প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ সমান্তৰালকৈ আফ্ৰিকান ইউনিয়নৰ অধ্যক্ষ আৰু বুৰুণ্ডী গণৰাজ্যৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 13 SEP 2026 6:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত অষ্ঠাদশ ব্ৰিকছ সন্মিলনৰ সমান্তৰালকৈ আফ্ৰিকান ইউনিয়নৰ অধ্যক্ষ তথা বুৰুণ্ডী গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামান্য এভাৰিষ্ট এনদাইশিমিয়েৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই ২০২৩ চনত ভাৰতৰ অধ্যক্ষতাত আফ্ৰিকান ইউনিয়নক জি-20লৈ অনাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাৰ কথা স্মৰণ কৰি ভাৰত-আফ্ৰিকান ইউনিয়নৰ অংশীদাৰিত্ব গ্ল’বেল চাউথৰ ভিতৰত সহযোগিতাৰ এক মূল স্তম্ভ বুলি গুৰুত্ব আৰোপ কৰে। তেওঁলোকে পাৰস্পৰিকভাৱে সুবিধাজনক সময়ত চতুৰ্থ ভাৰত-আফ্ৰিকা ফ’ৰাম সন্মিলন (আই এএফ এছ-৪) শীঘ্ৰে অনুষ্ঠিত কৰাৰ বিষয়ে আলোচনা কৰে।

ইব’লাৰ প্ৰাদুৰ্ভাৱৰ বিৰুদ্ধে সফলতাৰে যুঁজ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে এইউ নেতৃত্বক প্ৰশংসা কৰে। এইউৰ অধ্যক্ষগৰাকীয়ে এই প্ৰাদুৰ্ভাৱ হ্ৰাস কৰাত সহায় কৰিবলৈ আফ্ৰিকা চিডিচি-ক ভাৰতৰ পৰা প্ৰদান কৰা চিকিৎসা সহাৰ্য্যৰ প্ৰশংসা কৰে। দুয়োগৰাকী নেতাই ভাৰত-বুৰুণ্ডী সম্পৰ্কৰ বিষয়ে আলোচনা কৰে, যি আন্তৰিকতা, সংহতি আৰু অংশীদাৰী উন্নয়নমূলক আকাংক্ষাৰ দ্বাৰা নিৰ্ধাৰিত হৈ আছে। দুয়োগৰাকী নেতাই অৰ্থনৈতিক সহযোগিতা, উন্নয়নমূলক অংশীদাৰিত্ব, কৃষি আধুনিকীকৰণ, স্বাস্থ্যসেৱা আৰু সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে।

 

*****

MJPS/SS/ST/MK


(ৰিলিজ আই ডি : 2309857) অতিথি কক্ষ : 6