গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ‘শ্ৰী কৃষ্ণ জন্মাষ্টমী’ৰ শুভ উপলক্ষত দেশবাসীলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে

গৃহমন্ত্ৰীয়ে ‘শ্ৰী কৃষ্ণ জন্মাষ্টমী’ উপলক্ষে নতুন দিল্লীৰ বিৰলা মন্দিৰত ভগৱান শ্ৰী কৃষ্ণক প্ৰাৰ্থনা কৰে; সকলো নাগৰিকৰ সুখ, শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়

সমগ্ৰ ৰাষ্ট্ৰই শ্ৰদ্ধা, ভক্তি আৰু পৰম উৎসাহেৰে ‘শ্ৰী কৃষ্ণ জন্মাষ্টমী’ৰ শুভ উৎসৱ উদযাপন কৰিছে

ধৰ্ম, নৈতিকতা আৰু জনকল্যাণৰ প্ৰতিভূ যোগেশ্বৰ ভগৱান শ্ৰী কৃষ্ণই সকলোকে আশীৰ্বাদ কৰক

পোষ্ট কৰা হৈছে: 04 SEP 2026 8:54PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ‘শ্ৰী কৃষ্ণ জন্মাষ্টমী’ৰ শুভ উপলক্ষত দেশবাসীলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে। এই উপলক্ষে গৃহমন্ত্ৰীয়ে নতুন দিল্লীৰ বিৰলা মন্দিৰত ভগৱান শ্ৰী কৃষ্ণক প্ৰাৰ্থনা কৰে; সকলো নাগৰিকৰ সুখ, শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়।

003.jpg.jpeg

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে এক্স-ত এইদৰে প’ষ্ট কৰিছে, “‘শ্ৰী কৃষ্ণ জন্মাষ্টমী’ৰ পবিত্ৰ উৎসৱত সমূহ দেশবাসীকে আন্তৰিক শুভেচ্ছা জনালোঁ। ধৰ্ম, নৈতিকতা আৰু জনকল্যাণৰ প্ৰতিভূ যোগেশ্বৰ ভগৱান শ্ৰী কৃষ্ণই সকলোকে আশীৰ্বাদ কৰক। জয় শ্ৰী কৃষ্ণ।”

CR3_0105.JPG.jpeg

HWP_0305.JPG.jpeg

এক্স-ৰ আন এটা প’ষ্টত গৃহমন্ত্ৰীগৰাকীয়ে কয়, “জয় শ্ৰী কৃষ্ণ! সমগ্ৰ ৰাষ্ট্ৰই শ্ৰদ্ধা, ভক্তি আৰু পৰম উৎসাহেৰে ‘শ্ৰী কৃষ্ণ জন্মাষ্টমী’ৰ শুভ উৎসৱ উদযাপন কৰিছে। আজিৰ এই শুভ উপলক্ষত মই নতুন দিল্লীৰ বিৰলা মন্দিৰত ভগৱান শ্ৰীকৃষ্ণক প্ৰাৰ্থনা কৰি সকলো নাগৰিকৰ সুখ, শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাওঁ।”

****

RK/RR/PR/PS/SB


(ৰিলিজ আই ডি : 2307013) অতিথি কক্ষ : 6