প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পোষণ সম্পৰ্কীয় পদক্ষেপ আৰু অঙ্গনৱাড়ী ব্যৱস্থা শক্তিশালী কৰা সন্দৰ্ভত প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
08 SEP 2026 12:45PM by PIB Guwahati
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে ৰচনা কৰা এটা প্ৰৱন্ধ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বেয়াৰ কৰিছে।
মাতৃ বন্দনা যোজনা আৰু পোষণ মাহ কাৰ্য্যসূচীৰ ১০ বছৰ সম্পূৰ্ণ হোৱা সন্দৰ্ভত বিৰচিত প্ৰবন্ধটোত অঙ্গনৱাড়ী ব্যৱস্থাক জন-আন্দোলনত পৰিণত কৰাৰ বাৰ্তাৰ ওপৰত আলোকপাত কৰা হৈছে। প্ৰত্যক্ষ লাভ হস্তান্তৰ, সংস্থাসমূহৰ সামাজিক পৰ্য্যালোচনা আৰু পুষ্টিকৰ খাদ্যই শিশু, মহিলা আৰু কিশোৰ-কিশোৰীসকলৰ ওপৰত পেলোৱা প্ৰভাৱ সন্দৰ্ভত প্ৰবন্ধটোত গুৰুত্ব আৰোপ কৰা হৈছে। ‘আমাৰ অঙ্গনৱাড়ী, আমাৰ দায়িত্ব’ৰ দৃষ্টিভংগীৰে পৰিচালিত এই প্ৰচেষ্টাসমূহে অপুষ্টি-মুক্ত আৰু বিকশিত ভাৰতৰ দিশে পথ প্ৰশস্ত কৰা বুলি প্ৰৱন্ধটোত উল্লেখ কৰা হৈছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা এক্সত পোষ্ট কৰা হৈছে;
"মাতৃ বন্দনা যোজনা আৰু পোষণ মাহৰ ১০ বছৰ সম্পূ্ৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী @Annapurna4BJP–এ ৰচনা কৰা এই প্ৰবন্ধটোৱে অঙ্গনৱাড়ী ব্যৱস্থাটোক জন-আন্দোলনত পৰিণত কৰাৰ বাৰ্তা প্ৰদান কৰিছে। তেওঁ প্ৰত্যক্ষ লাভ হস্তান্তৰ, সংস্থাসমূহৰ সামাজিক পৰ্যালোচনা আৰু পুষ্টিকৰ আহাৰে শিশু, মহিলা আৰু কিশোৰীসকল সবল কৰি তোলা সন্দৰ্ভত গুৰু্ত্ব আৰোপ কৰিছে। এই প্ৰচেষ্টাই 'আমাৰ অঙ্গনৱাড়ী, আমাৰ দায়িত্ব"ৰ দৃষ্টিভংগীৰে অপুষ্টি-মুক্ত আৰু বিকশিত ভাৰত গঢ়ি তোলাৰ পথ প্ৰশস্ত কৰিছে।
*********
MJPS/SS/ST/DD
(ৰিলিজ আই ডি : 2307842)
অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam