প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰোছ হাছানাহ উপলক্ষে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু, ইজৰাইলৰ জনসাধাৰণ আৰু বিশ্বজুৰি থকা ইহুদী সম্প্ৰদায়ক শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

পোষ্ট কৰা হৈছে: 12 SEP 2026 2:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোছ হাছানাহ উপলক্ষে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু, ইজৰাইলৰ জনসাধাৰণ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত থকা ইহুদী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে নতুন বছৰটো সকলোৰে বাবে শান্তি, আশা, সুস্বাস্থ্য আৰু নিৰন্তৰ প্ৰগতিৰে পৰিপূৰ্ণ হওক বুলি কামনা কৰে।

‘এক্স’ত প্ৰকাশ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে—

“শানা টোভা!

প্ৰধানমন্ত্ৰী নেতানিয়াহু, ইজৰাইলৰ জনসাধাৰণ আৰু সমগ্ৰ বিশ্বৰ ইহুদী সম্প্ৰদায়লৈ ৰোছ হাছানাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

 

নতুন বছৰটো সকলোৰে বাবে শান্তি, আশা, সুস্বাস্থ্য আৰু নিৰন্তৰ প্ৰগতিৰে পৰিপূৰ্ণ হওক।”


‎ ⁦‪@netanyahu⁩”
 



***********


MJPS/SS/ST/DM


(ৰিলিজ আই ডি : 2309484) অতিথি কক্ষ : 8