উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

উপ-ৰাষ্ট্ৰপতিয়ে ৬-৯ ছেপ্টেম্বৰত অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব

পোষ্ট কৰা হৈছে: 05 SEP 2026 3:30PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণনে ২০২৬-ৰ ৬ ছেপ্টেম্বৰৰ পৰা ৯ ছেপ্টেম্বৰলৈ চাৰি-দিনীয়া কাৰ্য্যসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব।

উক্ত ভ্ৰমণ কালছোৱাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ঐতিহাসিক, সামাজিক আৰু ৰাষ্ট্ৰীয় তাৎপৰ্য্যপূৰ্ণ প্ৰতিষ্ঠানসমূহ পৰিদৰ্শন কৰাৰ উপৰিও এলানি শৈক্ষিক, সাংস্কৃতিক আৰু ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

উপ-ৰাষ্ট্ৰপতিগৰাকী ৬ ছেপ্টেম্বৰত অসমৰ গুৱাহাটীত উপস্থিত হ’বহি। তেওঁ পূৰ্বৰ কন্যা মহাবিদ্যালয় আৰু বৰ্তমানৰ গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত তেওঁ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় (SSUHS), গুৱাহাটীৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

৭ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটি আধাৰশিলা স্থাপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। তাৰ পিছতে বিশ্ববিদ্যালয়খনৰ সন্মিলন কেন্দ্ৰত ছাত্ৰ-ছাত্ৰী, ফেকাল্টী সদস্য আৰু বিশিষ্ট নাগৰিক সকলৰ সৈতে মত-বিনিময় কৰিব। ইয়াৰ পিছত তেওঁ মেঘালয়ৰ শ্বিলংলৈ গৈ ছ’ছ’ থাম প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অহা ৮ ছেপ্টেম্বৰত মণিপুৰৰ ইম্ফল ভ্ৰমণ কৰিব। তেওঁ মৈৰাঙস্থিত আইএনএ সংগ্ৰহালয় আৰু যুদ্ধ স্মাৰক তথা ইম্ফলস্থিত সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পিছতে তেওঁ অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ যাব।

অহা ৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত অংশগ্ৰহণ কৰি বিধানসভা গেলেৰী-তথা-সংগ্ৰহালয় পৰিদৰ্শন কৰিব। ইয়াৰ উপৰিও তেওঁ ইটানগৰৰ নেইদাৰ নামলো, জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় তথা শ্ৰৱণ আৰু দৃষ্টিশক্তিহীন সকলৰ বাবে ডনি-প'ল' মিছন স্কুল পৰিদৰ্শন কৰিব।

********

PR/ASM/VMJ/SB


(ৰিলিজ আই ডি : 2307027) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Gujarati , Tamil