্থা, সজাগতা-বৃদ্ধি, প্ৰতিৰোধ, উত্তম পদ্ধতিৰ বিনিময়, সামৰ্থ্য-বিকাশ আৰু ইউজাৰ-কেন্দ্ৰিক সুৰক্ষা অন্তৰ্ভুক্ত হৈছে। আমি জ্যেষ্ঠ নাগৰিকসকলৰ বাবে, লগতে দুৰ্বল পৰিস্থিতিত থকা লোকসকলৰ বাবেও, যাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা প্ৰতিৰোধমূলক আৰু সজাগতা বৃদ্ধিৰ ব্যৱস্থাৰ প্ৰয়োজন, এক নিৰাপদ ডিজিটেল বাতাবৰণ নিশ্চিত কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰোঁ।
81. আমি স্বীকাৰ কৰোঁ যে কৃত্ৰিম বুদ্ধিমত্তাই সকলোৰে বাবে অৰ্থনৈতিক বৃদ্ধি আৰু বহনক্ষম উন্নয়নক উদ্দীপিত কৰাৰ অপৰিসীম সুযোগৰ সঞ্চাৰ কৰিছে। আমি আৰু মন কৰিবলগীয়া যে এআই সম্পদৰ সুলভতা বৃদ্ধিৰ লগতে ইয়াৰ সুৰক্ষা, নিৰাপত্তা, অন্তৰ্ভুক্ততা আৰু নিৰ্ভৰযোগ্যতা নিশ্চিত কৰাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, এআই ব্যৱস্থাৰ শক্তি দক্ষতাক প্ৰসাৰিত কৰাৰ বাবে, এআই বিজ্ঞান আৰু উদ্ভাৱনক লালন-পালন কৰা, বিশ্বাসযোগ্য এআই প্ৰযুক্তি বিকশিত কৰা, অৰ্থনৈতিক বিকাশ আৰু সামাজিক মংগলৰ বাবে এআই-ৰ উপযোগিতা গ্ৰহণ কৰা আৰু সকলো দেশৰ ন্যায়সংগত, ন্যায্য, সমতাপূৰ্ণ আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে সম্ভাৱ্য বিপদসমূহ হ্ৰাস কৰাৰ বাবে অপৰিহাৰ্য্য হ’ব। বিশেষকৈ গ্ল’বেল চাউথৰ ইয়াৰ গুৰুত্ব অপৰিসীম। ২০২৬-ৰ ফেব্ৰুৱাৰীত এআই ইম্পেক্ট সন্মিলন সফলভাৱে অনুষ্ঠিত হোৱাৰ বাবে আমি ভাৰতক অভিনন্দন জনাইছো আৰু স্বীকাৰ কৰিছো যে এই সন্মিলনে উমৈহতীয়া অগ্ৰাধিকাৰসমূহ আগুৱাই নিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক শক্তিশালী কৰাত অৰিহণা যোগাব। আমি চাংহাইত গ্ল’বেল এআই গভৰ্নেন্সৰ ওপৰত বিশ্ব এআই সন্মিলন আৰু উচ্চ পৰ্যায়ৰ বৈঠক আৰু ইয়াৰ অৱদানক স্বীকাৰ কৰিছো। এআই আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক ভালৰ বাবে আৰু সকলোৰে বাবে শক্তিশালী কৰাৰ দৃষ্টিকোণেৰে এয়া গুৰুত্বপূৰ্ণ। আমি কৃত্ৰিম বুদ্ধিমত্তাৰ বিশ্বব্যাপী শাসন সম্পৰ্কীয় ব্ৰিকছৰ নেতাসকলৰ বিবৃতি কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো।
82. বিশেষকৈ গ্ল’বেল চাউথৰ বাবে জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত বিপদসমূহকে ধৰি দুৰ্যোগৰ বিপদৰ ক্ৰমবৰ্ধমান জটিলতাক স্বীকাৰ কৰি আমি ৰাষ্ট্ৰীয় দুৰ্যোগৰ বিপদ হ্ৰাস ব্যৱস্থা আৰু দুৰ্যোগ সম্পৰ্কীয় ক্ষতি হ্ৰাস আৰু আন্তঃগাঁথনি, মানৱ জীৱন আৰু জীৱিকা সুৰক্ষিত কৰাৰ ক্ষমতা উন্নত কৰাৰ বাবে ব্ৰিকছৰ সহযোগিতাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো; পৰম্পৰাগত, থলুৱা, স্থানীয় জ্ঞান আৰু সম্প্ৰদায়ভিত্তিক পদ্ধতিসমূহৰ আদান-প্ৰদান কৰা, প্ৰস্তুতি আৰু আত্মনিৰ্ভৰতা নিশ্চিত কৰা; লগতে ৰাজহুৱা আৰু ব্যক্তিগত বিনিয়োগকে ধৰি পৰ্যাপ্ত, ভৱিষ্যদ্বাণীযোগ্য আৰু সুলভ বিত্তীয় সাহায্য সংগঠিত কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। এই প্ৰসংগত আমি দুৰ্যোগ ব্যৱস্থাপনা আগতীয়া সতৰ্কবাণী তথ্য সংহতিৰ বাবে ব্ৰিকছৰ নিৰ্দেশনা আৰু জলবায়ু-স্থিতিস্থাপক নগৰ আন্তঃগাঁথনিৰ বাবে ব্ৰিকছৰ স্বেচ্ছামূলক নীতিক আদৰণি জনাইছো।
83. আমি আঙুলিয়াই দিওঁ যে জলবায়ু আৰু দুৰ্যোগৰ বিপদৰ প্ৰতি আন্তঃগাঁথনি ব্যৱস্থাৰ স্থিতিস্থাপকতা শক্তিশালী কৰাটো বহনক্ষম উন্নয়ন সাধনৰ বাবে অতি প্ৰয়োজনীয়। এই সন্দৰ্ভত আমি কাৰিকৰী সহায়, জ্ঞান বিনিময়, সক্ষমকৰণ নীতি আৰু বিত্তীয় পদ্ধতিৰ জৰিয়তে আন্তঃগাঁথনি ব্যৱস্থাসমূহৰ মাজত স্থিতিস্থাপকতা একত্ৰিত কৰাত সদস্য আৰু অংশীদাৰ দেশসমূহক সহায় কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব হিচাপে ক’লিচন ফৰ ডিজেষ্টাৰ ৰেজিলিয়েন্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ (CDRI) ভূমিকাক স্বীকাৰ কৰিছো। আমি প্ৰমাণভিত্তিক নীতি নিৰ্ধাৰণৰে বদ্ধমূল বহনক্ষম স্থিতিস্থাপকতা গঢ়ি তোলাত বিনিয়োগ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰোঁ, প্ৰতিৰোধক অগ্ৰাধিকাৰ দিয়া আৰু আগতীয়াকৈ কৰা ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ। আমি প্ৰস্তুতি আৰু সঁহাৰিৰ ক্ষমতা শক্তিশালী কৰিবলৈ আগতীয়া সতৰ্কবাণী ব্যৱস্থা আৰু বিপদ-অৱগত পৰিকল্পনা বৃদ্ধিৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰোঁ।
84. আমি স্বীকাৰ কৰোঁ যে ব্ৰিকছৰ সদস্য দেশসমূহে বিশ্ব বাণিজ্য সংস্থাৰ নিয়মৰ সৈতে অসঙ্গতিপূৰ্ণ অযুক্তিকৰ একপক্ষীয় সুৰক্ষাবাদী ব্যৱস্থাৰ দ্বাৰা বিভিন্ন ধৰণে প্ৰভাৱিত হোৱা সমাজ আৰু সভ্যতাৰ এক বহল বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰে আৰু ব্ৰিকছে পাৰস্পৰিকভাৱে উপকাৰী বহনক্ষম উন্নয়নৰ বাবে ন্যায়সংগত আৰু ন্যায্য, সুস্থিৰ আৰু ভৱিষ্যদ্বাণীযোগ্য পৰিবেশৰ প্ৰসাৰত গুৰুত্ব দিব লাগে। আমি উন্নয়নশীল দেশসমূহৰ আধুনিকীকৰণৰ প্ৰচেষ্টাৰ বাবে প্ৰয়োজনীয়তাসমূহৰ প্ৰতি বিশেষ গুৰুত্ব দি অধিক স্থিতিস্থাপক, নিৰ্ভৰযোগ্য আৰু সুস্থিৰ যোগান শৃংখল সৃষ্টিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰোঁ। এই সন্দৰ্ভত আমি এই কথাত একমত যে ব্ৰিকছে প্ৰতিখন সদস্য দেশৰ নিজ নিজ আইন, বিধান আৰু নীতিৰ সৈতে সংগতি ৰাখি বাণিজ্য আৰু বিনিয়োগৰ পদক্ষেপক প্ৰসাৰিত কৰা, কাৰিকৰী সহযোগিতা, উৎপাদনশীল ক্ষমতাৰ প্ৰসাৰ আৰু প্ৰযুক্তি হস্তান্তৰৰ জৰিয়তে বিশ্ব উৎপাদন আৰু উৎপাদনৰ উচ্চ মূল্য সংযোজিত খণ্ডসমূহত উন্নয়নশীল দেশসমূহ আৰু উদীয়মান বজাৰসমূহৰ বহল আৰু অধিক ন্যায্য অংশগ্ৰহণৰ দিশত কাম কৰিব লাগে।
85. অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধিৰ চালিকা শক্তি হিচাপে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ (MSME) আন্তৰ্জাতিককৰণক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি আমি পুনৰ দৃঢ় কৰিছো। আমি স্বীকাৰ কৰোঁ যে সুলভ বিত্তীয় সাহায্যৰ সুবিধা এক প্ৰাথমিক বটলনেক আৰু গাঁথনিগত বাধা হৈয়েই আছে, যাৰ ফলত এমএছএমই-সমূহৰ বাণিজ্যত অংশগ্ৰহণ আৰু গ্ল’বেল ভেল্যু চেইনৰ (GVC) সৈতে একত্ৰীকৰণ সীমিত হৈ পৰিছে। আমি ৰপ্তানিমুখী এমএছএমই-ৰ বাবে ঋণ মূল্যায়ন কাঠামোৰ বাবে ব্ৰিকছৰ নিৰ্দেশক নীতিক আদৰণি জনাইছো যিয়ে তথ্যৰ বিষমতা হ্ৰাস কৰিবলৈ, বিপদ মূল্যায়ন উন্নত কৰিবলৈ আৰু অভাৱগ্ৰস্ত এমএছএমই-সমূহৰ বাবে আনুষ্ঠানিক বিত্তীয় সাহায্যৰ প্ৰৱেশ সম্প্ৰসাৰণ কৰিবলৈ বৈচিত্ৰ্যময় আৰু প্ৰাসংগিক তথ্যৰ উৎসসমূহৰ সহায় লয়। এমএছএমই-সমূহৰ বাবে বাণিজ্যিক বিত্তীয় সাহায্যৰ সহজ প্ৰৱেশৰ সুবিধাৰ বাবে ডিজিটেল আৰু প্লেটফৰ্ম ভিত্তিক বহু অংশীদাৰ সমাধানকে ধৰি উদ্ভাৱনীমূলক বিত্তীয় ব্যৱস্থাক প্ৰসাৰিত কৰাৰ গুৰুত্ব আমি অনুধাৱন কৰো। ব্ৰিকছৰ সদস্য দেশ সমূহৰ বাবে চালান ৰেহাইৰ ব্যৱস্থা স্থাপনৰ বিষয়ে অধ্যয়ন কৰিবলৈ জয়পুৰ ঐকমত্যক আমি আদৰণি জনাইছো, যাৰ লক্ষ্য হৈছে চালান ৰেহাইৰ সুবিধা প্ৰদান কৰা, এমএছএমই-সমূহক কাৰ্য্যকৰী মূলধন মুকলি কৰিবলৈ সক্ষম কৰা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত তেওঁলোকৰ অংশগ্ৰহণ শক্তিশালী কৰা।
86. গ্ল’বেল ভেল্যু চেইন (GVC) সমূহ স্থিতিস্থাপক, দক্ষ, ভৱিষ্যদ্বাণীযোগ্য, উৎপাদনশীল, স্বচ্ছ, সুৰক্ষিত, ন্যায্য, সুস্থিৰ আৰু অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত কৰিবলৈ আমি সহযোগিতাৰ গুৰুত্ব পুনৰবাৰ উল্লেখ কৰিছো। জিভিচি-সমূহক ডিজিটাইজেচনৰ দিশত কৰা প্ৰচেষ্টাক আমি আদৰণি জনাইছো। এই ক্ষেত্ৰত আমি বাণিজ্যিক সুবিধা, সামৰ্থ্য বিকাশ, জটিল আন্তঃগাঁথনি, ঔদ্যোগিক ক্ষমতা, বৰ্ধিত সংযোগ, বৌদ্ধিক সম্পত্তি সুৰক্ষা আৰু প্ৰযুক্তিৰ সুৰক্ষিত, নিৰাপদ আৰু সুলভ প্ৰৱেশৰ প্ৰসাৰ আৰু ত্বৰান্বিতকৰণৰ সুযোগ লাভ কৰিবলৈ কাৰিকৰী সহযোগিতাক উৎসাহিত কৰোঁ যাতে ঘৰুৱা অগ্ৰাধিকাৰ, ৰাষ্ট্ৰীয় আইন আৰু প্ৰত্যেক সদস্য দেশৰ আন্তঃৰাষ্ট্ৰীয় বাধ্যবাধকতাৰ সৈতে সামঞ্জস্যপূৰ্ণ বহনক্ষম বৃদ্ধিত অৰিহণা যোগায়। আমি ব্ৰিকছৰ ভিতৰৰ বাণিজ্য বৃদ্ধিৰ বাবে পাৰস্পৰিকভাৱে শক্তিশালী কৰা নীতিৰ সম্ভাৱনা অন্বেষণ কৰাৰ মনস্থ কৰিছো। আমি জিভিচি-সমূহৰ ওপৰত ব্ৰিকছৰ উমৈহতীয়া বুজাবুজিৰ কৰ্ম পৰিকল্পনা ৰূপায়ণক সমৰ্থন কৰোঁ আৰু ব্ৰিকছ জিভিচি কাৰ্য্য পৰিকল্পনা, ২০২৬-২০৩০ আৰু তাত উল্লেখ কৰা সকলো পদক্ষেপৰ অধিক বিকাশক আদৰণি জনাইছো। আমি এই কাৰ্য্য পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব দিওঁ যাতে ইএমডিচি-সমূহে মূল্য শৃংখলৰ ওপৰলৈ যোৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহেৰে বিশেষভাৱে মোকাবিলা কৰিব পাৰে।
87. ব্ৰিকছৰ সদস্য দেশ সমূহৰ বিশেষ অৰ্থনৈতিক মণ্ডলৰ (SEZ) সম্ভাৱনাৰ লগতে বাণিজ্য, বিনিয়োগ, ঔদ্যোগিক সহযোগিতা, উদ্ভাৱন, আৰু স্থিতিস্থাপক আৰু বহনক্ষম জিভিচি-সমূহৰ সৈতে সংহতিৰ বাবে প্ৰতিষ্ঠিত ব্যৱস্থাসমূহ ব্যৱহাৰ কৰাৰ ইচ্ছা আমি ব্যক্ত কৰোঁ। উদ্যোগসমূহক এক সক্ষমকাৰী ব্যৱসায়িক পৰিবেশ, দক্ষ আন্তঃগাঁথনি, সুশৃংখলিত নিয়ন্ত্ৰণ পদ্ধতি আৰু অন্যান্য সুবিধাজনক ব্যৱস্থা প্ৰদান কৰিব খুজিছো। আমি ব্ৰিকছৰ প্ৰতিখন সদস্য দেশৰ বিভিন্ন ক্ষমতাক বিবেচনা কৰি অধিক কাৰ্যক্ষম, স্বচ্ছ আৰু নিৰৱচ্ছিন্ন পৰিবেশত কাম কৰিবলৈ অংশীদাৰসকলৰ বাবে বাণিজ্যিক নথিপত্ৰৰ ডিজিটাইজেচনৰ লগতে সংযোগ আৰু বাণিজ্য সুবিধাৰ ক্ষেত্ৰত সহযোগিতা গঢ়ি তোলাৰ লক্ষ্য ৰাখিছো।
88. আমি কিম্বাৰ্লি প্ৰক্ৰিয়ালৈ একমাত্ৰ বিশ্বব্যাপী আন্তঃচৰকাৰী প্ৰমাণীকৰণ আঁচনি হিচাপে আমাৰ সমৰ্থন পুনৰ দৃঢ় কৰিছো, যিয়ে ‘ৰাফ’ হীৰাৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰে আৰু সংঘাতপূৰ্ণ হীৰা বজাৰত প্ৰৱেশ ৰোধ কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ। আমি ২০২৬-ত কিম্বাৰ্লি প্ৰক্ৰিয়াৰ ভাৰতৰ অধ্যক্ষ পদক আদৰণি জনাইছো। আফ্ৰিকান হীৰা খনন কৰা ৰাষ্ট্ৰসমূহৰ অংশগ্ৰহণেৰে আমি অনানুষ্ঠানিক ব্ৰিকছ সহযোগিতা মঞ্চক লক্ষ্য কৰিছো যাতে ‘ৰাফ’ হীৰাৰ মুক্ত বাণিজ্য আৰু বিশ্ব হীৰা উদ্যোগৰ বহনক্ষম উন্নয়ন নিশ্চিত কৰিব পৰা যায়। ব্ৰিকছৰ ভিতৰত আৰু বিশ্ব বজাৰত হীৰা আৰু বহুমূলীয়া ধাতুৰ বাণিজ্যক প্ৰসাৰিত কৰাৰ বাবে আমি কাৰ্য্যকৰী ব্যৱস্থাসমূহ পৰীক্ষা কৰি যাম।
89. আমি প্ৰাগমেটিক অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাৰ লগতে ব্ৰিকছৰ সদস্য দেশসমূহৰ মাজত ঘনিষ্ঠ অৰ্থনৈতিক অংশীদাৰিত্বক আগুৱাই নিয়াৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো। আমি স্বীকাৰ কৰোঁ যে ব্ৰিকছ অৰ্থনৈতিক অংশীদাৰিত্বৰ কৌশলে আমাৰ সহযোগিতাৰ পথ প্ৰদৰ্শক সামগ্ৰিক কাঠামো হিচাপে কাম কৰি আহিছে, সদস্য দেশসমূহৰ মালিকীস্বত্বৰ অধীনত খণ্ডগত কৌশল, কাৰ্যসূচী আৰু ৰোডমেপৰ অধিক বিকাশৰ ভিত্তি প্ৰদান কৰিছে। ২০২৫-ত ব্ৰাজিলৰ অধ্যক্ষতাৰ সময়ত ব্ৰিকছ অৰ্থনৈতিক অংশীদাৰিত্ব কৌশলৰ সমাপ্তিৰ দিশত হোৱা অগ্ৰগতিক স্বীকৃতি দি আমি ২০২৫-ত নেতাসকলে দিয়া আদেশ পূৰণৰ ক্ষেত্ৰত ২০২৬-ত ভাৰতক প্ৰশংসা কৰিছো, যিয়ে ব্ৰিকছ অৰ্থনৈতিক অংশীদাৰিত্ব কৌশল ২০৩০-ৰ অগ্ৰগতিক সফলতাৰে পৰিচালনা কৰিছে।
90. আমি ব্ৰিকছ পেমেন্ট টাস্ক ফ’ৰ্চৰ (BPTF) প্ৰচেষ্টাক স্বীকাৰ কৰিছো, ব্ৰিকছ ক্ৰছ-ব’ৰ্ডাৰ পেমেন্টছ ইনিচিয়েটিভৰ ওপৰত কাজান আৰু ৰিঅ’ ঘোষণাপত্ৰত আমাৰ দ্বাৰা প্ৰদান কৰা নিৰ্দেশনাৰ আধাৰত দক্ষ সীমা অতিক্ৰম কৰি পেমেন্ট ব্যৱস্থাৰ বাবে প্ৰাগমেটিক সমাধান অন্বেষণৰ দিশত আগবঢ়া হৈছে। এই সন্দৰ্ভত আমি পেমেন্ট আৰু মেছেজিং চেনেলৰ সীমা অতিক্ৰম কৰি আন্তঃকাৰ্য্যক্ষমতা অধ্যয়নৰ বাবে কৰা কাম আৰু ব্ৰিকছৰ স্থানীয় মুদ্ৰা ব্যৱহাৰ কৰি বাণিজ্যিক নিষ্পত্তি আৰু বিনিয়োগক প্ৰসাৰিত কৰাৰ আলোচনাক স্বীকাৰ কৰিছো, একে সময়তে ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰক সন্মান জনাইছো। আমি বিপিটিএফ-ক চলি থকা কামৰ আধাৰত আলোচনা অব্যাহত ৰাখিবলৈ উৎসাহিত কৰোঁ, যাতে ব্ৰিকছ দেশসমূহৰ মাজত সীমা অতিক্ৰম কৰি পেমেন্টৰ বাবে ব্যৱহাৰিক সমাধানৰ সুবিধা হয়, যি দ্ৰুত, কম খৰচী, অধিক সুলভ, কাৰ্য্যক্ষম, স্বচ্ছ আৰু নিৰাপদ।
91. ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (PPP) আৰু আন্তঃগাঁথনিৰ ওপৰত টাস্ক ফ’ৰ্চৰ কামক আমি আদৰণি জনাইছো। আমি পিপিপি মডেল আৰু মডালিটি আৰু ডি-ৰিস্কিং ব্যৱস্থাৰ ওপৰত টাস্ক ফ’ৰ্চৰ কাৰিকৰী প্ৰতিবেদনক আদৰণি জনাইছো, যিয়ে সদস্য দেশসমূহৰ বাবে তেওঁলোকৰ পিপিপি বাতাবৰণক শক্তিশালী আৰু বিপদাশংকা আবন্টনৰ কাঠামো উন্নত কৰাৰ ক্ষেত্ৰত এক মূল্যৱান জ্ঞান সম্পদ হিচাপে কাম কৰিব।
92. সদস্য দেশসমূহৰ মাজত বাণিজ্যক সমৰ্থনৰ অৰ্থে অধিক আত্মনিৰ্ভৰ ব্ৰিকছ বীমা বাতাবৰণ গঢ়ি তুলিবলৈ ব্ৰিকছৰ সামূহিক সম্ভাৱনাক ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তাক আমি স্বীকাৰ কৰোঁ আৰু পুনৰবীমা ক্ষমতা বৃদ্ধিৰ ওপৰত অধিক আলোচনাৰ পোষকতা কৰো। পূৰ্বৰ অধ্যক্ষৰ কামৰ ওপৰত নিৰ্ভৰ কৰি আমি আগ্ৰহী সদস্যসকলৰ মাজত সাধাৰণ বিপদৰ আৰ্হি বিকশিত, উত্তম পদ্ধতিৰ বিনিময় আৰু বিশেষজ্ঞ সামৰ্থ্য গঢ়ি তোলাৰ বাবে স্বেচ্ছামূলক উমৈহতীয়া সামৰ্থ্য মঞ্চ হিচাপে ব্ৰিকছ বীমা স্থিতিস্থাপকতা কেন্দ্ৰৰ (BIRC) ধাৰণাটো অন্বেষণ কৰাৰ ওপৰত অব্যাহত থকা আলোচনাক আদৰণি জনাইছো। এই সন্দৰ্ভত সদস্য দেশসমূহে গুজৰাটৰ গিফ্ট চিটি আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰত (IFSC) আগ্ৰহী সদস্য দেশসমূহৰ অংশগ্ৰহণৰ বাবে মুকলি ব্ৰিকছ ৰিস্ক লেব আয়োজন কৰাৰ ভাৰতৰ প্ৰস্তাৱৰ ওপৰত আলোচনা আগবঢ়াই নিবলৈ আগ্ৰহ প্ৰকাশ কৰে। আমি ব্ৰিকছৰ সদস্যসকলৰ (পুনৰ)বীমা ক্ষমতা বৃদ্ধি সন্দৰ্ভত অধিক আলোচনাৰ বাবে আগ্ৰহী, প্ৰাসংগিক অংশীদাৰসকলৰ স্বেচ্ছামূলক অংশগ্ৰহণেৰে, য’ত নিয়ন্ত্ৰক, আৰু ব্ৰিকছ দেশৰ পুনৰবীমা কোম্পানীসমূহ অন্তৰ্ভুক্ত কৰা হ’ব।
93. আমি নতুন বিনিয়োগ মঞ্চৰ (NIP) ওপৰত কাৰিকৰী পৰ্যায়ৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আৰু ব্ৰাজিলৰ অধ্যক্ষতাৰ অধীনত চূড়ান্ত কৰা নিৰ্দেশনাসমূহৰ ওপৰত অগ্ৰগতি সাধন কৰিবলৈ আমাৰ উৎসাহ পুনৰবাৰ প্ৰকাশ কৰিছো। এনআইপি সন্দৰ্ভত আলোচনা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভাৰতীয় অধ্যক্ষতাৰ অধীনত লাভ কৰা অগ্ৰগতিকো আমি আদৰণি জনাইছো। কাৰিকৰী আলোচনা আৰু জ্ঞান-বিনিময়ৰ মঞ্চ হিচাপে ব্ৰিকছ বিত্তীয় ট্ৰেকৰ অধীনত এটা সমৰ্পিত অধ্যয়ন গোট স্থাপনৰ ওপৰত সদস্যসকলৰ মাজত অনুষ্ঠিত গঠনমূলক কাৰিকৰী আলোচনা আমি লক্ষ্য কৰিছোঁ। ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব, বৈচিত্ৰ্যময় নিয়ন্ত্ৰণ কাঠামো আৰু বৰ্তমানৰ প্ৰতিষ্ঠানিক আদেশক সন্মান জনাই, সহমতভিত্তিক, পৰ্যায়ক্ৰমে আৰু সদস্য-চালিত পদ্ধতিৰ ওপৰত কাম অব্যাহত ৰখাৰ বাবে সদস্য দেশসমূহে প্ৰকাশ কৰা ব্যাপক সমৰ্থনক আমি স্বীকাৰ কৰোঁ। আমি অধ্যয়ন গোটৰ টাৰ্মছ অৱ ৰেফাৰেন্সৰ অধিক পৰিশোধনকে ধৰি কাৰিকৰী নিয়োজিততা অব্যাহত ৰাখিবলৈ উৎসাহিত কৰোঁ, যাতে কাৰ্য্যকৰী পদ্ধতি আৰু প্ৰাসংগিক ব্ৰিকছ প্ৰতিষ্ঠানসমূহৰ ভূমিকা সম্পৰ্কে পাৰস্পৰিক বুজাবুজিক আগবঢ়াই নিব পাৰে।
94. বসতি আৰু ডিপ’জিটেৰী আন্তঃগাঁথনিৰ ওপৰত আলোচনাৰ বাবে সম্ভাৱ্য উপযুক্ত ফৰ্মেটসমূহ অন্বেষণ কৰিবলৈ আমাৰ উৎসাহ পুনৰবাৰ উল্লেখ কৰি, আমি সদস্যসকলৰ মাজত বসতি আৰু ডিপ’জিটেৰী ব্যৱস্থাৰ বৈচিত্ৰ্যপূৰ্ণ আইনী, প্ৰতিষ্ঠানিক, নিয়ন্ত্ৰণমূলক আৰু কাৰিকৰী মাত্ৰাসমূহ অন্বেষণ কৰা কাৰিকৰী কৰ্মশালাৰ বিষয়ে লক্ষ্য কৰিছো, যিয়ে ব্ৰিকছৰ অধিকাৰক্ষেত্ৰসমূহৰ মাজত বুজাবুজি গভীৰ কৰিব আৰু জ্ঞান, অভিজ্ঞতা আৰু কাৰিকৰী আলোচনা আৰু কাৰিকৰী আলোচনাৰ অব্যাহত স্বেচ্ছামূলক বিনিময়ৰ বাবে এক ভিত্তি প্ৰদান কৰিব।
95. চাইবাৰ সুৰক্ষাৰ উন্নয়ন আৰু ধাৰা, কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু বিত্তীয় খণ্ডৰ বাবে কোৱান্টাম কম্পিউটিঙৰ দৰে উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰসমূহৰ অভিজ্ঞতাসমূহক আমি আদৰণি জনাইছো। নতুন প্ৰযুক্তিৰ দ্বাৰা সৃষ্টি হোৱা সুযোগ আৰু বিপদৰ মূল্যায়নৰ বাবে ইএমডিই-কেন্দ্ৰিক পদ্ধতি গ্ৰহণ কৰাত ব্ৰিকছ ৰেপিড ইনফৰ্মেচন ছিকিউৰিটি চেনেল (BRISC) আৰু ব্ৰিকছ ফিনটেক ৱৰ্কিং গ্ৰুপৰ অধীনত কৰা কামক আমি স্বীকাৰ কৰোঁ। আমি ব্ৰিকছৰ চাইবাৰ অনুশীলন বছৰি অনুষ্ঠিত কৰাৰ গুৰুত্বক স্বীকাৰ কৰোঁ, যিয়ে বিত্তীয় খণ্ডত চাইবাৰ স্থিতিস্থাপকতা শক্তিশালী কৰাৰ ক্ষেত্ৰত সামূহিক আৰু সমন্বিত পন্থা, পাৰস্পৰিক শিক্ষণ আৰু ব্যৱহাৰিক সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। কেন্দ্ৰীয় বেংকিঙৰ উদীয়মান ক্ষেত্ৰসমূহত বিশেষজ্ঞতা গঢ়ি তোলাৰ লক্ষ্যৰে সামৰ্থ্য বিকাশৰ বাবে ব্ৰিকছ কেন্দ্ৰীয় বেংক হাবক আমি আদৰণি জনাইছো।
96. আমি দেশজুৰি জলবায়ু পৰিৱৰ্তনে জাপি দিয়া অসমতাপূৰ্ণ বোজাক স্বীকাৰ কৰোঁ, জলবায়ু সম্পৰ্কীয় বিপদ আৰু দুৰ্বলতাসমূহেৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত ইএমডিই-সমূহে বিশেষ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, লগতে বিশেষকৈ অভিযোজন ব্যৱস্থাৰ বাবে পুঁজিৰ প্ৰয়োজনীয়তাৰ যথেষ্ট ব্যৱধান পৰিলক্ষিত হৈছে। এনে প্ৰেক্ষাপটত আমি “অনুকূলনকে ধৰি বহনক্ষম আৰু সেউজ বিত্তীয় সাহায্যক অনুকূল কৰাৰ দিশত কেন্দ্ৰীয় বেংকৰ ভূমিকা”ৰ প্ৰতিবেদনক আদৰণি জনাইছো, যিয়ে কেন্দ্ৰীয় বেংকৰ ব্যৱস্থা আৰু বহনক্ষম বিত্তীয় ধাৰাসমূহ পৰীক্ষা কৰে, য’ত বিশ্বজুৰি লগতে ব্ৰিকছ দেশসমূহৰ ভিতৰত জলবায়ু বিত্ত প্ৰকল্পসমূহক অধিক বেংকযোগ্য কৰি তোলাৰ সম্ভাৱনা অন্বেষণ কৰাৰ প্ৰচেষ্টাও অন্তৰ্ভুক্ত।
97. চিআৰএ-ৰ কাৰ্য্যকৰী স্থিতিস্থাপকতা বৃদ্ধি আৰু সংকটৰ সময়ত ইয়াক অধিক সঁহাৰি জনোৱাৰ দিশত ব্ৰিকছৰ আকস্মিক সংৰক্ষিত ব্যৱস্থা (CRA) কাৰিকৰী দলৰ প্ৰচেষ্টাক আমি স্বীকাৰ কৰোঁ। চিআৰএ চুক্তিৰ সংশোধনে চিআৰএ-ক ব্ৰিকছৰ বিত্তীয় সুৰক্ষাৰ কৱচ হিচাপে অধিক নমনীয়তা আৰু সঁহাৰিৰ সৈতে কাম কৰাত সহায় কৰিব। আমি নৱম চিআৰএ টেষ্ট ৰান সময়মতে সম্পূৰ্ণ হোৱাৰ বাবে আগ্ৰহী আৰু “ব্ৰিকছৰ বাবে বিশ্বব্যাপী অৰ্থনৈতিক অনিশ্চয়তা আৰু প্ৰভাৱ” শীৰ্ষক ব্ৰিকছ অৰ্থনৈতিক বুলেটিনৰ সপ্তম সংস্কৰণ মুকলি কৰাৰ বাবে আগ্ৰহী। আমি চিআৰএ-ত যোগদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰা নতুন ব্ৰিকছৰ সদস্য দেশসমূহৰ অংশগ্ৰহণক স্বীকাৰ কৰিছো আৰু আমি স্বেচ্ছামূলক ভিত্তিত আৰু দেশ নিৰ্দিষ্ট পৰিস্থিতি অনুসৰি অনবৰ্ড কৰাৰ আলোচনা সময়মতে সম্পূৰ্ণ কৰাৰ বাবে আগ্ৰহী।
98. আমি এক ন্যায্য, অন্তৰ্ভুক্ত, সুস্থিৰ আৰু দক্ষ আন্তঃৰাষ্ট্ৰীয় কৰ ব্যৱস্থাৰ প্ৰতি আৰু বিকশিত আন্তঃৰাষ্ট্ৰীয় কৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ব্ৰিকছৰ সদস্য দেশসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো। আমি আৰু অধিক দৃঢ়তাৰে জনাইছো যে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ জৰিয়তে ব্ৰিকছ কৰ সহযোগিতাক শক্তিশালী কৰাৰ লগতে জ্ঞান বিনিময় আৰু সামৰ্থ্য বিকাশ, আন্তঃৰাষ্ট্ৰীয় কৰ সহযোগিতাৰ কাঠামো চুক্তি আৰু ইয়াৰ প্ৰট’কলৰ দৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত গঠনমূলক নিয়োজিততাক প্ৰসাৰিত কৰিছো। আন্তঃৰাষ্ট্ৰীয় কৰ আৰু হস্তান্তৰ মূল্য নিৰ্ধাৰণ আৰু ৰাজহ পৰিসংখ্যাৰ ওপৰত কৰ্মগোট গঠনকে ধৰি ব্ৰিকছ কৰ কৰ্তৃপক্ষৰ মাজত প্ৰতিষ্ঠানিক সহযোগিতা গভীৰ কৰাৰ বাবে ভাৰতৰ অধ্যক্ষতা কালত গ্ৰহণ কৰা পদক্ষেপক আমি আদৰণি জনাইছো। আমি যুৱ কৰ পেছাদাৰীসকলৰ বাবে ব্যক্তিগতভাৱে সামৰ্থ্য বিকাশ কাৰ্যসূচী আৰু ব্ৰিকছ মহিলা কৰ নেটৱৰ্কৰ অগ্ৰগতিক আদৰণি জনাইছো। ব্ৰিকছ কৰ সহায়ক নেটৱৰ্ক স্থাপন আৰু ব্ৰিকছ কৰ ক্ৰছ-লাৰ্নিং লেবৰ আৰম্ভণিৰ লগতে ব্ৰিকছ কৰ সহযোগিতা সঁজুলিৰ অধিক বিকাশৰ পদক্ষেপক আদৰণি জনাই বৰ্তমান আৰু নতুন ব্যৱস্থাৰ জৰিয়তে উদ্ভাৱন আৰু জ্ঞান বিনিময়ক প্ৰসাৰিত কৰা কাৰ্য্যৰ আমি অধিক শলাগ লৈছো।
99. ২০১২-ত আৰম্ভ হোৱাৰ পৰাই ব্ৰিকছ দেশসমূহৰ মাজত শুল্ক সহযোগিতা গভীৰ হোৱাটো আমি স্বীকাৰ কৰোঁ। শুল্ক বিষয়ত সহযোগিতা আৰু পাৰস্পৰিক প্ৰশাসনিক সহায়ৰ ওপৰত ব্ৰিকছ চুক্তিৰ আধাৰত লাভ কৰা অভিসৰণ, ইয়াৰ স্বাক্ষৰ কাৰ্য্যক আগবঢ়াই নিবলৈ সাজু সদস্য দেশসমূহৰ ইচ্ছাক আমি আদৰণি জনাইছো। ৰাষ্ট্ৰীয় কাঠামো আৰু অগ্ৰাধিকাৰসমূহৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিকছ এইঅ’ কাৰ্য্য পৰিকল্পনা, ২০২৬-ৰ স্বেচ্ছামূলক ৰূপায়ণ, তথ্য বিনিময়, সামৰ্থ্য বিকাশ, উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদান আৰু পাৰস্পৰিক স্বীকৃতিৰ জৰিয়তে অনুমোদিত অৰ্থনৈতিক পৰিচালক (AEO) কাৰ্যসূচীসমূহৰ ওপৰত সহযোগিতা শক্তিশালী কৰি ৰখাৰ প্ৰচেষ্টাক আমি স্বীকাৰ কৰোঁ; ব্ৰিকছৰ যৌথ শুল্ক বলবৎকাৰী অভিযান চলোৱাৰ দিশত কাম কৰা, য'ত প্ৰয়োজন হয়, ব্ৰিকছৰ সদস্য দেশসমূহৰ সৈতে আলোচনা কৰি, নিজ নিজ ব্ৰিকছৰ অধ্যক্ষৰ সমন্বয়ত, পাৰস্পৰিকভাৱে চিনাক্ত কৰা সীমা অতিক্ৰম কৰা চোৰাংচোৱাৰ ধাৰা, উমৈহতীয়া অগ্ৰাধিকাৰ আৰু কাৰ্য্যকৰী সম্ভাৱনীয়তাৰ ওপৰত ভিত্তি কৰি আৰু কাৰ্য্যকৰী সমন্বয় উন্নত কৰাৰ বাবে আৰু পাৰস্পৰিকভাৱে চিনাক্ত কৰা আৰু উদীয়মান শুল্ক ভাবুকিসমূহৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰথম যৌথ শুল্ক বলবৎকাৰী অভিযানৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ পোষকতা কৰা হৈছে।
100. ব্ৰিকছ আৰু অন্যান্য ইএমডিই-ৰ প্ৰাসংগিক উমৈহতীয়া বৃদ্ধি আৰু উন্নয়নৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ এক সমৰ্পিত মঞ্চ হিচাপে বৃদ্ধি আৰু উন্নয়নৰ ওপৰত ব্ৰিকছ টাস্ক ফ’ৰ্চ গঠনৰ বাবে ভাৰতীয় অধ্যক্ষৰ পদক্ষেপক আমি আদৰণি জনাইছো। আমি টাস্ক ফ’ৰ্চক এনে এক মঞ্চ হিচাপে স্বীকৃতি দিওঁ যিয়ে ব্ৰিকছ দেশসমূহক নিজৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপট আৰু উন্নয়নৰ অগ্ৰাধিকাৰৰ সৈতে খাপ খোৱা বৃদ্ধিৰ আৰ্হিৰ বিষয়ে আলোচনা কৰিবলৈ এক স্থান প্ৰদান কৰে। স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ স্তম্ভসমূহ সামৰি লোৱা টাস্ক ফ’ৰ্চৰ দুটা কৰ্মসুঁতিৰ অধীনত কৰা কামক আমি লক্ষ্য কৰিছোঁ। আমি টাস্ক ফ’ৰ্চৰ অধ্যক্ষৰ সাৰাংশ আৰু কাৰিকৰী টোকাসমূহক আদৰণি জনাইছো যিয়ে উন্নয়ন বিত্ত স্থাপত্য সংস্কাৰৰ কাৰ্যসূচীত অভিসৰণৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰে, ডিজিটেল ৰূপান্তৰ, এআই আৰু গাঁথনিগত সংস্কাৰৰ সামষ্টিক অৰ্থনৈতিক আৰু বিত্তীয় প্ৰভাৱৰ বিষয়ে উমৈহতীয়া বুজাবুজিৰ সুবিধা প্ৰদান কৰে আৰু প্ৰাসংগিক বহুপক্ষীয় মঞ্চত ব্ৰিকছৰ সদস্য দেশসমূহৰ অংশগ্ৰহণ কামনা কৰে। আমি ইউএনএফচিচিচি আৰু ইয়াৰ পেৰিছ চুক্তিৰ নীতিসমূহৰ ওপৰত ভিত্তি কৰি জলবায়ু বিত্তৰ ওপৰত উমৈহতীয়া দৃষ্টিভংগী প্ৰতিফলিত কৰা আলোচনাৰ টোকাক স্বীকাৰ কৰিছো। আমি বিত্ত মন্ত্ৰালয় আৰু কেন্দ্ৰীয় বেংকৰ কৰ্মধাৰাৰ সৈতে সংগতি ৰাখি টাস্ক ফ’ৰ্চৰ কাম অব্যাহত ৰাখিবলৈ উৎসাহিত কৰোঁ। আমি বহনক্ষম উন্নয়নৰ বাবে জীৱনশৈলীৰ বাবে বিত্তীয় ব্যৱস্থাৰ সংক্ষিপ্তকৰণ আৰু জলবায়ু সম্পৰ্কীয় দুৰ্বলতাৰ পৰ্যালোচনাৰ কথাও লক্ষ্য কৰোঁ যিয়ে বহনক্ষম উন্নয়নৰ বাবে বিত্তীয় সংগঠিত কৰাৰ ক্ষেত্ৰত ব্ৰিকছ দেশসমূহৰ পদ্ধতিসমূহৰ ওপৰত আলোকপাত কৰে। আমি কৃত্ৰিম বুদ্ধিমত্তা আৰু সেউজ অৰ্থনীতিৰ ওপৰত আলোচনা পত্ৰকো আদৰণি জনাইছো, যিয়ে বহনক্ষম বৃদ্ধিৰ বাবে এআই-ৰ উপযোগিতা গ্ৰহণ কৰাৰ সুযোগসমূহৰ ওপৰত আলোকপাত কৰে।
101. বয়স বৃদ্ধি আৰু বৃহৎ অনানুষ্ঠানিক কৰ্মশক্তিৰ প্ৰত্যাহ্বানসমূহ স্বীকাৰ কৰি আমি পেঞ্চন নিয়ন্ত্ৰক আৰু তত্বাৱধায়কৰ ব্ৰিকছ মঞ্চত ভাৰতৰ অধ্যক্ষতাৰ সময়ত অনুষ্ঠিত কৰ্মশালাসমূহক আদৰণি জনাইছো, পেঞ্চন নিয়ন্ত্ৰণ আৰু অৱসৰৰ আয়ৰ সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিবলৈ ই পোষকতা কৰে।
102. ২০২৫-ত ৰিঅ’ ঘোষণাপত্ৰত প্ৰদান কৰা নিৰ্দেশনাৰ সৈতে সংগতি ৰাখি ব্ৰিকছ বহুপক্ষীয় নিশ্চয়তা (BMG) পদক্ষেপক আগুৱাই নিয়াত হোৱা অগ্ৰগতি আমি আদৰণি জনাইছো।ব্যক্তিগত মূলধন সংগঠিত, ঋণযোগ্যতা উন্নত কৰা আৰু ব্ৰিকছ আৰু গ্ল’বেল চাউথৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে বিত্তীয় ব্যয় হ্ৰাস কৰাৰ বাবে এই পদক্ষেপৰ সম্ভাৱনাক আমি স্বীকাৰ কৰিছো। আমি কাৰিকৰী কাম অব্যাহত ৰখা আৰু পাইলট লেনদেনৰ বিকাশক উৎসাহিত কৰোঁ।
103. নীতি গৱেষণা আৰু বৌদ্ধিক সম্পদৰ আদান-প্ৰদানত ইয়াৰ ভূমিকাক স্বীকৃতি দি আমি ভাৰতৰ অধ্যক্ষতাত ব্ৰিকছ থিংক টেংক নেটৱৰ্ক ফৰ ফাইনেন্সৰ অৱদানক আদৰণি জনাইছো যিয়ে অন্তৰ্ভুক্ত উন্নয়ন আৰু স্থিতিস্থাপক আন্তঃগাঁথনিৰ বিত্তীয় সাহায্যৰ বাবে ফিনটেকৰ উপযোগিতা গ্ৰহণৰ পোষকতা কৰে। ইয়াৰ গৱেষণাৰ ফলাফল আৰু প্ৰচাৰ শক্তিশালী কৰাৰ প্ৰচেষ্টাক আমি সমৰ্থন কৰোঁ।
104. নাগপুৰত অনুষ্ঠিত ব্ৰিকছৰ পৰিবহণ মন্ত্ৰী সভাৰ ফলাফলক আমি আদৰণি জনাইছো আৰু পৰিবহণ সহযোগিতা আগবঢ়াই নিয়াৰ সমান্তৰালভাৱে সকলো সদস্য ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডীয় অখণ্ডতাক সন্মান জনাই সকলো অংশীদাৰৰ চাহিদা পূৰণৰ বাবে অসামৰিক বিমান পৰিবহণকে ধৰি পৰিবহণ আলোচনাক অধিক প্ৰসাৰিত কৰাৰ বাবে আগ্ৰহী। অৰ্থনৈতিক বৃদ্ধি, সংযোগ আৰু পৰিবেশ বহনক্ষমতাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকাৰ কৰি আমি বহনক্ষম আৰু স্থিতিস্থাপক পৰিবহণ আন্তঃগাঁথনি বিকাশৰ লক্ষ্যৰে পৰিবহণ নীতি, বিনিয়োগ, প্ৰযুক্তিগত আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো। এই সন্দৰ্ভত আমি ব্ৰিকছ দেশসমূহৰ পৰিবহণ আন্তঃগাঁথনিৰ বিকাশ আৰু ৰক্ষণাবেক্ষণত বৃত্তাকাৰ অৰ্থনীতিৰ নীতিসমূহ সন্নিৱিষ্ট কৰাৰ গুৰুত্ব স্বীকাৰ কৰোঁ আৰু আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণত কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ উপায় হিচাপে বহনক্ষম বিমান ইন্ধন আৰু কম কাৰ্বনযুক্ত বিমান ইন্ধনক প্ৰসাৰিত কৰাৰ গুৰুত্ব স্বীকাৰ কৰোঁ। আমি বহনক্ষম বিমান ইন্ধনৰ ওপৰত ব্ৰিকছ মঞ্চ, আমাৰ নবীকৰণযোগ্য শক্তিৰ সম্ভাৱনাক লাভৱান কৰাৰ লগতে পৰিবহণ ডিকাৰ্বনাইজেচনৰ ওপৰত জ্ঞান বিনিময়ৰ বাবে ব্ৰিকছৰ সহযোগিতাৰ কাঠামো তথা সুলভ, সুগম, অন্তৰ্ভুক্ত আৰু স্মাৰ্ট নগৰীয়া পৰিবহণ সমাধানৰ ক্ষেত্ৰত জ্ঞান বিনিময় আৰু সহযোগিতাৰ বাবে ব্ৰিকছ নগৰীয়া গতিশীলতা হাব স্থাপনক আদৰণি জনাইছো। আমি ব্ৰিকছ লজিষ্টিক যোগান-শৃংখল সহযোগিতা কাঠামো স্থাপনক আদৰণি জনাইছো আৰু ব্ৰিকছ ৰেলৱে গৱেষণা নেটৱৰ্ক প্ৰস্তাৱৰ ওপৰত আলোচনাক উৎসাহিত কৰিছো।
105. আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ চুক্তিৰ ৫০(ক) অনুচ্ছেদৰ ২০১৬-ৰ সংশোধনী বলবৎ হোৱাক আমি আদৰণি জনাইছো। আফ্ৰিকা আৰু এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলকে ধৰি অপ্ৰতিনিধিত্বশীল অঞ্চলসমূহত চাৰিখন আসন সংযোজন কৰি আইচিএঅ’ কাউন্সিলৰ সদস্যপদৰ সম্প্ৰসাৰণ ঘটিছে। একেদৰে ইণ্ডোনেছিয়াই কাউন্সিলত অতিৰিক্ত আসন গ্ৰহণ কৰিছে।
106. নতুন দিল্লীত ব্ৰিকছ নগৰীকৰণ মঞ্চ আহ্বান আৰু মন্ত্ৰী ঘোষণা গৃহীত হোৱা কাৰ্য্যক আমি আদৰণি জনাইছো। আমি পৰ্যাপ্ত, সুৰক্ষিত আৰু সুলভ মূল্যৰ গৃহ নিৰ্মাণ, পানী আৰু অনাময়, বহনক্ষম গতিশীলতা, সুসংহত আৰু দক্ষ গতিশীলতা, আৱৰ্জনা ব্যৱস্থাপনা আৰু অন্যান্য অত্যাৱশ্যকীয় নগৰ সেৱাৰ ক্ষেত্ৰত শক্তিশালী সহযোগিতাৰ জৰিয়তে জনকেন্দ্ৰিক নগৰ উন্নয়নক আগুৱাই নিয়াৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো। স্থিতিস্থাপক আৰু বহনক্ষম নগৰ উন্নয়নক সমৰ্থন কৰিবলৈ ব্যৱহাৰিক গৱেষণা, জ্ঞান-বিনিময় আৰু সামৰ্থ্য-নিৰ্মাণৰ মঞ্চ হিচাপে ব্ৰিকছ নগৰ গৱেষণা আৰু জ্ঞান নেটৱৰ্ক স্থাপন কৰা কাৰ্য্যকো আমি প্ৰশংসা কৰোঁ।
107. আমি আমাৰ উমৈহতীয়া গ্ৰহ আৰু ভৱিষ্যতৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা প্ৰত্যাহ্বানসমূহ, যেনে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজন অনুসৰি বহুপক্ষীয়তাবাদক অক্ষুণ্ণ ৰখাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰিছো। আমি ইউএনএফচিচিচি আৰু ইয়াৰ পেৰিছ চুক্তিৰ উদ্দেশ্য, নীতি আৰু লক্ষ্যসমূহৰ সন্ধানত একত্ৰিত হৈ থাকিবলৈ সংকল্প লৈছো আৰু সকলো দেশকে এই ব্যৱস্থাসমূহৰ পক্ষ হিচাপে নিজৰ বৰ্তমানৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোকৰ প্ৰচেষ্টা অক্ষুণ্ণ ৰাখিবলৈ আৰু বৃদ্ধি কৰিবলৈ আহ্বান জনাইছো। আমি ইউএনএফচিচিচি-ৰ লক্ষ্যৰ সন্ধানত, পেৰিছ চুক্তিৰ সম্পূৰ্ণ আৰু ফলপ্ৰসূ ৰূপায়ণ শক্তিশালী কৰি জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ বাবে আমাৰ দৃঢ় প্ৰতিশ্ৰুতিক পুনৰ সুদৃঢ় কৰিছো, য’ত ইয়াৰ প্ৰশমন, অভিযোজন, লোকচান আৰু ক্ষতিৰ সৈতে জড়িত বিধানসমূহ আৰু উন্নয়নশীল দেশসমূহক কাৰ্যকৰীকৰণৰ উপায়ৰ ব্যৱস্থা কৰা হৈছে, য’ত সমতা আৰু বিভিন্ন ৰাষ্ট্ৰৰ প্ৰেক্ষাপটত উমৈহতীয়া কিন্তু পৃথক দায়িত্ব আৰু নিজ নিজ সামৰ্থ্যৰ নীতি প্ৰতিফলিত কৰা হৈছে। আমি এইটোও স্বীকাৰ কৰোঁ যে উচ্চ ঋণৰ বোজাই বহু উন্নয়নশীল দেশত জলবায়ু আৰু উন্নয়ন বিনিয়োগক অধিক বাধা দিয়ে আৰু ঋণৰ বহনক্ষমতা বৃদ্ধি, বিত্তীয় স্থান সম্প্ৰসাৰণ আৰু বহনক্ষম উন্নয়ন আৰু জলবায়ু বিত্তীয় সাহায্যক সমৰ্থন কৰাৰ বাবে সমন্বিত আন্তঃৰাষ্ট্ৰীয় পদক্ষেপৰ আহ্বান জনাইছো। জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়ন সম্পৰ্কীয় যোগাযোগ গোটত আমি এই ক্ষেত্ৰত ব্ৰিকছৰ সহযোগিতাক উৎসাহিত কৰোঁ। ব্ৰাজিলৰ চিঅ’পি৩০-ৰ অধ্যক্ষতাৰ সফল সমাপ্তিক আমি প্ৰশংসা কৰিছো আৰু ইথিঅ’পিয়াৰ ইউএনএফচিচিচি চিঅ’পি৩২-ৰ অধ্যক্ষতাৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছো।
108. আমি আন্তঃৰাষ্ট্ৰীয় আইনৰ সৈতে মিল নথকা একপক্ষীয়, শাস্তিমূলক, বৈষম্যমূলক আৰু সুৰক্ষাবাদী ব্যৱস্থাৰ বিৰোধিতা কৰোঁ, যেনে কাৰ্বন সীমা সমন্বয় ব্যৱস্থা আৰু এনে ব্যৱস্থাই জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্যৰে দেশসমূহৰ, বিশেষকৈ উন্নয়নশীল দেশসমূহৰ প্ৰচেষ্টাক ক্ষতিগ্ৰস্ত কৰে, অভিযোজন ক্ষমতা আৰু স্থিতিস্থাপকতা বৃদ্ধি কৰাৰ লক্ষ্যৰে উদ্বেগ প্ৰকাশ কৰোঁ।
109. আমি ব্ৰিকছৰ সদস্য দেশসমূহত জলবায়ু কাৰ্য্যক প্ৰসাৰিত আৰু স্থিতিস্থাপকতা গঢ়ি তোলাৰ বাবে ব্ৰিকছ জলবায়ু গৱেষণা মঞ্চ আৰু ব্ৰিকছ লেবৰেটৰী ফৰ ট্ৰেড, জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ সম্ভাৱনাত আলোকপাত কৰিছো আৰু আমি ইয়াৰ অধিক উন্নয়নৰ বাবে আগ্ৰহী। জলবায়ু বিত্তৰ ওপৰত ২০২৫-ৰ নেতাসকলৰ কাঠামো ঘোষণাৰ কথা মনত পেলাই আমি কাৰ্বন বজাৰৰ ক্ষেত্ৰত সহযোগিতাক প্ৰসাৰিত কৰাত সমৰ্থন কৰোঁ, সামৰ্থ্য বিকাশ আৰু অভিজ্ঞতাৰ বিনিময়ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আৰু সদস্য দেশসমূহক তেওঁলোকৰ জলবায়ু কৌশলত সহায় কৰিবলৈ সহযোগিতামূলক পদ্ধতি হিচাপে ব্ৰিকছ কাৰ্বন বজাৰ অংশীদাৰিত্বৰ বুজাবুজি স্মাৰক ৰূপায়ণৰ বাবে আগ্ৰহী, য’ত আছে প্ৰশমন প্ৰচেষ্টাৰ পৰিপূৰক আৰু প্ৰয়োজনীয় সম্পদ সংগঠিত কৰা কাৰ্য্য। আমি ব্ৰিকছৰ জন-কেন্দ্ৰিক, সমাজ-ভিত্তিক অভিযোজন পদ্ধতিৰ ওপৰত উচ্চ পৰ্যায়ৰ আলোচনা আৰু অভিযোজন লক্ষ্যৰ সৈতে কাৰ্বন বজাৰসমূহক একাকাৰ কৰাৰ আলোচনাৰ জৰিয়তে জ্ঞান বিনিময়ৰ শলাগ লওঁ।
110. আমি জলবায়ুৰ স্থিতিস্থাপকতা আৰু বহনক্ষম উন্নয়ন শক্তিশালী কৰাৰ এক গুৰুত্বপূৰ্ণ পথ হিচাপে জন-কেন্দ্ৰিক আৰু সমাজ-ভিত্তিক অভিযোজনৰ ক্ষেত্ৰত ব্ৰিকছ দেশসমূহৰ মাজত বৰ্ধিত সহযোগিতাক উৎসাহিত কৰোঁ। উন্নত দেশসমূহে অতিৰিক্ত, পৰ্যাপ্ত, ভৱিষ্যদ্বাণীযোগ্য, সুলভ বিত্তীয় সম্পদ, সামৰ্থ্য বিকাশৰ সহায়, প্ৰযুক্তি বিকাশ আৰু অভিযোজনৰ বাবে উন্নয়নশীল দেশসমূহলৈ হস্তান্তৰ প্ৰশস্ত কৰিব লাগিব। আমি অভিযোজিত ক্ষমতা বৃদ্ধি আৰু জলবায়ুৰ প্ৰত্যাহ্বানসমূহেৰে মোকাবিলা কৰাত পৰম্পৰাগত জ্ঞান ব্যৱস্থা, থলুৱা আৰু স্থানীয় সমাজৰ পদ্ধতি, স্থানীয় উদ্ভাৱন আৰু সমাজৰ অভিজ্ঞতাৰ মূল্য স্বীকাৰ কৰোঁ। একেদৰে বৈজ্ঞানিক জ্ঞান আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ সৈতে পৰম্পৰাগত জ্ঞানৰ সংহতিকে ধৰি অভিজ্ঞতা, জ্ঞান আৰু উত্তম পদ্ধতিৰ আদান-প্ৰদানক উৎসাহিত কৰোঁ। এই সন্দৰ্ভত আমি পৰম্পৰাগত জ্ঞানৰ ওপৰত ভিত্তি কৰি জন-কেন্দ্ৰিক আৰু সমাজ-ভিত্তিক অভিযোজনৰ জৰিয়তে জলবায়ু স্থিতিস্থাপকতাক আগুৱাই নিয়াৰ বাবে ব্ৰিকছৰ নীতিসমূহক আদৰণি জনাইছো। আমি ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত ন্যায্য পৰিৱৰ্তন আৰু সুষম প্ৰশমন আৰু অভিযোজন কাৰ্য্যৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰোঁ। আমি কাৰ্বন মজুত বাতাবৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা, পৰিবেশ তন্ত্ৰৰ সেৱা প্ৰদানকাৰী আৰু জলবায়ু স্থিতিস্থাপকতাত অৰিহণা যোগোৱাকে ধৰি নিৰ্গমন হ্ৰাস আৰু অভিযোজিত ক্ষমতা বৃদ্ধিত অৰিহণা যোগোৱা সকলো উপলব্ধ আৰু সুলভ সমাধান আৰু প্ৰযুক্তিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰোঁ।
111. আমি জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰৰ গুৰুত্ব, জিনীয় সম্পদৰ ব্যৱহাৰৰ পৰা উদ্ভৱ হোৱা সুবিধাসমূহৰ ন্যায্য বিনিময় আৰু জৈৱ বৈচিত্ৰ্যৰ চুক্তি আৰু ইয়াৰ প্ৰট’কল তথা ইয়াৰ কুনমিং-মণ্ট্ৰিয়েল গ্ল’বেল জৈৱ বৈচিত্ৰ্য কাঠামোৰ ফলপ্ৰসূ ৰূপায়ণৰ গুৰুত্বত আলোকপাত কৰোঁ। আমি কুনমিং জৈৱ বৈচিত্ৰ্য পুঁজি স্থাপন আৰু চীনে আগবঢ়োৱা অৱদানৰ শলাগ লৈছো আৰু উন্নয়নশীল দেশসমূহৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে সহায় কৰাৰ ক্ষেত্ৰত ইয়াৰ উল্লেখযোগ্য ভূমিকাক স্বীকৃতি দিছো। কেএমজিবিএফ-ৰ বাবে একচন ইনিচিয়েটিভকে ধৰি ব্ৰিকছ দেশসমূহৰ পদক্ষেপসমূহো আমি লক্ষ্য কৰোঁ। আমি উন্নত দেশসমূহক আহ্বান জনাইছো যে উন্নয়নশীল দেশসমূহলৈ পৰ্যাপ্ত, ফলপ্ৰসূ আৰু ভৱিষ্যদ্বাণীযোগ্য, সময়োপযোগী আৰু সুলভ বিত্তীয় সম্পদৰ ব্যৱস্থা কৰাটো নিশ্চিত কৰাৰ লগতে জৈৱ বৈচিত্ৰ্যৰ ব্যৱহাৰৰ পৰা উদ্ভৱ হোৱা সুবিধাসমূহৰ সংৰক্ষণ, বহনক্ষম ব্যৱহাৰ আৰু ন্যায্য বিনিময়ৰ ক্ষেত্ৰত উন্নয়নশীল দেশসমূহৰ সামৰ্থ্য বিকাশ, উন্নয়ন আৰু প্ৰযুক্তিৰ হস্তান্তৰ কাৰ্য্যৰ অগ্ৰগতি সাধন কৰিব লাগে। আমাৰ দেশসমূহে বিৰল প্ৰজাতিৰ জীৱ-জন্তু সংৰক্ষণৰ প্ৰচেষ্টাক শলাগ লওঁ আৰু বিগ কেটৰ প্ৰতিকূলতাক লক্ষ্য কৰিও আমি ভাৰত গণৰাজ্যই আন্তঃৰাষ্ট্ৰীয় বিগ কেটছ এলায়েন্স গঠনৰ পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিকছ দেশসমূহক বিগ কেট সংৰক্ষণৰ বাবে একেলগে কাম কৰিবলৈ উৎসাহিত কৰোঁ।
112. আমি জৈৱ বৈচিত্ৰ্য, জল অৱবাহিকা আৰু ভূমি সংৰক্ষণ আৰু অৰ্থনৈতিক খণ্ডৰ বাবে উচ্চ মূল্যৰ কাঠ আৰু কাঠবিহীন বনজ সামগ্ৰী যোগান ধৰা, জলবিজ্ঞানৰ চক্ৰ নিয়ন্ত্ৰণ কৰাৰ লগতে মৰুভূমি, ভূমিৰ অৱক্ষয় আৰু খৰাং পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিয়া আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ব’ৰিয়েল আৰু গ্রীষ্মমণ্ডলীয় বনাঞ্চলকে ধৰি সকলো ধৰণৰ বনাঞ্চলৰ উল্লেখযোগ্য ভূমিকাত আলোকপাত কৰোঁ। আমি বহনক্ষম বন ব্যৱস্থাপনা আৰু পুনৰুদ্ধাৰক সমৰ্থন কৰা উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদানক উৎসাহিত কৰোঁ। আমি বহনক্ষম ব্যৱহাৰৰ জৰিয়তে থলুৱা আৰু স্থানীয় জনগোষ্ঠীকে ধৰি জীৱিকাক সমৰ্থন কৰাত ইয়াৰ ভূমিকাত অধিক গুৰুত্ব আৰোপ কৰো। আমি সংহত ভূ-প্ৰকৃতি-ভিত্তিক সেউজীকৰণ আৰু ভূমি পুনৰুদ্ধাৰৰ বাবে ব্ৰিকছৰ নীতি আৰু সমগ্ৰ ব্ৰিকছ দেশসমূহত বনজুইৰ বিৰুদ্ধে প্ৰস্তুতি আৰু প্ৰতিক্ৰিয়াৰ বাবে সাধাৰণ বুজাবুজি গ্ৰহণ কৰাটোকো আদৰণি জনাইছো। আমি বেলেম জলবায়ু সন্মিলনৰ পদক্ষেপক আদৰণি জনাইছো আৰু ইয়াক গ্রীষ্মমণ্ডলীয় বন সংৰক্ষণৰ বাবে দীৰ্ঘম্যাদী, ফলাফলভিত্তিক বিত্তীয় সাহায্য সংগঠিত কৰিবলৈ ডিজাইন কৰা এক উদ্ভাৱনী ব্যৱস্থা হিচাপে স্বীকৃতি দিছো। আমি সম্ভাৱ্য বিনিয়োগকাৰী দেশসমূহক অভিলাষী অৱদান ঘোষণা কৰিবলৈ উৎসাহিত কৰোঁ, যাতে সুবিধাটোৰ মূলধনীকৰণ আৰু সময়মতে কাৰ্যকৰী কৰাটো নিশ্চিত কৰিব পাৰি। আমি "আমাৰ বনাঞ্চলৰ বাবে একত্ৰিত" পদক্ষেপকো লক্ষ্য কৰোঁ আৰু ৰাষ্ট্ৰীয় বৃহৎ পৰিসৰৰ সেউজীকৰণ পদক্ষেপক স্বীকাৰ কৰোঁ যিয়ে এই অত্যাৱশ্যকীয় গ্রীষ্মমণ্ডলীয় পৰিবেশ তন্ত্ৰসমূহৰ সংৰক্ষণ, বহনক্ষম ব্যৱস্থাপনা আৰু পুনৰুদ্ধাৰক প্ৰসাৰিত কৰে। আমি ইউএই আৰু ইণ্ডোনেছিয়াৰ সহ-নেতৃত্বশীল মেংগ্ৰ’ভ এলায়েন্স ফৰ ক্লাইমেটক আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ মঞ্চ হিচাপে লক্ষ্য কৰোঁ।
113. আমি পৰিবেশ তন্ত্ৰ, কৃষি, দুৰ্বল পৰিস্থিতিত থকা লোকসকলৰ জীৱিকা আৰু আৰ্থ-সামাজিক উন্নয়নৰ ওপৰত উল্লেখযোগ্য প্ৰভাৱ পেলোৱা বালি আৰু ধূলিৰ ধুমুহা তথা বনজুইৰ দৰে জটিল পৰিৱেশগত প্ৰত্যাহ্বানসমূহক স্বীকাৰ কৰোঁ। আমি সামগ্ৰিক পৰিবেশ তন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে পাহাৰ, জলসম্পদ, বনাঞ্চল, পিটলেণ্ড আৰু মেংগ্ৰ’ভ, কৃষিভূমি, ঘাঁহনি আৰু মৰুভূমিৰ সংহত সুৰক্ষা আৰু পদ্ধতিগত ব্যৱস্থাপনাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ২০২৬-ৰ ৮-১০ ডিচেম্বৰত আবুধাবিত অনুষ্ঠিত হ’বলগীয়া সংযুক্ত আৰৱ আমিৰাত আৰু চেনেগাল গণৰাজ্যৰ সহযোগত আয়োজিত ২০২৬-ৰ ৰাষ্ট্ৰসংঘৰ জল সন্মিলনৰ ভূমিকাক আমি স্বীকৃতি দিছো আৰু বিশুদ্ধ পানীৰ ওপৰত বহনক্ষম উন্নয়নৰ লক্ষ্য ৬ (সকলোৰে বাবে পানী আৰু অনাময় ব্যৱস্থাৰ উপলব্ধতা আৰু বহনক্ষম ব্যৱস্থাপনা নিশ্চিত কৰা) ৰূপায়ণক ত্বৰান্বিত কৰাৰ বাবে অগ্ৰগতি আৰু আলোচনা আগবঢ়াই নিবলৈ আগ্ৰহী।
114. আমি নগৰীকৰণ, ঔদ্যোগীকৰণ আৰু বিকশিত খৰচৰ ধৰণৰ দ্বাৰা পৰিচালিত আৱৰ্জনা সৃষ্টিৰ ক্ৰমবৰ্ধমান পৰিসৰ আৰু জটিলতাক লক্ষ্য কৰোঁ। আমি ৰাষ্ট্ৰীয় নীতিগত ব্যৱস্থা যেনেঃ বৰ্ধিত উৎপাদক দায়বদ্ধতা (EPR), পৰিবেশ-ডিজাইন আৰু বহনক্ষম ৰাজহুৱা ক্ৰয়, বৰ্ধিত নিৰীক্ষণ ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ আৰু সামৰ্থ্য অনুসৰি পুনঃব্যৱহাৰ আৰু পুনৰুদ্ধাৰ আন্তঃগাঁথনিত বিনিয়োগৰ দ্বাৰা সমৰ্থিত সংহত আৱৰ্জনা ব্যৱস্থাপনা কাঠামো শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰোঁ। ইয়াৰ লক্ষ্য হৈছে সম্পদৰ দক্ষতা উন্নত কৰা। বহনক্ষম জীৱনশৈলীত জ্ঞান বিনিময়, গৱেষণা আৰু উদ্ভাৱনক আগুৱাই নিয়াৰ বাবে ব্ৰিকছ প্ৰতিষ্ঠানৰ নেটৱৰ্ক স্থাপনৰ পদক্ষেপক আমি আদৰণি জনাইছো। ২০২৬-ত ব্ৰিকছ বহনক্ষম জীৱনশৈলী সপ্তাহ আয়োজন কৰাৰ সম্ভাৱনাক আমি আদৰণি জনাইছো।
115. নিউ ডেভেলপমেন্ট বেংকে উচ্চমানৰ উন্নয়নৰ দ্বিতীয়টো দশকত ভৰি দিয়াৰ লগে-লগে আমি সকলো শ্বেয়াৰহ’ল্ডাৰ দেশ আৰু গ্ল’বেল চাউথত উন্নয়ন আৰু আধুনিকীকৰণৰ এক শক্তিশালী আৰু কৌশলগত এজেন্ট হিচাপে ইয়াৰ ক্ৰমবৰ্ধমান ভূমিকাক স্বীকৃতি আৰু সমৰ্থন কৰিছো। আমি ইএমডিচি-সমূহৰ উন্নয়নৰ অগ্ৰাধিকাৰ আৰু আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত নিউ ডেভেলপমেন্ট বেংকৰ (NDB) ক্ৰমবৰ্ধমান ভূমিকাত আলোকপাত কৰোঁ। আমি বেংকৰ দ্বাৰা সম্পদ সংগঠিত, উদ্ভাৱনক লালন-পালন, স্থানীয় মুদ্ৰাৰ বিত্তীয় সাহায্য সম্প্ৰসাৰণ, পুঁজিৰ উৎসৰ বৈচিত্ৰ্য আৰু বহনক্ষম উন্নয়নক আগুৱাই নিয়া, বৈষম্য হ্ৰাস কৰা আৰু আন্তঃগাঁথনি বিনিয়োগ আৰু অৰ্থনৈতিক সংহতিক প্ৰসাৰিত কৰা প্ৰভাৱশালী প্ৰকল্পসমূহক সমৰ্থন কৰাৰ বাবে অধিক প্ৰচেষ্টাক উৎসাহিত কৰোঁ। আমি এনডিবি-ক বহনক্ষম উন্নয়নক প্ৰসাৰিত কৰা, বৈষম্য হ্ৰাস কৰা আৰু উদীয়মান অৰ্থনীতিসমূহত স্থিতিস্থাপকতাক সমৰ্থন কৰাৰ বাবে ব্ৰিকছৰ এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে স্বীকৃতি দিছো। আমি এনডিবি-ক সদস্যৰ নেতৃত্বত আৰু চাহিদা-চালিত নীতি অনুসৰণ কৰিবলৈ অধিক উৎসাহিত কৰোঁ। ইয়াৰ শাসন কাঠামোৰ চলি থকা শক্তিশালীকৰণ, যিয়ে বেংকৰ প্ৰতিষ্ঠানিক স্থিতিস্থাপকতা আৰু কাৰ্য্যকৰী ফলপ্ৰসূতা বৃদ্ধি কৰে, ইয়াৰ উদ্দেশ্য আৰু কাৰ্য্যসমূহ ন্যায্য আৰু বৈষম্যহীনভাৱে সম্পন্ন কৰি যাবলৈ আহ্বান জনাওঁ। এনডিবি-ৰ সাধাৰণ কৌশল আৰু ইয়াৰ সম্পৰ্কীয় নীতিৰ সৈতে সংগতি ৰাখি আমি এনডিবি-ৰ সদস্যপদক অধিক সম্প্ৰসাৰণ আৰু আগ্ৰহী ব্ৰিকছ দেশসমূহৰ আবেদনৰ ক্ষীপ্ৰ বিবেচনাৰ বাবে সমৰ্থন পুনৰবাৰ উল্লেখ কৰিছো। নিউ ডেভেলপমেন্ট বেংকৰ ব’ৰ্ড অৱ গভৰ্ণৰৰ অধ্যক্ষ হিচাপে ২০২৬-ৰ ১৪-১৫ মে’ত মস্কোত ১১ সংখ্যক এনডিবি-ৰ বাৰ্ষিক বৈঠক অনুষ্ঠিত কৰাৰ বাবে আমি ৰাছিয়াক কৃতজ্ঞতা জনাইছো। এনডিবি-ৰ সহযোগত বিকশিত কৰা ভাৰতীয় অধ্যক্ষতাৰ অধীনত ব্ৰিকছ-এনডিবি জ্ঞান পৰ্টেল মুকলি কৰা কাৰ্য্যক আমি আদৰণি জনাইছো। এই পৰ্টেলে ব্ৰিকছৰ সদস্য দেশসমূহৰ মাজত উন্নয়নৰ অভিজ্ঞতা, উত্তম পদ্ধতি, নীতিগত উদ্ভাৱন আৰু দেশৰ কাৰ্যসূচী আৰু এনডিবি-ৰ বিত্তীয় প্ৰকল্পৰ অভিজ্ঞতাসমূহক একত্ৰিত কৰে। পৰ্টেলটোক ব্ৰিকছ ফাইনেন্স ট্ৰেক কৰ্মধাৰাৰ ফলাফলৰ ভঁৰাল হিচাপে কাম কৰিবলৈ ডিজাইন কৰা হৈছে, যিয়ে অধ্যক্ষ পদসমূহৰ মাজত ধাৰাবাহিকতা আৰু জ্ঞান বিনিময়ক সমৰ্থন কৰে। ব্ৰিকছ দেশসমূহৰ বাবে ইয়াক ব্যৱহাৰিক আৰু সুলভ আহিলা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আমি পৰ্টেলটোৰ অধিক উন্নয়নক উৎসাহিত কৰোঁ।
116. উন্নয়নশীল আৰু উদীয়মান অৰ্থনীতিসমূহৰ অধিক ফলপ্ৰসূ, সমতাপূৰ্ণ আৰু প্ৰতিনিধিত্বমূলক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ বিশ্ব অৰ্থনৈতিক শাসনৰ নিৰন্তৰ সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে আমি আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতাৰ বাবে প্ৰধান বিশ্বব্যাপী মঞ্চ হিচাপে জি-২০ ৰ মূল ভূমিকাত আলোকপাত কৰিছো যিয়ে উদীয়মান আৰু উন্নত অৰ্থনীতি উভয়ৰে বিশ্বব্যাপী যৌথভাৱে উমৈহতীয়া সমাধান বিচৰাৰ বাবে সমান আৰু পাৰস্পৰিকভাৱে উপকাৰী ভিত্তিত আলোচনাৰ বাবে এক মঞ্চ প্ৰদান কৰে। এই পন্থাই প্ৰত্যাহ্বানসমূহেৰে মোকাবিলা, বহুমেৰু বিশ্বক লালন-পালন কৰা আৰু মুকলি, বৈষম্যহীন, ন্যায্য আৰু সৰ্বাংগীন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক ব্যৱস্থা আৰু মূল্য শৃংখল নিশ্চিত কৰিব। আমি ২০২২-২০২৫ ত জি-২০ ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ একেৰাহে অধ্যক্ষতাৰ উত্তৰাধিকাৰ – ইণ্ডোনেছিয়া, ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা – সংৰক্ষণৰ বাবে সামূহিকভাৱে কাম কৰাৰ আমাৰ ইচ্ছাক পুনৰ দৃঢ় কৰিছো আৰু বিশ্ব অৰ্থনৈতিক শাসন ব্যৱস্থাত গ্ল’বেল চাউথৰ কণ্ঠক অধিক বৃদ্ধি কৰিছো যাতে জি-২০ এ বিশ্ব অৰ্থনীতিত ইএমডিই-সমূহৰ বৃদ্ধি পোৱা ওজন পৰ্যাপ্তভাৱে প্ৰতিফলিত কৰে। ২০২৩-ত ভাৰতৰ জি-২০ ৰ অধ্যক্ষতাৰ সময়ত আফ্ৰিকান ইউনিয়নত যোগদানৰ জৰিয়তে জি-২০ ত ইএমডিই-ৰ কণ্ঠ শক্তিশালী হোৱা আৰু ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ অধ্যক্ষতাৰ সময়ত এনডিবি-লৈ আমন্ত্ৰণ পোৱাৰ বাবে আমি কৃতজ্ঞতা জনাইছো। আমি জি-২০ ৰ অৰ্থনৈতিক আদেশ, সহমতৰ সিদ্ধান্ত গ্ৰহণ, অৰাজনৈতিক প্ৰক্ৰিয়া, সততা আৰু ইয়াৰ সদস্যপদৰ ইচ্ছাকৃত পুনৰীক্ষণৰ অগ্ৰাহ্যতাৰ ওপৰত ভিত্তি কৰি জি-২০ ৰ অবিৰত আৰু উৎপাদনশীল কাৰ্য্যকলাপৰ গুৰুত্ব স্বীকাৰ কৰোঁ। এই ক্ষেত্ৰত আমি দক্ষিণ আফ্ৰিকাৰ জি-২০ প্ৰতিষ্ঠাপক দেশ আৰু পূৰ্ণাংগ সদস্য হিচাপে মৰ্যাদাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে সদস্যপদৰ যিকোনো পৰিৱৰ্তন সকলো সদস্যৰ সহমতৰ ওপৰত ভিত্তি কৰি হ’ব লাগে আৰু ভৌগোলিক ভাৰসাম্য আৰু বিশ্বৰ উৎপাদনত গ্ল’বেল চাউথৰ দেশসমূহৰ ক্ৰমবৰ্ধমান অংশক প্ৰতিফলিত কৰিব লাগে বুলি জোৰ দিওঁ।
117. আমি প্ৰতিখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ, আইন আৰু নিয়মসমূহক সন্মান জনাই জটিল আৰু উদীয়মান ক্ষেত্ৰসমূহকে ধৰি বিভিন্ন খণ্ডত ন্যায্য, প্ৰতিযোগিতামূলক আৰু স্থিতিস্থাপক বজাৰ পৰিবেশ গঢ়ি তুলিবলৈ ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত প্ৰতিযোগিতা আইন আৰু নীতিৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো। আমি বহনক্ষম শক্তিৰ পৰিৱৰ্তনক সমৰ্থন কৰাৰ লক্ষ্যৰে ‘নবীকৰণযোগ্য শক্তিৰ বজাৰকে ধৰি ন্যায্য প্ৰতিযোগিতাক প্ৰসাৰিত কৰিবলৈ সহযোগিতা শক্তিশালী কৰা’ বিষয়বস্তুৰ অধীনত হোৱা আলোচনা কাৰ্য্য লক্ষ্য কৰিছোঁ। আমি উদ্ভাৱনক সমৰ্থন কৰা আৰু গ্ৰাহকৰ কল্যাণক প্ৰসাৰিত কৰা প্ৰতিদ্বন্দ্বিতাযোগ্য আৰু সু-কাৰ্য্যক্ষম বজাৰসমূহ সুৰক্ষিত কৰাৰ লক্ষ্যৰে উদীয়মান প্ৰতিযোগিতা প্ৰত্যাহ্বানসমূহ চিনাক্ত আৰু ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ ব্ৰিকছ প্ৰতিযোগিতা কৰ্তৃপক্ষসমূহৰ মাজত অবিৰত সহযোগিতাক অধিক উৎসাহিত কৰোঁ।
118. সহযোগিতা শক্তিশালী কৰা, তথ্য বিনিময় বৃদ্ধি কৰা, নিয়মীয়া আলোচনা আৰু যৌথ কাৰ্য্যকলাপৰ বাবে ব্যৱস্থা স্থাপন কৰা আৰু বিভিন্ন খণ্ডৰ সৈতে প্ৰাসংগিক আন্তঃৰাষ্ট্ৰীয় প্ৰমাণীকৰণ প্ৰক্ৰিয়াত সমন্বিতভাৱে নিয়োজিত হোৱা আদিৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে মানককৰণৰ ক্ষেত্ৰত ব্ৰিকছৰ বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰা কাৰ্য্যক আমি স্বীকাৰ কৰোঁ। আমি আদৰণি জনাইছো যে এআই প্ৰমাণীকৰণৰ উদীয়মান প্ৰৱণতাৰ ওপৰত ব্ৰিকছ কাৰিকৰী অধিবেশন আৰু সামৰ্থ্য বিকাশৰ বাবে ব্ৰিকছ জ্ঞান বিনিময় অধিবেশন আৰু বাণিজ্য বিকাশ আৰু প্ৰমাণীকৰণ সহযোগিতাৰ ওপৰত থিমযুক্ত ব্ৰিকছ অৰ্থনৈতিক আৰু বাণিজ্য মঞ্চকে ধৰি প্ৰমাণীকৰণ আৰু সামৰ্থ্য বিকাশৰ উদীয়মান ক্ষেত্ৰসমূহত সহযোগিতা আগবঢ়াই নিয়াৰ পদক্ষেপক আদৰণি জনাইছো। আমি ব্ৰিকছ এনএছবি-সমূহৰ মাজত ৰাষ্ট্ৰীয় অভিজ্ঞতা, উত্তম পদ্ধতি আৰু মানদণ্ডৰ বিকাশ, গ্ৰহণ আৰু ৰূপায়ণৰ ক্ষেত্ৰত উদ্ভাৱনীমূলক পদ্ধতিৰ অবিৰত আদান-প্ৰদান আৰু সমগ্ৰ ব্ৰিকছ দেশসমূহত সহযোগিতা আৰু প্ৰতিষ্ঠানিক ক্ষমতা শক্তিশালী কৰিবলৈ কাৰিকৰী বিশেষজ্ঞতা আৰু সম্পদৰ ভাগ-বতৰাক উৎসাহিত কৰোঁ।
119. আমি বিকশিত তথ্য বাতাবৰণত নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত পৰিসংখ্যাগত সহযোগিতা শক্তিশালী কৰাৰ গুৰুত্বত আলোকপাত কৰো। পৰিসংখ্যা ব্যৱস্থাৰ আধুনিকীকৰণ, উদ্ভাৱনী পদ্ধতি আৰু তথ্যৰ উৎস গ্ৰহণকে ধৰি উমৈহতীয়া স্বাৰ্থৰ ক্ষেত্ৰসমূহত আমি অবিৰত সহযোগিতাক উৎসাহিত কৰোঁ। আমি আৰু লক্ষ্য কৰোঁ যে সদস্য দেশসমূহৰ মাজত জ্ঞান বিনিময় আৰু সহযোগিতাৰ সমৰ্থন কৰিবলৈ প্ৰশাসনিক আৰু বিকল্প তথ্যৰ উৎস, কৃত্ৰিম বুদ্ধিমত্তা আৰু সামৰ্থ্য বিকাশৰ পদক্ষেপৰ ব্যৱহাৰকে ধৰি ৰাষ্ট্ৰীয় পৰিসংখ্যা সংস্কাৰৰ তথ্য সংকলন আৰু সময়ে সময়ে আপডেট কৰাটো প্ৰয়োজনীয়। আমি ব্ৰিকছৰ ভিতৰত বৰ্ধিত জ্ঞান বিনিময় আৰু সামৰ্থ্য বিকাশক উৎসাহিত কৰোঁ। আমি ব্ৰিকছৰ সদস্য দেশসমূহৰ মাজত স্বচ্ছতা, পাৰস্পৰিক শিক্ষণ আৰু সহযোগিতাৰ বাবে এক মূল্যৱান আহিলা হিচাপে বাৰ্ষিক ব্ৰিকছ যৌথ পৰিসংখ্যা প্ৰকাশন আৰু ব্ৰিকছ যুটীয়া পৰিসংখ্যা প্ৰকাশনৰ ধাৰাবাহিকতাক সমৰ্থন কৰোঁ।
120. আমি উচ্চমানৰ অৰ্থনৈতিক উন্নয়নৰ আধাৰত বৌদ্ধিক সম্পত্তিৰ গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰোঁ, ব্ৰিকছৰ বৌদ্ধিক সম্পত্তি (IP) কাৰ্যালয়সমূহৰ মাজত যথেষ্ট সহযোগিতাক উৎসাহিত কৰোঁ, সহযোগিতা ৰূপায়ণৰ ক্ষেত্ৰত ভালদৰে পথ প্ৰদৰ্শন কৰিবলৈ ২০২৬-ত কাৰ্য্যকৰী নিৰ্দেশিকা কাঠামোৰ আপডেটক আদৰণি জনাইছো আৰু আইপি সজাগতাৰ প্ৰসাৰ, সামৰ্থ্য বিকাশ, আইপি বাণিজ্যিকীকৰণ, পেটেন্ট পৰীক্ষা প্ৰক্ৰিয়া, পৰম্পৰাগত জ্ঞান, উৎপত্তি আৰু ভৌগোলিক সূচকাংক (GI) আৰু পাৰস্পৰিকভাৱে চুক্তিবদ্ধ চৰ্তত ব্ৰিকছ আইপি কাৰ্যালয়সমূহৰ মাজত এআই আবেদনৰ পোষকতা কৰো। ডিজিটেল পৰিবেশত ব্যৱহৃত বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ প্ৰতি সন্মান প্ৰসাৰিত কৰাৰ আহ্বান জনোৱাৰ লগতে কৃত্ৰিম বুদ্ধিমত্তা প্ৰশিক্ষণৰ উদ্দেশ্যে, লগতে অধিকাৰধাৰীসকলক ন্যায্য পাৰিশ্ৰমিক প্ৰদানৰ লগতে উন্নয়নশীল দেশসমূহৰ প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰক সন্মান জনোৱাত গুৰুত্ব আৰোপ কৰো। এআই-ৰ প্ৰয়োগৰ উত্থানৰ লগে লগে আমি জ্ঞান, ঐতিহ্য আৰু সাংস্কৃতিক মূল্যবোধৰ অপব্যৱহাৰ আৰু ভুল বৰ্ণনাৰ সৈতে জড়িত বিপদসমূহ স্বীকাৰ কৰোঁ।
121. আমি ৰাজহুৱা প্ৰশাসনত জবাবদিহিতা, স্বচ্ছতা, ফলপ্ৰসূতা আৰু সুশাসনক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত উচ্চতম নিৰীক্ষণ প্ৰতিষ্ঠানসমূহৰ (SAI) গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰো। আমি অধিক ফলাফলমুখী, তথ্য-চালিত আৰু প্ৰভাৱ-কেন্দ্ৰিক পদ্ধতিৰে বিত্তীয় আৰু অনুসৰণ অডিটিঙৰ পৰিপূৰক হিচাপে এছএআই-ৰ বিৱৰ্তনকো স্বীকাৰ কৰোঁ। নগৰীয়া গতিশীলতা ব্যৱস্থাৰ অডিটিঙৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি ব্ৰিকছ দেশসমূহৰ এছএআই-সমূহৰ মাজত জ্ঞান, অভিজ্ঞতা আৰু উত্তম পদ্ধতিৰ অবিৰত আদান-প্ৰদানক আমি আদৰণি জনাইছো। পঞ্চম ব্ৰিকছ এছএআই মুৰব্বী বৈঠকত গ্ৰহণ কৰা বেংগালুৰু ঘোষণাপত্ৰৰ কথা মনত ৰাখি আমি ব্ৰিকছ এছএআই কৰ্ম পৰিকল্পনা, ২০২৭-২০২৮ ৰূপায়ণকে ধৰি সমগ্ৰ ব্ৰিকছ দেশসমূহৰ নাগৰিকসকলৰ উন্নত শাসন আৰু ইজ অৱ লিভিঙৰ অগ্ৰগতি সাধন কৰাত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত এছএআই-ৰ প্ৰাসংগিকতা, প্ৰভাৱ আৰু বিশ্বাসযোগ্যতা বৃদ্ধিৰ প্ৰচেষ্টাক শলাগ লৈছো।
সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সহযোগিতাক সুদৃঢ়কৰণ
122. আমাৰ ৰাষ্ট্ৰ আৰু সমাজৰ মাজত পাৰস্পৰিক বুজাবুজি, বন্ধুত্ব আৰু সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত ব্ৰিকছৰ জনসাধাৰণৰ বিনিময় আৰু পদক্ষেপৰ গুৰুত্বত আমি আলোকপাত কৰো। এই সন্দৰ্ভত আমি সংসদীয় মঞ্চ, ব্ৰিকছ পৰ্যটন মন্ত্ৰীসকলৰ বৈঠক, ব্যৱসায়িক পৰিষদ, ব্যৱসায়িক মঞ্চ, মহিলা ব্যৱসায়িক মিত্ৰজোঁট, যুৱ পৰিষদ, যুৱ সন্মিলন, কূটনৈতিক একাডেমীৰ ডীনসকলৰ বৈঠক, থিংক টেংক পৰিষদ, একাডেমিক মঞ্চ, অসামৰিক পৰিষদ আৰু অসামৰিক মঞ্চ আদি গুৰুত্বপূৰ্ণ এংগেজমেন্ট অনুষ্ঠিত কৰা কাৰ্য্যক আদৰণি জনাইছো। আমি সংস্কৃতিৰ বৈচিত্ৰ্যক সন্মান জনোৱাৰ বাবে অধিক প্ৰচেষ্টা, উত্তৰাধিকাৰ, উদ্ভাৱন আৰু সৃষ্টিশীলতাত গুৰুত্ব আৰোপকাৰী, শক্তিশালী আন্তঃৰাষ্ট্ৰীয় জনসাধাৰণৰ আদান-প্ৰদান আৰু সহযোগিতাৰ যৌথ পোষকতা কৰাৰ আহ্বান জনাইছো আৰু “সভ্যতাৰ মাজত আলোচনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় দিৱস” শীৰ্ষক ইউএনজিএ-ৰ প্ৰস্তাৱ এ/আৰইএছ/৭৮/২৮৬ গ্ৰহণ কৰাৰ কথা স্মৰণ কৰিছো।
123. মহিলা নেতৃত্বাধীন উন্নয়ন আৰু মহিলাৰ সৰ্বাংগীন উন্নয়নৰ দৃষ্টিভংগীৰ পোষকতাৰে কোচিত অনুষ্ঠিত ব্ৰিকছৰ মহিলা মন্ত্ৰীসভাৰ বৈঠকৰ ফলাফলক আমি আদৰণি জনাইছো। আমি মহিলাসকলক অৰ্থনৈতিক বৃদ্ধি আৰু সামাজিক পৰিৱৰ্তনৰ নেত্ৰী, সিদ্ধান্ত গ্ৰহণকাৰী আৰু চালিকা শক্তি হিচাপে স্বীকৃতি দিওঁ। আমি দৃঢ়তাৰে কওঁ যে শাসন ব্যৱস্থাত মহিলাৰ অংশগ্ৰহণ; তেওঁলোকৰ আৰ্থিক আৰু ডিজিটেল অন্তৰ্ভুক্তি; তেওঁলোকৰ সামৰ্থ্য বিকাশ, দক্ষতা বিকাশ আৰু উদ্যমিতাৰ সুযোগৰ সুবিধা, উদ্যমিতাৰ প্ৰতি সমৰ্থন, উৎপাদনশীল আৰু সামাজিক সেৱাৰ সুবিধা আৰু জলবায়ু কাৰ্য্য, খাদ্য সুৰক্ষা আৰু পুষ্টিৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা, যিবোৰ আন্তঃসংযোগী, বহনক্ষম উন্নয়নৰ মূল চাবিকাঠি। আমি বিশ্বব্যাপী মহিলা, শান্তি আৰু নিৰাপত্তা কাৰ্যসূচী অনুসৰি শান্তি নিৰ্মাণ প্ৰক্ৰিয়াত মহিলাৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকাৰ কৰোঁ। আমি ব্ৰিকছৰ মহিলা ডিজিটেল সামৰ্থ্য বিকাশ নিৰ্দেশিকাৰ বিকাশক আদৰণি জনাইছো আৰু উত্তম পদ্ধতিৰ স্বেচ্ছামূলক আৰু অবাধ্যতামূলক ডিজিটেল ভঁৰাল সৃষ্টিৰ বাবে ভাৰতৰ অধ্যক্ষতাৰ পদক্ষেপক লক্ষ্য কৰিছো। ৰাষ্ট্ৰীয় পৰিস্থিতি অনুসৰি উপযুক্ত যত্ন নীতিৰ জৰিয়তে তথা অৰ্থনৈতিক জীৱনত মহিলাৰ সম্পূৰ্ণ অংশগ্ৰহণক সমৰ্থন কৰা নীতিৰ গুৰুত্বক আমি স্বীকাৰ কৰোঁ।
124. ভূৱনেশ্বৰত অনুষ্ঠিত হোৱা ত্ৰয়োদশ ব্ৰিকছৰ শিক্ষামন্ত্ৰী সভাৰ ফলাফলক আমি আদৰণি জনাইছো আৰু বহনক্ষম উন্নয়ন, সৰ্বাংগীন বৃদ্ধি আৰু জনসাধাৰণৰ মাজত আদান-প্ৰদানৰ মূল চালিকা শক্তি হিচাপে শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো। প্ৰকল্প সহযোগিতাৰ বাবে বহুপক্ষীয় মঞ্চ গঢ়ি তোলা, তথ্য বিনিময়, সম্পদ বিনিময় আৰু সদস্য ৰাষ্ট্ৰসমূহৰ মাজত টিভিইটি-ৰ যৌথ উন্নয়নক আগুৱাই নিয়াত ব্ৰিকছ টিভিইটি সহযোগিতা মিত্ৰজোঁটে (BRICS-TCA) গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাক আমি স্বীকাৰ কৰোঁ। আমি ব্ৰিকছ-টিচিএ দ্বিবাৰ্ষিক অগ্ৰগতি প্ৰতিবেদন আৰু ব্ৰিকছ-টিচিএ-ৰ বহনক্ষম দক্ষতা পদক্ষেপৰ কম্পেডিয়ামৰ বাবে আগ্ৰহী। আমি দক্ষতা বিকাশ ব্যৱস্থা, ডিজিটেল সাক্ষৰতা শক্তিশালী কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো আৰু সমগ্ৰ ব্ৰিকছ দেশসমূহত কৰ্মশক্তিৰ প্ৰস্তুতি বৃদ্ধি কৰাৰ লগতে টিভিইটি প্ৰতিষ্ঠানসমূহৰ উদ্যোগসমূহৰ সৈতে সংযোগ প্ৰসাৰিত কৰাৰ জৰিয়তে বিকশিত বজাৰৰ চাহিদা আৰু বহনক্ষম উন্নয়নৰ অগ্ৰাধিকাৰৰ সৈতে প্ৰশিক্ষণ কাৰ্যসূচীসমূহৰ সংহতি প্ৰসাৰিত কৰিছো।
125. আমি ব্ৰিকছ নেটৱৰ্ক বিশ্ববিদ্যালয়কে ধৰি বৰ্তমানৰ ব্ৰিকছ শিক্ষা ব্যৱস্থাৰ জৰিয়তে সহযোগিতা অব্যাহত ৰখাক অধিক সমৰ্থন কৰোঁ আৰু পৰম্পৰাগত আৰু থলুৱা জ্ঞান ব্যৱস্থাৰ ওপৰত শৈক্ষিক সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্ৰিকছৰ নিৰ্দেশনামূলক নীতিসমূহ প্ৰচাৰৰ ক্ষেত্ৰত ভাৰতে লোৱা পদক্ষেপক প্ৰশংসা কৰিছো। ব্ৰিকছ নেটৱৰ্ক বিশ্ববিদ্যালয়ক পৰম্পৰাগত, থলুৱা আৰু স্থানীয় জ্ঞান ব্যৱস্থাসমূহক অতিৰিক্ত আন্তঃৰাষ্ট্ৰীয় বিষয়ভিত্তিক গোট (ITG) হিচাপে অন্তৰ্ভুক্ত কৰাৰ কথা বিবেচনা কৰিবলৈ উৎসাহিত কৰোঁ, ২০২০-ত ব্ৰিকছ দেশসমূহৰ ৰাষ্ট্ৰীয় আইন আৰু নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ প্ৰতিষ্ঠিত শাসন পদ্ধতি অনুসৰি ইয়াৰ পোষকতা কৰা হৈছে। আমি উত্তম পদ্ধতিসমূহৰ ভাগ-বতৰা, শিশুৰ প্ৰাথমিক যত্ন আৰু শিক্ষা (ECCE) তথা মৌলিক সাক্ষৰতা আৰু সংখ্যাবিজ্ঞানৰ (FLN) সহযোগিতা, অৰ্হতাৰ পাৰস্পৰিক স্বীকৃতি, শৈক্ষিক আৰু পেছাদাৰী গতিশীলতা, ডিজিটেল সাক্ষৰতা, শিক্ষাত কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি উদীয়মান প্ৰযুক্তিসমূহৰ নিৰাপদ, নৈতিক, মানৱ-কেন্দ্ৰিক ব্যৱহাৰ আৰু শক্তিশালী প্ৰতিষ্ঠানিক অংশীদাৰিত্বক উৎসাহিত কৰোঁ। আমি প্ৰতিষ্ঠানিক শাসন উন্নত কৰাৰ বাবেও সহযোগিতামূলক প্ৰচেষ্টাক উৎসাহিত কৰোঁ, শিক্ষাৰ গুণগত মান আৰু সুলভতা বৃদ্ধি তথা স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত বিনিময় আৰু বৃত্তি কাৰ্যসূচীক প্ৰসাৰিত কৰোঁ, য'ত বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত (STEM) অন্তৰ্ভুক্ত হৈছে। উদ্ভাৱনক লাভান্বিত কৰিবলৈ আৰু চাকৰিৰ সুযোগ সম্প্ৰসাৰণ কৰিবলৈ টিভিইটি-উদ্যোগৰ সংযোগ, ভৱিষ্যতৰ সুযোগসমূহৰ সৈতে মোকাবিলা কৰিবলৈ উদ্ভাৱন আৰু জ্ঞান বিনিময়ক শিকাৰু আৰু প্ৰতিষ্ঠানসমূহক সজ্জিত কৰিবলৈ আহ্বান জনাওঁ। আমি ব্ৰিকছ ৰেক্টৰছ ফৰামৰ আয়োজন অব্যাহত ৰখা আৰু ব্ৰিকছ এডুকেচন অলিম্পিয়াডৰ আলোচনা অনুষ্ঠিত কৰা আৰু ব্ৰিকছ বিশ্ববিদ্যালয়ৰ গ্ল’বেল ৰেংকিং আৰু মূল্যায়ন ব্যৱস্থাৰ বিকাশৰ বাবে অধিক অন্বেষণক উৎসাহিত কৰোঁ।
126. আমি মানুহৰ জীৱিকা সুৰক্ষিত আৰু উন্নত কৰাৰ প্ৰচেষ্টা বৃদ্ধি কৰা, মানৱ পুঁজিত উচ্চমানৰ, পূৰ্ণ আৰু উৎপাদনশীল নিয়োগ বিনিয়োগক প্ৰসাৰ কৰা আৰু বহনক্ষম উন্নয়ন আৰু সৰ্বাংগীন, মানৱকেন্দ্ৰিক শ্ৰম বজাৰৰ জৰিয়তে উচ্চমানৰ উন্নয়নক আগুৱাই নিয়াৰ ক্ষেত্ৰত ব্ৰিকছ লেবাৰ সহযোগিতাক শক্তিশালী কৰিবলৈ উৎসাহিত কৰোঁ। এই ক্ষেত্ৰত আমি সামাজিক সুৰক্ষাৰ প্ৰসাৰ সম্প্ৰসাৰণ আৰু শ্ৰমিকৰ কল্যাণৰ বাবে অন্তৰ্ভুক্তি আৰু সুলভতা বৃদ্ধিৰ ক্ষেত্ৰত ডিজিটেল প্ৰযুক্তিৰ পৰিৱৰ্তনশীল ভূমিকাক স্বীকাৰ কৰোঁ। গিগ আৰু প্লেটফৰ্ম অৰ্থনীতিত শ্ৰমিকসকলৰ বাবে সামাজিক সুৰক্ষাৰ কভাৰেজ বৃদ্ধিৰ বাবে উদ্ভাৱনীমূলক, ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত নীতিগত পদ্ধতিৰ সন্ধান কৰাৰ গুৰুত্ব স্বীকাৰ কৰোঁ। আমি ডিজিটেল, সেউজ, যত্ন আৰু অন্যান্য অগ্ৰাধিকাৰ খণ্ডত শ্ৰম বজাৰৰ ধাৰা বিশ্লেষণ কৰি দক্ষতাৰ প্ৰয়োজনীয়তাৰ পূৰ্বাভাসত সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰো। সামাজিক সুৰক্ষা সহযোগিতাৰ বাবে বৰ্তমানৰ ব্ৰিকছ ভিএলঅ’-ত (BRICS VLO-ভাৰ্চুৱেল যোগাযোগ কাৰ্যালয়) যোগ দি আমি ব্ৰিকছ কানেক্ট (BRICS CONNECT-ক’অপাৰেচন নেটৱৰ্ক ফৰ কেপাচিটি বিল্ডিং, এম্প্লয়েবিলিটি এণ্ড নিউ স্কিলছ এণ্ড টেকন’লজিছ) গ্ৰহণ কৰা কাৰ্য্যক আদৰণি জনাইছো। সীমান্ত পাৰ হৈ যোৱা শ্ৰমিকসকলৰ অধিকাৰ সুৰক্ষিত কৰা, সুবিধাসমূহৰ বহনযোগ্যতা নিশ্চিত কৰাৰ গুৰুত্ব আমি স্বীকাৰ কৰোঁ। আমি আনুষ্ঠানিক, অন্তৰ্ভুক্ত, সঁহাৰি জনোৱা, ডিজিটেলভাৱে শক্তিশালী আৰু ভৱিষ্যতৰ বাবে সাজু স্থিতিস্থাপক শ্ৰম বজাৰ গঢ়ি তোলাৰ বাবে আমাৰ সামূহিক প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰিছো যাতে কোনো শ্ৰমিক পিছ পৰি নাথাকে। ব্ৰিকছ দেশসমূহৰ বাবে “দূৰৱৰ্তী নিয়োগৰ বাবে আন্তঃৰাষ্ট্ৰীয় ডিজিটেল মঞ্চ” স্থাপনৰ পদক্ষেপক আমি লক্ষ্য কৰিছোঁ।
127. ব্ৰিকছৰ একাদশ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠকত ভূপাল ঘোষণাপত্ৰ গ্ৰহণ কৰা কাৰ্য্যক আমি আদৰণি জনাইছো, ব্ৰিকছ দেশসমূহৰ মাজত জনসাধাৰণৰ সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত সংস্কৃতিৰ গুৰুত্বপূৰ্ণ ভূমিকাক পুনৰ দৃঢ়তাৰে আদৰণি জনাইছো। আমি সংঘাতৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহকে ধৰি সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষাৰ আহ্বান জনাইছো, যাতে ক্ষতিগ্ৰস্ত সমাজসমূহৰ ইতিহাস আৰু পৰিচয় সংৰক্ষণৰ বাবে অতি প্ৰয়োজনীয় সাংস্কৃতিক সম্পত্তিৰ ধ্বংস আৰু অবৈধ সৰবৰাহ ৰোধ কৰিব পৰা যায়, লগতে সাংস্কৃতিক ঐতিহ্য, প্ৰাচীন সামগ্ৰী আৰু আধ্যাত্মিক, পূৰ্বপুৰুষ, ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰমূল্যৰ বস্তুসমূহ ইয়াৰ উৎপত্তি দেশলৈ পুনৰ ঘূৰাই অনা আৰু ঘূৰাই অনাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছো। সংগ্ৰহালয়, আৰ্কাইভ, পুথিভঁৰাল আৰু অন্যান্য প্ৰাসংগিক সাংস্কৃতিক প্ৰতিষ্ঠানসমূহৰ মাজত তথ্য, নথিপত্ৰৰ আদান-প্ৰদান আৰু প্ৰতিষ্ঠানিক সহযোগিতাৰ জৰিয়তে আমি ব্ৰিকছ দেশসমূহৰ মাজত সহযোগিতাক অধিক উৎসাহিত কৰোঁ। আমি শিল্পী আৰু সাংস্কৃতিক অনুশীলনকাৰীসকলৰ বাবে প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰসমূহকে ধৰি সাংস্কৃতিক আৰু সৃষ্টিশীল উদ্যোগসমূহত তথ্যৰ আদান-প্ৰদান আৰু উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদানক উৎসাহিত কৰোঁ। স্বেচ্ছাই অংশগ্ৰহণ কৰা সদস্যসকলৰ বাবে পাইলট ভিত্তিত শিল্পী পঞ্জীয়ন ব্যৱস্থা আৰু বিকাশৰ পদক্ষেপক আমি লক্ষ্য কৰোঁ। এই ক্ষেত্ৰত আমি গ্ৰহণ কৰা পদক্ষেপসমূহক স্বীকাৰ কৰোঁ, যেনেঃ সাংস্কৃতিক আৰু সৃষ্টিশীল উদ্যোগ আৰু সৃষ্টিশীল অৰ্থনীতিৰ মঞ্চ, পৰম্পৰাগত জ্ঞান ব্যৱস্থা আৰু পৰম্পৰাগত সাংস্কৃতিক প্ৰকাশৰ চিনাক্তকৰণ আৰু নথিভুক্তকৰণ। আমি স্বেচ্ছামূলকভাৱে ইউনেস্ক’ৰ প্ৰাসংগিক সন্ধি আৰু কাৰ্যসূচীৰ অধীনত যৌথ বহুৰাষ্ট্ৰীয় মনোনয়নৰ সুযোগ বিচাৰি উলিয়াবলৈ উৎসাহিত কৰোঁ। সাংস্কৃতিক উদ্যোগ আৰু সম্পদৰ উন্নয়নৰ বাবে প্ৰাসংগিক বহুপক্ষীয় মঞ্চকে ধৰি ব্ৰিকছ দেশসমূহৰ মাজত অধিক সহযোগিতাৰ বাবে আমি উৎসাহিত কৰোঁ।
128. ব্ৰিকছ সাংস্কৃতিক মহোৎসৱ আৰু ‘ৱেভছ’ বজাৰৰ আয়োজন কাৰ্য্যক আমি আদৰণি জনাইছো। সাংস্কৃতিক আৰু সৃষ্টিশীল কৰ্মৰ প্ৰচাৰক প্ৰসাৰিত কৰা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কক শক্তিশালী কৰাৰ বাবে আমাৰ ৰাষ্ট্ৰসমূহৰ সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শনৰ বাবে গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে ব্ৰিকছ থিয়েটাৰ ফেষ্টিভেল আৰু ব্ৰিকছ চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কাৰ্য্যৰ আমি শলাগ লওঁ। আমি এনে মঞ্চসমূহৰ সম্প্ৰসাৰণক উৎসাহিত কৰোঁ যাৰ ফলত ব্ৰিকছ দেশসমূহৰ মাজত সাংস্কৃতিক বিনিময় আৰু সহযোগিতাৰ অধিক সুযোগ সৃষ্টি হয়। ব্ৰিকছ দেশসমূহৰ জনসাধাৰণৰ মাজত সাংস্কৃতিক আদান-প্ৰদানক সমৃদ্ধ আৰু বহল কৰাৰ লক্ষ্যৰে ব্ৰিকছ মিত্ৰতাৰ অবিৰত বিকাশ আৰু শক্তিশালীকৰণক আমি আদৰণি জনাইছো।
129. পৰ্যটনক অৰ্থনৈতিক বিকাশ, কৰ্মসংস্থাপন সৃষ্টি, বৈদেশিক মুদ্ৰাৰ উপাৰ্জন, সৰ্বাংগীন আৰু বহনক্ষম উন্নয়ন, স্থানীয় জীৱিকা, অৰ্থনৈতিক বৈচিত্ৰ্য, ঐতিহ্য সংৰক্ষণ, ৰাষ্ট্ৰীয় ভাৱমূৰ্তি নিৰ্মাণ, সাংস্কৃতিক বুজাবুজি আৰু জনসাধাৰণৰ মাজত আদান-প্ৰদানৰ এক গুৰুত্বপূৰ্ণ চালিকা শক্তি হিচাপে স্বীকৃতি জনাই আমি স্বীকাৰ কৰোঁ যে ব্ৰিকছ দেশসমূহৰ পৰ্যটন খণ্ডত অপৰিসীম সম্ভাৱনা আছে আৰু বহনক্ষম উন্নয়নৰ বাবে উল্লেখযোগ্য সুযোগ আগবঢ়াইছে। পৰিবেশ পৰ্যটনৰ প্ৰসাৰকে ধৰি বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি স্থিতিস্থাপক পৰ্যটনৰ পোষকতা কৰো। আমি দায়িত্বশীল, বহনক্ষম আৰু পুনৰ উৎপাদনশীল পৰ্যটন আৰ্হিৰ ওপৰত জ্ঞান বিনিময়ক উৎসাহিত কৰোঁ। আমি স্মাৰ্ট, অধিক কাৰ্যক্ষম পৰ্যটন ব্যৱস্থাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল সঁজুলিৰ ব্যৱহাৰৰ পদক্ষেপক আদৰণি জনাইছো; যেনেঃ পৰিবেশ-অনুকূল, সমাজ চালিত, বহনক্ষম আৰু জলবায়ু-স্থিতিস্থাপক পৰ্যটন আৰ্হিক প্ৰসাৰিত কৰা ডিজিটেল পেমেন্ট ব্যৱস্থা; সমগ্ৰ খণ্ডটোত মানৱ মূলধন, প্ৰশিক্ষণ, বিনিয়োগ আৰু প্ৰতিষ্ঠানিক ক্ষমতাক প্ৰসাৰ কৰা তথা মসৃণ পৰ্যটনৰ প্ৰবাহৰ সুবিধা প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰা হয়। ব্ৰিকছ দেশসমূহৰ বহনক্ষম, সৰ্বাংগীন, স্মাৰ্ট আৰু স্থিতিস্থাপক পৰ্যটন উন্নয়নক প্ৰসাৰিত কৰাৰ বাবে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটন প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে ব্ৰিকছৰ ভিতৰৰ সহযোগিতা শক্তিশালী কৰাৰ ওপৰত জয়পুৰত অনুষ্ঠিত পৰ্যটন মন্ত্ৰীসকলৰ বৈঠকৰ বিবৃতিক আমি আদৰণি জনাইছো। আমি সদস্য ৰাষ্ট্ৰসমূহৰ মাজত ঐতিহাসিক, সাংস্কৃতিক, প্ৰকৃতিভিত্তিক, গেষ্ট্ৰ’নমি আৰু স্বাস্থ্য পৰ্যটনকে ধৰি বিভিন্ন পৰ্যটন সামগ্ৰীৰ বিকাশ আৰু প্ৰচাৰকো সমৰ্থন কৰোঁ।
130. আমি সামাজিক উন্নয়ন, জনসাধাৰণৰ মাজৰ বিনিময় তথা সুস্থ আৰু সক্ৰিয় সমাজৰ প্ৰসাৰৰ বাবে ক্ৰীড়াক এটি চালিকা শক্তি হিচাপে গণ্য কৰিছো। ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কীয় বুজাবুজিৰ চুক্তিখন (MoU) ৰূপায়ণকে ধৰি ব্ৰিকছ ক্ৰীড়া কৰ্মগোটৰ অগ্ৰগতিক আমি প্ৰশংসা কৰোঁ। এই সন্দৰ্ভত আমি ব্ৰিকছ গেমছৰ আয়োজনক উচ্চ প্ৰদৰ্শনমূলক ক্ৰীড়া, সকলোৰে বাবে ক্ৰীড়া আৰু অৱসৰ ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতাৰ মঞ্চ হিচাপে আয়োজন কৰাৰ লগতে ব্ৰিকছ দেশসমূহৰ ৰাষ্ট্ৰীয়, পৰম্পৰাগত, থলুৱা আৰু অ-অলিম্পিক ক্ৰীড়াৰ বিকাশৰ বাবে আমাৰ উমৈহতীয়া বৈচিত্ৰ্যক উদযাপনৰ বাবে শলাগ লৈছো। আমি জনপ্ৰিয় ক্ৰীড়াৰ লগতে ৰাষ্ট্ৰীয়, পৰম্পৰাগত আৰু থলুৱা ক্ৰীড়াত যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰীড়াক আগুৱাই নিয়াৰ বাবে বৰ্ধিত সহযোগিতাক উৎসাহিত কৰোঁ। আমি ব্ৰিকছৰ সদস্য দেশসমূহক উত্তম পদ্ধতি, প্ৰতিষ্ঠানিক অভিজ্ঞতা, কাৰিকৰী তথ্য আৰু গৱেষণামূলক তথ্যৰ আদান-প্ৰদানৰ ৰূপত ক্ৰীড়া প্ৰযুক্তিৰ সহযোগিতাৰ সুবিধা প্ৰদান কৰিবলৈ উৎসাহিত কৰোঁ। ক্ৰীড়া সামগ্ৰী নিৰ্মাণ, গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে ব্ৰিকছ ক্ৰীড়া সামগ্ৰী নিৰ্মাণ সন্মিলনৰ প্ৰস্তাৱক আমি আদৰণি জনাইছো। আমি ক্ৰীড়াত প্ৰদৰ্শন, কল্যাণ, শাসন আৰু অন্তৰ্ভুক্তিৰ মানদণ্ড বৃদ্ধিৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান ভূমিকাকো স্বীকৃতি দিওঁ আৰু ক্ৰীড়া প্ৰযুক্তিৰ ওপৰত কৰ্মগোট গঠনৰ ওপৰত আলোচনাক উৎসাহিত কৰোঁ। আমি ব্ৰিকছ ক্ৰীড়া সহযোগিতা কাঠামোৰ ওপৰত আলোচনাক আদৰণি জনাইছো আৰু সদস্য ৰাষ্ট্ৰসমূহৰ মাজত তেওঁলোকৰ প্ৰতিষ্ঠিত অভ্যন্তৰীণ পদ্ধতি অনুসৰি প্ৰতিষ্ঠিত পৰামৰ্শ প্ৰক্ৰিয়াৰ জৰিয়তে ইয়াৰ অধিক বিবেচনাৰ বাবে আগ্ৰহী হৈ উঠিছো।
131. আমি স্থিতিস্থাপকতা, উদ্ভাৱন, অন্তৰ্ভুক্তি আৰু বহনক্ষম উন্নয়নৰ চালিকা শক্তি হিচাপে যুৱক-যুৱতীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা দোহাৰিছো। ব্ৰিকছৰ যুৱ পৰিক্ৰমা মন্ত্ৰীসভাত হোৱা আলোচনাক আমি আদৰণি জনাইছো আৰু ব্ৰিকছৰ সহযোগিতা আৰু অৰ্থপূৰ্ণ যুৱ সংযোগ শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্ৰিকছৰ যুৱ পৰিষদ আৰু ব্ৰিকছ যুৱ সন্মিলনৰ ভূমিকাক প্ৰশংসা কৰিছো। আমি ব্ৰিকছ দেশৰ যুৱক-যুৱতীসকলৰ মাজত শিক্ষা, প্ৰশিক্ষণ আৰু দক্ষতাৰ ক্ষেত্ৰত অধিক সহযোগিতাক উৎসাহিত কৰোঁ; যুৱ উদ্যমিতা; বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন; সামাজিক আৰু সাংস্কৃতিক অংশগ্ৰহণ; সামাজিক কাম আৰু স্বেচ্ছাসেৱী; বিকাশ; দৰিদ্ৰতা, ক্ষুধা আৰু বৈষম্যৰ বিৰুদ্ধে যুঁজ দিয়া; স্বাস্থ্য, যুৱ আৰু ক্ৰীড়া; যুৱ, পৰিবেশ আৰু বহনক্ষমতা; যুৱ সংলাপ; যুৱ বিনিময় আৰু যুৱ অন্তৰ্ভুক্তিত গুৰুত্ব আৰোপ কৰো। এই সন্দৰ্ভত আমি ব্ৰিকছৰ যুৱ সহযোগিতা কাঠামোৰ অগ্ৰগতিক আদৰণি জনাইছো যিয়ে যুৱ সহযোগিতাৰ ওপৰত উমৈহতীয়া অগ্ৰাধিকাৰৰ ওপৰত ব্ৰিকছৰ সহযোগিতা বৃদ্ধি কৰিব।
132. আমি ন্যায়ৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰিছো আৰু ব্ৰিকছৰ ন্যায় মন্ত্ৰীসকলৰ বৈঠক, ব্ৰিকছৰ মুখ্য ন্যায়াধীশসকলৰ বৈঠক আৰু ব্ৰিকছৰ বিচাৰ সেৱাৰ মুৰব্বীসকলৰ বৈঠকক স্বীকাৰ কৰিছো। সীমা অতিক্ৰম কৰা বাণিজ্যিক বিবাদসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত আমি অধিক সহযোগিতাক অধিক সমৰ্থন কৰোঁ। আমি আইনী নিশ্চয়তা নিশ্চিত কৰা, বিনিয়োগকাৰীৰ আস্থা শক্তিশালী কৰা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু বিনিয়োগৰ সুবিধা প্ৰদানৰ বাবে দক্ষ আৰু নিৰ্ভৰযোগ্য বিবাদ নিষ্পত্তি ব্যৱস্থাৰ গুৰুত্ব স্বীকাৰ কৰোঁ আৰু আনুষ্ঠানিক ন্যায়িক প্ৰক্ৰিয়াৰ ফলপ্ৰসূ পৰিপূৰক হিচাপে মধ্যস্থতাকে ধৰি বিকল্প বিবাদ নিষ্পত্তি (ADR) ব্যৱস্থাৰ ক্ৰমবৰ্ধমান ভূমিকাক স্বীকাৰ কৰোঁ। আমি ব্ৰিকছ দেশসমূহক এডিআৰ-ক এক সুলভ আৰু জনকেন্দ্ৰিক ব্যৱস্থা হিচাপে আগুৱাই নিবলৈ উৎসাহিত কৰোঁ তথা সমগ্ৰ সদস্য দেশসমূহৰ প্ৰাসংগিক অংশীদাৰসকলৰ বাবে সামৰ্থ্য গঠনৰ পদক্ষেপসমূহক সমৰ্থন কৰোঁ।
133. আমাৰ সংসদসমূহৰ মাজত বিনিময় আৰু সহযোগিতাক সুদৃঢ় কৰাৰ দিশত মহিলা সাংসদসকলৰ বৈঠক আৰু আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা কমিটিৰ অধ্যক্ষসকলৰ বৈঠককে প্ৰমুখ্য কৰি ২০২৬-ৰ অক্টোবৰত XII ব্ৰিকছ সংসদীয় মঞ্চ আহ্বান কৰা কাৰ্য্যক আমি আদৰণি জনাইছো। আমি ইয়াৰ গুৰুত্বক ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস বৃদ্ধি, উদ্ভাৱনক আগুৱাই নিয়াৰ বাবে তথা সকলোৰে বাবে এক অন্তৰ্ভুক্ত, বহনক্ষম আৰু সমতাপূৰ্ণ ভৱিষ্যৎ গঢ়ি তোলাৰ অৰ্থে প্ৰতিষ্ঠানিক স্থিতিস্থাপকতা সুদৃঢ়কৰণৰ ক্ষেত্ৰত এখনি উপযোগী মঞ্চ হিচাপে গুৰুত্ব প্ৰদান কৰো।
134. ব্ৰিকছৰ সদস্য দেশসমূহৰ মাজত প্ৰত্যক্ষ ব্যৱসায়ৰ পৰা ব্যৱসায়িক সংযোগৰ সুবিধা প্ৰশস্ত কৰা ব্ৰিকছ ব্যৱসায়িক মঞ্চ, ২০২৬-ৰ আহ্বানক আমি আদৰণি জনাইছো। আমি ব্ৰিকছ চলুচন এৱাৰ্ড, ২০২৬ আৰু ব্ৰিকছ মহিলা ষ্টাৰ্ট-আপ বঁটা, ২০২৬-ৰ দৰে পদক্ষেপ গ্ৰহণ কাৰ্য্যক আদৰণি জনাইছো। এই পদক্ষেপে ব্ৰিকছত বহনক্ষম উন্নয়ন, প্ৰযুক্তিগত অগ্ৰগতি আৰু সৰ্বাংগীন বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত উদ্ভাৱনীমূলক, স্কেলেবল আৰু প্ৰভাৱশালী সমাধানক উৎসাহিত কৰে।
135. ব্ৰিকছ দেশসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতাক সুদৃঢ় কৰাৰ দিশত ব্ৰিকছ ব্যৱসায়িক পৰিষদৰ অবিৰত প্ৰচেষ্টাক আমি প্ৰশংসা কৰোঁ। একেদৰে ব্ৰিকছ ব্যৱসায়িক পৰিষদৰ বাৰ্ষিক প্ৰতিবেদন আৰু ইয়াৰ নীতিগত পৰামৰ্শসমূহক আদৰণি জনাইছো। ইয়াৰ লক্ষ্য হৈছে বাণিজ্য আৰু বিনিয়োগ তথা স্থিতিস্থাপক যোগান শৃংখলৰ বৰ্ধন, ব্ৰিকছৰ সদস্য দেশসমূহৰ মাজত অধিক ব্যৱসায়িক সংযোগৰ বাট মুকলি কৰা। আমি বহনক্ষম উন্নয়ন নেটৱৰ্ক মুকলি কৰা কাৰ্য্যক আদৰণি জনাইছো।
136. আমি ব্ৰিকছ দেশসমূহৰ মহিলা উদ্যমিতা, নেতৃত্ব আৰু অৰ্থনৈতিক অংশগ্ৰহণক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত ব্ৰিকছ মহিলা ব্যৱসায়িক মিত্ৰজোঁটৰ (WBA) গুৰুত্বপূৰ্ণ ভূমিকাক প্ৰশংসা কৰোঁ। মহিলা ব্যৱসায়িক মিত্ৰজোঁটৰ বাৰ্ষিক প্ৰতিবেদনত আগবঢ়োৱা পৰামৰ্শসমূহক আমি আদৰণি জনাইছো। উক্ত পৰামৰ্শৰাজিয়ে মহিলা নেতৃত্বাধীন উদ্যোগসমূহৰ বাবে বিত্ত, বজাৰ, প্ৰযুক্তি, দক্ষতা বিকাশ আৰু ডিজিটেল সুযোগৰ সুবিধাৰ অগ্ৰগতি সাধন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আমি লক্ষ্য কৰিছোঁ যে ডব্লিউবিএ-ৰ ২০২৬-ৰ কাৰ্য্যসূচীত সমগ্ৰ ব্ৰিকছ দেশসমূহৰ মাজত আজিলৈকে সৰ্বাধিক শক্তিশালী অংশগ্ৰহণ দেখা গৈছে। আমি ব্ৰিকছৰ ৰাষ্ট্ৰীয় চেপ্টাৰসমূহক জ্ঞান-বিনিময় আৰু যৌথ পদক্ষেপকে প্ৰমুখ্য কৰি মহিলাৰ অৰ্থনৈতিক অংশগ্ৰহণৰ ক্ষেত্ৰত ব্ৰিকছৰ ভিতৰৰ সহযোগিতা শক্তিশালী কৰি যাবলৈ উৎসাহিত কৰোঁ।
137. আমি ব্ৰিকছ থিংক টেংক কাউন্সিল, ব্ৰিকছ চিভিল কাউন্সিল, ব্ৰিকছ একাডেমিক ফৰাম আৰু ব্ৰিকছ চিভিল ফৰামৰ বৈঠকৰ ফলাফল তথা শৈক্ষিক সমাজ আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ মাজত আলোচনা তথা বিনিময়ক শক্তিশালী কৰাৰ দিশত লাভ কৰা অগ্ৰগতিক স্বীকাৰ কৰোঁ।
138. আমি লক্ষ্য কৰোঁ যে ব্ৰিকছৰ সম্প্ৰসাৰণে ইয়াৰ প্ৰভাৱ, বিশ্বাসযোগ্যতা আৰু আবেদনক অন্তৰ্ভুক্ত বিশ্ব শাসনৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে প্ৰতিফলিত কৰে। আমি দীৰ্ঘম্যাদী প্ৰতিষ্ঠানিক উন্নয়নৰ বাবে ফলাফল-মুখী বৰ্ধিত সমন্বয়, ধাৰাবাহিকতা আৰু সমৰ্থনৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰোঁ। আমি পুনৰ দৃঢ়তাৰে কওঁ যে প্ৰতিষ্ঠানিক উন্নয়ন হৈছে এক নিৰন্তৰ আৰু গতিশীল প্ৰক্ৰিয়া যিয়ে ব্ৰিকছ দেশসমূহৰ প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰসমূহক প্ৰতিফলিত কৰিব লাগে। এই সন্দৰ্ভত আমি ব্ৰিকছ অনলাইন আৰ্কাইভ ডাটাবেছ স্থাপনৰ অগ্ৰগতিক আদৰণি জনাইছো। একদৰে ইয়াৰ অগ্ৰিম কাৰ্য্যকৰীকৰণৰ বাবে অধিক আলোচনাৰ লগতে প্ৰতিষ্ঠানিক উন্নয়নক শক্তিশালী কৰাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা বুজাবুজিৰ চুক্তি (MoU) ষ্টকটেকিং অনুশীলনৰ অধ্যক্ষৰ পদক্ষেপ সম্পৰ্কে বিবেচনা কৰিবলৈ আগ্ৰহী হৈ উঠিছো।
139. আমি ভাৰতৰ ২০২৬-ত ব্ৰিকছৰ অধ্যক্ষতাৰ দায়িত্ব পালন কাৰ্য্যক প্ৰশংসা কৰিছোঁ আৰু নতুন দিল্লীত XVIII ব্ৰিকছ সন্মিলন আয়োজন কৰাৰ বাবে ভাৰত চৰকাৰ আৰু জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
140. আমি ২০২৭-ত চীনৰ ব্ৰিকছৰ অধ্যক্ষতাৰ দায়িত্ব আৰু চীনত XIX ব্ৰিকছ সন্মিলন আয়োজন কৰাৰ বাবে দেশখনলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ।
*****
MJPS/SS/ST/SB
(ৰিলিজ আই ডি : 2309972)
অতিথি কক্ষ : 2